কলেজ ইণ্টাৰভিউ (বিকাশ শইকীয়া)

কলেজ ইণ্টাৰভিউ

 

কোঠাটোত নিখিল বহি আছে, প্ৰায় ওঠৰজনমান প্ৰাৰ্থী, প্ৰায়ভাগেই ফৰ্মেল ড্ৰেচত। নিখিলে এটা কেজুৱেল ষ্পৰ্টিং, জিনচ আৰু ষ্পৰ্টচ চু পিন্ধি আছে, কাষত এটা বজাৰ কৰা প্লাষ্টিকৰ মোনা, মোনাত এগালমান কিতাপ, কাগজ।

 

-“ভাইটি, কি নাম তোমাৰ, ক’ৰপৰা পাছ কৰিছা?”— ওচৰতে বহি থকা ল’ৰাটোক নিখিলে সুধিলে।

-“মোৰ নাম প্ৰাঞ্জল বৰদলৈ, ইউনিভাৰচিটিৰ পাছ আউট, যোৱাবছৰ, ফাষ্ট ক্লাছ ফাৰ্ষ্ট”।

-“পাৰ্চেণ্টেজ কিমান?”

-“৮৯ পাৰ্চেণ্ট”।

-“নেট, গেট?”

-“আছে”।

-“পি.এইচ.ডি, এম.ফিল?”

-“যোৱাবছৰ পাছ কৰিছোঁহে”।

-“ৰিচাৰ্চ পেপাৰ?”

-“নাই, যোৱাবছৰ পাছ কৰিছোঁহে”।

 

-“নিখিল মহন্ত, আপোনাক মাতিছে”।—- কলেজৰ পিয়ন এজনে মাতিলে।

 

নিখিল থিয় হ’ল, চানগ্লাছযোৰ কপালৰ ওপৰত ল’লে, বাওঁহাতত এটা ফাইল, সোঁহাতত বজাৰ কৰা মোনা

কোনো সৌজন্যতা নেদেখুৱাকৈ নিখিল ইণ্টাৰভিউ ৰুমত সোমাল, চকীখনত বহি ল’লে। ইণ্টাৰভিউ বৰ্ডত পাঁচজন মানুহ, প্ৰিন্সিপাল ড° অজয় চৌধুৰী, গৱৰ্নিং বডিৰ মানুহ এজন, এক্সপাৰ্ট হিচাপে ইউনিভাৰচিটিৰ প্ৰফেচৰ দাস, গোস্বামী, বৰুৱা। নিখিলৰ ভাৱ-ভংগী মানুহকেইজনে ভাল নাপালে।

 

-“আপুনি কলেজত পঢ়াব পাৰিব তো?”

-“কিয় নোৱাৰিম, হাত আছে, ভৰি আছে, চকু, কাণ, নাক চব ঠিকেই আছে, আপোনালোকে যদি পঢ়াব পাৰিছে, ময়ো পাৰিম”।

-“শিক্ষক এজন শালীন হোৱাটো বাঞ্ছনীয়”।

-“মোক কি অশালীন বুলি ভাবিছে নেকি, আপোনালোক আউটদেটেট মানুহ, নতুন কথা একেবাৰে নাজানে, চাবজেক্টৰো, চচাইটিৰো”।

মানুহকেইজনে অলপ অস্বস্তি পালে।

-“আপোনাৰ চাৰ্টিফিকেট দেখুৱাওক”।

 

নিখিলে এখন এখনকৈ কাগজবোৰ উলিয়ালে।

-“মেট্ৰিক ৮৪% ….. ৮.৪ নম্বৰ, হায়াৰ ছেকেন্ডাৰী ৮০%……. ১২.৫ নম্বৰ , ডিগ্ৰী ৭৪% ….. ১৪.৮ নম্বৰ, মাষ্টাৰ্চ ৭৬ % ….. ১৯.০ নম্বৰ……. একাডেমিকচত ৫২.৭ আউট আৱ ৭০”।

মানুহকেইজনে সেপ ঢুকিলে।

-“নেট উইথ পি.এইচ.ডি….. ৭ নম্বৰ, এম ফিল…. ৫ নম্বৰ”।

 

বজাৰৰ মোনাটোৰ পৰা নিখিলে এজাপ কাগজ উলিয়ালে।

-“আন্তঃৰাষ্ট্ৰীয় ISSN জাৰ্ণেলত দহখন ৰিচাৰ্চ পেপাৰ, মুঠ ইম্পেক্ট ১০.২…….. ৬ নম্বৰ……… এইবোৰ UGC sponsored কৰ্মশালাৰ যোগদানৰ প্ৰমাণপত্ৰ…… ৫ নম্বৰ….. এড হক পোষ্টত তিনি বছৰ কাম কৰিছোঁ… ৩ নম্বৰ”। দুখন কিতাপ মোনাটোৰপৰা উলিয়াই নিখিলে ক’লে, “ISBN আছে, গৱেষণাজাতীয় কিতাপ ২ নম্বৰ”।

 

-“গোটেইবোৰ মিলাই মুঠ ৮০.২ আউট অৱ ১০০, ইন্টাৰভিউত কোনো নম্বৰ নাই, মোৰ নাম নিখিল মহন্ত, বাকী গোটেইবোৰ কেণ্ডিডেটৰ নম্বৰ ৭০-ৰ কম, গতিকে এইবাৰ আপোনালোকৰ খেলিমেলি কৰাৰ কোনো উপায় নাই, তাতে RTI আছে নহয়”। নিখিলে ব্যংগাত্মক হাহি এটা মাৰিলে।

-“তুমিতো আমাৰ ডিপাৰ্টমেন্টৰেই আছিলা, আৰুণিহঁতৰ বেটচৰ, আগতেতো এনেকুৱা অভদ্ৰ নাছিলা”। প্ৰফেচাৰ গোস্বামীয়ে ক’লে।

-“অলপ চিনি পালে তেন্তে ছাৰ। চাৰে চাৰি বছৰ আগতে এইখন কলেজত, এইটো ৰুমতে মই ইণ্টাৰভিউ দিব আহিছিলোঁ, আপোনালোকেই ইণ্টাৰভিউ লৈছিল।

-“হয়, আমাৰ লাষ্ট ৰিক্ৰুইটমেন্ট প্ৰায় চাৰি বছৰ আগতে হৈছিল”। প্ৰিন্সিপালে ক’লে।

-“তেতিয়া মই পাছ কৰি উঠিছিলোঁ, মোৰ পজিচন ফাৰ্ষ্ট ক্লাছ থাৰ্ড আছিল, গেটত ভাৰতৰ ভিতৰত টপ টেনত আছিলো, নেট-জে.আৰ.এফ আছিল, কিন্ত মোৰ, ৰিচাৰ্চ পেপাৰ, পি.এইচ.ডি নাছিল”।

-“তোমাক পি.এইচ.ডি কৰিবলৈ কৈছিলোঁ”। প্ৰফেচাৰ দাসে ক’লে।

-“হয়, কিন্ত সেই চাকৰিটোতো অনন্যা শইকীয়াক দিছিল, অনন্যা শইকীয়াৰ কোৱালিফিকেচন কি আছিল, কোনোমতে ফাৰ্ষ্ট ক্লাছ পোৱা, নেট নথকা, পেপাৰ নথকা…… অনন্যা শইকীয়াৰ মাত্ৰ এম.ফিল আছিল”।

 

প্ৰফেচৰ দাস, গোস্বামী, বৰুৱাই ইজনে সিজনৰ ফালে চালে।

 

-“সেই ইণ্টাভিউলৈ অৰুণ নাথ আহিছিল, ২০০৫ চনৰ ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ইণ্টাৰনেচনেল জাৰ্ণেলত ১৫ খন ৰিচাৰ্চ পেপাৰ, ড° সাত্যকি শৰ্মা পোষ্ট ডক্টৰেট আৰু বহুত আহিছিল হাইলি কোৱালিফাইড। কিন্তু…” নিখিল অলপ সময় ৰ’ল, তাৰ পাছত শান্ত স্বৰেৰে ক’লে,

-“মোক আপোলোকে তেতিয়া যোগ্য বুলি বিবেচনা নকৰিলে, কোনো কথা নাই, কিন্ত এক ডজন উপযুক্ত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি এটা সাধাৰণ প্ৰব্লেম চলভ কৰিব নোৱাৰা অনন্যা শইকীয়াক আপোনালোকে বাচনি কৰিলে। কাৰণ মিচেচ অনন্যা শইকীয়া আপোনালোকৰ লগৰ প্ৰফেছাৰ এজনৰ ৱাইফ। নহয় জানো, ছাৰ?”

 

প্ৰফেচৰ দাস, গোস্বামী, বৰুৱাই তলমুৰ কৰিলে।

 

-“আপোনালোকে আপোনালোকক দিয়া সন্মান তথা ক্ষমতাৰ অপব্যৱহাৰ কৰি ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে কাৰোবাৰ ঘৈণীয়েক, পুতেক, জীয়েক, খুলশালী, বোৱাৰীয়েক আদিক উচ্চশিক্ষাৰ অনুস্থাবোৰত সংস্থাপিত কৰি আহিছে। এণ্ড য়ু হেভ পেৰেলাইজড দা হোল চিষ্টেম। দুৰ্নীতি কৰা ৰাজনীতিবিদসকললৈ মোৰ পুতৌ ওপজে। কাৰণ মানুহে তেওঁলোকক দুৰ্নীতিৰ বাবে গালি পাৰে। কিন্তু আপোনালোক? আচল ধুৰ্ত আপোনালোকহে। আপোনালোকক সমাজখনে ভাল মানুহ বুলি ভাৱে। কিন্তু উচ্চশিক্ষাত জাৱৰ এসোপা সুমুৱাই গোটেই সমাজখন আপোনালোকে বেমাৰী কৰি পেলাইছে। আপোনালোক চিষ্টেমটোৰ একো একোজন ৰঘুমলা”।

 

গৱৰ্নিং বডিৰ মানুহজন উত্ফুলিত হ’ল; কিন্ত প্ৰিন্সিপাল আৰু প্ৰফেচাৰ দাস, গোস্বামী, বৰুৱা খঙত একোনাই হৈ পৰিল।

-“উই উইল চি ইউ”।

 

নিখিলে বিদ্ৰুপৰ হাঁহি এটা মাৰিলে।

-“বেছি চিন্তা নকৰিব, মোৰ এপইন্টমেন্ট লেটাৰখন যেতিয়া মন যায় পঠিয়াই দিব। সোনকালে পঠিয়ালে আপোনালোকৰে মংগল। মই সম্পূৰ্ণ হ’মৱৰ্ক কৰি আহিছোঁ, এইবাৰ আপোনালোকে যদি কিবা খেলিমেলি কৰাৰ চেষ্টা কৰে…. আই উইল চি ইউ অল। এণ্ড….. আই মিন ইট”।

 

নিখিল ৰুমৰপৰা ওলাই আহিল। প্ৰাঞ্জলে সুধিলে, “দাদা কেনেকুৱা হ’ল, বহুত সময় লগালে যে!”

নিখিলে ফাইলৰপৰা এখন কাগজ উলিয়ালে। কলেজত নিযুক্তিৰ লেটেষ্ট চৰকাৰী চাৰ্কুলাৰখন, য’ত মৌখিক ইণ্টাৰভিউত নম্বৰ নাই। প্ৰাঞ্জলক চাৰ্কুলাৰখন দি নিখিলে ক’লে,

-“নতুন কথাবোৰৰ সৈতে আপ টু দেট হৈ থাকা। পৃথিৱীখন সৰু আৰু সহজ কোনোটোৱেই নহয়। নিজৰ সিদ্ধান্ত নিজেই ল’বা, সপোনবোৰ ডাঙৰকৈ দেখিবা, তেতিয়াহে ডাঙৰ হ’ব পাৰিবা। অল দা বেষ্ট”।

 

(কেইমাহমমান আগৰ এটা সঁচা ঘটনাৰ আলমত, অলপ সালসলনি কৰা হৈছে)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments