কাংক্ষিত জোনাক (আঠ ) — জয়শ্ৰী মেছ গগৈ

 

মই হেৰাই যাম বুলি ভাবিছিলোঁ৷ মোক লৈ মই সপোন দেখিবলৈ এৰি দিছিলোঁ৷
কিন্তু সকলোৰে বাবে এটি আৰম্ভণি থাকে৷
মই আৰম্ভ কৰিলোঁ ন কৈ৷ হাঁহিব নেৰিলোঁ৷ হাঁহিৰে জিকাৰ পণ কৰি ললো৷
মোৰো চকুৰ পানী আছে৷ মন কৰিলে দেখিবা ধৰিত্ৰী৷ অকণমান হালি দিলেই সৰি পৰিব ইহঁত৷
মই চকুৰ পানী ভাল নাপাওঁ৷ সেয়ে হয়তো সিদিনা তোমাক বাধা দিলোঁ৷
পৰিবেশ টো পাতল কৰিবলৈকে অকণমান ধেমালিও কৰিলোঁ৷ তুমি চাগৈ বেয়া পাইছিলা৷
চাহৰ কাপটোত শেষ সোহা কণ মাৰি উপমন্যুয়ে দূৰৈৰ সেউজীয়া বোৰলৈ চাই কৈ থাকিল৷
তুমি সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছা৷
নিজক উলিয়াই আনা৷ লিখা৷ পঢ়া৷ সৃষ্টিৰ আখৰা কৰা৷ তোমাক যিকণ সময় এয়া পালো, শুনিলোঁ৷ তোমাৰ মেধা আৰু প্ৰখৰতাক মই শ্ৰদ্ধা নকৰাকৈ থাকিব নোৱাৰোঁ৷
হয়তো মই তোমাক লগ পাব লগীয়া আছিল৷ উপমন্যুয়ে ধৰিত্ৰীলৈ ঘূৰি চাই কৈ উঠিল৷
জীৱনটো বৰ বিশাল৷ ধুনীয়া৷ তুমি; মই এটি এটি ক্ষুদ্ৰ প্ৰাণী৷ নিজৰ বাবে অকণমান জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে বুলি মই ভাবোঁ৷ বছৰৰ কোনোবা এটি দিনত মই এই নপাম মিচিং গাঁৱলৈ আহোঁ, জীৱন বিচাৰি৷
পদুমে ঐঃনিতম গায়৷ মই চাঙত বহি জোনাক অথবা বৰষুণ চাওঁ৷ মই জী উঠোঁ৷
ধৰিত্ৰীয়ে ইমান সময়ে একান্ত মনেৰে উপমন্যুৰ কথাবোৰ শুনি আছিল৷ তাই অকণমান প্ৰশ্ন মিহলি চাৱনিৰে উপমন্যুলৈ চোৱাত সি কৈ উঠিল
: পদুম কোন ভাবিছা! আৰু মই কিয় আহোঁ ইয়ালৈ সেয়া ভাবিছা?
ক’ম দিয়া৷ জীৱনত বহু কিবা কিবি নিবিচৰাকৈয়ে ঘটি যায়৷ তুমি বুজি পাবা৷
মই তোমাক প্ৰথম লগ পাইয়ে বহু কিবাকিবি কৈ দিলোঁ৷ ভুল নুবুজিবা৷ আচলতে তোমাক এয়াৰপোৰ্টত লগ পাওঁতে মোৰ এনে লাগিছিল; মই যেন তোমাক বহু যুগৰে পৰা চিনি পাওঁ৷
আৰু কি আচৰিত কথা মই তোমাৰ কথা ভাবোঁতেই তুমি ফোন কৰিছা৷
তাতোকৈ ডাঙৰ সংযোগ মই য’ত জীৱন বিচাৰি আহোঁ তাতেই তুমিও আছা৷
অকণমান আচৰিত হৈছোঁ এইবাৰ মই৷
উপমন্যুয়ে অনৰ্গল কৈ গ’ল ..
সন্ধিয়া লাগিও ভাগিল৷ “ মই যাওঁ ধৰিত্ৰী৷
জীৱনে সুযোগ দিলে পুনঃ লগ পাম৷ কাইলৈ মই যামগৈ৷”

ধৰিত্ৰীক জীৱনৰ সংজ্ঞা দি সিদিনা উপমন্যু গুচি গৈছিল পুনঃ লগ পোৱাৰ আশাৰে৷ তাৰ পাছত? ?
ধৰিত্ৰীৰ ব্যস্ততা বাঢ়িছিল নিজৰ বাবে৷
এটা নতুন জীৱন পাইছিল৷
ফোনত উপমন্যুয়ে সময়ে সময়ে কিতাপৰ তালিকা দিছিল৷ তাই কিনি আনি পঢ়িছিল৷ শিকিছিল৷ বুজিছিল৷
তাইৰ একাকী সময় বোৰ লাহে লাহে উপমন্যুৰ ব্যক্তিত্বৰ ওচৰত ক্ৰমান্বয়ে ধূসৰ হ’ব ধৰিছিল৷
তাই আচৰিত হৈছিল এইজন পুৰুষ আন দহজন পুৰুষৰ সৈতে একে নহয়৷
তাই উপমন্যুৰ চকুত চতুৰালি দেখা নাছিল৷
দেখিছিল এটি সপোন পিয়াসী শিশু৷ সততা৷ নাৰীক সন্মান দিব জনা এজন ব্যক্তি৷ যিজন ব্যক্তিৰ ওচৰত যিকোনো নাৰীয়ে নিৰাপদ অনুভৱ কৰিব পাৰে৷
আৰু আদিত্য! !
আস্! কি আকাশ – পাতাল পাৰ্থক্য দুয়োৰে৷
“আদিত্য যদি উপমন্যু হ’ল হেতেন!” _ তাই চিন্তা কৰে৷
000000000000

“ তেওঁৰ মৌন সাহচৰ্য

মোৰ একাকী সময়

জীৱন জীয়াৰ কৌশল

তেওঁ দিয়া জীৱনৰ সংজ্ঞাৰে মই জীওঁ

মোৰ মৌনতাৰ এতিয়া একান্ত সহযাত্ৰী তেওঁ”

ধৰিত্ৰীয়ে তাইৰ ৰৈ যোৱা কলমটো উপমন্যুৰ তাগিদাত পুনৰ আৰম্ভ কৰিলে৷
প্ৰথম প্ৰকাশিত ৰূপত দেখা পাই তাই আনন্দতে আদিত্যক দৌৰি দৌৰি গৈ কৈছিল৷
আদিত্যই তাইক উৎসাহিত কৰা দূৰৈৰ কথা৷ এক প্ৰকাৰে চিঞৰি উঠিছিল
: মাউণ্ট এভাৰেষ্ট জয় কৰিছো বুলি ভাবিছা নেকি? কি লাভ হ’ব?
আৰু কাম নাই?
তাই দৌৰি আহি বিছনাত পৰি কান্দি দিছিল৷ খং আৰু ক্ষোভত আলোচনী খনকে ফালি চিৰি পেলাই দিছিল তাই৷

কিন্তু উপমন্যুয়ে সেয়া কৰা নাছিল৷ তাইৰ সমানেই; হয়তো তাইতকৈ বেছি সি আনন্দিত হৈছিল৷
কৈ উঠিছিল _
: সম্পৰ্কই ভাল কৰিব লাগে৷ যি সম্পৰ্কই ভাল কিবা কৰে সেই সম্পৰ্কত সন্মান থাকে৷ পৃথিৱীয়ে স্বীকাৰ কৰি লয়৷
তুমি ৰৈ নিদিবা৷ লিখি যোৱা৷ মাথোঁ নিজক ফাঁকি নিদিবা৷ হৃদয়ৰ কথা শুনি লিখা৷
উপমন্যুৰ উৎসাহী আচৰণত ধৰিত্ৰীয়ে কান্দিছিল৷
আস্!
এই কান্দোন, সেই কান্দোনৰ দৰে নহয়৷ এই কান্দোনত প্ৰাপ্তিৰ সুখ আছে৷ যি সুখ তাইৰ জীৱনলৈ কেৱল উপমন্যুয়ে আনি দিছে৷
কথাবোৰ কেতিয়াবা ভবাৰ দৰে নহয়৷ কি আছে উপমন্যুৰ? কিয় তাইৰ সময়বোৰ উপমন্যু নামৰ সত্বাৰ ক্ৰমশঃ বশৱৰ্তী হৈ পৰিব ধৰিছে?
আনক ইমান উৎসাহী কৰি তুলিব পৰা ইমান পজিটিভ এনাৰ্জী! ? ক’ত আছে? ক’ত?
ধৰিত্ৰীৰ চিন্তাত আউল লাগে …..
( ক্ৰমশঃ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক