কাংক্ষিত জোনাক (জয়শ্ৰী মেছ গগৈ)

(পাঁচ)
ধৰিত্ৰীৰ গহীন গম্ভীৰ ব্যৱহাৰত মানুহজন কিছু সময় তভক মাৰি ৰ’ল৷ কিন্তু পুনৰ সেই স্বাভাৱিক চঞ্চলতাৰে কিবা এটা বিচাৰি যাওঁ বুলি খৰধৰকৈ আঁতৰি গ’ল৷ কিছু সময়ৰ পাছতে তাই ঘৰ পাবগৈ৷ ঘৰ? নে এটা অভিজাত কাৰাগাৰ? য’ত সকলো বিলাসী সামগ্ৰী থাকিও তাই নিস্বঃ ৷ বন্দী৷
তাই বিচৰা সৰল জীৱনটো দেখোন কাহানিবাই জটিল কৰি পেলালে আদিত্যই৷

মাকৰ প্ৰতি দেউতাকৰ নিৰ্লিপ্ততা, ৰূঢ় আচৰণ দেখিয়েই হয়তো এদিন চৈধ্য বছৰত ভৰি থোৱা নৱৰূপে মাকক কৈছিল –
: মা তুমি বন্ধু বিচাৰি লোৱা না৷ তুমি অকলে এইদৰে মনে মনে থাকা সদায়, মোৰ ভাল নালাগে৷ হোষ্টেলতো তোমালৈ মনত পৰি থাকে৷

তাই অবাক হৈ চিন্তিত মিহলি হাঁহিৰে তাৰ ফালে চাই কৈছিল
: ধেৎ৷ তোমালোক দুয়োটা আছা৷ মোক কিয় বন্ধু লাগে৷ মনত পৰিলেই দেখোন তোমাৰ লগত কথা পাতোৱেই ফোনত৷ হৈ যায়৷

: দেউতাৰ কাম থাকে বাবেহে….!
: তুমি এইবোৰ নাভাবিবা সোণ৷ দেউতাৰাই জানিলে খং কৰিব, পঢ়া সময়ত এইবোৰ চিন্তা নকৰিবা দেই৷

.. ধৰিত্ৰীয়ে সিদিনা ভিতৰি ভয় কৰিছিল, আদিত্যই জানিলে নৱৰূপক খং কৰিব৷ পিটিব৷ কাৰণ সেইখন ঘৰত আদিত্যৰ মতেহে কথা কোৱা হয়৷  আনকি বতাহজাকো আদিত্যৰ অনুমতিতহে ঘৰৰ ভিতৰলৈ সোমায়৷

….. টিট্ টিট্ টিট্ ..
তাইৰ চিন্তাত আউল লাগিল৷

আদিত্যৰ মেছেজ৷ ঘৰ পালে নে নাই সুধিছিল৷
বিনন্দক  কৈ থোৱা অনুসৰি তাইক সি এয়াৰপোৰ্টৰ পৰা লৈ আনিলেগৈ৷
আদিত্যই সকলো জানেই৷ নিজেই ফিক্সড্ কৰি থৈছে সকলো৷ তাই মাথোঁ ৰবটৰ দৰে অনুসৰণহে কৰিব লাগে৷

প্ৰথমবাৰৰ বাবে তাইৰ আদিত্যৰ ওপৰত প্ৰচণ্ড খং উঠি আহিল ৷

সেই খঙতে তাই আদিত্যৰ মেছেজৰ ৰিপ্লাই নিদি মোবাইলটো অফ্ কৰি চিটত থেকেচা মাৰি থৈ দিলে৷  বিনন্দই জানিছে কি হৈছে, কিছু সময় পাছতে তাৰ মোবাইলটো ৰিং হ’ল৷ ধৰিত্ৰীৰ পৰা উত্তৰ নাপাই আদিত্যই তালৈ ফোন কৰিছে৷ সি হাঁ, হুঁ কৰি ফোনটো থৈ দিলে৷

কান্দোন এটা উজাই আহিল বুকুলৈ৷

ঘৰৰ প্ৰকাণ্ড গেটখন খুলিবলৈ বিনন্দ নামি গ’ল৷ বিনন্দই তাইৰ ফালে চাই কিবা ক’ব খুজিও ৰৈ গ’ল৷ হয়তো সিও বুজিছে৷ সি তাৰ বাইদেউক জানে৷ যোৱা পোন্ধৰটা বছৰে সিও দেখিছে, কোনো আক্ষেপ অভিযোগ নকৰাকৈ নিজকে মাৰি মাৰি বাইদেৱেক জীয়াই আছে৷ আলফুলক বুকুত লৈ হাঁহিম বুলি এটাই আশা কৰিছিল৷ ছাৰে তাইকো আঁতৰাই নিলে৷

: বিনন্দ? বেগ দুটা লৈ আহ৷

ধৰিত্ৰীৰ  দুৰ্বল অথচ মিহি মাতত বিনন্দৰ চিন্তাত যতি পৰিল৷ সি তাৰ মাতটো স্বাভাৱিক কৰি কৈ উঠিল –
: নিছো বাইদেউ ৷ আপুনি মুখ হাত ধুই লক৷ মই চাহো বনাই দিম৷
: নালাগে৷ মই চাহ নাখাওঁ এতিয়া৷ মই ৰুমতে আছো৷ মই অলপ সময় অকলে থাকিম৷ মোক মাত নিদিবি, কিবা কৰিব লগা আছে যদি কৰগৈ৷

এইবুলি কৈ তাই নিজৰ কোঠালৈ সোমাই দুৱাৰখন বন্ধ কৰি দিলে৷
000

কোঠাত এতিয়াও য’তে ত’তে আলফুলৰ টেডি-বিয়েৰবোৰ৷ ধৰিত্ৰীয়ে এটা এটাকৈ সামৰি গ’ল৷ আলফুলৰ আটাইতকৈ প্ৰিয় টেডিটো তাইৰ চকুত পৰিল৷

আলফুলে বিছনা খনত শুৱাই কৈ গৈছিল
: তই মাৰ সৈতে থাকিবি দেই৷ মইতো দাদাৰ দৰে হোষ্টেললৈ যাব লাগিব৷ মোৰ পিছে যাবলৈ অকণো মন নাই৷ মাক এৰি কেনেকৈ যাওঁ! কিন্তু দেউতাই কৈছে যেতিয়া যাবই লাগিব৷ মই ফোনত তোৰ খবৰ ল’ম৷ মাৰ সৈতে শুবি তই৷

আলফুলৰ কথাবোৰে ধৰিত্ৰীৰ বুকুত খোঁচ মাৰি ধৰিলহি৷ তাই টেডিটো বুকুত সাৱটি বিছনাত উবুৰি খাই পৰিল৷ ক্ষণিক পাছতেই ধৰিত্ৰীৰ হিয়াভগা কান্দোনে কোঠাটো আবৰি ধৰিলে৷
: কিয় আদিত্য? কিয়? কিয় মোক ইমান অন্যায় অনাদৰ কৰিছা? মই তোমাতকৈ উচ্চ শিক্ষিতা বাবেই? মোক সকলোৱে তোমাতকৈ বেছি গুৰুত্ব দিছিল বাবেই? মইতো কেতিয়াও তোমাক কোৱা নাছিলোঁ যে মই তোমাতকৈ শ্ৰেষ্ঠ৷ তোমাৰ বাবেই মই নিজকে শামুকৰ খোলাত বন্দী কৰি পেলালো৷ মাথোঁ এইবাবেই যে তুমি সুখী হোৱা৷ তুমি বিচৰাৰ দৰেই সকলো কৰিছিলো৷ তথাপিও তুমি ক্ষান্ত নহ’লা৷ ফোনত বন্ধু বৰ্গক কৈছিলা যে তুমি বহুত ওপৰলৈ যাব খোজা, সিমান ওপৰলৈ য’ৰ পৰা তোমাৰ বন্ধু বৰ্গই কেৱল তোমাকহে দেখা পায়৷ আস্! সিদিনাই মোক তুমি হত্যা কৰিছিলা৷ নৱৰূপক লৈ গ’লা৷ মনে মনে থাকিলো৷ আলফুলক নিনিবা বুলি কাবৌ কৰিলো৷ তোমাৰ ভৰিত ধৰিলো৷ তুমি মোৰ সমগ্ৰ সত্তাক তাচ্ছিল্য কৰি তাইকো লৈ গ’লা৷

এইবাৰ ধৰিত্ৰীৰ মুখৰ পৰা সশব্দে কান্দোন ওলাই আহিল৷ এটা সময়ত কান্দি কান্দি ধৰিত্ৰী বিছনাত ঢলি পৰিল৷

: বাইদেউ, বাইদেউ? বাইদেউ?
দুৱাৰত ডাঙৰ ডাঙৰকৈ ঢকিয়াই বিনন্দই চিঞৰি আছে৷

: অ’, বিনন্দ৷ মই আছো অ’৷ মৰা নাই দে! তই যা, মই আছো৷
: কিনো অমঙ্গলীয়া কথাবোৰ কৈছে বাইদেউ? সন্ধিয়া লাগিল সেয়ে আপোনাক জগাই দিলো ৷ চাহ বনালো, আহক সোনকালে৷

এইবুলি কৈ বিনন্দ তললৈ নামি গ’ল৷

অদূৰত মিচিং গাঁৱৰ কোনোবাই ঐঃনিতম গাইছে৷ আস্! কি বুকু ভেদি যোৱা সুৰ৷ বিষাদৰ সুৰ সঁচাকৈয়ে এনেকুৱা নে! কোনোবা কাংকান ঐয়াক বিচাৰি ফুৰিছে চাগে সেই সুৰে! হেৰাই যোৱা কিবা এটাক বিচাৰি গালেও দেখোন ঐঃনিতম শুনিবলৈ শুৱলা৷

ধৰিত্ৰীয়ে কিবা এটা যেন বিচাৰি পালে৷

: এৰা ময়ো নিজকে বিচাৰিব লাগিব৷ মোৰ চকুৰ পানীৰ মূল্য আছে৷

চকুপানীৰ মূল্য? ? ?

ধৰিত্ৰীৰ এয়াৰপোৰ্টত লগ পোৱা মানুহজনলৈ চাৎকৈ মনত পৰিল৷

তেওঁ কৈছিল, নাপায় কান্দিব৷ চকুপানীৰো মূল্য আছে৷
তেওঁ কেনেকৈ জানে চকুৰ পানীৰ মূল্য?
তেওঁতো পুৰুষ৷ পুৰুষে জানো জানে চকুপানীৰ কি মূল্য?
তেওঁ কোন? যিজনে ধৰিত্ৰীয়ে কন্দা মন কৰি আছিল? চকুৰ পানী মোহাৰিবলৈ ৰূমাল খন আগবঢ়াই দিছিল!
চেহ্! তায়ো স্থান কাল পাত্ৰ পাহৰি কান্দি দিছিল৷ তাই মানুহ জনক ভালদৰে কৃতজ্ঞতা এটাও নজনালে৷
এইবাৰ ধৰিত্ৰীৰ অকণমান নিজকে মূৰ্খৰ দৰে লাগিল৷ তাইৰ মনত পৰিল ফোন নম্বৰ দিয়াৰ কথা৷ খপজপকৈ বিছনাৰ পৰা উঠিল৷ ভাবিলে, ফ্ৰেচ হৈ আহি মেছেজ বা ফোন এটাকে কৰি কৃতজ্ঞতা যাঁচিব, লগতে তাইৰ আচহুৱা ব্যৱহাৰৰ বাবে ক্ষমা এটাও বিচাৰিব …
( ক্ৰমশঃ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক