কাঁচৰ বাকচত শুই (মহান দত্ত)

কাঁচৰ বাকচত শুই (মহান দত্ত)
কাঁচৰ বাকচত শুই
জন্মৰ যেনেকৈ নাথাকে এটা মাত্র দিন
তেনেকৈ নাথাকে মৃত্যুৰো
প্রত্যেক বছৰে মোৰ জন্মদিন হয়
প্রতি মাহে,দিনে,মুহূর্তে
উদ্যাপন কৰোঁ জন্মৰ মুহূর্ত
হাঁহোঁ,গাওঁ,নাচোঁ
হেঁপাহেৰে ফুলাই ৰঙীণ বেলুন
উৰুৱাই দিওঁ আকাশত…
থিক সেইদৰে কেতিয়াবা স্থবিৰ হৈ ৰওঁ
ৰ’-লাগি চাওঁ মোৰ মৃত্যুৰ দৃশ্যৰাজি…
এক স্থবিৰতা;
শুৱাই থবৰ বাবে এটা নিচুকনী গীত
বছৰে বছৰে,মাহে মাহে,প্রতিদিনে
উদ্‌যাপিত হয় মোৰ মৃত্যুৰ মুহূর্ত।
শূন্যতাবোৰ গোট খুৱাই
মৌনতাৰ তৰপ বান্ধি
বিষণ্ণতাৰ মাইক্র’ৱেভত
উমি উমি সিজাওঁ মোৰ মৃত্যুদিনৰ
ডার্ক চকলেট কেক
এটি মাথোঁ নিচুকনী গীতেৰে
কিমান দিনলৈ শুৱাই ৰাখিবা
বাৰে বাৰে জন্ম হয় মোৰ।
�!sz�� �� font-family:Asomiya_Rohini;background:white;font-weight:normal’>
যদি চাইকেলে হ’লহেঁতেন
মোৰ আৰু সকলোৰে
ইফাল সিফাল কৰা
ইতিহাসৰ মাথোঁ একমাত্ৰ বাহন,
মানুহৰ আদিম প্ৰেম জীপাল হ’লহেঁতেন
আৰু আমাক আমুৱাব নোৱাৰিলহেঁতেন
আভিজাত্যৰ আৰামে ।
অভাৱী ঈশ্বৰে মন্দিৰ-মছজিদ-গীৰ্জা এৰি
মাটিত পৰিলহেঁতেন হাইঠাৰ দৰে,
আৰু উভতি নগ’লহেঁতেন
পংকিল আলিৰ বুকুত চাইকেলৰ চকাই
এৰি যোৱা কোমল ভিজা চিনবোৰৰ দৰে ।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments