কলা-ভাস্কৰ্যৰ বিষয়ে কিছু চিন্তা (অঞ্জল বৰা)

 

আজিৰ পৰা দহ বছৰৰ আগতে জীৱনৰ এটা সোণালী দিনত মই উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চাৰু-কাৰু কলা মহাবিদ্যালয়খনত এসপ্তাহ আছিলোঁ৷ উদ্দেশ্যে কি আছিল তাক আজি নকওঁ৷ কাৰণ সেই উদ্দেশ্য আৰু মোৰ সপোনৰ কথা জানিলে আপোনালোকে সেই কথা বিশ্বাস কৰিব নোৱাৰিব৷ কিন্তু আজি ক’বলৈ বিচৰা আচল কথাটো হ’ল উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চাৰু-কাৰু কলা মহাবিদ্যালয়খনৰ বৰ্তমানৰ অৱস্থা আৰু অসমত কলা-ভাস্কৰ্যৰ চৰ্চাৰ বিষয়টোহে৷ আজি (৯ মে’ ২০১২) বহু কেইখনত কাকতত চাৰু-কাৰু কলা মহাবিদ্যালয়খনৰ এটা বাতৰি প্ৰকাশ হৈছে৷ ডাঙৰ ডাঙৰ বাতৰিৰ হেঁচাত হয়তো সেই বাতৰি, ছাত্ৰ-ছাত্ৰীসকলৰ আশা-আকাঙ্ক্ষা আৰু সমস্যাসমূহ কেইদিনমানৰ পিছতে হেৰাই যাব৷ কিন্তু মানুহৰ মনৰ পৰা কলাসুলভ মনবোৰ এনে অনেক সমস্যাৰে ভাঙি-চিঙি চূৰমাৰ কৰি দিয়াৰ ফলত সমাজত যি সমস্যাৰ সৃষ্টি হ’ব তাৰ ফল আমিয়েই ভোগ কৰিব লাগিব৷ কাৰণ য’ত কলাৰ আদৰ নাই তাত মানুহৰ মনবোৰ কলাসুলভ আৰু সংস্কৃতিৱান হৈ থাকিব কেনেকৈ?

 

আজিৰ পৰা দহ বছৰৰ আগতে মহাবিদ্যালয়খনৰ হোষ্টেলত থাকিবলৈ যাওঁতে দেখিছিলোঁ এক অস্বাস্থ্যকৰ পৰিবেশ৷ হোষ্টেললৈ যোৱাৰ কোনো পথ নাই৷ বশিষ্ঠ মন্দিৰৰ পাহাৰৰ ওপৰত সৰ্পিল আকাৰৰ এটা অকোৱা-পকোৱা বাট৷ কাষত ঘন জংঘল৷ বান্দৰৰ অত্যাচাৰ৷ হোষ্টেলৰ পৰা ৰান্ধনিঘৰলৈ ২০০ মিটাৰ মান দূৰ৷ ৰান্ধনিঘৰ বুলি কোনো কোঠা নাই৷ এখন চালি আৰু কিছুমান আও-পুৰণি আচবাব৷ পানীৰ বাবে সমস্যা৷ তাৰ মাজতে লগ পাইছিলোঁ তেতিয়াৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ শিৱ প্ৰসাদ মাৰাৰ দৰে ভাস্কৰ্য শিল্পীক৷ ভিতৰে-বাহিৰে মাথো ৰং ৰং আৰু কেনভাচ৷ কিছুমান অৰ্ধ নিৰ্মিত ভাস্কৰ্য৷ কিছুমান কাঠৰ টুকুৰা৷ আজি বাতৰিটো পঢ়ি ভবিলোঁ সেই দহ বছৰৰ পৰা আজিও মহাবিদ্যালয়খনৰ কোনো পৰিৱৰ্তন নহ’ল৷ অৰ্থাত দুখ-কষ্টৰ মাজেৰেই অসমৰ এচাম কলাসুলভ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে তাৰ পৰা শিক্ষা গ্ৰহণ কৰিব লগা হৈছে৷ ইয়াৰ বিপৰীতে অসমত এনে স্নাতকসকলৰ বাবে পৰ্যাপ্ত সংস্থাপনৰ ব্যৱস্থা নাই৷ সেইদৰে নাই উপযুক্ত দৰমহা৷ ইয়াৰ পিছটো হয়তো ছাত্ৰ-ছাত্ৰী আছে বাবেই আজিও মহাবিদ্যালয়খন জীয়াই আছে৷ নিজৰ ভৱিষ্যতকো নেওচি মাথো কলাৰ সাধনাত বৰ্তি আছে৷

কিন্তু কলা-ভাস্কৰ্যৰ আদৰ ক’ত নাই? আমি হাতত পেঞ্চিল ধৰিবলৈ শিকাৰে পৰাই বৃত্তৰ পৰা আমাৰ সপোনৰ ঘৰখনলৈকে অংকন কৰোঁ৷ বয়স বাঢ়ি অহাৰ লগে লগে আকৌ বহু ল’ৰা-ছোৱালীক মাক-দেউতাকে অতিৰিক্তভাৱে ছবিৰ স্কুলত নাম ভৰ্তি কৰি দিয়ে৷ কাৰণ পৰীক্ষাত ছবিৰ বাবে ১০০ নম্বৰৰ এখন কাকত থাকে৷ অৰ্থাত নিম্ন প্ৰাথমিক শাখাত অন্যান্য বিষয়ৰ লগতে ছবিৰ গুৰুত্ব কোনোগুণে কম নহয়৷ কিন্তু ওপৰৰ শ্ৰেণীৰ পাঠ্যক্ৰমত ছবি এটা বাধ্যতামূলক বিষয় নহয়৷ সেয়ে যিসকলে ছবিক বা ভাস্কৰ্য বিদ্যাক স্থায়িভাৱে শিকিব বিচাৰে তেওঁলোকে অন্যান্য ব্যক্তিগত খণ্ডৰ ছবি স্কুলত নামভৰ্তি কৰে৷ পিছলৈ বহু ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চাৰু-কাৰু কলা মহাবিদ্যালয়খনত নামভৰ্তি কৰাৰ সপোন দেখে৷ কিন্তু অসমৰ যিমান সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে (আজিৰ পৰা দহ বছৰৰ আগতে দেখা অনুসৰি) ইয়াত নামভৰ্তিৰ বাবে পৰীক্ষা দিয়ে তাৰ তুলনাত ইয়াত আসন তেনেই সীমিত৷ ইয়াৰে কিছুমান অসমৰ বাহিৰত শিক্ষা গ্ৰহণৰ বাবে যাব লগা হয়৷ কিছুমানে সপোন পৰিত্যাগ কৰি অন্যান্য পাঠ্যক্ৰমৰ মাজত সোমাই পৰি নিজৰ বিদ্যাক পাহৰি যায়৷

এতিয়া কথা হ’ল, চৰকাৰে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চাৰু-কাৰু কলা মহাবিদ্যালয়খনক কিয় অন্যান্য মহাবিদ্যালয়ৰ দৰে গঢ়ি তোলা নাই৷ অসমৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ ভিতৰত ৰাখি কিয় অসমৰ এটা সম্ভাৱনাপূৰ্ণ অনুষ্ঠানক মৃত্যুৰ মুখলৈ ঠেলি দিছে৷ হয়তো অসম চৰকাৰে ছবি অঁকা আৰু ভাস্কৰ্য তৈয়াৰ কৰাৰ দৰে কামটোক তেনেই সাধাৰণ কাম বুলি গণ্য কৰিছে৷ প্ৰশ্ন হয়, চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে অসমৰ শ-শ চিত্ৰশিল্পীয়ে মহাবিদ্যালয়খনৰ উন্নতি সাধনৰ বাবে কিয় মাত নামাতে? অসমৰ চিত্ৰশিল্পীসকল একেলগ হৈ এই মহাবিদ্যালয়খনৰ হকে চৰকাৰৰ ওচৰত দাবি জনোৱা উচিত আৰু ইয়াক ইউ.জি.চি ৰ অন্তৰ্গত অন্যান্য মহাবিদ্যালয়ৰ দৰে সুবিধা প্ৰদানৰ বাবে চেষ্টা কৰা উচিত৷ তেতিয়াহে এচাম কলাসুলভ ছাত্ৰ-ছাত্ৰীৰ কলাৰে অসমৰ আকাশ-বতাহ মুখৰিত হৈ উঠিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments