কলৰে পাততে কাউৰী পৰে (মৃগাক্ষী শৰ্মা)

“কলৰে পাততে কাউৰী পৰে
আগলতি চিত মোৰ লৰেচৰে….“
শৈশৱৰ এটি সন্ধিয়া৷ ‌দেউতাৰে স’তে শোৱনিকোঠাত বহি ৰেডিঅ’ত গান শুনি আছোঁ৷ ‌সেইসময়তে এই বিশেষ গীতটি বাজি উঠিল৷ ‌তিনিবছৰীয়া মোৰ গীতটি সম্পূৰ্ণকৈ বুজি পোৱাৰ সামৰ্থ্য নাই; গতিকে দেউতাই সহজকৈ গীতটি বুজাই গৈছে, ময়ো মনে মনে বহি শুনি আছো৷

দেউতাই কোৱাৰপৰা বুজিলোঁ গীতটিত এজন ডাকোৱালৰ কথা কোৱা হৈছে৷‌ এজন ডাকোৱাল, যি নিজ গৃহৰপৰা বহু আঁতৰত থাকি এখন ঠাইৰপৰা আন এখনলৈ আনৰ মৰমবোৰ বিলাই ফুৰে, চিঠিৰ টোপোলা পিঠিত বান্ধি লৈ আনৰ চেনেহ কঢ়িয়ায়! ডাকোৱালজনৰ প্ৰায়েই নিজৰ ঘৰলৈ মনত পৰে- তেওঁৰ ঘৰখন, পৰিয়ালৰ মানুহবোৰ, খেতিপথাৰ-এইসকলো মনত পৰি তেওঁৰ মন উগুল-থুগুল কৰে৷ ‌
এনেদৰেই দেউতাই বৰ্ণনা দি গৈছে; ঘৰৰপৰা আঁতৰি থাকিবলগীয়া হোৱা ডাকোৱালজনৰ কথা ভাবি মোৰ মনটো কিছু সেমেকি উঠিছে…..
তেনেতেই বাজি উঠিল-
“যোৱাবেলি আঘোণতে জেউতিৰে কোলাতে এৰি অহা সৰু পোনাটিৰ
আজি থুনুক থানাক মাতটি ঘুনুক-ঘানাক উটি আহে-
দেউতা বেগতে আহিবি আহোঁতে জুনুকা আনিবি……..“
দেউতাই মোক আৰু বুজাবলৈ নাপালে৷ ‌মই নিজেই কিবা বুজিলোঁ আৰু ফেকুঁৰিবলৈ ধৰিলোঁ৷ ‌আচম্বিত হৈ পৰা দেউতাই কাৰণ সোধে মানে মোক শোকে খুন্দা মাৰি ধৰিলে, মই হুৰাওৰাৱে কান্দিবলৈ ধৰিলোঁ৷ ‌অন্যকামত ব্যস্ত থকা মায়েও মোৰ কান্দোন শুনি উধাতু খাই আহিল৷ ‌বহুসময়লৈ কান্দোনৰ কাৰণ ক’বপৰা অৱস্থাত মই নাই৷ ‌লাহে লাহে শান্ত হ’লো আৰু দেউতাক সুধিলোঁ-“পোনাটিক এৰি দেউতাক ইমান দূৰত কিয় থাকে? “বেচেৰা পোনাটিলে’ মোৰ বৰ দুখ লাগিল; দেউতাক এৰি মইচোন এখন্তেকো থাকিব নোৱাৰোঁ৷ ‌ৰাতিপুৱা বিচৰা জুনুকা বা পুতলা সন্ধিয়ালৈচোন দেউতাই লৈয়েই আহে, পোনাটিয়ে বা তাৰকাৰণে কিমানদিন অপেক্ষা কৰিব লাগে…!
মোৰ প্ৰশ্ন শুনি দেউতা বিবুধিত পৰিল, অৱশেষত বুজনি দি ক’লে যে ডাকোৱালজন এতিয়া বদলি হৈ আহিছে, বৰ্তমান পোনাটিৰ লগতেই থাকে৷ ‌দেউতাৰ কথাত কিছু সকাহ পালোঁ, পিছে পোনাটিৰ চিন্তা মনৰপৰা নাতৰিল৷ ‌মনে মনে ঠিক কৰিলোঁ যে এবাৰ ডাকোৱালজনক চাই অহা ভাল হ’ব৷ ‌ কথামতেই কাম৷ ‌দেউতাক ক’লোঁ আৰু এদিন সন্ধ্যা মা-দেউতাৰ স’তে ডাকোৱালজনৰ ঘৰত গৈ উপস্থিত হ’লোঁ৷ ‌ল’ৰা এজন ওলাই আহি ক’লে যে তেওঁ ঘৰত নাই, ওচৰৰে ভিনিহিয়েকৰ ঘৰলৈ গৈছে৷ ‌আমিও তালৈ গ’লো৷ ‌দেউতাই চিনাকি কৰি দিলে, তেওঁৰ নাম হেনো খগেন মহন্ত৷ ‌ওচৰতে বহি থকা কেশৱ মহন্তদেৱৰ সৈতেও চিনাকি হ’লোঁ৷ ‌দেউতাই সমস্ত ঘটনা বিৱৰি ক’লে, মই যে ডাকোৱালজনক চাবলৈ আহিলোঁ৷ ‌তাকে শুনি খগেন মহন্তদেৱৰ বাইদেৱেকে ক’লে-“তোৰ গানে আজি স্বীকৃতি পালে৷ ‌“মই বৰ বিশেষ একো নুবুজিলোঁ, মাথোঁ বুজিলো যে ডাকোৱালজন পোনাটিৰ লগতেই থাকে, মন উৎফুল্ল হৈ পৰিল৷ ‌
খগেন মহন্তদেৱক দেউতাই মামা বুলি সম্বোধন কৰাত মই মামাককা বুলিয়েই মাতিলোঁ৷ ‌সেইদিন ধৰি মামাককাই য’তেই গান গাবলৈ যায় ময়ো উপস্থিত হ’ওঁ৷ ‌মোৰবাবেই গায়-“কলৰে পাততে কাউৰী পৰে…..“ বৰ ভাল পাওঁ৷ ‌এতিয়া যিহেতু ডাকোৱালজন ঘৰতেই থাকে, কন্দা-কটা কৰাৰো অৱকাশ নাহে৷ ‌

সময় বাগৰিল, ময়ো ডাঙৰ হ’লোঁ, সময়ত বুজি উঠিলোঁ যে প্ৰকৃততে মই গীতিকাৰ কবি কেশৱ মহন্তদেৱ আৰু বিহুসম্ৰাট খ্যাত বিশিষ্ট সংগীতজ্ঞ খগেন মহন্তদেৱকহে লগ পালোঁ৷ ‌

শৈশৱৰ আৱেগেৰে অসমৰ সাংস্কৃতিক জগতৰ দুগৰাকী প্ৰসিদ্ধ ব্যক্তিৰ সান্নিধ্য; মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ’ল৷ ‌

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক