কল্পিত কম্পন (উজ্জ্বল ফুকন)

 

 
 
 

সি চকু দুটা মেলিবলৈ যিমান পাৰে চেষ্টা কৰিছে। প্ৰচণ্ড বিষ এটাই তাৰ দেহাটো আৱৰি ধৰিছে। হাতখন উঠাব খুজিও সি উঠাব পৰা নাই। লাহে লাহে তাৰ চকুৰ আগত কিছুমান অদ্ভুত প্ৰাণী ধৰা দিলে। ঠিক সেই সাধুকথাত শুনা মৎস্যকন্যাৰ দৰে ৰূপ। কঁকালৰ তলচোৱা মাছৰ দৰে আৰু ওপৰচোৱা মানুহৰ দৰে। বতাহত ওপঙি ফুৰাৰ দৰে সিহঁত ঘূৰি ফুৰিছে।
“সাৰ পালা? কি নাম আৰু ঘৰ ক’ত? ” তাৰ কাষৰপৰা এটা মাত ভাঁহি আহিল।
সি তেতিয়াহে মন কৰিলে তাৰ কাষটো বহুত মানুহ আছে যিবোৰ দেখাত তাৰ দৰেই।
“মোৰ নাম আকাশ বৰুৱা। ঘৰ অসমৰ বোকাখাটত। আপুনি কোন আৰু মই ইয়ালৈ কেনেকৈ আহিলো জানে নেকি?” আকাশে সুধিলে।
“মই ৰিহিটো। জাপানৰ টকিঅ’ত ঘৰ। তুমি কেনেকৈ আহিলা মই নাজানো। কিন্তু মই কিবা এটা বস্তুত খুণ্ডা খাই অচেতন হৈ পৰিছিলোঁ। যেতিয়া চকু মেলিলোঁ তেতিয়া আহি নিজকে ইয়াত দেখিছোঁ।” ৰিহিটোৱে ক’লে।

আকাশৰ মনটো যিমান পাৰে পিছলৈ দৌৰিলে। অৰুণাচল প্ৰদেশৰ ঈগল নেষ্ট চেঞ্চুৰীত দুসপ্তাহ ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰি সি কামেং নদীৰ কাষত থকা পাখোৱেই টাইগাৰ ৰিজাৰ্ভৰ পিনে আগুৱাই গৈছিল। ৱাইল্ড লাইফ ফটোগ্ৰাফী তাৰ পেছা বুলি ক’লে ভুল হব ই তাৰ এতিয়া জীৱনৰ স্পন্দন হৈ পৰিছে। নতুন নতুন ঠাই চোৱা আৰু কংক্ৰিটৰ জংঘলৰ পৰা মাজে মাজে আঁতৰি আহি প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি বিচাৰি ফুৰিব পাৰিলে তাৰ মনটোৱে শান্তি পায়। তাৰ মনত পৰিল কামেং নৈৰ পাৰৰ ডাঠ বনাঞ্চলৰ মাজৰ পৰা সি কিবা এটা পোহৰ ওলাই অহা দেখিছিল। ৰহস্য আৰু নতুন কিবা এটা দেখা পোৱাৰ আশাত সি দৌৰি সোমাই গৈছিল সেই বনাঞ্চলত। দিনতে ঘোপমৰা এন্ধাৰ। সূৰুযৰ ৰশ্মিয়ে ঢুকি নোপোৱা এখন ঠাই। সি কেতিয়াবা ভাবে এনেকুৱা ঠাইবোৰ যিমানদিন মানুহৰ চকুৰ পৰা বাছি থাকে সিমান দিন পৃথিৱীখন জীয়াই থাকিব। ঘোপমৰা এন্ধাৰ তল পেলাই সৰু বিন্দুৰ দৰে পোহৰ এটা দূৰৰ পৰা জিলিকি থকা দেখিলে সি। আঁঠুৰ মূৰলৈকে পিন্ধি থকা জোতাযোৰৰ সাহসত সি আগবাঢ়ি গ’ল। জোকবোৰে জোতাযোৰৰ কাৰণে তাৰ তেজৰ সোৱাদ ল’ব পৰা নাছিল। পোহৰটোৰ যিমানে কাষ চাপি গ’ল সিমানে কিছুমান অস্পষ্ট শব্দ ভাহি আহিল। সৰু ফুটা এটাৰে পোহৰ ভাহি আহিছে। সি সেই ফুটাটোত চকু এটা লগাই সিপাৰলৈ বিস্ময়েৰে চাই ৰ’ল। এয়া যে এখন বেলেগ পৃথিৱী। তাৰ এতিয়া ভালকৈ মনত পৰিল। সিদিনাও সি এনেকুৱা প্ৰাণী কিছুমান দেখিছিল। কিন্তু সিহঁতৰ মূৰবোৰ বহুত ডাঙৰ আছিল বাকী অঙ্গবোৰৰ তুলনাত। সেইদিনা জঙ্ঘলৰ মাজত দেখা সেইটো যে এক গৱেষণাগাৰ আছিল সেইটো বুজিবলৈ আকাশৰ বেছিপৰ নালাগিল। কিন্তু এই প্ৰাণীবোৰ ক’ৰ? মাজে মাজে শুনা ইউএফঅ বা বহিঃবিশ্বৰ প্ৰাণীয়ে সঁচাকৈ পৃথিৱীত থিতাপি লৈছে নেকি? নে মানুহৰ অগোচৰে মানুহতকৈও কোনো উন্নত জীৱ পৃথিৱীত বৰ্তি আছে নেকি? হাজাৰটা প্ৰশ্নই আহি আকাশৰ মন মগজু আৱৰি ধৰিলে। কিবা এটা উত্তৰ পোৱাৰ আগতেই সি প্ৰচণ্ড বিষত চিঞৰি উঠিল। এটা সাহসী জোকে জোতাযোৰ বগুৱা বাই তাৰ কৰঙনত আক্ৰমণ কৰিলেহি। ঠিক তাৰ পিছত সি অচেতন হৈ পৰিল। হয়তো সেই প্ৰাণীবোৰেই তাক ইয়ালৈ লৈ আহিল। আকাশে ৰিহিটোক মনলৈ অহা সকলোখিনি কথা ক’লে।

ৰিহিটোৱে মিচিকিয়া হাঁহি মাৰি ক’লে “তুমি জানা নে তুমি সেই বনাঞ্চলত দেখা প্ৰাণীবোৰৰ মূৰবোৰ কিয় ডাঙৰ আছিল? কাৰণ সিহঁতৰ মগজুৰ বিকাশ বেছিকৈ হৈছিল। ডাৰৱিনৰ সূত্ৰ পঢ়িছিলা চাগৈ সৰুতে। মানুহৰ মূৰটো বোলে একালত অন্য অঙ্গবোৰতকৈ ডাঙৰ হৈ যাব। কিন্তু ইহঁত ডাৰৱিনৰ সূত্ৰলৈ ৰৈ থকা ভকত নহয়। ইহঁত বহুত আগবঢ়া।”
আকাশে একো নুবুজাৰ দৰে ৰিহিটোলৈ চাই থাকিল।

ৰিহিটোৱে আকৌ ক’ব ধৰিলে “ইহঁতে যিটো অঙ্গ যি সময়ত প্ৰয়োজন বেছিকৈ হয় সেইটো অপ্টিমাম ইউজ কৰে। মানে ধৰা তুমি এখন কাজিয়া লাগিছা আৰু প্ৰচণ্ড জোৰে কাৰোবাক এটা ঘোচা মাৰিছা। তেতিয়া সাধাৰণতে হাতখনৰ জোৰ আৰু দেহৰ আংশিক জোৰ সেই ঘোচাটোত থাকে। কিন্তু সিহঁতৰ সূত্ৰ মতে দেহাটো চলিবলৈ লগা নিম্নতম শক্তিখিনি এৰি সেই ঘোচাটোৱে দেহাৰ সমস্ত শক্তি লৈ থয়। আৰু ঘোচাটো মাৰি শেষ হোৱাৰ পিছত আকৌ দেহাত সমান অনুপাতে শক্তিৰ বিভাজন হয়। এতিয়া তুমিয়েই ভাবা তোমাৰ ওজন যদি ৭৫ কেজি হয় তেন্তে তোমাৰ ঘোচাটোৰ ওজন হ’ব প্ৰায় ৬০-৬৫ কেজি। ইয়াত তুমি ‘a’ মানে এক্সিলাৰেচনটো যোগ দিলে ভাবি চোৱা শক্তি কিমান হ’ব। সেইকাৰণে তুমি দেখা প্ৰাণীবোৰ গৱেষণাগাৰত থকা বাবে হয়তো সমস্ত শক্তি মগজুক দি থৈছিল।”
লাহে লাহে যেন আকাশে বুজি পালে কথাবোৰ। সি এইবাৰ ৰিহিটোক সুধিলে, “তুমি এজন জাপানীজ হৈ কেনেকৈ ইমান সাৱলীল ভাৱে অসমীয়া ক’ব পাৰিছা?”
মই জানিছিলোঁৱেই তুমি এইটো প্ৰশ্ন কৰিবা বুলি। মইও সুধিছিলোঁ সিহঁতক। মই অসমীয়া নাজানো মই জাপানীজতে শুনি আছোঁ আৰু জাপানীজতে উত্তৰ দি আছোঁ। কিন্তু সিহঁতে কিছুমান অদৃশ্য ট্ৰেন্সলেটৰ সাজি থৈছে চাৰিওফালে। সেইকাৰণে আমাৰ মাজত ভাষাই একো বাধাৰ সৃষ্টি কৰিব পৰা নাই। তুমি যেতিয়া কিবা শব্দ কোৱা সেই শব্দ অসমীয়াতে যায় ট্ৰেন্সলেটৰটোলৈ আৰু সেই ট্ৰেন্সলেটৰটোৱে কাষতে থকা গ্ৰাহক কাণ বিচাৰি ফুৰে। সিহঁতে প্ৰেৰক উৎসৰ কাণখনক গুৰুত্ব নিদিয়ে তেতিয়া। গ্ৰাহক কাণখনৰ চেন্সিটিভিটি পৰীক্ষা কৰা হয়। কোনটো ভাষাৰ প্ৰতি কাণখন বেছি সক্ৰিয় সেইটো পৰীক্ষা কৰা হয়। যেনে মোৰ কাণদুখন জাপানীজ ভাষাৰ প্ৰতি বেছি সক্ৰিয়। তেতিয়া তোমাৰ পৰা অহা সকলো শব্দ জাপানীজ ভাষালৈ তৰ্জমা কৰি মোৰ কাণত পেলায়। অনুৰূপ প্ৰক্ৰিয়াৰে মোৰ শব্দবোৰ তোমাৰ কাণত পৰিছে। এবাৰ সংযোগ স্থাপন হোৱাৰ পিছত আৰু আগলৈ একো সমস্যা নহয়। এই কাণখনৰ কোনো স্বভাৱজাত সক্ৰিয়তা পৰীক্ষা কৰাতো হয়তো ‘চেন্সিটিৱিটি এনালাইচিচ’ বা কিবা প্ৰেডিকচন ইউজ কৰিছে।

“তোমাক এই প্ৰাণীবোৰে কৈছে নেকি এইবোৰ কথা? কেনেকৈ জানিলা ইমান কথা?” আকাশে সুধিলে।
“মই নিজেও এজন বিজ্ঞানী আছিলোঁ। আছিলোঁ বুলি কৈছোঁ কাৰণ এইবোৰ দেখি মই বুজি পাইছোঁ আমি বহু বছৰ পিছ পৰি আছোঁ। বলা তোমাক অলপ ফুৰাই আনো। তুমি আৰু বহুত চিনাকি মানুহ লগ পাবা” ৰিহিটোৱে ক’লে।
“কিন্তু তুমি যে ক’লা ট্ৰেন্সলেটৰবোৰ অদৃশ্য হৈ আছে, সেইটো ইহঁতে কেনেকৈ কৰিছে? মোৰ সৰুৰে পৰ অদৃশ্য হৈ ঘূৰি ফুৰাৰ এটা সপোন আছিল” আকাশে ৰিহিটোৱে লগত গৈ থাকোঁতে সুধিলে।
“এইটো তোমাৰ নহয় সকলো মানুহৰে অপূৰ্ণ সপোন। আমিবোৰো নেন’ টেকনোলজিৰে বহুখিনি সফল হৈছোঁ। কিন্তু ইহঁতে এই ক্ষেত্ৰত বহু আগতেই সফল হৈ বৰ্তমান প্ৰয়োগো কৰিছে বিভিন্ন দিশত। ব’লা তোমাক ইণ্ডিয়ান চেম্বাৰটোলৈ লৈ যাওঁ” ৰিহিটোৱে ক’লে।

ইণ্ডিয়া বুলি লিখি থোৱা প্ৰকাণ্ড হল এটাৰ ভিতৰলৈ দুয়ো সোমাই গ’ল। নক’লেও হ’ব ‘ইণ্ডিয়া’ শব্দটো ৰিহিটোৱে জাপানীজত আৰু আকাশে অসমীয়া আখৰত পঢ়িলে।
প্ৰায় ১০০০ মান মানুহ বহি আছে প্ৰকাণ্ড হলটোত। প্ৰথম মেজখনত বহি থকা মানুহকেইজনক দেখিয়েই চকু থৰ হ’ল আকাশৰ। গজেন্দ্ৰ মোডী আৰু কৰুণ গগৈ মুখামুখিকে বহি চাহ পি আছে। গগৈৰ একাষে সখিল গগৈ আন কাষে কুমন্ত বিশ্ব শৰ্মা। ইফালে মোডীৰ কাষত সৰ্পিল চিব্বল আৰু আহুল গান্ধী। হাঁহি আৰু কথাৰ মাজত গোটেইজাক মচগুল। তেওঁলোকৰ মাজত চকামকাকৈ হৰ্ণৱ গোস্বামীকো দেখিলে আকাশে।
“তুমি সিহঁতৰ কথা শুনিব খুজিছা নেকি? আমি দুয়োজন সিহঁতৰ বাবে অদৃশ্য হৈ আছোঁ। আমি বিনাদ্বিধাই সিহঁতৰ কথা শুনিব পাৰোঁ।” ৰিহিটোৱে আকাশক লৈ সিহঁতৰ ফালে আগবাঢ়িল।
“কিন্তু গজেন্দ্ৰ মোডীয়ে দেখোন দুদিনৰ আগতে গুৱাহাটীত ভাষণ দি আহিছে আৰু কৰুণ গগৈয়েও সেইদিনা তাৰ প্ৰত্যুত্তৰ দিছিল। আহুল গান্ধীয়েও একেদিনাই গুজৰাটত ভাষণ দিছিল। তেন্তে আজি এওঁলোক ইয়াত কেনেকৈ?” আকাশে আচৰিত হৈ সুধিলে।
“সেইবোৰ বহুত কথা। মই যি অলপ বুজি পাইছোঁ সেয়া পিছত বুজাম তোমাক। প্ৰথমে শুনোঁ আহা কি কথাত মচগুল এওঁলোক ” ৰিহিটোৱে ক’লে।
“মোডী জী, আপোনাৰ শ্লোগানটো কি আছিল? ‘হৰ হৰ মোডী’ নে ‘ঘৰ ঘৰ মোডী’ নে ‘ধৰ ধৰ মোডী’?” কৰুণ গগৈয়ে সুধিলে।
“আপ কা কাণ থৌড়া চাফ কৰ লিজিয়ে গগৈ জী। বাদ মে হামলৌগ আপলগৌ কৌ চাফ কৰেঙ্গে” মোডীয়ে ক’লে।
“কিন্তু মোডীজী আমি ইয়াত থাকি এনেকৈ কাজিয়া কৰিলে কেনেকৈ হ’ব। ইয়াত আমি সকলো একগোট হৈ থাকি কেনেকৈ পৃথিৱীলৈ ঘূৰি যাব পাৰি তাকেহে ভাবিব লাগে” কুমন্তই ক’লে।
হঠাৎ আহুল গান্ধী কঁপি উঠিল। “সিটোৱে কিবা মিছাকৈ কৈছে চাগৈ” চিব্বলে ক’লে।
“সেইটো ঠিকেই কৈছ কুমন্ত। কিন্তু আমি যে পৃথিৱীৰ বাহিৰত আছোঁ কেনেকৈ গম পালি। তোৰ নিউজ চেনেলটোৱে দিলে নেকি খবৰ? আমি পৃথিৱীতো থাকিব পাৰোঁ।” সখিল গগৈয়ে কুমন্তক আগচি ধৰিলে।
“কি তথ্য আছে তোমাৰ আমি পৃথিৱীত আছোঁ বুলি? তুমি ফুকলীয়া ল’ৰা। জকাইচুকত থকাটোৱে জাপান কেনেকৈ জানিবা” কুমন্তও দপদপাই উঠিল।
“জাপানৰ কথা ওলাওঁতে এটা কথা কৈ থওঁ ‘জাপানতো বানপানী হয়’ দেট ইজ অলচ এন ইম্পৰ্টেন্ট মেটাৰ” কৰুণ গগৈয়ে ক’লে।
“তোৰ কি তথ্য আছে পৃথিৱীৰ বাহিৰত আছোঁ বুলি? তথ্যৰ কথা ক’বলৈ আহে” সখিলে কৰুণ গগৈৰ কথা তল পেলাই ক’লে।
“শান্তি শান্তি। আমি আমৰণ অনশন কৰোঁ নেকি? নিজৰ মাজত এনেকৈ কাজিয়া লাগি থাকিলে জানো কিবা হ’ব” গাজৰিৱালৰ মাতটো ভাহি আহিল ক’ৰবাৰ পৰা।
“খালি অনশন অনশন। ইয়াৰ টেঁটুটো চেপি মাৰিয়েই পেলাওঁ নেকি?” চুলেমান খুৰ্চিডে চিঞৰি উঠিল।
তিনি পট্টি খেলি টাইম পাচ কৰি থকা মোনিয়া , লীলা আৰু মায়াললিতাই সেইফালে চাই থকা দেখি কমতাই ক’লে “আমি হিংসাক কেতিয়াও প্ৰশ্ৰয় নিদিওঁ।”
“এওঁ বিপক্ষৰ দলৰ মানুহক মাৰি পেলাই, ভাবুকি দিয়ে কিন্তু…” মায়াললিতাই কৈ অলপ সময় ৰৈ দিলে।
“কিন্তু হিংসাক প্ৰশয় নিদিয়ে” তিনিওজনীয়ে একেলগে ক’লে।
কাষতে থকা ছায়াৱতী কঁপি উঠিল। স্বাভাৱিক হোৱাৰ পিছত ছায়াই ক’লে সেইবোৰ বাদ দিয়া কিন্তু এই খালি ঠাই টুকুৰাত মোৰ মূৰ্তি এটা সাজিব পাৰি নেকি?
সকলোৱে ঘোপাকৈ চোৱাত ছায়াৱতী মনে মনে থাকিল।
মোডী এইবাৰ কঁপি উঠিল। তাৰ অলপ আগতে কুমন্ত আৰু কৰুণ গগৈৰ কঁপনি শেষ হৈছেহে।
কৰুণ গগৈয়ে আকৌ সুধিলে মোডীক “সেইদিনা কিন্তু আপোনাৰ ভাষণত অসমীয়া মানুহ পগলা হৈ গৈছিল। আপুনি ভূপেন হাজৰিকাৰ কথা জানে বুলি ক’লে মই বিশ্বাস কৰিম। কিন্তু নৰনাৰায়ণ আৰু মাধৱদেৱৰ কথা কৈছে। বাহ আপুনি ইম্মান জানে? কোননো মাধৱদেৱ?”
“হৌৰি, মই খোজ কাঢ়ি ফুৰা বুৰঞ্জী বুলি ভাবিছে নেকি? ভাৰতৰ বেলেগ বেলেগ প্ৰান্তত ভাষণ দি ঘূৰি ফুৰোঁ। সকলোৰে আঁতি-গুৰি জনাটো ইমান উজু নহয়। এটা টেকনিকেল টিম আছে। তেওঁলোকে লিখি দিয়ে। মই খালি উচ্চাৰণ শুদ্ধকৈ ক’বলৈ যত্ন কৰোঁ। আপোনাৰ নিচিনাকৈ কোনেওতো মোক আৰু ভাষণ দি থাকোঁতে নোসোধেহি মাধৱদেৱ কোন বা কনকলতা কোন? তথাপি মোৰ ভাষণ লেখাটোক লগ পালে সুধি আপোনাৰ উত্তৰটো দি দিম দিয়ক ” মোডীয়ে ক’লে।

“সঁচাকৈ যদি সোধে সতী সাধনীৰ ডিটেইলটোও ল’বছোন। শ্ৰীমতীয়ে সতী জয়মতীৰ কথা জানে কিন্তু সাধনী নো কোন সোধাত মই থতমত খালোঁ। সৰু পানী চুব যাওঁ বুলি কেইবাটাকো ফ’ন কৰিলোঁ।
আমাৰ শিক্ষামন্ত্ৰীক ফ’ন লগাই সোধোঁতে ক’লে বোলে আমাৰ পাঠ্যপুথিত নাই। কি ক’ব কওঁক” কৰুণে খঙেৰে কুমন্তলৈ চাই ক’লে।
আকাশে হাঁহি হাঁহি ৰিহিটোক লৈ তাৰ পৰা গুছি আহিল। যোৱাৰ আগতে দেখিলে বকিবুল আৰু সখিল একেলগে কঁপি আছে। আৰু মোনিয়াৰ কঁপনি এইমাত্ৰ শেষ হৈছে।
ৰিহিটোৱে আন কিছুমান মেজৰ ফালে দেখুৱালে। এখনত মাহৰুখ, শালমান নামিৰ আদি বহি আছে। আন এখনত হৰেশ বৰুৱা, গোবিন্দ ৰাজখোৱা আৰু ডিজিপি নগেন শৰ্মা একেলগে চাহৰ সোৱাদ লৈছে। অসংখ্য মেজত অগণন চিনাকি মুখ।
আকাশৰ আৰু বেলেগ মেজৰ ওচৰলৈ যাব মন নগ’ল। সি ৰিহিটোক সুধিলে “এতিয়া কোৱাচোন এওঁলোক ইয়াত কেনেকৈ আছে। আৰু মাজে মাজে কপে কিয় মানুহবোৰ?”
“এইসকল আচল মানুহ। আৰু পৃথিৱীত যিবোৰ এতিয়া এওঁলোক হৈ ঘূৰি ফুৰিছে সেইসকল এওঁলোকৰ মিৰৰ ইমেজ। মই তেনেকৈয়ে বুজি থৈছোঁ। ধৰা তোমাৰ এটা চাৰ্ভাৰ আছে আমেৰিকাৰ চিকাগো চহৰত। তাৰ এটা মিৰৰ ইমেজ সাজি থৈছে চিঙ্গাপুৰত য’ত সকলো একে আচল চাৰ্ভাৰটোৰ দৰে। হয়তো ইহঁতেও এনেকুৱা কিবা ধৰণেৰে মানুহৰ মিৰৰ ইমেজ সজাৰ চেষ্টা চলাই আছে।” ৰিহিটোৱে ক’লে।
“আৰু কঁপনিটো কি হয়?” আকাশে সুধিলে।

“ভাল প্ৰশ্ন? মইও ভাবিছিলোঁ বহু দিন এই কথাটো। সিহঁতে প্ৰথমে গৱেষণাগাৰত থকা মানুহজনৰ ব্যৱহাৰ আৰু তেওঁৰ আবেগৰ ওপৰত অধ্যয়ন কৰে। মানে কি কথাত খং উঠে, কি কথাত হাঁহি উঠে। উত্তেজিত হ’লে কেনেকৈ আচৰণ কৰে ইত্যাদি ইত্যাদি। এইটো বিষয়ক কোৱা হয় ‘চেন্টিমেন্ট এনালাইচিছ।’ মানুহজনৰ সেই দাতাখিনি মিৰৰ ইমেজৰ চেন্টিমেন্ট ফাইলটোত ভৰাই দিয়া হয়। আৰু ইমেজটোৱে সম্পূৰ্ণ একে ধৰণেৰে আচৰণ কৰে। এতিয়া কথা হ’ল কেতিয়াবা মিৰৰ ইমেজটোৰ ফাইলটোত কিছুমান দাতা নাথাকিব পাৰে। তেতিয়া সি নিজৰ ইচ্ছামতে আচৰণ কৰে। যদি কেনেবাকৈ আচল মানুহজনে কৰিবলগীয়া আচৰণৰ লগত সেইটো নিমিলে তেন্তে মিছমেটচ হয় আৰু দুয়োটা মূৰত মানে আচল মানুহজন আৰু মিৰৰ ইমেজ দুয়োজন কঁপি উঠে। লাহে লাহে সিহঁতে এই কঁপনিবোৰ নোহোৱা কৰিব চেষ্টা কৰি আছে। তাৰ পিছত পৃথিবীখন সিহঁতৰ বাবে ছাবি দিয়া পুতলা হ’ব। আমিবোৰ সিহঁতৰ মতে নাচি থাকিম। মই তথাপিও অলপ তোমালোকতকৈ ওপৰত থাকিম চাগৈ। বুজি পাইছানে?” ৰিহিটোৱে ক’লে।

আকাশে উত্তৰ দিয়াৰ আগতেই মৎস্য ৰূপী প্ৰাণী এটাই ৰিহিটোক একাষলৈ মাতি নি কিবা কিবি সুধিলে। ৰিহিটোৱে মাথোঁ মূৰ দুপিয়ালে।
লাহে লাহে আকাশে যেন বুজি পালে তাৰ চেন্টিমেন্ট ফাইলটো সজাৰ বাবেই ৰিহিটোৱে তাৰ লগত ইমান কথা পাতিছিল। সি খঙত চালে ৰিহিটোৰ ফালে। ৰিহিটোৱে হাঁহি হাঁহি আকাশৰ খঙৰ আচৰণটো দেখুৱালে মৎস্য ৰূপী প্ৰাণীটোক।
আকাশে বুজি পাই নিজকে সংযত কৰি হাঁহিবলৈ চেষ্টা কৰিলে। কিন্তু হাঁহিৰ সলনি সি দেহাত এটা অদ্ভুত কঁপনি অনুভৱ কৰিলে।
“হেৰা, কি হৈছে তোমাৰ। ইমান কঁপিছা কিয়? গাত অকণো জ্বৰ নাই দেখোন কিন্তু মাজে মাজে মানুহটো কঁপি থাকে। চাওকচোন ডক্টৰ চাৰ” আকাশৰ পত্নীয়ে ডক্টৰজনক ক’লে।
সোঁহাতত বেজিৰ খোঁচ খাই হে আকাশে বুজি পালে সি বোকাখাতৰ ঘৰত শুই আছে বুলি। “সিহঁতে তাৰ মানে তাৰ মিৰৰ ইমেজটো পঠাই দিছে। মই কিন্তু ইমান সহজে এৰি নিদিওঁ। সকলো ভুল আচৰণ কৰিম” আকাশে মনে মনে ভাবিলে।
“হেৰা, কালিৰ পৰা একো মাতবোল নাই কৰা তুমি। কি হৈছিল তোমাৰ? ” পত্নীয়ে সুধিলে আকাশক
আকাশে অলপ ভাবি ‘জিভাখন দীঘল কৈ ওলাই চকু কেইটা টেলেকা কৰি দেখুৱালে” আৰু লগে লগে তাৰ দেহাটো কঁপি উঠিল।
এইবাৰ সি টিভিটোৰ ফালে চালে। মোডীৰ ভাষণৰ ওপৰত বিশ্লেষণ চলি আছে। মাজে মাজে আজাৰ ভূঞাৰ বিষয়ে তলত হেডলাইন ব্ৰেক হৈ আছে। হঠাৎ কিবা এটা কঁপা যেন পালে আকাশে। ৰিপৰ্টাৰজন কঁপিল নে টিভিৰ পৰ্দাখন কঁপিল ঠিক বুজি নাপালে। এই ৰিপৰ্টাৰটোও গ’ল যেন পাইছোঁ। গহীন পৰিৱেশটোৰ আচৰণৰ কথা ভাবি সি সশব্দে হাঁহিব ধৰিলে। তাৰ দেহাটো আকৌ কঁপি উঠিল।
ডক্টৰে ফুচফুচাই কাষতে বহি থকা আকাশৰ পত্নীৰ ককায়েকৰ ফালে চাই ক’লে “মানসিক ৰোগৰ ডক্টৰ এজনকো সাক্ষাৎ কৰা ভাল হব যেন পাইছোঁ। মই যি পাৰোঁ কৰিলোঁ।”
আকাশে তেওঁৰ কথা শুনা পাই এটা আঙুলি এখন গালত থৈ অলপ সময় চিন্তা কৰি ক’লে “আপুনি সঠিক কথাই কৈছে।”
আকাশৰ দেহাটো আকৌ এবাৰ কঁপি উঠিল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক