ক’লা ছোৱালী – বৰ্ণিল বিকাশ বৰা

-ঐ মুনমী, ক্লিনজাৰ আছে নেকি তোৰ দেচোন৷ মোৰ ক্লিনজাৰটো শেষ হ’ল৷

-হ’ব দে যিমান ক্লিনজাৰ লগালেওঁ কাউৰী কাউৰীয়েই৷ -এই কথাষাৰ ক’বলৈকে যেন ৰৈ আছিল সুবাসনা৷ মুহূৰ্তৰ বাবে পৰীৰ মুখৰ হাঁহিটো ক’ৰবাত হেৰাই গৈছিল৷ বহুত চেষ্টা কৰিওঁ তাই সহজ হ’ব নোৱাৰিলে৷ ৰাতিটো সুবাসনাৰ কথাষাৰ কাণত ভাঁহি থাকিল৷ এনেকুৱা লাগিল তাই যেন বেলেগ গ্ৰহৰ হে প্ৰাণী৷ তাই যোৱা সকলো ঠাইতে এনেকুৱা এজন মানুহ ওলাইছিল যি তাইক কিবা নহয় কিবা এষাৰ কথা শুনাইছিল৷ হোষ্টেল, কলেজ, বজাৰ সকলোতে তাইক মানসিক নিৰ্যাতন চলাইছিল অনেকে তাইৰ গাৰ বৰণটোক লৈ৷ কেতিয়াবা এনেবোৰ কথাত ক’ব নোৱাৰাকৈ চকুপানী ওলাই আহিছিল৷ নৱাগত আদৰণিৰ দিনা সকলোৱে নিজৰ চিনাকি দিছিল৷ কোন ক’ৰ পৰা আহিছে মেঘালী বাইদেইৱে এফালৰ পৰা সুধি গৈছিল৷

-তোমাৰ নাম? – মেঘালী বাইদেৱে সুধিছিল৷

-পৰী৷ – তাই ভয় ভয়কৈ উত্তৰ দিছিল৷

-ক’ত ঘৰ তোমাৰ?

-যোৰহাট৷

-আমি আকৌ আফ্ৰিকা বুলি ভাবিছিলোঁ৷ – পিছফালৰ পৰা কোনোবাই চিঞৰিছিল৷ সেইফালে ঘূৰি চাবলৈ তাইৰ সাহস নহ’ল৷ মেঘালী বাইদেৱে ধমক দিছিল কাৰোবাক৷ চকুৰ পৰা কেইটোপালমান চকুপানী সৰি পৰিছিল মজিয়াত৷

সৰুতে তাই বৰ নোদোকা আছিল৷ মানুহৰ মুখ লাগিছিল বোলে৷ গাঁৱৰ নামতি আইতাক মাতি পানী কাটিহে তত পাইছিল মালতী খুড়ীয়ে৷ তাই উপজিবৰ পৰা ঘৰখন পোহৰ হ’ল, যদিওঁ তাইৰ বৰণটো অলপ আন্ধাৰ৷ ঘৰখনৰ সকলোৰে চকুৰ মণি তাই৷ সৰুতে উমলি জামলি লগৰীয়াৰ লগত কটোৱা দিনবোৰ তাইৰ ভাল লাগিছিল৷ কোনো কৃত্ৰিমতা নাছিল সেই দিনবোৰত৷ লাহে লাহে তাই ডাঙৰ হ’ল, ৰাষ্টাই ঘাটে দুই একে তাইৰ স’তে চুপতি কৰিবলৈ সুযোগ বিচৰাৰ বয়স হ’ল আৰু তাইয়ো মানুহৰ কথাবোৰ বুজি পোৱা হ’ল৷ আইনাৰ আগত বহি তাই কেতিয়াবা নিজকে বহুপৰ চাই৷ কোমল মসৃণ গাল দুখন হাতেৰে চুই চাই৷ বগী নহয় যদিওঁ তাই ধুনীয়া৷ নিজৰ মাজত ধুনীয়াৰ সংজ্ঞা বিচাৰি পায় তাই৷ পঢ়া শুনাতো ভাল, ধুনীয়াকৈ গান গাব পাৰে, নাচিব পাৰে আৰু কথাৰে মানুহক মুহিব পাৰে৷ এইবোৰ গুণ তাইৰ আছে৷ আজৰি সময়বোৰ কিতাপৰ স’তে কটাই ভাল পাই৷ নতুন কিতাপৰ সুগন্ধৰ প্ৰতি সৰুৰে পৰা দুৰ্বলতা আছে৷ ডাঙৰ হোৱাৰে পৰা ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ অকলে ওলাবলৈ শিকিলে৷ হাইস্কুলৰ দেওঁনা পাৰ হৈ চহৰৰ কলেজত নাম লিখা দুটা বছৰেই হ’ল৷ এই দুটা বছৰত তাই বহুত বন্ধু বান্ধৱী গোটালে৷ কলেজৰ চিনাকি, সাংস্কৃতিক দিশৰ চিনাকি অনেক মানুহ লগ পালে৷ মানুহৰ মনবোৰ বুজিব পৰা হ’ল৷ তেতিয়ালৈকে সময়বোৰ ভালেই আছিল৷ স্কুলত পঢ়ি থকা দিনত কোনোবাই তাইক কলী বুলি জোকাইছিল৷ ঘৰলৈ আহি বেগতো থৈয়েই আইনাৰ সন্মুখলৈ ঢাপলি মেলিছিল৷ নিজক চাইছিল বহু সময়৷ তাইতো ইমান ক’লা নহয়, কলী বুলি কিয় জোকাব লাগেনো তাইক৷ নামতি আইতাই কৈছিল এদিন -’আইজনী তোৰ ৰংটো বৰ ধুনীয়া, ছোৱালী হ’লে মাগুৰ বৰণীয়াই হ’ব লাগে, চুলিখিনি দেখোন কঁকাল পালেগৈ তোৰ, বৰ লক্ষ্মী ছোৱালী দেই৷ ’ সেইদিনা তাইৰ মনটো ভাল লাগিছিল৷ মুখখন যেন উজলি উঠিছিল৷ মানুহৰ গাৰ বৰণ, শকত-ক্ষীণ, ওখ-চাপৰ এইবোৰ বিশেষণ লৈ কাৰোবাক সম্বোধন কৰাটো তাই একেবাৰে ভাল নাপায়৷ নতুন চহৰ এখনত আহি স্নাতক মহলাত নামভৰ্ত্তি কৰাৰ পাছৰে পৰা তাইৰ দেহৰ বৰণটোৱে তাইক মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে৷ সুযোগ পালেই কোনোবাই কিবা এষাৰ শুনাই৷ সকলো সময়তে হাঁহি মাতি থকা ছোৱালীজনীক কিছুমান সময়ে স্তব্ধ কৰি তুলিছিল৷ কলেজ সপ্তাহৰ সময়ত দিনটো ৰ’দত থাকি মুখখন ৰ’দে বৰকৈ পুৰিছিল৷ সুকন্যাহঁত কলেজৰ পৰা বাহিৰে বাহিৰে পাৰ্লাৰত সোমাইছিল৷ মুনমীহঁতৰ লগত তাই হোষ্টেল পালেহি৷ তাইৰ ৰুমলৈকে আটাইকেইজনী ছোৱালী হুৰমূৰকৈ সোমাই আহিল৷

-এইকেইদিন যে ক’লা হৈ গ’লো দেই ৰ’দত থাকি থাকি৷ অশান্তি মানে সঁচাকৈ৷ -খিৰিকীত আঁৰি থোৱা আইনাখনৰ সন্মুখত ৰৈ মন্দিৰাই কৈছিল৷

-হয় দেই৷ মোৰ যে স্কীণখন একদম বেয়া হৈ গৈছে এইকেইদিন৷ ভাল চানস্ক্ৰীণ এটা আনিব লাগিব৷

-কোনটো চানস্ক্ৰীণ বেছি ভাল নো? – ক’ব নোৱাৰাকৈ পৰীৰ মুখৰ পৰা ওলাই গ’ল কথাষাৰ৷ ইয়াৰ বাবেই যেন অপেক্ষা কৰি আছিল সুমিত্ৰাই৷

-তোক আকৌ চানস্ক্ৰীণ কিয় লাগে৷ ৰ’দত জ্বলি ক’লা হ’লেওঁ তোক ধৰিব নোৱাৰে দে৷ – ৰুমটোৰ পৰা ওলাই গুচি আহিছিল পৰী৷ পৃথিৱীৰ সমষ্ট নিসংগতাই আৱৰি ধৰিছিল তাইক৷ কাক ক’ব কোনে শুনিব, কোনে বুজিব৷ তাইক কোনোবাই আফ্ৰিকান বুলিওঁ চিঞৰিছিল কোনোবা সময়ত৷ তাইক দেখোন বহুত মানুহে মৰম কৰে, আদৰ কৰে৷ তাইৰ গঢ়টো বোলে বৰ ধুনীয়া৷ কিছুমান ঠাইতটো ৰূপৰ কোনো কথাই প্ৰাধান্য নাপায়, কোনেওঁ কাকো তাচিল্যতাৰে মনোকষ্ট নিদিয়ে কিন্তু কিছুমান মানুহনো কিয় এনেকুৱা যি সুবিধা পালেই মানুহক কষ্ট দি আনন্দ পায়৷ কলেজত তাইক সকলোৱেই ভালপায়, সকলোতে তাইৰ গুৰুত্ব আছে৷ তথাপিওঁ এচামে কিয় বাৰে বাৰে অপমান কৰে! সিহঁতৰ কথাবোৰ সদায় হাঁহি হাঁহি সহি যাব পাৰিব নে? ধেমালি তাইয়ো বুজে কিন্তু ধেমালিৰ উদ্দেশ্যে জানো কাৰোবাক তাচিল্যতাৰ সুৰেৰে মনোকষ্ট দিয়াটো হ’ব পাৰে? সিহঁতৰ চকুত তাই ইমান বেয়া নে! অলেখ কথাই মূৰটো গধুৰ হৈ আহিছিল৷ ধীৰে ধীৰে হেৰাই যোৱা বেলিটোৰ পোহৰত হোষ্টেলৰ চাদখন হেঙুলীয়া হৈ পৰিছিল৷

ৰাতি ঘৰৰ পৰা তাইলৈ সদায় ফোন আহে৷

-ভাত খালিনে মাইনী?

-খালোঁ৷

-কি কৰি আছিলি?

-নাই এনেই আছোঁ৷

-কিয়? পঢ়া নাই নেকি?

-পঢ়িম আৰু৷ মূৰটো বিষাই আছে অলপ৷

-বেছি দিগদাৰ পালে ডাক্তৰক দেখুৱাই ল’বি৷ সুবাসনাহঁতৰ ভাল নে? – মাকৰ এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ তাইৰ মন নগ’ল৷

-কি হ’ল মাইনী একো নক’লি যে? তোৰ মনটো কিবা বেয়া নেকি?

-নাই একো নাই৷ ঠিকেই আছোঁ মা৷

ক’লা বৰণটোৱে তাইক মানসিকভাৱে জুৰুলা কৰি তুলিছিল৷ তাই যদি নিজক লৈ সুখী আন মানুহবোৰ তাইক লৈ সুখী নহয় কিয়? লগতে হাঁহি ফূৰ্তি কৰি থকা ছোৱালীকেইজনীয়েওঁ যেতিয়া তাইক ফিচিঙা ফিচিঙ কৰে সুবিধা পালেই তেতিয়া সঁচাকৈ তাইৰ বুকুখনে কান্দে৷ মনলৈ হাজাৰ প্ৰশ্ন আহে যেতিয়া হোষ্টেলত কোনোবাই কিৰিলি পাৰি কৈ যায় – ’তই বনোৱা মেগী ক’লা হৈ যাব চাবি আকৌ’৷ মানুহবোৰ, লগৰীয়াবোৰ ইমান তললৈ যাব পাৰে কেনেকৈ?

-এইবোৰ সাধাৰণ কথা লৈ কোনোবাই মন বেয়া কৰে নেকি৷ – সৌভিকে বুজাইছিল তাইক৷ সৌভিক তাইৰ নতুন বন্ধু৷ কলেজ সপ্তাহৰ পাছৰ পৰাহে তাই সৌভিকৰ লগত কথা বতৰা পাতিবলৈ লৈছে৷

-সাধাৰণ কথা বুলি মইয়ো জানো সৌভিক৷ মইয়ো নিজক বুজাওঁ এইবোৰ কথা সাধাৰণভাৱে ল’বলৈ৷ কিন্তু মই ভাগি পৰো তেতিয়া, যেতিয়া জ্বৰৰ বাবে চাৰিদিন ’ক্লাছত’ ’এবচেণ্ট’ থকাৰ বাবে ৰেজিষ্টাৰ কৰোঁতে বৰুৱা চাৰে কৈছিল ’সঁচাকৈ অহা নাছিলিনে এইকেইদিন নে আন্ধাৰত নেদেখিলোঁ৷ ’ ইমানেই অবান্তৰ কথাৰে মোক মানসিকভাৱে অত্যাচাৰ কৰা হয়৷ ক্লাছত মোক নেদেখাকৈ ক’লা নে মই? ক্লাছৰুমটো ইমান আন্ধাৰ নে যে মানুহ মনিব নোৱাৰে? এইবোৰ কি সৌভিক? এনেকৈ মই নিজক কিমান বুজাম?

-ধৈৰ্য ধৰচোন ইমান অধৈৰ্য নহ’বি৷ বাৰাক অ’বামাৰ জীয়েকৰ কথা পাতিলেওঁ মানুহে ক’লা ছোৱালীজনী বুলিহে পাতে৷ আমাৰ বহুত মানুহৰ মানসিকতা এনেকুৱাই৷ তই হতাশ নহ’বি৷ – সৌভিকৰ কথাবোৰে অলপ হ’লেওঁ মনটো শান্ত কৰে পৰীৰ৷

সময় বাগৰিল৷ সৌভিকৰ বুজনিয়ে পৰীৰ মনলৈ সাংঘাতিক পৰিবৰ্তন এটা আনিলে৷ সৌভিকৰ লগত কথা পাতি থকা দেখিলেওঁ দুই এজনীয়ে সৌভিকক শুনাই থৈ যায় –

-যোৰাটো কিন্তু নিমিলিল৷

-তিলৰ লাৰু আৰু নাৰিকলৰ লাৰু ক’ত মিলিব৷ – এইবোৰ কথাত দুয়োটাই অপ্ৰস্তুত হয় ক্ষন্তেকৰ বাবে৷ সৌভিকৰ লগত কথা-বতৰা পতাৰ বাবে সুবাসনাই বহুত বেছি বেয়াকৈ কথা কৈ থৈছে পৰীক৷

-ইমান হেণ্ডচাম ল’ৰা হৈ আমাক পাত্তা নিদিয়ে তোৰ লগত কিয় কথা পাতিব হা? পাগল হৈছে নেকি সি? – সুবাসনাৰ এইবোৰ প্ৰশ্নৰ উত্তৰ পৰীৰ ওচৰত নাছিল৷ তিনিটা মাহৰ ভিতৰত পৰীয়ে নিজৰ ব্যক্তিত্ব ইমান নিখুঁট আৰু শক্তিশালী কৰি তুলিলে যে তাইক কথা কোৱাৰ আগত মানুহে এবাৰ ভাবিব লাগে৷ বিভিন্নজনৰ তাচিল্যৰে বিতৃষ্ণা ওপজা নিজৰ দেহৰ ৰঙটোক এতিয়া পৰীয়ে ভালপাবলৈ শিকিছে বহুত বেছি৷ নিজৰ কাম, দক্ষতা, প্ৰতিভাৰে উজ্জ্বলিছে পৰী৷ মানুহৰ সন্মুখত কথা ক’বলৈ সংকোচ কৰা ছোৱালীজনী এতিয়া মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ তাৰ্কিক৷

২০০৫৷ ১৭ জানুৱাৰী৷

চাণক্য আইন মহাবিদ্যালয়ৰ বিশাল প্ৰেক্ষাগৃহৰ মঞ্চত দেশৰ অন্যতম শ্ৰেষ্ঠ যুৱ তাৰ্কিক ৰ’জলীনা কাশ্যপক যুক্তিবিহীন কৰি যেতিয়া নিৰ্বাক কৰি তুলিছিল সমগ্ৰ প্ৰেক্ষাগৃহটো এটা নামেৰেই কঁপি উঠিছিল ’পৰী’৷ সিদিনা যি ৰঙেৰে পৰী উজ্জ্বলিছিল সেই পোহৰত থমকি ৰৈছিল পৰীৰ সময়বোৰ স্তব্ধ কৰা অলেখ সুন্দৰী৷ প্ৰেক্ষাগৃহৰ বাহিৰলৈ যেতিয়া তাই ওলাই আহিছিল তাইৰ পিছে পিছে দৌৰিছিল বহুজন৷ মুকলি সেউজীয়া দলিছা যেন বননিৰ ওপৰত তাইক সকলোৱে আৱৰি ধৰিছিল৷ ভিৰ ফালি সোমাই আহিছিল যুৱ প্ৰজন্মৰ অপ্ৰতিৰোধ্য তাৰ্কিক ৰ’জলীনা কাশ্যপ৷ সেমেকা চকুৰে, গভীৰ শ্ৰদ্ধাৰে আকোঁৱালি লৈছিল পৰীক৷ সেই বিশেষ ফটোখনেই এতিয়া উজ্জ্বলি আছে ৰাজ্যৰ এখন আগশাৰীৰ মহাবিদ্যালয় বি.এইছ. কলেজৰ অধ্যক্ষাৰ কোঠাত৷ যি ৰঙেৰে উজ্জ্বলিবলৈ লাগিব সাধনা, ব্যক্তিত্ব, ধৈৰ্য আৰু নিজৰ প্ৰতি অপৰিসীম ভালপোৱা৷ পৰীয়ে এতিয়া নিজেই কৈ ভাল পায় ’হয় ময়ে সেই ক’লা ছোৱালীজনী’৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক