কল্কি অৱতাৰ – মনমী ভট্টাচাৰ্য

ককাই সাধু কৈছিল,

“সত্য, ত্ৰেতা, দ্বাপৰ

কলিৰ শেষত হ’ব কল্কি অৱতাৰ!”

“ৰূপঢাকি আহিব কল্কি সন্তৰ্পণে

বুলিও নুবুজিবি, দেখিও নেদেখিবি”

কুন্ধচ কিমাকাৰ কলিৰ ত্ৰাসত

ল’ৰালিৰ ৰাতি পেঁপুৱা লাগিছিল।

আকৌ, প্ৰলোভনত আশ্বস্ত হৈছিল প্ৰভাত

প্ৰগতিৰ বতাহজাক চিতাৰ ধোঁৱা মিহলি,

প্ৰশ্বাসত উজাই লওঁ দূষিত সময়

গেদবোৰ আপোন হয় কলিজাৰ।

সময়ৰ জিঘাংসু প্ৰহৰত মৃত্যু সহজ।

পংগু মহানগৰীত মহাপ্ৰলয়ৰ সংকেত

অথচ লুপ্ত শ্ৰৱণ শক্তিয়ে নুশুনে সেই ধ্বনি!

বিলাসিতা প্ৰয়োজন হোৱা পৰত

অভিশাপগ্ৰস্ত হয় কাল!

ম্যাদ থাকে,

ম্যাদ থাকে জীৱ জড় উভয়ৰ।

সংকুচিত হয় ম্যাদ উদযাপিত জীৱনৰ

ম্যাদ শেষ নহয় মাথোঁ পুৰণি সাধুৰ..!

“কলিৰ শেষত হ’ব কল্কি অৱতাৰ”

০০০০০

Subscribe
Notify of
3 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Gautam
1 year ago

সুন্দৰ

Anonymous
1 year ago

It was amazing. today’s reality IS REFLECTING.

dulal
1 year ago

it is really amazing. reflecting today’s reality