কাঁইট (বিজয় বেজবৰুৱা)

লগৰ আটাইবোৰে খোৱাপাতৰ পৰা উঠি হাত-মুখ ধুবলৈ দৌৰ মাৰিলে৷ কিন্তু তেতিয়াও হাতত ৰৌ মাছৰ টুকুৰাটো লৈ অকণমানিজনী বহিয়েই থাকিল৷ মহানগৰৰ পাৰ্শ্বৱৰ্তী ঠাইৰ এই অনাথ আশ্ৰমখনলৈ মধুস্মিতা প্ৰায়ে আহে৷ মাহত অন্ততঃ দুবাৰ তাই এই অনাথ আশ্ৰমখনলৈ আহিবই৷ অকণমানিবোৰৰ লগত দিনটোৰ বেছ কিছু সময় কটায়৷ তাই আহিলে খালী হাতেৰে কেতিয়াও নাহে৷ বিভিন্নধৰণৰ বিস্কুট, ফলমূলৰ পৰা আৰম্ভ কৰি মাজে মাজে তাই ভাত-পায়স আদিও ল’ৰা-ছোৱালীবোৰক খুৱাই থৈ যায়৷

এটা আগশাৰীৰ কোম্পানীত চাকৰি কৰা মধুস্মিতাৰ স্বামী অংশুমানৰ টকা-পইচাৰ কোনো অভাৱ নাই৷ ভাল পদবী৷ উচ্চহাৰৰ দৰমহা৷ সি মধুস্মিতাক কোনো কথাতেই কেতিয়াও হকা-বধা কৰা নাই৷ সি প্ৰতিটো মুহূৰ্ততে মধুস্মিতাৰ মনটো হাঁহি-তামাচা, আনন্দ-স্ফুৰ্তিৰে ভৰাই ৰাখিব বিচাৰে৷ সি গম পায়– প্ৰায়ে মাজনিশা মধুস্মিতাই উচুপি উঠে৷ তাই কিয় কান্দে, কিয় উচুপি উঠে– সি নজনাকৈ নাথাকে৷ সি তাইক তাৰ একেবাৰে কাষলৈ চপাই আনিব খোজে তেতিয়া৷ এটা অমংগলীয়া সপোনৰ দোহাই দি মধুস্মিতা সোমাই থাকে অংশুমানৰ বুকুৰ মাজত৷ মনে মনে৷
*****
কলিং বে’লটো বাজি উঠিল৷
অংশুমানৰ আজি অলপ দেৰি হ’ব৷ অফিচত মিটিং আছে৷ আজি খোৱা-বোৱাও বাহিৰতে কৰিব৷ সি মধুস্মিতাক কৈ থৈ গৈছে৷ তেনেহ’লে এই অসময়ত কোন আহিল৷ তাই দুৱাৰখন খুলি দিলে৷ সন্মুখত অজন্তা৷
‘এই দুপৰীয়াখন আমনিয়েই কৰিলোঁ চাগে’! ’ –কথাষাৰ ক’লে যদিও ৰচকী পখিলীজনীৰ দৰে অজন্তা ভিতৰলৈ সোমাই গ’ল৷
‘নাই নাই৷ কিনো আমনি কৰিলি৷ ভালেই হৈছে, ময়ো অকলেহে আছিলোঁ! ’ –মধুৱে ক’লে৷
বিয়াৰ আগৰ পৰাই মধুস্মিতা-অজন্তা ভাল বান্ধৱী৷ দুয়ো কলেজত একেলগে পঢ়িছিল৷ কলেজত থকাৰ পৰাই মধুস্মিতা যিমান গহীন-গম্ভীৰ আছিল, তাৰ তুলনাত অজন্তা আছিল হিচাপতকৈ বহু বেছি ৰাংঢালী আৰু কথা-চহকী৷
‘আজি এখন মিটিং আছে, খানাপাৰাত৷ তই যাবি নেকি মধু?’
‘কিহৰ মিটিং অ’?’
‘মহিলাৰ বিভিন্ন সমস্যাৰ ওপৰত৷ ’
‘যেনে?’
‘চা, গুৱাহাটীৰ কথাকেই কৈছোঁ৷ ইয়াত তই ৰাতি বাৰ বজাত, যিমান দৰকাৰেই নহওক, অকলে ঘৰৰ বাহিৰলৈ ওলাই যাব পাৰিবিনে? তই নোৱাৰ, কিন্তু তোৰ গিৰিয়েৰই পাৰিব৷ কিয়? বুজিলি? এয়া পুৰুষপ্ৰধান সমাজ৷ ইয়াত নাৰী সদায়েই শোষিতা-লাঞ্ছিতা হৈয়েই থাকে৷ এইবোৰৰ সমাধান লাগে৷ সদায় ঘৰৰ ভিতৰত কিমান দিন সোমাই থাকিবি?’
‘কিন্তু নাৰী শোষিতা-লাঞ্ছিতা হোৱাৰ গুৰিতেই অকল পুৰুষেই জানো দায়ী?’ –একান্ত অনিচ্ছা সত্ত্বেও মধুস্মিতাই অজন্তাক উভতি ধৰিলে৷
‘নাৰীও দায়ী; কিন্তু পুৰুষসকল বেছি দায়ী৷ নাৰীয়ে যদি কিবা ভুল কৰিছে, তেন্তে সেয়া পুৰুষৰ বাবেই কৰিছে৷ ’
‘শুন, বাৰত মদ-পানী খাই নিশা এঘাৰ-বাৰ বজাত যেতিয়া এগৰাকী নাৰীয়ে অকলে ৰাস্তাত খোজ দিব, তেতিয়া তাই বিপদত পৰাটো তেনেই স্বাভাৱিক৷ এইটো সকলোৱে জনা কথা৷ গতিকে তেনেকুৱা এটা পৰিস্থিতিত নাৰীয়ে নিজে ভৰি নিদিলেই ভাল৷ পুৰুষৰ লগত মিছাতে ফেৰ পাতি লাভ নাই৷’
‘তই একদম আন-কালছাৰ্ড! ’ –মুখখন ভেঙুচাই কয় অজন্তাই৷
‘আচলতে কালছাৰ্ড-আন-কালছাৰ্ড– এইবোৰ আচল কথা নহয়৷ আচল কথা হ’ল– এৰা-ধৰাৰ মাজেৰে আমি কিমান সুখী, সেইটোহে!’
‘তোক এইবোৰ কথা কৈ একদম লাভ নাই৷ তই সেই গাঁৱৰ গেন্ধেলীজনীয়েই হৈ আছ৷ শুন, জীয়াই থাকিলে মূৰ তুলি থিয় হৈ থাকিব লাগে, আঁঠুকাঢ়ি নহয়৷’
‘আনৰ ছাতিৰ তলত মূৰ তুলি থিয় হৈ থাকি একো লাভ নাই!’
প্ৰায়ে কথাৰ কটা-কটি হয় দুয়োৰে৷
অলপ পিছত অজন্তাৰ ফোনটো বাজি উঠে৷
‘মই ওলাই গৈছোঁ, ৰ’ব৷ এক মিনিট৷ ’ –অজন্তাই ফোনটো ৰিচিভ কৰি কয়৷
‘কোন অ’ অজন্তা?’
‘মোৰ এজন বন্ধু৷ চেলচ-টেক্সত কাম কৰে৷ মোক মিটিঙত নমাই থৈ যাব৷’
‘কিন্তু তোৰ গিৰিয়েৰয়োতো তোক থৈ যাব পাৰিলেহেঁতেন?’
‘সেই বুঢ়াটোৱে?’ –মুখখন ভেঙুচাই এটা প্ৰাণোচ্ছল হাঁহি মাৰি অজন্তা দৌৰি ওলাই যায়৷ খিৰিকীৰে অজন্তাই দেখা পায়– সিহঁতৰ পদূলিমুখত এখন অত্যাধুনিক জাইলো গাড়ী ৰৈ আছে৷
শিল পৰা কপৌৰ দৰে মধুস্মিতা বহু সময় একে ঠাইতে ৰৈ থাকে৷ তাইৰ চকুৰ সন্মুখত ভাহি উঠে– অজন্তাৰ প্ৰথম স্বামী প্ৰবীৰ আৰু একমাত্ৰ সন্তান– অকমানি বাবলুৰ ছবি৷
কেৱল এখন ৰঙীণ পৃথিৱীয়েই জীৱনৰ সৰ্বস্ব বুলি ভবা অজন্তাই প্ৰবীৰ আৰু বাবলুক এৰি গুচি গৈছিল তাইৰ পিতৃ-বয়সৰ এজন লোক গজেন হাজৰিকাৰ ওচৰলৈ৷ উচ্চপদস্থ বেংক বিষয়া হাজৰিকাৰ কেৱল বেংক-বেলেঞ্চৰ প্ৰতি চকু দি হোমৰ জুইক সাক্ষী কৰি আজীৱন একেলগে কটোৱাৰ প্ৰতিজ্ঞা লোৱা প্ৰবীৰ আৰু মাথোঁ তিনি বছৰীয়া সন্তান বাবলুক এৰি অজন্তা এদিন গুচি আহিছিল– বিপত্নীক গজেন হাজৰিকাৰ ওচৰলৈ৷ কিন্তু গজেন হাজৰিকাক স্বামী হিচাপে মানি লোৱাৰ পিছতো আজি তেওঁৰ চকুত ধূলি দি অজন্তা ঘূৰি ফুৰিছে আন দেখনীয়াৰ ডেকা ল’ৰাৰ লগত!
চৰম ঘৃণাত মধুস্মিতাৰ নাক কোঁচ খাই আহে৷ তাই মনতে ভাবে– তাইক আকৌ লাগে নাৰী স্বাধীনতা!
*****
‘নালাগে৷ ’ –জাঙুৰ খাই উঠে অংশুমান৷
‘কিন্তু সদায় এনেদৰেই থাকিব জানো?’ –সমানে সমানে চিঞৰি উঠে মধুস্মিতায়ো৷
‘থাকিম৷ এনেদৰেই থাকিম৷ তথাপি মই তোমাৰ কথা মানি ল’ব নোৱাৰো৷’ –অংশুমানে সামান্য ফোঁপায়৷
‘তেনেহ’লে আমাৰ উত্তৰাধিকাৰী কোন হ’ব?’
‘উত্তৰাধিকাৰী বিচৰাৰ ৰাস্তা তুমি সেইটোহে পালা?’
‘তাত বাহিৰেনো আৰু কি উপায় আছে? আপুনি নতুনকৈ বিয়া পাতক৷ মই অকমানো বেয়া নাপাওঁ নহয়৷ মোৰ কাৰণে আপুনি কাৰো পুতৌৰ পাত্ৰ নহ’ব৷’ –মধুস্মিতাৰ সেমেকা কণ্ঠ৷
অংশুমানে তাইক বহুতো বুজায়৷ তাই একো শুনিব নোখোজে৷ নিশা ভাত-পানী নোখোৱাকৈয়ে তাই ঠেহ পাতি শুই পৰে৷ অংশুমানেও৷
মাজনিশা সি তাইক কাষলৈ চপাই আনি লাহেকৈ কয়– ‘আৰু দুটা বছৰ চাওঁ দিয়াচোন! ’
*****
অনাথ আশ্ৰমখন হৈ পৰে মধুস্মিতাৰ শান্তিৰ আলয়৷ জীৱনৰ সকলো দুখ, হতাশা যেন আঁতৰি যায় মুহূৰ্ততে এই আশ্ৰমখনত ভৰি দিলে৷ তাই নৰকতে স্বৰ্গ বিচাৰি পায়৷
আশ্ৰমখনলৈ তাইৰ সঘন আহ-যাহ ঘটে৷ তাই গ’লেই অকমানিবোৰ দৌৰি আহে৷ সিহঁতে তাইক ‘মা, মা’ বুলি চিঞৰে৷ কেইটামানেতো ওফোন্দ পাতে৷ তাই সিহঁতক এবাৰ হ’লেও কোঁচত নল’লে নহয়!
*****
দিনবোৰ সদায় একেদৰেই নাযায়৷ গজেন হাজৰিকাৰ তিনিজন ল’ৰা৷ গাঁৱত থাকে৷ সিহঁত ডাঙৰ হৈ আহিছে৷ ডাঙৰ ল’ৰা জয়ন্তৰ বিয়াৰ কথা-বতৰাও চলিছে৷ সি এদিন সন্ধিয়া দেউতাকক লগ ধৰিবলৈ আহিল৷ তেতিয়া অজন্তা ঘৰত নাছিল৷ মিটিঙলৈ যাওঁ বুলি ওলাই গৈছিল৷
‘তুমি কথাবোৰ ভালদৰে ভাবি চাবা দেউতা৷ তুমি তোমাৰ লগতে আমাকো সমাজৰ চকুত হাঁহিয়াতৰ পাত্ৰ হ’বলৈ নিদিবা৷ ’ –জয়ন্তই কৈছিল দেউতাকক৷
হাজৰিকাৰ কণ্ঠ ৰুদ্ধ হৈ গৈছিল৷ তেওঁ এক কঠোৰ সিদ্ধান্তত উপনীত হৈছিল সিদিনাই৷ মাজনিশা ঢলং-পলঙকৈ ঘৰ সোমোৱা অজন্তাক সিদিনা নিশা তেওঁ একো নক’লে৷ পুৱা অফিচলৈ যোৱাৰ আগে আগে অজন্তাক কাষলৈ মাতি আনি হাজৰিকাই শুনাইছিল সেই কঠোৰ সিদ্ধান্তটোৰ কথা– ‘জয়ন্তৰ বিয়া পাতিবলৈ লৈছোঁ৷ বিয়াৰ পিছত তাক মই ইয়াতেই ৰাখিম৷ ওপৰ মহলাৰ পাৰ্টটো পুত্ৰ-বোৱাৰীক গতাই দিম৷’
ফোঁচ-ফোচাই উঠিছিল অজন্তাই৷
কিন্তু হাজৰিকা নাচোৰবান্দা৷
*****
সিদিনা গধূলিয়েই অজন্তা মধুস্মিতাৰ ঘৰ ওলাইছিলগৈ৷ তাই সকলো কথা ভাঙি-পাতি কৈছিল তাইক৷
‘মই এতিয়া কি কৰোঁ ক’ মধু৷’
‘হাজৰিকাৰ লগত তই এনেয়েহে সোমাই আছ! পুত্ৰ-বোৱাৰী অহাৰ আগতে কোনোবা মন্দিৰ এটাত গৈ হ’লেও নিজৰ বিয়াখন আগতে পাতি ল!’
কথাষাৰে তাইক শেলে বিন্ধা দি বিন্ধিলে৷ ‘ঠাট্টা নকৰিবি, মধু৷ ছিৰিয়াছ কথা এটা এনেকৈ উৰুৱাই নিদিবিচোন৷’
‘ৱাও! তয়ো ছিৰিয়াছ হ’ব জান৷ যিগৰাকী মহিলাই নিজৰ গৰ্ভৰ সন্তানক, অকণমানি তিনি বছৰীয়া সন্তানক এৰি, হোমৰ জুইক সাক্ষী কৰি আজীৱন একেলগে কটোৱাৰ শপত লোৱা স্বামীক এৰি পৰপুৰুষৰ লগতে মস্তি কৰি থাকিব পাৰে, তেৱোঁ ছিৰিয়াছ কথা ক’ব পাৰে৷ শুন অজন্তা, তই জীৱনটোক একেবাৰে ওপৰে ওপৰেহে চালি৷ ঘৰ-বাৰী, টকা-পইচা, গাড়ী-ঘোঁৰা– এইবোৰকেই জীৱন বুলি ভাবিলি৷ প্ৰবীৰৰ কথা বাৰু বাদ, অকণমানি বাবলুক এৰি অহাৰ সময়ত তই বাৰু এবাৰো নাভাবিলিনে নিজৰ তেজেৰে গঢ়া তিনি বছৰীয়া সন্তানটিৰ কথা৷ মাক অবিহনে এটা শিশুৰ কিমান কষ্ট হ’ব পাৰে, তই এবাৰো ভাবি চাব নোৱাৰিলিনে?’
‘এতিয়া মই কি কৰোঁ, মধু?’ –অজন্তাই উচুপি উঠে৷
‘তই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব৷ এটা অকণমানি শিশুক দিয়া আঘাত তই কান্ধ পাতি ল’ব লাগিব৷ শুন– প্ৰতিটো শিশুৱেই মাকৰ মৰম বিচাৰে৷ মাকৰ কোলাখনতকৈ আৰু ডাঙৰ স্বৰ্গ সিহঁতৰ একো নাই৷ তই এবাৰৰ বাবে হ’লেও ভাবি চাইছনে– তোৰ একমাত্ৰ সন্তান বাবলুক তই সেই মৰম দিব পাৰিছ৷ সি নাখাওঁ বুলি ঠেহ পাতিলে তাৰ বাপেকে কেনেকৈ তাৰ ঠেহ ভাঙিবলৈ যত্ন কৰে, তই এবাৰৰ বাবে হ’লেও ভাবি চাইছনে সেই কথা?’ –মধুস্মিতাৰ উশাহবোৰ চুটি হৈ আহে৷ খঙত৷ ক্ষোভত৷
তাই পুনৰ কৈ যায়– ‘অনাথ আশ্ৰমত যে মাছৰ টুকুৰা হাতত লৈ থকা অকণমানি ছোৱালীজনী দেখিছিলি, মনত আছে?’
‘আছে৷’
‘শুদা ভাতকিটা খাই উঠি হাতত কিয় মাছৰ টুকুৰাটো লৈ আছিল তই জান?’
নিঃচুপ হৈ শুনি থাকে অজন্তাই৷ আজি যেন তাই শিল হৈ গৈছে৷
‘সেই অকণমানি ছোৱালীজনীৰ ঠাইত তই তোৰ বাবলুৰ কথা ভাবচোন! শুদা ভাতকিটা খাই উঠি সি হাতত মাছৰ টুকুৰাটো লৈ আছে– কাঁইট বাছি দিবলৈ তাৰ ওচৰত মাক নাই!’
দুচকু ঢাকি অজন্তাই হুক-হুককৈ কান্দি উঠে৷ তাই মধুস্মিতাক সাবটি ধৰি চিঞৰি উঠে– ‘মই আকৌ প্ৰবীৰ-বাবলুৰ ওচৰলৈ উভতি যাব বিচাৰোঁ, মধু৷ …’
☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments