কলেজত পঢ়া বৃদ্ধ তৰুণজন (সাৰদা শ্ৰেষ্ঠ)

কলেজত পঢ়া বৃদ্ধ তৰুণজন

সাৰদা শ্ৰেষ্ঠ

বৃদ্ধজনৰ বয়স কিমান সহজে ধৰা টান। আনুমানিক ৬৫-৭০ৰ ওচৰা ওচৰি হ’ব কিজানি। কোটৰত সোমোৱা গাল দুখনে কয়, গুৰিদাঁত কেইটাই মানুহজনৰ জীৱনৰ পৰা বিদায় মাগিছে। ডাঢ়ি-চুলি সমানে পকি বগা হৈ পৰিছে। মানুহজন বৰ ক্ষীণ আৰু সেইবাবেই বৰ ওখ যেন লাগে। পৰিশ্ৰমী মানুহজন বেছ স্ফুৰ্তিবাজ। মানুহজনে এই বয়সতো হাজিৰা কৰে। যেতিয়া যি কাম হাতলৈ আহে তাকেই হাঁহিমুখে কৰে। সন্ধিয়া নাগাৰা নাম গায়। মই মানুহজনক প্ৰায়ে লগ পাওঁ, কেতিয়াবা কঁকালত টঙালি বান্ধি শ্ৰমিক হিচাপে আৰু কেতিয়াবা পাঞ্জাবী চোলা আৰু ধুতি পিন্ধি ডিঙিত গামোচা ওলোমাই লোৱা ভকত হিচাপে। যেতিয়াই দেখো তেতিয়াই মানুহজনে মোক কয় – “কলেজক পঢ়বা যাওঁ ৰহ।” মই হাঁহিৰে সম্ভাষন জনাওঁ। আজি ৰাতিপুৱা দেখিলো মানুহজন শিল ভঙাত ব্যস্ত।

আজি কিছুদিনৰ পৰা মোৰ মনটোক কলীয়া ডাৱৰে আৱৰি ৰাখিছে। মাজে মাজে যেন তাৰ হেঁচা বাঢ়ি যায়…..এক বুজাব নোৱাৰা যান্ত্ৰনাত মন কেকাই উঠিব খোজে বাৰে বাৰে। ৰাতিপুৱাৰ ব্যস্ততায়ো মোৰ মনৰ ডাৱৰখিনিক আঁতৰাব পৰা নাই। তেনেকৈয়ে ওলাই আহিলো মোৰ কৰ্মস্থানলৈ বুলি। কৰ্তব্যক আওকান কৰাৰ কোনো অজুহাত নাথাকে। কেতিয়াবা নিজকে যন্ত্ৰ যেন অনুভব হয়। মানুহজনে শিল ভাঙি থকাৰ পৰাই মোক দেখি চিঞৰিলে – “ঐ মাই…কলেজক যা ?” মাতটো শুনি বৃদ্ধজনৰ ফালে চাই হাঁহিলো। মানুহজনে আকৌ ক’লে – “এয়া, ময়ো কলেজক আইলু ৰহ। এইগিলা নপঢ়লি নহয়…..” মানুহজনৰ কথাবোৰ শুনি মোৰ ভাল লাগিল। মানুহজনৰ বাবে সকলো কৰ্মই যেন মহাবিদ্যালয়ৰ দৰে ন উদ্দীপনাৰে ভৰা চৰম আনন্দৰ এক অনন্ত উৎস। সুখ সঁফুৰা কিজানি এওঁৰ হাতৰ মুঠিতহে থাকে ! মোৰ মনৰ কলীয়া ডাৱৰবোৰ যেন হঠাৎ কেনিবা উৰি গ’ল। এক বিমল প্ৰশান্তিৰে ভৰি গ’ল মোৰ হৃদয়। এনেকৈয়ে কিছুমান মানুহে ক’ব নোৱাৰাকৈয়ে আমাক সহায় কৰে……..ভাল লাগিল ভাবি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments