কাংক্ষিত জোনাক – জয়শ্ৰী মেছ গগৈ

(ছয়)
“কৌয়ি ফৰিয়াদ তেৰে দিল মে
ডবি হ’ জেইচে …
তুনে আঁখো চে
কৌয়ি বাত কহি হ’ জেইচে …“
—- তাৰ আটাইতকৈ প্ৰিয় গজলটো ইয়েৰ ফোনত লগাই চকু মুদি সি আপোন জগতত বিচৰণ কৰি আছে৷
…. আস্!
কি আছিল? কি আছিল?
কি আছিল সেই ক্ৰন্দনৰতা নাৰীৰ দুচকুত?
বুদ্ধিদীপ্ত দুচকুত … চকুৰ পানী?
শোভা নাপায়৷ শোভা নাপায়৷
কথাবোৰ ভাবি অস্থিৰ হৈ পৰিল উপমন্যু ….
সাগৰ দেখি লগা নাই ভয়
সাগৰ বুকুতেই আছে …..
জোৱাৰ দেখি খোৱা নাই ভয়
চোৱাৰ বাসনা আছে ……

মহেন্দ্ৰ হাজৰিকাৰ গীতৰ ৰিং-টোনেৰে উপমন্যুৰ ফোনটো বাজি উঠিল৷ গজলটো উপভোগত বাধা জন্মাত অকণমান বিৰক্ত বোধ কৰিলেও ফোনটো সি ৰিচিভ কৰিলে৷

: হেল্ল’
: হয় মই উপমন্যু৷ আপুনি ……!
: মই ধৰিত্ৰী …. এয়াৰপোৰ্টত যে ….

ধৰিত্ৰীয়ে এইবুলি ক’বলৈহে পালে উপমন্যুয়ে চিঞৰি উঠিল –

: হয়, হয়৷ হয় মই ভাবিছিলো ..
মানে আশা কৰিছিলোঁ …
মানে চিন্তা কৰিছিলোঁ ৷ মানে ….

উশাহ নসলোৱাকৈ উপমন্যুয়ে কৈ গ’ল! ল’লেই যেন কথাৰ আঁত হেৰাই যাব৷ যেন কিবা এটা হেৰাই যাব!

ধৰিত্ৰীৰ ফোন কলটোত কিয় জানো সিদিনা উপমন্যুৰ বুকুত জোৱাৰ আহিছিল৷ হেজাৰ বছৰীয়া সেই প্ৰাচীন কালৰে পৰা ৰৈ থকা আপোন কোনোবাই যেন সিদিনা মাত দিছিল ৷

এটি দৰদী অথচ কোমল মাতে কৈ উঠিছিল পৃথিৱীৰ প্ৰাচীনতম কাহিনী এটিৰ পুনৰাবৃত্তিৰ সময় সমাগত৷

উপমন্যুৰ আচৰণত ধৰিত্ৰী আচৰিতো হৈছিল, হাঁহিও উঠিছিল৷

: মই আপোনাক ভালদৰে ধন্যবাদ এটাও নিদিলোঁ৷ ভাবিলোঁ ফোনতে….!
: নাই নাই ইটচ অকে৷ ময়ো আচলতে বিশেষ একো নভবাকৈয়ে …!

কিয় কান্দিছিল নোসোধো৷ কিন্তু প্লিজ আৰু নাকান্দিব৷ আপোনাৰ দুচকুত চকুৰ পানী শোভা নাপায়৷ মই বহুত সপোনৰ হেন্দোলনি দেখা পালো আপোনাৰ দুচকুত৷ সেই সপোন বোৰক ৰং দিয়কচোন৷
: ……….
: হেল্ল’? হেল্ল’?
: …….
টুঁ….. টুঁ …. টুঁত

ধৰিত্ৰীয়ে ফোনটো কাটি দিলে নে নিজে কাট হৈ গ’ল ফোনটো৷

ছেহ্! কিবা বেছি কৈ দিলোঁ নেকি? এইদৰে আনক হঠাতে কৈ দিয়া স্বভাৱটো তাৰ বৰ বেয়া৷ কি কৰোঁ! কিহে যে পাইছিল!
উপমন্যুয়ে উচপিচাবলৈ ধৰিলে …

: টিঁ …ত
: মোৰ দুচকুত লাগি থকা সপোন বোৰক ৰং দিবলৈ কোৱা আপুনি প্ৰথম মানুহ৷ মই ৰং দিম৷ মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁৱেই৷ ধন্যবাদ৷

ধৰিত্ৰীৰ মেছেজ৷ আস্! ৰক্ষা৷ তেওঁ বেয়া নাইপোৱা তেন্তে!
উপমন্যুয়ে স্বস্তিৰ নিশ্বাস পেলালে৷
কিন্তু কিয় উপমন্যুয়ে বাৰে বাৰে তেওঁৰ কথা ভাবিবলৈ ধৰিছে, আকৌ এবাৰ ক্ৰন্দনৰতা সেই নাৰীৰ দুচকুৱে উপমন্যুৰ মন মগজুৰ কোনোবাখিনিক আঁচুৰিব ধৰিলে …..!

««»»

সেইদিনা ধৰিত্ৰীয়ে সিদ্ধান্ত লৈছিল যে তাইৰ আধৰুৱা কামবোৰক পূৰ্ণতা দিব৷ তাৰ পাছতে তাই উপমন্যু নামৰ সেই ব্যক্তিসত্বালৈ ফোন লগাইছিল৷ তাইক আচৰিত কৰি তেৱোঁ কৈ দিছিল প্ৰথম দিনাই তাইৰ সপোন বোৰক ৰং দিয়া উচিত৷ যিবোৰ সপোনক আদিত্যৰ অহং আৰু উচ্চাকাংক্ষাই কেতিয়াবাতে ৰঙহীন কৰি তুলিছিল৷ আনকি তাইৰ পিতৃ – মাতৃয়েও বুজিব খোজা নাছিল, কি বিচাৰে তাই৷

আৰু উপমন্যু?

কিয় কৈছিল তেওঁ? ধৰিত্ৰীৰ দুচকুত সপোন দেখা পাইছে তেওঁ?

আদিত্যৰ বৰ্ত্তমানত তাই অন্য কাৰোবাৰ সৈতে হঁহা দূৰৈৰ কথা কথা পতাও বন্ধ কৰি দিছিল৷ আদিত্য সুখী হওক,  কেৱল সুখী হওক৷ কিন্তু সিদিনা তাই সৌজন্যৰ খাতিৰত উপমন্যুলৈ ফোনটো কৰোঁতে এবাৰলৈও আদিত্যৰ কথা ভৱা নাছিল আৰু অনুভৱো কৰা নাছিল৷ ইমান সহজবোধ আছিল উপমন্যুৰ কথাত যেন তেওঁ বহু যুগৰ চিনাকি আপোন কোনোবা৷

তাই সুধি পেলাইছিল মেছেজতে …ক’ত আছে উপমন্যু? পলম নকৰি উপমন্যুয়ে তাইক উত্তৰ দিছিল …..

: মই? মই এতিয়া নপাম মিচিং গাঁৱৰ আপং খাই খাই গজল শুনি আছোঁ৷ কি অদ্ভুত কম্বিনেশ্বন ন? হা হা হা .. লগত এগাল মান স্মাইলি …
: নপাম মিচিং গাওঁ?

তাই আচৰিত হৈ আকৌ মেছেজ দিছিল৷

: কি কৰিছে আমাৰ ইয়াত?
: আমাৰ ইয়াত মানে?

উপমন্যুয়ে ওলোটাই প্ৰশ্ন কৰিছিল৷

: নপাম মিচিং গাঁৱৰ পৰা দক্ষিণ ফালে প্ৰায় এক কিলোমিটাৰ মান নিলগত থকা ওখ টিলা এটাত আমাৰ ঘৰ৷

তাই লগে লগে উত্তৰ দি দিছিল৷

: বঢ়িয়া!
: মানে?
: মানে কথাটো৷ মানে টিলাতো৷ মানে আপং৷
: কি কৈ আছে আপুনি? অ হেল্ল’?
: নহয়, মানে মই কল্পনা কৰিছো দৃশ্য এটাৰ৷ সেউজীয়াৰ মাজত, নিভাঁজ পৰিবেশ …এটি টিলা৷

এটি গজল অথবা ঐঃনিতম আৰু এবাতি আপং৷ আস্! মজা …

: হা হা হা
: অ, আপুনি হাঁহিবলৈ জানে?
: কি কয়হে৷ আহিব তেন্তে, আপং নহ’লেও একাপ চাহ খাই যাবহি৷
: কেতিয়া যাম?
: কাইলৈ আবেলি আহক৷
: ঠিক আছে তেন্তে৷ লগ পাম৷

তাই উপমন্যুক মন্ত্ৰমুগ্ধৰ দৰে মেছেজ দি গ’ল৷ যেন কলেজীয়া দিনৰ কোনোবা বন্ধু৷ তাই কিছু সময়ৰ বাবে পাহৰি পেলালে একাকী সময়ৰ যন্ত্ৰণা বোৰ৷ পাহৰি পেলালে নিসংগতাই কোঙা কৰিব খোজা তাইৰ ব্যক্তি সত্বাৰ কথা …৷
( ক্ৰমশঃ )

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments