কলীয়া বনাম বগাই — কৃষ্ণা বৰা ফুকন

কলীয়া বনাম বগাই

— কৃষ্ণা বৰা ফুকন

মায়ে কয়, মই হেনো জন্মতে ইমান ক’লা নাছিলো৷ আমি ক’হিমাত থাকোতে মাদ্ৰাজী পৰিয়াল এটা আৰু বিহাৰী পৰিয়াল এটা হেনো আমাৰ চুবুৰীয়া আছিল আৰু তেওঁলোকৰ ঘৰতো মোৰ বয়সৰ ল’ৰা ছোৱালী আছিল৷ সেয়ে প্ৰতিদিনেই কোনোবা নহয় কোনোবা এগৰাকী আণ্টীয়ে আটাইকেইটা ল’ৰা ছোৱালীক নাঙঠ পিঙঠ কৰি তেল মালিচ কৰি ৰ’দত দিছিল গা টনটনীয়া হ’বলৈ আৰু এইদৰে টনটনীয়া কৰোঁতে কৰোঁতে মোৰ ছাল চটা দেই গৈ হেনো কণকণীয়া মাৰিছিল আৰু তাৰে ফলতে আমাৰ পৰিয়ালত মই “কলি” নামেৰে সমাদৃত হৈছিলো৷

অৱশ্যে আমাৰ সমাজে কৰা গাৰ ৰঙৰ শ্ৰেণীবিভাজন অনুসৰি মই মিঠা বা মাগুৰ বৰণীয়াহে আছিলো যদিও মিতিৰ কুটুমৰ মাইকী মানুহবোৰে “ইমান বগী চগী মাকৰ কলি জীয়েক” বুলিহে মোক কৈছিল৷ কেতিয়াবা মাৰ লগত কৰবালৈ ফুৰিবলৈ গ’লে বাটে পথে লগ পোৱা মানুহে মোক “মাৰ জীয়েক” বুলি গম পালে প্ৰায়ে কোৱা শুনো, “ তোৰ ছোৱালী বুলি নকয় আকৌ পাই”৷ তেনেতে কোনোবাই আকৌ কোৱা শুনো, “ভালহে বাপেক গঢ়ী ছোৱালী, ৰঙে কি কৰে, গুণেহে তৰে৷ মাজনী তই ভালদৰে পঢ়ি শুনি ভাল মানুহ হবি দেই”৷ এই পিছৰ কথাষাৰ কোৱা মানুহগৰাকীক তেতিয়া মোৰ ত্ৰাণকৰ্তা যেন লাগিছিল৷ চুমা এটা যেন খাই দিম আৰু কলি হোৱাৰ বাবে মোৰ বুকুৰ ভিতৰত জমা হৈ ৰোৱা দুখ বেদনা আৰু ক্ষোভৰ জোলোঙাটো খুলি দেখুৱাই, ক’লা মানুহৰ যেন ঢেৰ সফলতাৰ কাহিনী তেওঁৰ মুখেৰে শুনিম, এনে লাগিছিল৷ মানুহগৰাকীক তেতিয়া পৃথিৱীৰ সবাতোকৈ ধুনীয়া মানুহগৰাকী যেন লাগিছিল৷ পিছে ইয়াৰ এটাও মই কৰা নাছিলো বৰং অভঙৰ দৰে ক’লা হোৱাৰ বাবে হীনমন্যতা বাঢ়ি গৈছিল৷ ঘৰলৈ আলহী আহিলে চিনাকি হ’বলৈ টান পাইছিলোঁ৷ মাৰ লগত ফুৰিবলৈ যাবলৈও আনকি বাদ দিছিলো, সেই কথাষাৰ শুনাৰ ভয়ত৷ কাণত বাজিছিল প্ৰায়ে “তোৰ ছোৱালী বুলি নকয় আকৌ পাই”৷ দেউতা ঘৰত থাকিলে ভাল লাগিছিল, কাৰণ দেউতা আৰু মোৰ ৰং একেই৷

এদিন দেউতাক মই সুধিছিলো, “মই বাৰু আপোনালোকৰ ছোৱালী হয়নে নহয়? নে মই আপোনালোকৰ তোলনীয়া ছোৱালীহে? ? ইমান কিয় ক’লা মই, মা যে ইমান বগা.! ! ” দেউতাই একো নকৈ দুদিনমান পিছত মোক এটা ভজন শুনিবলৈ দিলে…

“যশোমতী মাইয়া সে ব’লে নন্দ লালা

ৰাধা কিউ গৌৰী মে কিউ কালা…”

মোক সুধিলে, “কি বুজিলি?”

“কিনো বুজিম আৰু ৰাধা বগা, কৃষ্ণ ক’লা৷ “

-“কৃষ্ণ মানে কোন, আমাৰ আৰাধ্য ভগৱান, সকলোতকৈ সুন্দৰ পুৰুষ, যি আমাক স্ৰজিলে, যাৰ ইচাৰাত সমস্ত বিশ্বব্ৰহ্মাণ্ড চলি থাকে, সেইজন ভগৱান নিজেই ক’লা৷ তই ভালহে পাব লাগে যে তোক ভগৱানে নিজৰ দৰে বনালে৷ তাত দুখ কৰিবলগা কি আছে? ?”

দেউতাৰ কথা শুনি মনটো বৰ ভাল লাগিল, হয়তো আকৌ ভগৱান নিজেই চোন শ্যামবৰণীয়া! সৰু আছিলো, সেয়ে সোনকালে পতিয়ন গৈছিলো৷ কিন্তুু দিন যোৱাৰ লগে দেউতাৰ কথাৰ ওজন কমিছিল৷ মই মন কৰিছিলো যে আমাৰ দৰে গাৰ ৰঙৰ মানুহক লৈ কোনো কবিতা বা গান নাই৷ চিনেমাবোৰতো চোন কেৱল“ চান্দ চি মুখৰা” বা “জোন যেন মুখনি”ৰ হে গুণ গৰিমা..! ! আকৌ ভাব হৈছিল ক’লা বৰণৰ মানুহ মানেই অস্পৃশ্য নেকি৷ বগা বগা ছোৱালীবোৰলৈ তধা লাগি চাওঁ, আয়ৈ দেহি, কিমান যে সৌভাগ্যবান ইহঁতবোৰ, সকলো ৰঙৰে কাপোৰ পিন্ধিব পাৰে..! আৰু মই পিন্ধো, বগা বা ক্ৰীম ৰঙৰ, মানে মদৰুৱা ৰঙৰ৷ ৰঙীণ ৰ ভিতৰত খুউব বেছি পাতল গুলপীয়া বা সেউজীয়া, বাকী ৰঙবোৰ প্ৰায় বৰ্জনীয় আছিল৷ পিন্ধিবলৈ মন যায়, কিন্তুু নোৱাৰো পিন্ধিব, কিজানি কোনোবাই ফিচিঙা ফিচিঙি কৰে..! !

কলেজৰ দিনবোৰ এইকেইটা ৰঙেই পাৰ কৰিলো৷ তেনেতে শুনিলো নহয় জুবিনৰ সেই বিখ্যাত বিহু গীত,
“পৰ্বতৰ ঢেক ঢেকীয়া….”
গীতটোৰ শেষৰফালৰ দুশাৰী যেন মোৰ দৰে মানুহৰ বাবেই গাইছে এনেকুৱা লাগিল,
“ছোৱালী ধুনীয়া মাগুৰ বৰণীয়া
কঁকাল খামুচীয়া হ’লে..”
কঁকালৰ চোৱা গুলী মাৰা, মাগুৰ বৰণীয়ালৈকে শুনাৰ পাছতে মোৰ কলিজা একেবাৰে ঠাণ্ডা পৰি যায়৷ কিমান অপেক্ষাৰ অন্তত ক’লা মানুহৰ পৰা কোপদৃষ্টি যে আঁতৰিল ঠিক নাই..!
আমাৰ ঘৰৰ কাষৰ গাওঁ খনত কেইবাজনো “কলীয়া” নামৰ ব্যক্তি আছিল৷ আটাইকেইজনেই ক’লা, সেয়ে সৰুতেই চাগৈ তেওঁলোকক এনেদৰে নামকৰণ কৰা হৈছিল৷ কিন্তুু লাহে লাহে কলীয়াৰ সংখ্যা বাঢ়ি যোৱাত বুজাৰ সুবিধাৰ বাবে কোনোবা গুণী জ্ঞানীয়ে তেওঁলোকক আৰু মাইক্ৰ’ লেবেলত ভাগ কৰি পেলাইছিল আৰু সেয়ে কালক্ৰমত তেওঁলোক হৈ পৰিছিল

টিকিৰা কলীয়া(ক্ষীণজন)

মচোৱা কলীয়া(বেছিকৈ চিকমিকোৱাজন)

দেৱাই কলীয়া(গাঁৱলীয়া ঔষধ দিছিল)

বেজ কলীয়া(বেজালী কৰাজন)

কটীয়া কলীয়া(চাপৰজন)

কিন্তুু ইয়াৰ বিপৰীতে বগাসকলৰ ধুনীয়া ধুনীয়া নাম আছিল আৰু গাৰ ৰঙেৰে হোৱা কেৱল দুটাহে নাম আছিল “বগাই” আৰু “বগাধৰ”..! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক