ক’লা গোলাপ -( গৌৰীশংকৰ ভূঞা)

“যেতিয়া আমি গাড়ীত গৈ থাকোঁ আৰু গাড়ীখনে হঠাতে ব্ৰেক মাৰি দিয়ে আমি আগলৈ হামখুৰি খাই পৰোঁ, এই অভিজ্ঞতা চাগে তোমালোকৰ নিশ্চয় হৈছে | পিছে ভা‌ৱি চোৱাচোন আমাকতো কোনো প্ৰকাৰৰ বল বা ফৰ্চে ঠেলি দিয়া নাই; তেনেহ’লে আমি কিয় পৰিলোঁ? এয়া প্ৰকৃততে সংঘটিত হয় প্ৰকৃতিৰ এক নিয়মৰ বাবে, আৰু নিয়মটো হ’ল গৈ থকা বস্তুৱে একেবেগত একে দিশত গতি কৰি থাকিব বিচাৰে | সেয়ে আমি গাড়ীৰ গতিৰ দিশতে গৈ থাকিব বিচাৰোঁ আৰু গাড়ীখন ৰৈ গ’লে আগলৈ হামখুৰি খাওঁ | এই যে কিবা এটা বল আমি অনুভৱ কৰোঁ, সেয়া বল প্ৰকৃততে নাই, কিন্তু আমি অনুভৱ কৰোঁ- এনেকুৱা বলক ছদ্মবল বুলি কয়; ইংৰাজীত pseudo force | ছদ্মবল যে কেৱল সৰলৰৈখিক দিশতে কাম কৰে তেনে নহয় | এটা বস্তু যদি, ধৰা থাল এখন, যদি ঘুৰি থাকে তেনেহ’লে তাত থকা বস্তু এটা একেটা সৰলৰৈখিক দিশতে গৈ থাকিব বিচাৰিব | ঘটনাতো যদি থালখনৰ লগত একেলগে ঘুৰি থকা মানুহ এজনে চায় দেখিব যে বস্তুটো ঘুৰি ঘুৰি তেওঁৰ পৰা আতঁৰি গৈছে | এইটোৱো এটা ছদ্মবল | ইয়াক কৰিয়লী ফৰ্চ বুলি কোৱা হয় | ফিল্টাৰৰ পৰা পানী পৰোতে যে পানীৰ ধাৰাটো পাক খাই খাই নামি আহে মন কৰিছা চাগৈ, এয়া কৰিয়লী ফৰ্চৰ উদাহৰণ | পৃথিৱীখনৰ লগে লগে আমি যে ঘুৰি আছোঁ, সেয়ে আমি এই কথাটো দেখো বা অনুভৱ কৰোঁ; এয়া আচলতে এক ছদ্মবলহে….”
ইমানলৈকে লিখি অলপ ৰ’লোঁ | স্কুলীয়া ল’ৰা-ছোৱালীৰ আগত ক’বলৈ কথাখিনি প্ৰস্তুত কৰিছোঁ যেতিয়া অলপ ছবি-টবি থাকিলে ভাল পাব সিহঁতে, সেয়ে এনেকৈ পাক খাই অহা পানীৰ ধাৰাৰ ফটো এখনকে দিওঁ বুলি ভা‌ৱি কেমেৰাটো উলিয়াই ল’লোঁ | কেমেৰাটো ছেল্ফ টাইমাৰ ছেট কৰি তাৰ আগত গিলাচ এটাত জাৰেৰে পানী বাকি দিলোঁ লাহেকৈ | খিটিক খিটিককৈ ৫ কপি ফটো অটমেটিকেলী উঠিল | পিছে পানীখিনি পাক খাই খাই পৰা নেদেখিলোঁ দেখোন চকুৰে, কিবা ৱালত পেইণ্ট কৰা ডাঠ ৰং যেনেকৈ বৈ আহে তেনেকৈ বৈ আহিল | কি বা হ’ল জানোঁ ! কেমেৰাৰ ফটোখিনি চালোঁ, একেই; পাক খোৱাৰ চিন মোকামেই নাই | এনেকৈতো পানী পৰা দেখা মনত নপৰে… কি হ’ল আজি?
ঘড়ীটোলৈ চালোঁ, নিশা ৯:৩০ বাজিছে | ৰাতি লাইটৰ পোহৰত কিবা ভালকৈ দেখা পোৱা হোৱা নাই চাগৈ, আৰুনো কি হ’ব পাৰে? মইতো বিষুৱীয় অঞ্চলত নাই যে কৰিয়লী ফৰ্চ দেখা নাপাম… হ’ব দে, কাইলৈ দিনত উঠাম ফটো- নিজকে নিজে কৈ কেমেৰাটো সামৰিলোঁ | এতিয়া শুই থাকোঁ আৰু, কিমাননো সদায় মাথা মাৰিম | এই সপ্তাহটোতো মোৰ ছুটীৰ দিন, গতিকে জিৰণিয়েই লোৱা যাওঁক হেঁপাহ পলুৱাই…
বাঢ়ি অহা ঠাণ্ডাক প্ৰত্যাহ্বান জনাই এ.চি.টো অন কৰি শুই পৰিলোঁ- জিৰণি! এই সপ্তাহ মোৰ জিৰণি, নিজৰ ভাল লগা কামবোৰ কৰাৰ সপ্তাহ…
এৰা কিমান দিন যে জিৰণি পোৱা নাই | ইণ্ডিয়ান ইনষ্টিটিউট অৱ গ্ৰেভিটেছ্যনেল ফিজিক্সত সহকাৰী বিজ্ঞানী হিচাপে যোগদান কৰাৰ পৰা কামেই-কাম | বিশেষকৈ আমাৰ গ্ৰেভিটন শ্বিল্ড পাৰ্টিকলৰ প্ৰজেক্টটো আৰম্ভ হোৱাৰে পৰা ৰাতি দিন ধৰি ভালকৈ চকুৰ পতা জপাবলৈ পোৱা নাই যোৱা এবছৰ | ৭ বছৰৰ আগতে এদল চীনা বিজ্ঞানীয়ে গ্ৰেভিটন আৱিষ্কাৰ কৰাৰ অলপ দিনৰ পাছতেই এই প্ৰজেক্ট আৰম্ভ কৰিছিলে আমাৰ অনুষ্ঠান, মানে ইণ্ডিয়ান ইনষ্টিটিউট অৱ গ্ৰেভিটেছ্যনেল ফিজিক্সে |
কোৱাণ্টাম বলবিদ্যাৰ সহায়ত আপেক্ষিকতাবাদক বিশ্লেষণ কৰিবলৈ এই গ্ৰেভীটন কণা আৱিষ্কাৰ হোৱাটো বৰ জৰুৰী আছিল | কোৱাণ্টাম বলবিদ্যাত আমি ভাবোঁ যে প্ৰতিটো বল কিছুমান কণিকাই কঢ়িয়াই নিয়ে | প্ৰকৃতিৰ চাৰিবিধ বলৰ তিনিবিধৰ বিষয়েই আমি জানিছিলোঁ, মানে কি কি কণিকাই এই বল তিনিটা কঢ়িয়ায় তাক জানিছিলোঁ | জানিবলৈ বাকী আছিল কেৱল মধ্যাকৰ্ষণ বা গ্ৰেভিটেশ্যন কি কণিকাই কঢ়িয়ায় সেয়াহে | একো এটা কণিকাৰ আদান প্ৰদানৰ সংযোগ নোহোৱাকৈ সেই পোন্ধৰ কোটি কিল’মিটাৰ দূৰৰ পৰা সূৰ্যটোৱে আমাৰ পৃথিৱীখন কেনেকৈনো ঘুৰাই আছে? থাকিবই লাগিব কিবা এটা! সেই সম্পৰ্কে অধ্যয়ন ৰ বাবেই পৃথিৱীত যোৱাটো দশকৰ গ্ৰেভিটেশ্যনেল ফিজিক্সৰ কেইবাটাও গৱেষণা প্ৰতিষ্ঠান গঢ়ি উঠিছিল | সেই চীনা বিজ্ঞানীৰ দলটোৱে সেইবিধ কণিকা আৱিষ্কাৰ কৰাৰ লগে লগে এই সম্পৰ্কীয় অধ্যয়ণে এক নতুন মোৰ পালে |
আমাৰ প্ৰতিষ্ঠানত আমি অধ্যয়ন কৰোঁ এনে কিবা বল-ক্ষেত্ৰ আছে নেকি যি এই গ্ৰেভিটনৰ আদান প্ৰদানৰ বাধক হিচাপে কাম কৰে | আমি জানো যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন প্ৰসাৰণশীল, কিন্তু এনেতো হ’ব নালাগিছিল | কাৰণ ব্ৰহ্মাণ্ডৰ প্ৰতিটো গ্ৰহ-নক্ষত্ৰ-উপগ্ৰহ ইত্যাদিবোৰে ইটোৱে সিটোক দেখোন মহাকৰ্ষণ বা মধ্যাকৰ্ষণেৰে নিজৰ ফালে টানি থাকে, গতিকে ব্ৰহ্মাণ্ডখন সংকোচনশীলহে হ’ব লাগিছিল, পিছে নহয় | গতিকে আমি ভা‌ৱিব পাৰোঁ যে এই গ্ৰেভিটন কণাক বাধা দিয়া কিবা বল-ক্ষেত্ৰ এখন আছে; আছে নে নাই সেয়া পৰীক্ষাগাৰত প্ৰমাণ হ’ব | এনেকৈয়ে আমি আগবাঢ়িছিলোঁ; আৰু যোৱা বছৰৰ সেই চকু জাপ নোখোৱা ৰাতিবোৰৰ পৰিশ্ৰমৰ পাছত আবিস্কাৰ কৰিলোঁ তেনেকুৱা এখন বল-ক্ষেত্ৰ্ৰ্ৰৰ সঁচা অস্তিত্ব! নাম দিলোঁ “গ্ৰেভীটি শ্বিলডিং ফৰ্চ ফিল্ড”…
চীনা বিজ্ঞানীৰ দলটোৰ গ্ৰেভিটন আৱিষ্কাৰৰ পাছত আমাৰ এই আৱিষ্কাৰেই আছিল Theory of everythingৰ ফালে মানৱ জাতিৰ এক ডাঙৰ জাপ |
তাৰ পাচৰ কাম অলপো আছিল, পিছে আচল জটিলতাখিনি ইতিমধ্যেই পাৰ হ’ল | আমাৰ প্ৰতিষ্ঠানৰ ইঞ্জিনীয়াৰসকলে ডিজাইন কৰিলে এটা জেনেৰেটৰ, যি নিজাকৈ-কৃত্ৰিমভাৱে এনে গ্ৰেভিটেশ্যন শ্বিল্ড ফৰ্চ ফিল্ড সৃষ্টি কৰিব পাৰে | এই নিৰ্মাণ মানৱ জাতিৰ প্ৰতি এক ডাঙৰ উপহাৰ হিচাপে গণ্য হ’ল; কিয়নো কোনো ধুমকেতু বা গ্ৰহাণুৰ খুন্দাৰ পৰা পৃথিৱীক এতিয়া বচোৱাটো সম্ভৱ আৰু সহজ হ’ল | সেই খুন্দা মাৰিব লগীয়া গ্ৰহাণুটো বা ধুমকেতুৰ মাজত এই শ্বিল্ডখন তৈয়াৰ কৰিলেই পৃথিৱী আৰু তাৰ মাজৰ মধ্যাকাৰ্ষণিক টনা-টনি নাইকীয়া হ’ব আৰু সি গতি সলাই ক’ৰবালৈ যাবগৈ, আমাৰ ধুনীয়া পৃথিৱীখনত ঘাঁ নালাগিব |
এই ডিজাইনিং আদিত মোৰ ইমান কাম নাছিল, তাত্বিক কামখিনিতেই মোৰ দায়িত্ব শেষ হৈছিল যদিও তদাৰকী কৰাৰ বাবে আকৌ মোক আৰু ৫ জনকে দায়িত্ব দিলে; উপায় নাই | জিৰণি এটাৰ অনুভৱ কৰিছিলোঁ এবছৰীয়া কষ্টৰ সফল পৰিসমাপ্তিত, পিছে নহ’ল | এণ্টি গ্ৰেভীটি জেনেৰেটৰ সজা হ’ল, তাৰ পাছত মধ্যাকৰ্ষণহীন কোঠা এটাও সজা হ’ল | তাত মহাকাশচাৰীসকলৰ প্ৰশিক্ষণ দিব পৰা যাব, বা আমোদৰ বাবেও ব্য‌ৱহাৰ কৰা হ’ব পাৰে, সেয়া আমাৰ দায়িত্ব নহয় | আমাৰ এতিয়া দায়িত্ব কিদৰে theory of everything কিদৰে পামগৈ আৰু প্ৰকৃতিজগতৰ শেষ আৱৰণখনো গুচাই দিম সেই সম্পৰ্কে ৰ্নীতি তৈয়াৰ কৰা, আৰু তাৰবাবে প্ৰয়োজন এক জিৰণিৰ…
সেয়ে আমাৰ দলটোক দুমহীয়া ছুটী দিয়া হ’ল | ময়ো ঘৰলৈ মানে অসমলৈ আহিলো | এসপ্তাহ সময় এনেই পৰিকল্পনাহীনভাৱে কটাই বাকীদুটা মাহ কোনোবা কলেজ এখনত পঢ়াও বুলি ভা‌ৱি আছোঁ, বিনা বেতনে |
মোৰ মনত আছে, মহাবিদ্যালয়ত পঢ়া সময়ৰ কথা | পদাৰ্থ বিজ্ঞান ভাল পাওঁ, কিবা এটা চিন্তা সোমালে মনটো বুৰবুৰাই থাকে, তাকে ভা‌ৱি থাকোঁ, উত্তৰো নাপাওঁ.. ভা‌ৱি থাকোঁ তথাপিও | এই স্বভাৱটোৱে কেতিয়াবা চিলেবাছ সম্পূৰ্ণ কৰাত বাধা হয়গৈ | সেয়ে টপ ষ্টুডেণ্টো নাছিলোঁ কেতিয়াওঁ | পিছে এই স্বভাৱটোৰ বাবেই এতিয়া মোৰ যি স্থান সেয়া পাইছোঁ; সেয়ে হ’বলা এনেকুৱা ভা‌ৱি ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ প্ৰতি কিবা এটা সহমৰ্মিতা-একাত্মতা অনুভৱ কৰোঁ | সেয়েহে এতিয়া মোৰ ছুটিৰ দুটা দিন সিহঁতৰ নামত উৎসৰ্গা…
আৰু এটা কাৰণ আছে | আমাৰ মহাবিদ্যালয়ত পদাৰ্থবিজ্ঞান পঢ়োৱাৰ ধৰণটোক লৈ মই একেবাৰে অসন্তুষ্ট | মোৰ মতে শিক্ষকে ভা‌ৱৰ বুৰবুৰণি তুলিবলৈ চেষ্টা কৰিব লাগে, যাতে ল’ৰা ছোৱালীবোৰে পদাৰ্থ বিজ্ঞানৰ সৌন্দৰ্য ভালকৈ উপলব্ধি কৰিব পাৰে | আমাৰ লগৰ অমৃত এতিয়া কলেজ শিক্ষক | তাক এইবোৰ কওঁ, সি পিছে চিষ্টেমটোক দোষ দিয়ে, ময়ো ভালকৈ নাজানো কথাবোৰ; গতিকে কৰাৰ ভিতৰত কলেজে কলেজে লেকচাৰ দুটামান দি ফিজিক্স-চেণ্টিটো আনিবলৈ কাম কৰিব পাৰোঁ… তাকে কৰিম |
নিজৰ ঠাইখনৰ প্ৰতি-মানুহবোৰৰ প্ৰতি কিবা এটা দায়িত্ব উপলব্ধি কৰোঁ, সেয়ে এই ছুটিৰ কেইদিন যুক্তৰাষ্ট্ৰৰ তিনিখন বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ উপেক্ষা কৰি ঘৰলৈ আহিছোঁ… সেইবোৰ দেশত কাম কৰা মানুহ দেধাৰ, আমাৰ ইয়াতহে নাই, সেইবাবেই | সদ্যহাতে পৰহিলৈ স্কুল এখনত কিবা দুটামান কথা ক’বলৈ যাম | তাৰ কাৰণেই এই লেখাটো প্ৰস্তুত কৰি আছিলোঁ….
পিছে পানীখিনি তেনেকৈ কিয় পৰিল বা! যাঃ নাভাবো এতিয়া, লাইটৰ পোহৰৰ বাবেই চাগৈ | কাইলৈ দিনটো আছে নহয়..
ঘড়ীটোলৈ চালোঁ, নিশা ১১ বাজিছে | এতিয়া আন্ধাৰত ডুব গৈ আছে সমগ্ৰ পৃথিৱী | হয় সমগ্ৰ পৃথিৱী! কাৰণ এতিয়া দিন হৈ থাকিবলগীয়া পৃথিৱীৰ আনটো ফালত সূৰ্যগ্ৰহণৰ আন্ধাৰ.. পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ | কথাটো ভা‌ৱি কিবা এটা ৰোমাঞ্চ অনুভৱ কৰিলোঁ.. মহাকাশৰ পৰা সম্পূৰ্ণ আন্ধাৰ পৃথিৱীখন চাবৰ ইচ্ছা হ’ল…..
ভা‌ৱনাবোৰ খেলিমেলি যেন হৈ আহিছে; টোপনিয়ে কোবাইছে চাগে…..
*********************************************************************
খপজপকৈ সাৰ পালোঁ, মবাইলটো চাওঁ বুলি ল’লোঁ | চুইচ্ছ অফ; থাকক! দেৱাল ঘড়ীটোত পুৱা ৭:৩০ বজাৰ সংকেত | ঠাণ্ডাটোযে ইমান কিয় লাগিছে জানো!
বাহিৰখন পোহৰ হ’ল চাগৈ…
ডিচেম্বৰৰ অসমীয়া ৰাতিপুৱাৰ কুঁৱলীয়ে ঢকা পোহৰখিনি অনুভৱ কৰো বুলি খিৰিকী এখনৰ পৰ্দা মেলিলোঁ, ঘোপমৰা আন্ধাৰ-তৰাভৰা আকাশ দেখোন!!
কোঠাৰ পৰা ওলাই গৈ দুৱাৰখন মেলিলোঁ…. আঃ কি চেঁচা!! মই যেন বৰফ হৈ গ’লোঁ !!!
অকল ময়েই বৰফ নে? এগাল বৰফ-গুড়ি দেখোন খোলা দুৱাৰেৰে সোমাই আহিল!!
বৰফ? অসমত বৰফ??
লৰালৰিকৈ দুৱাৰ মাৰি ভিতৰলৈ সোমাই আহিলোঁ |
কথা কি? ৰাতিপুৱা ৭:৩০ আৰু তৰাভৰা আকাশ? অসমত বৰফ??? সূৰ্যটো মৰি গ’ল নেকি? নে মই সপোন দেখি আছোঁ???
ফোনটো অন কৰিলোঁ, এগালমান মেচেজ-মিছ কল এলাৰ্ট | চাবলৈ নাপালোৱেই, ফোন আহিলেই আমাৰ প্ৰতিষ্ঠানৰ মুখ্য বিজ্ঞানী প্ৰফেচাৰ যোশীৰ
: “অভিৰূপ, সূৰ্যটো নাইকীয়া হৈছে | আমেৰিকাত সূৰ্যগ্ৰহণ হোৱাৰ পাছৰে পৰা সূৰ্যটো তাত দেখা পোৱা হোৱা নাই, ভাৰততো সূৰ্য ওলোৱা নাই…”
পৃথিৱীজুৰি ৰেড-এলাৰ্ট জাৰি কৰা হৈছে | পৃথিৱীৰ ২০ খন দেশে প্লাজমা ফিজিক্সৰ থিওৰীৰে সাজি উলিওৱা কৃত্ৰিম সূৰ্যটোত মজুত থকা শক্তি আৰু নিউক্লীয় ৰিয়েক্টৰ বিলাকৰ সকলো শক্তি মিলাই ১৫-২০ দিনমান পৃথিৱীখন চলি যাব পৰাকৈ শক্তি মজুত আছে, তাৰ পাছত সকলো শেষ.. তিলতিলকৈ গঢ় দিয়া মান‌ৱ জাতি শেষ- নিদাৰুণ কষ্টেৰে মৃত্যু সা‌ৱটিবলৈ আগুৱাইছো আমি ৮০০কোটি মানুহ!!
টিভী-ৰেডিওত থোকাথুকি কন্দনামুৱা মাতেৰে ঘোষক ঘোষিকাই মানুহক যথাসম্ভৱ কম শক্তি ব্য‌ৱহাৰ কৰিবলৈ কৈ অনিৰ্দিষ্ট কালৰ বাবে প্ৰচাৰ বন্ধ কৰি দিছে… হয়তো চিৰ দিনৰ বাবে!
মোৰ সকলো চিন্তা শক্তি লোপ পালে | এই যেন আত্মহত্যা কৰি পেলাম আৰু নিদাৰুণ কষ্টৰ পৰা মুক্তি ল’ম তেনে লাগিল |
পিছে যোশী ছাৰৰ কথাত যি কিঞ্চিত আশা আছিল সেয়াই তেনে পথ ল’বলৈ নিদিলে…
ছাৰে কোৱা মতে কাইলৈ কেইখনমান বিশেষ বিমান চলিব আৰু আমাৰ সেই এন্টি গ্ৰেভীটিৰ গৱেষক দলটোত আমাৰ প্ৰতিষ্ঠানত একেগোট কৰিব | পৃথিৱীক বচাব যদি পাৰোঁ আমি দলটোৱেহে হেনো পাৰিম…
কাৰণ?
কাৰণ আমাৰ ভুলৰ বাবেই আজি আমি সকলো মৰণমুখী যাত্ৰী
আমাৰ সেই গ্ৰেভীটেশ্যনেল শ্বিল্ড জেনেৰেটৰটোৰ ডিজাইনিঙত কিছু ভুল থাকি গৈছিল | মূলতঃ কমাণ্ড প্ৰচেচিং ইউনিটটো কিছু ত্ৰুতিপূৰ্ণ হৈ ৰৈ গৈছিল | সেয়ে ভুল ছিগনেল লৈ সি কালি ৰাতি সেই ফৰ্চ ফিল্ডেৰে পৃথিৱীখনৰ এটা অংশ ঢাকি পেলাইছিল, আৰু সেইখিনি সময়ত বন্ধ হৈ ৰৈছিল সূৰ্য আৰু পৃথিৱীৰ গ্ৰেভীটন পাৰটিকলৰ আদান প্ৰদান; এক কথাত সেই ক্ষণিক সময়তে পৃথিৱীখন সূৰ্যৰ বান্ধোনৰ পৰা মুক্ত হৈ পৰিছিল, আৰু এতিয়া?
এতিয়া আমি মহাশূণ্যত হেৰাই গ’লোঁ!
পৃথিৱীৰ আৱৰ্তন-পৰিভ্ৰমণ আদি সকলো প্ৰকাৰৰ ঘূৰ্ণন বন্ধ হৈ পৰিছে | এতিয়া ই মাথোঁ নিউটনৰ প্ৰথম সূত্ৰই কোৱাৰ দৰে একে দিশত-একে বেগত-সৰলৰেখাৰে গৈ আছে!! ক’ৰবালৈ…
কালি যে কোনো পাক নোখোৱাকৈ পানীখিনি বাগৰি পৰিছিল, তাৰ কিছুসময় আগতেই সূৰ্যৰে সম্পৰ্ক ছিঙি পৃথিৱীখনে আমাক লৈ গুচি আহিছিল সৌৰজগতৰ পৰা!!
ঘূৰ্ণন নথকা পৃথিৱীখনতনো কেনেকৈ কৰিয়লী বলৰ প্ৰভাৱ দেখোঁ!
***********************************************************************
ইণ্ডিয়ান ইনষ্টিটিউট অৱ গ্ৰেভীটেশ্যনেল ফিজিক্স |
ডিৰেক্টৰ যোশী ছাৰৰ কোঠাত আমাৰ দলটোৰ গোটেইকেইজন বিজ্ঞানী- বিধ্বস্ত, বিপৰ্যস্ত | এনেকুৱা মৰণৰ ভৱিষ্যত কোনেও সহ্য কৰিব নোৱাৰে চাগৈ!!
তথাপিও আমি কাম কৰিব লাগিব | হাতত ১৫ টা দিন মাত্ৰ | এটা এটা ছেকেণ্ড মহা মূল্যবান…
আমি ৰণনীতি তৈয়াৰ কৰাত ব্যস্ত হ’লোঁ; লাহে লাহে কৰ্মোদ্যম ঘুৰি আহিল সকলোৰে….
ৰণনীতি তৈয়াৰ হ’ল | আমি ক’ত আছো সেয়া নিৰ্ণয় কৰিব লাগিব, তাৰ পাছত নিকট‌ৱৰ্তী সূৰ্য-সদৃশ নক্ষত্ৰৰ ফালে আগুৱাই যাব লাগিব, মানে পৃথিৱীখন ড্ৰাইভ কৰিব লাগিব |
কেনেকৈ কৰিম?
প্ৰথমে সেই সূৰ্য সদৃশ নক্ষত্ৰটো নিৰ্ধাৰণ কৰিব লাগিব | তাৰ পাছত গ্ৰেভীটি শ্বিল্ড জেনেৰেটৰটোৰে বাকী সকলো মহাকাশীয় বস্তুৰ লগত গ্ৰেভীটন আদান-প্ৰদান বন্ধ কৰিম, কেৱল সেই নক্ষত্ৰইহে আমাক টানি থাকিব | তাৰ ওচৰ পাওঁতেই আমি আকৌ শ্বিল্ডিং ফৰ্চ ফিল্ড সলনি কৰি তাৰ পৰা কিছু আঁতৰাই নি সুবিধাজনক দূৰত্বত পৃথিৱীক কক্ষপথ এটাত প্ৰ্তিষ্ঠা কৰিম | এই জেনেৰেটৰটোৱেই আমাৰ যতমানে বিপদ কৰিলে যদিও ইয়েই আমাক মহাকৰ্ষণক নিয়ন্ত্ৰণ কৰাৰ সামৰ্থ দিলে, এই সামৰ্থকে কামত লগাই আমি বাচিব লাগিব…
প্ৰথম প্ৰত্যাহ্বান আছিল আমি ক’ত আছো সেয়া নিৰ্ণয় কৰাটো | তাৰ কাৰণে আমি সহায় ল’লো জ্যোতিৰ্বিজ্ঞানীৰ এটা দলৰ লগত | তেওঁলোকে ৩দিন সময় ল’লে; তাৰপাছত আকাশ চাই, তৰা-নক্ষত্ৰৰ গতি চাই নভোমণ্ডলৰ মাজেদি আমি কিমান বেগত কলৈ গৈ আছো সেয়া পুংখানুপুংখ প্ৰতিবেদন দিলে |
ইতিমধ্যে কেইবাজনো চিনাকী মানুহে আত্মহত্যা কৰিছিল, কিন্তু আৱেইগৰ সময় নাছিল আমাৰ..
মহাকাশৰ বৃহৎ বৃহৎ ভৰৰ মাজেদি অতি বেগেৰে পৃথিৱীৰ যাত্ৰা | আপেক্ষিকতাবাদৰ সূত্ৰৰ প্ৰয়োগ অত্যাৱশ্যকীয় আছিল, সহজ নাছিল এয়া কাৰণ সময় অতি কম…
আমি টাৰ্গেত কৰিলো এটা নক্ষত্ৰ, নাম fomalhaut.
পৃথিৱীৰ সৌৰজগতৰ আগৰ অৱস্থানৰ পৰা প্ৰায় ২৫ আলোকবৰ্ষ দুৰত এই নক্ষত্ৰ | পোহৰ বেগেৰে গ’লেও ২৫ বছৰ লাগে তালৈ, কিন্তু সময় আৰু স্থানত ইতিমধ্যেই বক্ৰতাৰ সৃষ্টি হৈছিল পৃথিৱী সাপেক্ষে-ইয়াৰ বেগ আৰু ভৰৰ বাবে | সেই বক্ৰতাক আমি মহাকৰ্ষণৰ নিয়ন্ত্ৰণেৰে অধিক কৰি এই যাত্ৰাপথ সাদিনীয়া কৰিবলৈ সকলো গণিত কৰি উঠিলো |
ইতিমধ্যে ৫ দিন পাৰ হল | মানুহে আশা এৰিয়েই পেলাইছিল চাগৈ | কিন্তু গৱেষণা প্ৰতিষ্ঠানকেইটাৰ পাৰস্পৰিক সম্পৰ্কৰ বাদে সকলোপ্ৰকাৰৰ যোগাযোগেই যিহেতু বন্ধ, খবৰ কেনেকৈ পাওঁ!
*********************************************************************
নৱম দিনৰ দিনা আকাশত উজ্জ্বল পোহৰ এটা দেখা গ’ল…. বগা নহয়, নীলাভ সেউজীয়া
Fomalhaut!!!
হয়.. আমাৰ লক্ষ্যৰ তৰাটো | ইমান দিনৰ মূৰত কিবা এটা পোহৰ দেখা পায় সকলো যেন পাগলৰ দৰে হৈ উঠিলোঁ!
কিন্তু এতিয়াও শেষ হোৱা নাই আমাৰ কাম
চলাৰ পেনেলবোৰে ছিগনেল দেখাবলৈ ধৰিলে | মানে পোহৰৰ পৰা বিদ্যুত ৰূপান্তৰকৰণ প্ৰক্ৰিয়াটো লাহেকৈ আকৌ আৰম্ভ হ’ল |
একাদশদিনাৰ পৰা কক্ষপথত স্থাপন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলোঁ | নক্ষত্ৰটোৰ চাৰিওফালে প্ৰধানতঃ ৪টা গ্ৰহ ঘুৰি আছে, এবাৰ যিকোনো এটাৰ লগত গ্ৰেভীটন আদান প্ৰদান কৰোঁ, সি অলপ দেৰি টনাটনি কৰে; আকৌ বেলেগ এটাৰ লগত টনাটনি কৰাওঁ…. আমাৰ মূল শক্তি সেই গ্ৰেভীটন শ্বিল্ড জেনেৰেটৰটো…
এনেকৈ টনাটনি কৰি কৰি নিৰ্ধাৰিত লক্ষ্যতকৈ এদিন পাচত আমি কক্ষপথত আমাৰ পৃথিৱীক স্থাপন কৰিলোঁ!
এটা দিনৰ অতিৰিক্ত শক্তিৰ বাবে অসুবিধা নহ’ল কিয়নো চলাৰ পেনেলবোৰে কাম কৰিবলৈ আৰম্ভ কৰিছিল |
নীলাভ সেউজীয়া পোহৰে খিৰিকীৰ গ্লাচৰ মাজেৰে আমাক চুইছিলহি, তেতিয়া আমি ইজনে সিজনক সাৱটি অভিনন্দন জনাইছোঁ… মানৱ জাতিক ৰক্ষা কৰাৰ আনন্দ, মৃত্যুক জয় কৰাৰ আনন্দ চকুপানী হৈ বাগৰি আহিছিল সকলোৰে দুগালেৰে…
কোনোবাই এখন খিৰিকী খুলি দি এচিটো অফ কৰি দিছিল, সূৰ্যতকৈ কম উত্তাপ.. তথাপিও…..
বৰফবোৰ গলিছিল…
হঠাতে উপলব্ধি কৰিলোঁ এই ১৬ দিন আমি এপলকো নুশুলো দেখোন!
: “বলা, ৰ’দ লওঁ”
কোনে জানো ক’লে, থোকাথুকি কণ্ঠেৰে কেইবাজনেও হাঁহি উঠিল |
আমি ওলাই গ’লোঁ |
Fomalhaut নক্ষত্ৰটোৰ পোহৰৰ বৰ্ণালী কিছু বেলেগ | ৰঙা ৰংটো নাই তাত | সেয়ে নীলাভ সেউজীয়া পোহৰে বাহিৰখন জলমলাই আছে | গছ-গছনি প্ৰায়বোৰেই মৰি গৈছে, বাহিৰৰ বায়ু গধুৰ |
আমাৰ প্ৰতিষ্ঠানৰ কৰিডৰত এজন বিখ্যাত চিত্ৰকৰৰ এখন ছবি লগোৱা আছিল, ৰঙা ৰঙৰ কিউব কিছুমানৰ মায়াৱী পেইণ্টিং | সেই পেইণ্টিংখনলৈ চকু গ’ল…
গোটেইখন ক’লা ফলক হৈ ওলমি আছে
ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য fomalhautৰ পোহৰত নাই যে!
প্ৰেয়সীজনিক দিবলৈ ৰঙা গোলাপ এপাহ থৈছিলোঁ | ৰঙা গোলাপৰ আৱেোগ সৌৰজগততে এৰি আহিলোঁ তাৰমানে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments