ক’লৰিজৰ ‘ কুবলা খাঁ ‘ – এটি আলোচনা -(মালক্ষ্মী বৰঠাকুৰ ভাগৱতী)

-মালক্ষ্মী বৰঠাকুৰ ভাগৱতী

ইংৰাজী ৰোমাণ্টিক আন্দোলনৰ অন্যতম পুৰুধা চেমুৱেল টেইলৰ ক’লৰিজ (Samual Tailor Coleridge) -ৰ ‘কুবলা খাঁ’ (Kubla Khan) এটি কালজয়ী কবিতা ৷ ক’লৰিজৰ অন্য দুটি অমৰ সৃষ্টি ‘ The Rime of Ancient Mariner’ আৰু ‘ Christabel’ -ৰ লগ
তেএই কবিতাকো অতিপ্রাকৃত বা অলৌকিকতা (supernatural)-ৰ উৎকৃষ্ট নিদৰ্শন বুলিব পাৰি ৷ কবিতাটি ৰচিত হয় 1797 চনত কিন্তু প্রকাশ পায় 1816 চনতহে, কবিৰ ‘Christabel, Kubla Khan, and the Pains of Sleep‘  নামৰ কবিতা পুথিখনৰ সৈতে৷

 

ইংৰাজী সাহিত্যৰ বিস্ময় স্বৰূপ ‘কুবলা খাঁ’ প্রকৃতাৰ্থত এটা খণ্ডিত ( fragment) কবিতাহে | ইয়াৰ ৰচনাকালীন পৰিস্হিতিও বিস্ময়কৰ ৷ কবিতা পুথিখনৰ পাতনিতে তেওঁ কি পৰিস্হিতিত পৰি এই কবিতাটি ৰচনা কৰিছিল তাৰ বিশদ বিৱৰণ দিছে ৷ কবিয়ে কয় যে 1797 চনৰ গ্রীষ্মকালত তেওঁৰ শাৰীৰিক অসুস্থতাৰ হেতু ” … had retired to a lonely farmhouse between Porlock and Linton, on the Exmore confines of Somerset and Devonshire …” | তাতে এদিন তেওঁ এটি বিষ নিৰাময়কাৰী ঔষধ সেৱন কৰে ৷ প্ৰসংগ্ৰক্ৰেম উল্লেখযোগ্য যে, সেই সময়ত তেওঁ Purchas’s Pilgrimage নামৰ পুথিৰ ” Here the Khan Kubla commanded a palace to be built ; and a stately garden thereunto. And thus ten miles of fertile ground were enclosed with a wall.” — কথা খিনি পঢ়ি আছিল ৷ পঢ়ি থাকোতেই তেওঁ সেই ঔষধৰ প্রভাৱত টোপনিত ঢলি পৰিল ৷ প্রায় তিনি ঘন্টা সময় তেওঁ টোপনিত নিমগ্ন হ’ল ৷ টোপনিতে তেওঁৰ মানসপটত দৃশ্যমান হ’ল যে,— সম্পূৰ্ণ জীৱন্ত প্রত্যয়েৰে তেওঁ দুশ-তিনিশ মান শাৰীৰ এটা কবিতা লিখি উলিয়াইছে ৷ ইতিমধ্যে তেওঁ সাৰ পালে আৰু লগে লগেই সমগ্র দৃশ্যাৱলীয়ে তেওঁৰ আগত জীৱন্ত ৰূপত ধৰা দিলে ৷ কবিয়েও বিলম্ব নকৰি সেই স্বপ্ন প্রদত্ত কবিতাটো বাস্তৱায়িত কৰাৰ মানসেৰে হাতত কলম তুলি ল’লে ৷ কিন্তু কিছু সময় লিখাৰ পিছতেই দুৰ্ভাগ্যবশতঃ  Porlock – ৰ পৰা অহা এজন অভ্যাগতক তেওঁ আপ্যায়ন কৰিব লগা হ’ল আৰু সেই অভ্যাগতে তেওঁৰ প্রায় এঘন্টা মূল্যবান সময় কাঢ়ি ল’লে ৷ পুনৰ লিখা মেজলৈ উভতি আহি বিস্ময়চকিত কবিয়ে অনুভৱ কৰিলে যে প্রায় দহোটা মান শাৰীৰ বাদে বাকি সকলো খিনি সজীৱ স্মৃতিয়ে তেওঁৰ মানসপটত ছয়াঁময়াঁ ৰূপহে ধাৰণ কৰিছে ৷ সেই ছেগা-চোৰোকা স্মৃতিকেই তেওঁ ততাতৈয়াকৈ লিপিবদ্ধ কৰিলে যদিও সি পূৰ্বৰ ৰূপ নাপালে ৷ ফলত কবিতাটি ‘খণ্ডিত’ অবস্থাতে ৰৈ গ’ল ৷ কবিয়ে সেয়ে ইয়াক ‘খণ্ডিত’ বুলিছে আৰু লগতে ইয়াক এক ‘সপোন’ বুলিও অভিহিত কৰিছে ৷ সমগ্র ঘটনাৱলীৰ বাবে কবি পাঠক সমাজৰ ওচৰত ক্ষমাপ্রাৰ্থী আৰু আশাবাদী, যাতে — তেওঁলোকে কবিতাটিৰ কাব্যিক গুণাগুণৰ ওপৰত গুৰুত্ব নিদি ইয়াক কেৱল এক ‘ মনস্তাত্বিক কৌতূহল’ ( psychological curiosity ) হিচাপেহে গ্রহণ কৰে ৷ উল্লেখযোগ্য যে কবিয়ে এনেদৰে উল্লেখ কৰি নোযোৱাহেঁতেন কোনো পাঠক-সমালোচক বা সাহিত্যানুৰাগীয়ে এই কবিতাটি অসম্পূৰ্ণ বুলি নাজানিলে হেঁতেন ৷ এই কাব্য সংকলনখনত তেওঁ লৰ্ড বায়ৰণ ( Lord Byron)- ৰ প্রতিও কৃতজ্ঞতা প্রকাশ কৰিছে৷ কাৰণ তেওঁৰ তাগিদা তথা অনুৰোধত এই কবিতাটিয়ে ছপা ৰূপ গ্ৰহণ কৰিলে৷

কবিতাটিৰ মূলকথা:

চীনৰ পৰাক্রমী সম্রাট ছেংগীজ খাঁৰ নাতিয়েক কুবলা খাঁই জেনেদু ( Xanadu) নামে ঠাইত   ( বৰ্তমান চীনৰ Shantung প্রদেশত) তেওঁৰ বাবে এটি আটকধুনীয়া প্রমোদভৱন নিৰ্মাণ কৰিবলৈ আদেশ দিলে ৷ ভৱনটো নিৰ্মাণ কৰিবলৈ কোৱা হ’ল আলফ ( Alph ) নামৰ এখন পৱিত্র নদীৰ পাৰত ৷ এই নদীখন মানুহৰ দৃষ্টিয়ে ঢুকি নোপোৱা সুগভীৰ সুৰংগৰ মাজেৰে বৈ গৈ এনে এখন সাগৰত পৰিছেগৈ য’ত সূৰ্যৰ পোহৰ নপৰে ৷ দহমাইল জোৰা এডোখৰ উৰ্বৰা ভূমি সুদৃশ্য প্রাচীৰ আৰু দূৰ্গেৰে আৱৰি ৰখা হৈছে ৷ এই ভূ-খণ্ড মনোমুগ্ধকৰ বাগিচা,  অকোৱা-পকোৱা নিজৰা আৰু সুগন্ধি ফুলেৰে জাতিষ্কৃত গছ বিৰিখেৰে আবৃত ৷ তদুপৰি তাত আছে পৰ্বতেৰে আগুৰা কিছুমান সেউজীয়া বননি, যিবিলাক পৰ্বতৰ দৰেই প্রাচীন আৰু যাৰ মাজে মাজে আছে সূৰ্যৰ সোনালীকিৰণ পৰি চিকমিকাই উঠা একোডৰা সেউজ কোমল ঘাঁহনি ৷

কিন্তু সবাতোকৈ বিস্ময়কৰ হ’ল— এটি অতি গভীৰ, ৰহস্যময় আৰু ‘ৰম্য’ (romantic) গিৰিখাদ(chasm)৷ এই গিৰিখাদ চিডাৰ (ceder) গছেৰে আগুৰা পাহাৰ খনৰ মাজেৰে হেলনীয়া হৈ নামি গৈছে ৷ এই ৰহস্যময় ঠাইডোখৰতেই শুনিবলৈ পোৱা যায় জোনৰ স্তিমিত পোহৰত নিজৰ পিশাচ-প্রেমিক (demon lover) -ৰ সন্ধানৰত কোনোবা নাৰীৰ কৰুণ বিলাপ ৷ এই গিৰিখাদটোৰ পৰাই একেৰাহে আৰাও কৰি নিৰ্গত হৈছে এক তীব্রবেগী জলস্রোত ৷ প্রচণ্ড বেগেৰে উঠা-নমা কৰা তাৰ ঢৌ বিলাকে কঢ়িয়াই আনিছে শিলৰ কিছুমান সৰু-বৰ টুকুৰা ৷ এই জলস্রোতেই ৰূপ লৈছেহি স্রোতস্বিনী আলফৰ — যি ক্রমাৎ একা-বেকা গতিৰে বননি-সমভূমিৰ মাজেৰে বৈ গৈ সেই গভীৰ আৰু অন্ধকাৰ সুৰংগত সোমাইছেগৈ আৰু তাৰ মাজেদিয়েই প্রচণ্ড শব্দ কৰি সেই অন্ধকাৰচ্ছন্ন, মৃতপ্রায় (lifeless) সাগৰত মিলিছেগৈ ৷ নদীৰ সোঁতৰ সেই প্রচণ্ড হো-হোঁৱনিৰ মাজতেই যেন কুবলাই শুনিবলৈ পাইছে তেওঁৰ পূৰ্বপুৰুষ সকলে অনাগত কোনো যুদ্ধ সম্পৰ্কে কৰা ভৱিষ্যতবাণী ! 

কুবলাৰ প্রমোদভৱনৰ প্রতিবিম্ব পৰিছেহি আলফ নদীৰ ঢৌত, নদীৰ মাজত ৷ তাৰ পৰাই শুনিবলৈ পোৱা গৈছে তীব্রবেগী সেই জলস্রোতৰ পৰা নিৰ্গত শব্দ আৰু সুৰংগত প্রতিধ্বনিত বিভিন্ন শব্দৰ সংমিশ্রণত সৃষ্টি হোৱা সংগীতৰ মূৰ্চ্ছনা ৷ এই মূৰ্চ্ছনা যিমানেই আশ্চৰ্যকৰ, সিমানেই আশ্চৰ্যকৰ দৃশ্যমান হোৱা কুবলাৰ সেই প্রমোদভৱনটি — যিটোৰ সৰ্বোচ্চ চূড়াটো সূৰ্যৰ প্রখৰ কিৰণেৰে তপ্ত অথচ ভিতৰখন বৰফময় গহ্বৰ সদৃশ শীতল !

সেই অৱস্থাতে কবিৰ মনলৈ আহিছিল তেওঁ এবাৰ সপোনতে ডালসিমৰ (dulcimer) নামৰ বাদ্য সহিতে দেখা পোৱা ৰূপহী এগৰাকী৷ তাই এবিছিনিয়া দেশৰ আছিল আৰু ডালসিমৰত সুৰ তুলি তাই আব’ৰা পৰ্বত (Mount Abora) সম্পৰ্কে এটি গীত গাই আছিল৷ সেই সংগীতৰ মূৰ্চ্ছনা ইমানেই চিত্তাকৰ্ষক আছিল যে, কবিয়ে যদি সেই সুৰ নিজৰ কাব্যত পুণৰোজ্জীৱিত কৰিব পাৰিলেহেঁতেন তেন্তে তেওঁ এক অনাবিল সুখ অনুভৱ কৰিব পাৰিলেহেঁতেন ৷ সেই সুখানুভূতিৰে তেওঁ যি কাব্য ৰচিলেহেঁতেন, সেই কাব্যৰ দ্বাৰা কুবলাৰ প্রমোদভৱনটিক কল্পনাৰ আকাশত প্রদৰ্শন কৰিব পাৰিলেহেঁতেন ৷ তেওঁৰ সেই কবিতা যিয়ে পঢ়িলেহেঁতেন তেওঁৰ মানসচক্ষুত সেই বিলাসী ভৱনটো জীৱন্ত হৈ ধৰা দিলেহেঁতেন ৷ তেতিয়া তেওঁক সকলোৱে দৈৱিক অনুপ্রেৰণাৰে অনুপ্রাণিত ব্যক্তি বুলি গণ্য কৰিলেহেঁতেন ৷ তেওঁৰ চকুৰ দীপ্তি আৰু উন্মাদপ্রায় অৱস্থা দেখি সকলো বিস্ময়াভিভূত হ’লহেঁতেন আৰু নিজকে তেওঁৰ সংস্পৰ্শৰ পৰা নিলগাই ৰাখিলেহেঁতেন ৷ কবিৰ সন্মোহন শক্তিৰ প্রভাৱৰ পৰা ৰক্ষা পৰিবলৈ তেওঁলোকে কবিক তিনিবাৰ প্রদক্ষিণ কৰিলেহেঁতেন ৷ সকলোৱে ভাবিলেহেঁতেন, কবিয়ে স্বৰ্গীয় সুধা পান কৰি দৈৱিক শক্তি লাভ কৰিছে আৰু সেই দৈৱিক শক্তিৰে মহিয়ান কবিৰ প্রভাৱৰ পৰা নিজকে মুক্ত কৰিবলৈ সকলোৱে তেওঁক দেখা মাত্রেই ভয় আৰু ভক্তিৰে চকু মুদিলেহেঁতেন ৷

কবিতাটিৰ আলোচনা :

ওপৰে ওপৰে চালে ‘কুবলা খাঁ’ এটি খণ্ডিত কবিতাযেনেই বোধ হয় ৷ ইয়াৰ প্রথম খণ্ডত আছে এটি প্রাসাদৰ বৰ্ণনা যিটোৰ বিষয়ে কবিয়ে আগতে শুনিছে; দ্বিতীয় খণ্ডত কবিয়ে সপোনত দেখা পোৱা এগৰাকী গায়িকাৰ কথা উল্লেখ কৰিছে আৰু শেষ খণ্ডটিত এগৰাকী কবিৰ কথা কোৱা হৈছে যি গৰাকী ক’লৰিজৰ কাল্পনিক সৃষ্টি ৷ কিন্তু প্রকৃতাৰ্থত কুবলা খাঁ কবিতাটিক কেতিয়াও এটা অসংলগ্ন বা খেলিমেলি কবিতা বুলিব নোৱাৰি ৷ বৰং কবি মনৰ প্রচুৰ কল্পনা-বিলাসিতা, ৰহস্যময়তা, চিত্ৰধৰ্মিতা, ইন্দ্রিয়গ্রাহিতা আৰু সুৰ-মাধুৰ্যৰ অপুৰ্ব সমন্বয় ঘটা এই কবিতাক ইংৰাজী সাহিত্যৰ এক অন্যতম সুশৃংখলিত আৰু স্থিৰ (concentrated) কবিতা আখ্যা দিব পাৰি ৷

বিশিষ্ট সমালোচক চি,এইচ, হাৰফ’ৰ্ডে (C.H. Harford) ৰমন্যাসবাদৰ বিষয়ে নিজৰ মত ব্যক্ত কৰিছে—”Romanticism is the extraordinary development of imaginative sensibility” – অৰ্থাৎ কবিতা হ’ল ” কল্পনা শক্তিৰ অনন্য সাধাৰণ বিকাশ৷’’ এই উক্তিৰ আধাৰতে কুবলা খাঁ -ক এটা উৎকৃষ্ট ৰোমাণ্টিক কবিতা আখ্যা দিব পাৰি৷ “কল্পনা শক্তিৰ অনন্য সাধাৰণ বিকাশ” হয়তো এই কবিতাতকৈ আন কোনো কবিতাতে হোৱা নাই ৷ জেনেদু এখন কাল্পনিক ঠাই ৷ কুবলা খাঁ যদিও এটি ঐতিহাসিক চৰিত্ৰ, ইতিহাসৰ পৰা ফালৰি কাটি আহি এই চৰিত্ৰই ইয়াত এক কাল্পনিক সাজ পৰিধান কৰিছে ৷ কবিতাটিত মূলতঃ তেওঁক এজন স্বপ্নদ্রষ্টা স্থপতিবিদ হিচাপে অংকণ কৰা হৈছে ৷ কবিতাটিৰ আৰম্ভণিতে আছে কুবলা-ৰ বিস্ময়কৰ বিলাসী ভৱনটোৰ বৰ্ণনা, যিটো বাস্তৱত সম্ভৱ নহয় – কল্পনাৰ বা সপোনৰ পৃথিৱীতহে সম্ভৱ :

” In Xanadu did Kubla Khan

A stately pleasure – dome decree :

Where Alph, the sacred river, ran

Through caverns measureless to men

Down to a sunless sea

000

It was a miracle of rare device

A sunny pleasure dome with caves of ice ! ”

কবিতাটিত ব্যৱহৃত ‘ৰম্য গিৰিখাদ'(romantic chasm), ‘দানৱ প্রেমিক’ (demon lover), ‘অনামী নাৰীৰ আৰ্ত বিলাপ’ (woman wailing) আদিও প্রখৰ কল্পনাপ্রসূত৷ একা-বেকাকৈ বৈ যোৱা নিজৰা, সুগন্ধি ফুলেৰে আমোলমোল গছ-লতিকা, সূৰ্যৰ কিৰণৰ পৰশত চিকমিকাই উঠা ঘাঁহনি, প্রচণ্ড বেগেৰে প্রৱাহমান জলস্রোতৰ ঢৌৱে কঢ়িয়াই অনা শিলৰ সৰু-বৰ টুকুৰা— প্রাকৃতিক সৌন্দৰ্যৰ এই মনোৰম বৰ্ণনাই কবিতাটিক অধিক ইন্দ্রিয়গ্রাহী কৰি তুলিছে৷ তদুপৰি, সূৰ্যৰ পোহৰ নপৰা সমুদ্র (sunless sea), মৃতপ্রায় (ঢৌবিহীন) সাগৰ (lifeless ocean), সূৰ্যৰ প্রখৰ কিৰণেৰে তপ্ত চূড়া ( sunny pleasure dome ), বৰফময় গহ্বৰ (caves of ice) আদিৰ ধাৰণাও কবিৰ ৰোমাণ্টিক কল্পনা-প্রৱণতাৰ অভূতপূৰ্ব নিদৰ্শন ৷ কবিতাটিৰ শেষাংশত দৈৱিক সুধা পান কৰি অনুপ্রাণিত কবিৰ যি চিত্ৰ অংকণ কৰা হৈছে, সেয়া পুৰামাত্ৰাই ৰোমাণ্টিক৷ কবিয়ে নিজকে এজন অলৌকিক শক্তি সম্পন্ন, দৈৱিক শক্তিৰে মহীয়ান ব্যক্তি হিচাপে উপস্থাপন কৰাটোও প্রৱল ৰোমাণ্টিক অনুভূতি-প্রৱণতাৰেই পৰিচায়ক৷

অতিপ্রাকৃত বা অলৌকিকতাৰ আধিপত্য ক’লৰিজৰ কবিতাৰ অন্যতম ৰোমাণ্টিক বৈশিষ্ট্য ৷ কুবলা খাঁ-ৰ নিম্নোক্ত শাৰী কেইটাই ইয়াৰ উদাহৰণ :

” A savage place ! as holy and enchanted

As e’er beneath a waning moon was haunted

By woman wailing for her demon-lover ! ”

অৱশ্যে কবিৰ ‘The Rime of Ancient Mariner’ আৰু ‘Christabel’-ৰ নিচিনাকৈ কুবলা খাঁ-ত অলৌকিকতাৰ ইমান বেছি প্রয়োগ হোৱা নাই৷ তথাপি কবিতাটিৰ আৰম্ভণিৰ পৰা শেহলৈকে- ‘জেনেদু’ নামটো উল্লেখ কৰাৰ পৰা কবিৰ চাৰিওফালে সকলোৱে তিনিবাৰ প্রদক্ষিণ কৰালৈকে – অলৌকিকতাৰ মৃদু চলন পৰিলক্ষিত হয় ৷ অৱশ্যে কুবলা খাঁক এটি অলৌকিক কবিতা বোলাতকৈ এটি ‘সপোন’ কবিতা বোলাহে শ্রেয় ৷ কবিতাটিত সৃষ্টি কৰা অলৌকিক মায়াজালে পাঠকৰ মনত আতংকৰ পৰিবৰ্তে সৃষ্টি কৰে এক সোনালী সপোনৰ আৱেশ৷ মুঠতে অলৌকিকতাৰ প্রয়োগ ক’লৰিজৰ কবিতাৰ একক বৈশিষ্ট্য৷ এই বাশিষ্ট্যটি এই কবিতাটিটো সাৰ্থকভাৱে ৰক্ষিত হৈছে৷ প্রাকৃতিক আৰু অলৌকিক – এই দুই উপাদানৰ সমাহাৰেই কবিৰ সৃষ্ট-কৰ্মৰ স্বকীয়তা আৰু ইয়াত ৰহণ সানিছে কবিৰ অনন্য সাধাৰণ কল্পনা প্রৱণতাই ৷

কুবলা খাঁ-ৰ প্রতীকী তাৎপৰ্যও লক্ষণীয় ৷ ‘জেনেদু’ নামটোৱে এক দূৰত্বক (remoteness) নিৰ্দেশ কৰিছে৷ ঠাইখন যেন বহু দূৰৈৰ, এক ‘অন্য পৃথিৱীৰ’ ৷ ‘আলফ’ নদীখন মানৱ জীৱনৰ প্রতীক হিচাপে লোৱা হৈছে৷উদ্যানৰ মাজেৰে আলফে অকোৱা-পকোৱা গতি লৈছে আৰু ইয়াৰ দ্বাৰা মানুহৰ জীৱনত অন্তৰ্নিহিত গুঢ়তত্ত্ব আৰু ইয়াৰ সন্ধান দেখুওৱা হৈছে৷ নদীখন ৰহস্যময় সুৰংগৰ মাজেৰে বৈ গৈ এখন সূৰ্যৰ পোহৰ নপৰা সাগৰত পৰিছেগৈ৷ এই সূৰ্য-বিহীন সাগৰেই হৈছে ‘মৃত্যু’, য’ত জীৱন নাটৰ যৱনিকা পৰে৷ নদীৰ সোঁতৰ প্রচণ্ড হো-হোঁৱনিৰ মাজত কুবলাই তেওঁৰ পূৰ্ব-পুৰুষৰ যি কণ্ঠস্বৰ শুনিবলৈ পাইছে, সেই কণ্ঠস্বৰ হৈছে মানুহৰ জীৱনৰ অভিজ্ঞতাৰ কণ্ঠস্বৰ৷ কুবলাৰ প্রমোদভৱনটো বৈপৰিত্যৰ সংমিশ্রণত গঢ়ি উঠা এক আশ্চৰ্য – ইয়াৰ সৰ্ব্বোচ্চ চূড়াটো সূৰ্য্যৰ প্রখৰ কিৰণেৰে ধৌত আৰু ভিতৰখন বৰফময় গুহাসদৃশ শীতল৷মহান শিল্পকৰ্মও এনেকুৱাই – জীৱনৰ সাৰভাগ ইয়াত লিপিবদ্ধ আৰু জীৱন হৈছে পৰস্পৰ বিৰোধী অভিজ্ঞতাৰ সংমিশ্রণ ৷

 

কুবলা খাঁ-ত ছন্দৰীতি অনিয়মীয়া৷ তথাপি ইয়াৰ প্রত্যেকটো শাৰীতে অনুভৱ হয় এক অনুপম সুৰৰ লহৰ ৷ কবিতাটিৰ শেহৰ শাৰীকেইটা এই সুৰ-মাধুৰ্যৰেই প্রতীক :

 

” His flashing eyes, his floating hair !

Weave a circle round him thrice,

And close your eyes with holy dread

For he on honey-dew hath fed

And drunk the milk of Paradise. ”

 

000

 

( ইংৰাজী আৰু অসমীয়া ভাষাত লিখিত বিভিন্ন গ্রন্থৰ সহায় লোৱা হৈছে)

 

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Dr Ratan Bhattacharjee
5 years ago

মই বৰ ভাল পাইছো..সুন্দৰ প্ৰচেষ্টা মাক্ষ্মী বৰঠাকুৰ ভাগৱতী……!!!!

ইংৰাজী ৰোমাণ্টিক আন্দোলনৰ সফলতাই তোমাক দোলাদিয়ক !!