ক’লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড, ডিচলিপিডেমিয়া আদিৰ বিষয়ে জানিবলগীয়া কথাঃ ডাঃ ভূপেন্দ্ৰ শইকীয়া

 

ওপৰৰ দীঘলীয়া শিৰোনামটো দেখি পাঠক হয়তো সচকিত হৈ উঠিব৷ কিন্তু আজিৰ যুগত এই বিষয়ৰ আলোচনা অতীব প্ৰয়োজনীয় হৈ পৰিছে৷ সময়, পৰিবেশ আৰু মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি সলনি হোৱাৰ লগে লগে নতুন নতুন শাৰীৰিক সমস্যাই আমাৰ আগত প্ৰত্যাহ্বান স্বৰূপহৈ দেখা দিবহি ধৰিছে৷ তাৰে ভিতৰত এটা হ’ল ডিচলিপিডেমিয়া (Dyslipidemia)৷
ডিচলিপিডেমিয়াৰ অৰ্থ হ’ল আমাৰ তেজত থকা অপকাৰী লিপিডৰ (চৰ্বি) পৰিমাণ অস্বাভাবিকভাবে বাঢ়ি যোৱা আৰু তাৰ বিপৰীতে উপকাৰী লিপিডৰ পৰিমাণ হ্ৰাস পোৱা৷ অপকাৰী লিপিড হ’ল Low-density lipoproteins (LDL) আৰু ট্ৰাইগ্লিচাৰাইড (Tryglycerides)৷ উপকাৰী লিপিড হ’ল High-density lipoproteins (HDL)৷ আকৌ ট’টেল ক’লেষ্টেৰল হ’ল তেজত থকা অপকাৰী (Bad cholesterol) আৰু উপকাৰী (Good cholesterol) ক’লেষ্টেৰলৰ যোগফল৷ সঠিককৈ কবলৈ হ’লে ট’টেল ক’লেষ্টেৰল নিৰ্ণায়ক সমীকৰণটো হ’ল: HDLৰ পৰিমাণ + LDLৰ পৰিমাণ + Triglycerideৰ.পৰিমাণৰ কুৰি শতাংশ৷
লাইপোপ্ৰটিন কি? – লাইপোপ্ৰটিন হ’ল চৰ্বি বা লিপিড আৰু প্ৰটিনৰ সংযোগ৷ লিপিড হ’ল পানীত অদ্ৰৱণীয়৷ পানীত দ্ৰৱণীয় লাইপোপ্ৰটিনলৈ পৰিবৰ্তন হোৱাৰ পিছত লিপিডৰ তেজত সঞ্চালন সম্ভৱপৰ হৈ উঠে৷ লাইপোপ্ৰটিন কেইবাপ্ৰকাৰৰ হব পাৰে৷ ইয়াৰ দুটা প্ৰমুখ উদাহৰণ হ’ল LDL (Low Density Lipoprotein) আৰু HDL (High Density Lipoprotein)৷ উল্লেখযোগ্যযে ক’লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড দুয়োটাই পানীত অদ্ৰৱণীয়৷ লাইপোপ্ৰটিনলৈ ৰূপান্তৰিতহৈহে দুয়োটাই তেজত প্ৰবহমান হব পাৰে৷

ক’লেষ্টেৰল কি? – ক’লেষ্টেৰলে আমাৰ তেজত থকা চৰ্বিক বুজায়৷ মানৱ দেহৰ লিভাৰে ক’লেষ্টেৰল উৎপাদন কৰে৷ ক’লেষ্টেৰল আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয় উপাদান৷ ই শৰীৰত হৰমোন, ভিটামিন-ডি আদি উৎপন্ন কৰাত আৰু পাচন ক্ৰিয়াত সহায়কৰ ভূমিকা লয়৷ ক’লেষ্টৰল হ’ল মম জাতীয় পদাৰ্থ৷ শৰীৰৰ প্ৰতিটো কোষত ইয়াৰ অৱস্থিতি দেখা যায়৷ মাংস, কণী, গাখীৰ, মাখন, পনীৰ আদি খাদ্যৰ পৰাও আমি ক’লেষ্টেৰল আহৰণ কৰোঁ৷
ঘাইকৈ ক’লেষ্টেৰল দুই প্ৰকাৰৰ৷ সেয়া হ’ল HDL আৰু LDL – লিভাৰৰ পৰা LDL ক’লেষ্টেৰল আঁতৰি তেজৰ নলীয়েদি প্ৰবাহিত হওঁতে তাত জমা হৈ (যাক atheroma / atherosclerotic plaque বোলে ) তেজৰ প্ৰবাহ বাধাপ্ৰাপ্ত কৰিব পাৰে৷ এই প্ৰক্ৰিয়াটোক Atherosclerosis বোলে৷ গতিকে LDL হ’ল বেয়া বা অপকাৰী ক’লেষ্টৰল৷ আনহাতে উপকাৰী বা ভাল ক’লেষ্টেৰল HDL লিভাৰলৈ প্ৰবাহিত হৈ আহে আৰু ই তেজৰ সঞ্চালন নিয়াৰিকৈ ৰাখে৷ তদুপৰি ই অপকাৰী LDLক শৰীৰৰ পৰা নিষ্কাশনত সহায় কৰে৷

ট্ৰাইগ্লিচাৰাইড কি? – ট্ৰাইগ্লিচাৰাইড আমাৰ শৰীৰৰ চৰ্বিৰ কোষসমূহত সঞ্চিতহৈ থাকে৷ আমি খোৱা খাদ্যৰ অতিৰিক্ত কেলৰিখিনি শৰীৰে ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত কৰে৷ পিছত হৰমোনৰ প্ৰভাৱত ট্ৰাইগ্লিচাৰাইডৰ পৰা শক্তি দেহে আহৰণ কৰিব পাৰে৷ আমি যদি আমাৰ প্ৰয়োজনকৈ অধিক চৰ্বি আৰু কাৰ্বোহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰি থাকোঁ-তেন্তে আমাৰৰ শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ আধিক্য (Hypertriglyceridemia)হোৱাটো খাটাং৷

লিপিড প্ৰফাইল কি? – লিপিড প্ৰফাইল বা লিপিড পেনেল হ’ল তেজৰ সকলো প্ৰকাৰৰ ক’লেষ্টেৰলৰ পৰীক্ষা৷ ইয়াৰ যোগেদি ভাল ক’লেষ্টেৰল আৰু বেয়া ক’লেষ্টেৰলৰ পৰিমাণ ভাগ ভাগকৈ চিনাক্ত কৰা হয়৷ সঠিক ফলাফল জানিবৰ বাবে তেজ পৰীক্ষা কৰোৱাৰ আগতে ৮৷ ১০ঘণ্টা উপবাস দিয়া ভাল৷

স্বাভাবিক পৰিমাণ কিমান থকা বাঞ্ছনীয়?
– ট’টেল ক’লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমাণ ২০০মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্ছনীয়৷ (যিমানে কম ওলায়, সিমানে ফলাফল ভাল৷ )
– এলডিএল ক’লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমাণ ১৩০মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্ছনীয়৷ (যিমানে কম ওলায়, সিমানে ফলাফল ভাল৷ )
– ট্ৰাইগ্লিচাৰাইডৰ নৰ্মাল বা স্বাভাবিক পৰিমাণ ১৫০মিলিগ্ৰাম%ৰ কম হোৱা বাঞ্ছনীয়৷ (যিমানে কম ওলায়, সিমানে ফলাফল ভাল৷ )
– এইডিএল ক’লেষ্টেৰল নৰ্মাল বা স্বাভাবিক পৰিমাণ ৪০মিলিগ্ৰাম%ৰ পৰা ৬০মিলিগ্ৰাম% হোৱা বাঞ্ছনীয়৷ (যিমানে বেচি ওলায়, সিমানে ফলাফল ভাল৷ )

জানি থোৱা ভালযে কিশোৰ আৰু বৃদ্ধ অৱস্থাত লিপিডৰ ফলাফল কিছু পৃথক হয়৷
কিমান দিনৰ ব্যৱধানত লিপিড প্ৰফাইল পৰীক্ষা কৰাব? – আমেৰিকান হাৰ্ট এচ’চিয়েচনৰ মতে ২১বছৰ বয়সৰ ওপৰৰ প্ৰতিজন লোকে ৫বছৰৰ ব্যৱধানত লিপিড পেনেল পৰীক্ষা কৰোৱা উচিত৷ এই কথাফাকি ৰোগৰ কোনো লক্ষণ নথকা ব্যক্তিৰ বাবেহে প্ৰযোজ্য৷
আনহাতে হৃদৰোগ, ডায়েবেটিজ, মেদবহুলতা, কিডনিৰ অসুখ থকা লোকে প্ৰতি বছৰে লিপিড পেনেল পৰীক্ষা কৰোৱা মংগল জনক৷
আকৌ এবাৰ ডিচলিপিডেমিয়া চিনাক্ত হ’লে আৰু তাৰ চিকিৎসা আৰম্ভ কৰিলে প্ৰতি মাহত বা দুমাহৰ ব্যৱধানত লিপিড পেনেল স্বাভাবিক নোহোৱালৈ পৰীক্ষা কৰাই যাব লাগিব৷
ডিচলিপিডেমিয়াত সাধাৰণতে দেখা দিয়া কিছুমান লক্ষণ হ’ল:-
– ভৰিৰ বিষ বিশেষকৈ খোজ দিওঁতে
– বুকুৰ বিষ বা হেঁচা অনুভৱ কৰা
– উশাহ ছুটি হোৱা
– শীতলতাৰ মাজত ঘমাৰ্ত হোৱা(cold sweats)
– ডিঙি, গলধন, পিঠি বা কান্ধৰ বিষ
– পেট-বুকু জ্বলাপোৰা কৰা আৰু বদহজমি
– ক্লান্তিবোধ
– মূৰঘূৰণি
– বুকুৰ ঢপঢপনি
– ওকালি বা বমি হোৱা
– হাত ভৰি মুখমণ্ডল ফুলি যোৱা
– চেতনা হেৰোৱা
ডিচলিপিডেমিয়াৰ উপযুক্ত বা সঠিক চিকিৎসা নকৰিলে হব পৰা সম্ভাব্য ভয়ংকৰ পৰিণাম দুটা হ’ল-Coronary artery disease(CAD)আৰু Peripheral artery disease (PAD)৷

বৰ্ধিত ট্ৰাইগ্লিচাৰাইডৰ (Hypertriglyceridemia) পৰা হব পৰা বিপদসমূহ – বহু লোকৰ দেহত লক্ষণ একো দেখা নোযোৱাকৈ থাকে আৰু তেজ পৰীক্ষা কৰাত আকস্মিকভাবে তেজৰ বৰ্ধিত ট্ৰাইগ্লিচাৰাইড ধৰা পৰে৷ ইয়াৰ বিপৰীতে আন কিছুমানৰ ছালৰ তলত বা চকুৰ পতাৰ কাষত গোটা বন্ধা Xanthomas, চকুৰ ৰেটিনাত হোৱা Lipemia retinalis, লিভাৰ আৰু প্লীহাৰ আকাৰ ডাঙৰ হোৱা (Hepatosplenomegaly) আদি লক্ষণ ধৰা পৰে৷ এক শতাংশৰ পৰা ৪শতাংশ Hypertriglyceridemia ৰোগীৰ পেনক্ৰিয়াটাইটিচ (pancreatitis) হোৱা পৰিলক্ষিত হয়৷ এনে ৰোগীৰ তেজত ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণে ১০০০ মিলিগ্ৰাম % চেৰাই যাব পাৰে৷ আকৌ উচ্চ ট্ৰাইগ্লিচাৰাইড ষ্ট্ৰ’ক, হাৰ্ট এটেক আৰু আন হৃদৰোগৰ কাৰক হব পাৰে৷ উচ্চ ট্ৰাইগ্লিচাৰাইড থকা ৰোগীৰ যৌন অক্ষমতা দেখা দিব পাৰে৷

ট্ৰাইগ্লিচাৰাইডৰ বৰ্ধিত পৰিমাণ (Hypertriglyceridemia) হোৱাৰ কিছুমান কাৰক তলত উল্লেখ কৰা হ’ল ঃ –
– মেদবহুলতা
– শাৰীৰিক নিস্ক্ৰিয়তা
– অত্যধিক ভক্ষণ
– এলক’হল
– ধুম্ৰপান
-ডায়েবেটিজ
– অটো-ইমিউনডিজিজ যেনে SLE
– মেটাবলিক চিনড্ৰম
– হাইপ’থাইৰয়েডিজম
– গৰ্ভাৱস্থা – কিছুমানৰ ৩য় ত্ৰিমাসিকৰ সময়ত
– ঔষধৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া – ষ্টেৰইড, এণ্টিচাইক’টিক ড্ৰাগছ, এণ্টিহাইপাৰটেচিভ (থায়াজায়েড, বিটা-ব্লকাৰ), এইডৰ চিকিৎসাৰ কিছুমান দৰব, গৰ্ভনিৰোধক পিল৷

বৰ্ধিত ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাৰ উপায় কি? লাইফ-ষ্টাইল বা জীৱনধাৰণৰ পদ্ধতিত কৰিবলগীয়া সালসলনি সমূহ হ’ল:-

– শৰীৰৰ ওজন হ্ৰাস কৰা -বিজ্ঞানীসকলে পাইছে যে ৫শতাংশৰ পৰা ১০শতাংশ দেহৰ ওজন হ্ৰাস পালে ৪০মিলিগ্ৰাম% পৰ্য্যন্ত ট্ৰাইগ্লিচৰাইডৰ পৰিমাণ কমিব পাৰে৷
– শাৰীৰিক ব্যায়াম- সপ্তাহত ৫৷ ৬দিন দৈনিক আধা ঘণ্টাৰ কছৰৎ শৰীৰৰ বাবে অতি লাগতিয়াল৷ সি লাগিলে দৌৰা, সাঁতোৰা, চাইকেল চলোৱা, খোজ কঢ়া বা আন ব্যায়াম যিয়েই নহওক৷
– মদ্যপান আৰু ধূম্ৰপান ত্যাগ কৰা -ইয়াৰ দ্বাৰা ডিচলিপিডেমিয়াৰ উপৰিও নানাবিধ কেঞ্চাৰৰ পৰা বাচি থাকিব পাৰিব৷
– মানসিক দুশ্চিন্তা আৰু ষ্ট্ৰেচ কমাবলৈ ধ্যাণ আৰু মেডিটেচন কৰিব৷

খাদ্যত লবলগীয়া নানাবিধ সতৰ্কতা তলত উল্লেখ কৰা হ’ল:-
– খাদ্যৰ পৰিমাণ লক্ষ্য ৰখা, কেলৰিৰ পৰিমাণ হ্ৰাস কৰা – নাপাহৰিব দেহৰ প্ৰয়োজনতকৈ অতিৰিক্ত কেলৰি ট্ৰাইগ্লিচৰাইডলৈ ৰূপান্তৰিত হয়৷
– খাদ্যৰ বাছনি- কম চৰ্বিযুক্ত খাদ্য গ্ৰহণ – ডালডা জাতীয় ট্ৰান্সফেটৰ তৈয়াৰী খাদ্য পৰিহাৰ কৰিব৷ তাৰ পৰিবৰ্তে আনচেচুৰেটেড চৰ্বি যেনে অলিভ অইল, ভিজিটেবল অইল, ফিচ অইল ব্যৱহাৰ কৰিব৷ নাৰিকল কমাই খোৱা ভাল কিয়নো ইয়াত চেচুৰেটেড ফেট থাকে৷
– খাদ্যত চুগাৰ আৰু ফ্ৰুক্ট’জৰ মাত্ৰা হ্ৰাস কৰা – কিছুমান কাৰ্বোহাইড্ৰেট যেনে চেনি, ময়দা আদিৰ পৰা সহজে ট্ৰাইগ্লিচাৰাইড উৎপন্ন হয়৷ সেইবিলাকৰ ব্যৱহাৰ কমোৱা উচিত৷ সকলো শীতল পানীয়, এনাৰ্জি ড্ৰিংক, মিঠা কফি, ফলৰ ৰস, মিঠাই পৰিহাৰ কৰিব৷ পেষ্ট্ৰি আৰু বেক কৰা মিঠাই বা খাদ্য এৰাই চলিব৷
– খাদ্যত বেচি ফাইবাৰৰ বাছনি কৰা – ৰাজমাহ জাতীয় শইচ, দাইল, বাদাম আদি বেচি ফাইবাৰ থকা খাদ্যই পাক প্ৰণালীৰ পৰা কাৰ্বোহাইড্ৰেটৰ শোষণ কমকৈ হবলৈ দিয়ে যাৰ ফলত ট্ৰাইগ্লিচৰাইড কমকৈ উৎপন্ন হয়৷
– অমেগা-৩ ফেটি এচিড খাদ্যত সংযোগ কৰা – ঘাইকৈ সাগৰীয় মাছ টুনা, চলন্ত, চাৰডিন, হেৰিং, মেকৰেল আদিত উপলব্ধ৷
– খাদ্যৰ তালিকাত চয়াবিন জাতীয় প্ৰটিনৰ সংযোগ কৰক৷ ইয়াৰ দ্বাৰা ট্ৰাইগ্লিচাৰাইড আৰু এলডিএল ক’লষ্টেৰল ৭শতাংশলৈকে হ্ৰাস পোৱা প্ৰমাণিত হৈছে৷
– হালধি, মেথি, নহৰু, আভাকাডো, এলমণ্ড আদিৰ উপযুক্ত ব্যৱহাৰে ডিচলিপিডেমিয়া হ্ৰাস কৰে৷
– নিয়মিত একে সময়ত খাদ্যগ্ৰহণ কৰা (Establish a regular meal pattern) – যাৰ দ্বাৰা দেহত থকা ইনচুলিনৰ সক্ৰিয়তা হ্ৰাস নাপায়৷ দেখা গৈছে যে উচ্চ ট্ৰাইগ্লিচাৰাইড হোৱাৰ এটা কাৰণ হ’ল Insulin resistance৷
উচ্চ ট্ৰাইগ্লিচাৰাইড কমাবলৈ ব্যৱহাৰ কৰা ঔষধ কিছুমান হ’ল:-
– অমেগা-৩ফেটি এচিড কেপচুল
– ফেন’ফিব্ৰেট যেনে ট্ৰাইকৰ, ফেনগ্লাইড, লিপান্থিল, জেমফিব্ৰজিল
– ষ্টেটিন যেনে এট্ৰভাষ্টেটিন, চিমভাষ্টিন, ৰজুভাষ্টটিন৷ ষ্টেটিনৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া হ’ল মাংসপেশীৰ বিষ হোৱা৷
– নিয়াচিন বা নিকোটিনিক এচিড -সাধাৰণতে ৫০০মিলিগ্ৰামৰ অধিক ট্ৰাইগ্লাইচেৰাইডত নিয়াচিন ব্যৱহৃত হয়৷ সতৰ্ক নহলে Drug interaction হোৱাৰ বেচ সম্ভাৱনা থাকে৷

এইবিলাক দৰবৰ পাৰ্শ্বক্ৰিয়া হব পৰা হেতুকে কোনেও চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজে কোনোবিধ ঔষধ গ্ৰহণ কৰা উচিত নহয়৷ ফেন’ফিব্ৰেট আৰু ষ্টেটিন একে সময়তে প্ৰয়োগ কৰা নহয়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক