কাংক্ষিত জোনাক- জয়শ্ৰী মেছ গগৈ

(যোৱা সংখ্যাৰ পিছৰ পৰা..)

তিনি

*****

…….: বলক বলক; ইয়াত মজাৰ চেন্দুইচ পায়৷ লগত মোৰ বহুত পইচা নাই, কফি চেন্দুইচ বচ্৷ ফ্লাইটলৈ আৰু এক ঘণ্টা বাকী আছে বলক৷

ধৰিত্ৰী কেতিয়া থিয় হ’ল গমেই নাপালে৷ নীৰৱে নিজৰ বেগটো লৈ আগবাঢ়িল৷ একান্ত বাধ্য ছাত্ৰীৰ দৰে!
কিন্তু মানুহ জন? হাৰে! ক’লৈ গ’ল?

: এইফালে এইফালে৷ মই ইয়াত আছো, আহক ইয়ালৈ আহক৷

খুউব সাধাৰণ স্পৰ্টিং এটা৷ মানুহ এজনে এহাতে এটা কুচিয়া লৈ ডাঙি ধৰি হাঁহি আছে৷ তলত লিখা আছে চিম্পলি ফ্ৰেচ৷ বোধকৰোঁ প্ৰিণ্ট কৰাই লৈছে৷
তাই সৰুতে কুচিয়া মাছ বৰ ভয় কৰিছিল৷ সাপ যেন লাগে৷ মনত পৰি যায়৷

: মই কেৱল কফি খাম৷

: খাওক না৷ দুখ আৰু ভোকৰ কম্বিনেশ্বন বৰ ভয়ানক বুইছে৷ দুখক থাকিব দিয়ক ভোক খেদক৷ এনে দুখ আপোনাৰ পৰা যাওঁতে দেৰি হ’ব৷ পুৰণি দুখ যে!
ধৰিত্ৰীৰ হাঁহি উঠি যায়৷ কি মানুহ বাৰু এইটো! অনৰ্গল কথা কৈছে, কোনে কি ভাবিছে একোৱেই ভ্ৰুক্ষেপ নাই৷ খাবলৈ মাতিছে নিজে আৰু কৈছে মোৰ পইচা নাই৷ তাৰমাজতে কৈছে পুৰণি দুখৰ কথা৷
ধৰিত্ৰী সাৱধান! ধৰা পৰি গৈছ তই৷ মনটোৱে সোঁৱৰাবলৈ ধৰে৷

তাতে কি হ’ল? তাই মনক প্ৰশ্ন কৰে৷ কিয় মানুহজনক তাই বিৰক্তিৰে এবাৰলৈও একো ক’ব পৰা নাই৷

প্ৰতিটো মুহূৰ্ততে যেন মানুহ জনে তাইৰ দুখবোৰক কুট কুট কৈ কামুৰি শেষ কৰিব লাগিছে৷

এজন মানুহ আন এজনৰ ওচৰলৈ আহিবলৈ কিমান সময় লাগে? হেজাৰ বছৰ? নে এক মুহূৰ্ত?
এইজন ইমান বেগী! কেনেকৈ?
মানুহজনে যেন আলফুলক আলফুলে তাইৰ পৰা আঁতৰাই থব বিচাৰিছে৷ আৰু আদিত্য?

বুকুৰ ভিতৰত অতৃপ্ত সপোন বৈ আহে৷ পোহৰ বিচাৰি৷ হুমুনিয়াহ হৈ৷ স্কুল ৰ দিনৰে পৰাই দুয়ো দুয়োকে জানে৷ একেখন গাঁৱৰে আছিল৷ তাই স্কুলৰ মাষ্টৰৰ ছোৱালী, ডাঙৰ৷ আদিত্য ঠিকাদাৰৰ ল’ৰা৷ ধৰিত্ৰীয়ে পথাৰেৰে স্কুললৈ পোন কৰা সময়ত আদিত্যই স্কুললৈ যায় গাড়ীত, অকলে ঘৰৰ পৰা৷ স্কুলৰ বেষ্ট ষ্টুডেণ্ট ধৰিত্ৰী, শ্ৰেষ্ঠ যদিও নম্ৰ৷ আৰু আদিত্য?
ধৰিত্ৰীৰ লগৰবোৰে কয় –

: ঐ, তই মাষ্টৰৰ জীয়েক বাবে বোলে সদায় নম্বৰ বেছি পাৱ? আদিত্যই কৈছে৷ অহাবাৰলৈ সি হেনো এক নম্বৰ হ’বই৷

নোৱাৰিলে! ধৰিত্ৰীৰ তীক্ষ্মতাই আদিত্যক এক নম্বৰ হ’বলৈ নিদিলে কোনোদিনে৷ স্কুল কলেজ ক’তো আদিত্যই ধৰিত্ৰীক পিছ পেলাব নোৱাৰিলে৷
কিন্তু তাৰবাবেই যে এনে প্ৰতিশোধ মানুহে ল’ব পাৰে ধৰিত্ৰীয়ে কেতিয়াও ভাবিব পৰা নাছিল৷ আৰু এতিয়া নভৱা বহু ঘটনাৰ কেন্দ্ৰ বিন্দু তাই৷ সঁচা কাহিনীৰ সঁচা নায়িকা। আৰু এইজন?

: মই আপোনাক মোৰ কাৰ্ডখন দিওঁ দেই৷
মুখত চেন্দুইচৰ শেষৰ কোণাটো কামোৰি বেগ খুঁচৰিছিল৷

: মই মানে … ক’ব নাপালেই মুখৰ পৰা চেন্দুইচ ওলাই মজিয়াত পৰিল৷

ধৰিত্ৰীৰ হাঁহি উঠি গ’ল৷ তাই আনফালে মুখ ঘূৰালে৷

: এইখন মোৰ কাৰ্ড৷ কেতিয়াবা ঘৰলৈ মাতিব দেই যাম৷ মই খুউব ভাল বনাও৷ পৰ্ক খায়নে? পৰ্ক বনাই খোৱাম আপোনাক৷ নৰ্ডান ফিলিপিনচ ৰ ম’ষ্ট প’পুলাৰ ডিচ মই জানো৷ সেয়া বনাই খোৱাম৷ মৌ দি পৰ্ক বনায় জানে তেওঁলোকে? জ্বলা, মিঠা মিঠা … উফ্!

কথাখিনি শেষ কৰি মানুহ জনে মজিয়ালৈ চায়৷ চেন্দুইচ ইতিমধ্যে মজিয়াত বিয়পি পৰিছিল৷ ধৰিত্ৰীয়ে লক্ষ্য কৰি আছিল৷ চকুৱে চকুৱে পৰাত লাহেকৈ ক’লে –

: হেহ্! পৰি গ’ল৷

ঘৰত হেনো আদিত্যই কৈছিল ধৰিত্ৰী নহ’লে জীৱনত বিয়াই নাপাতে৷ কেউফালৰ পৰা হেঁচা৷ ধৰিত্ৰী উপায়হীন, দিশহাৰা৷
দেউতাকে বাৰীৰ পিছফালে থকা পুখুৰীত মাছ মাৰিবলৈ যায়৷ লগতে ধৰিত্ৰীকো লৈ যায়৷ দেউতাকে মাছ মাৰে, জাল টানে৷ লাহে লাহে কয় – “ তই কথাবোৰ ভাবি চা মাজান মোৰ বেছি দিন নাই চাকৰি শেষ হ’বলৈ।”

জালত মাছ লাগে, ধৰফৰাই৷ মেলখোৱা চকুৰে মাছ কেইটাই আকাশলৈ চায়৷ নিৰুদ্বেগ, নিস্পৃহ৷

“মাৰক ভালদৰে ৰান্ধিব দিম৷ জুতিকে এসাজ গোটেই কেইটাই খাম৷”- দেউতাকে কয়৷

মাছটো লৈ তাই ঘৰলৈ উভটে নীৰৱে৷ সন্মুখত তিতা তিয়নিৰে দেউতাক, পিছে পিছে তিতা মনেৰে ধৰিত্ৰী৷

বিয়া হ’ল ধৰিত্ৰীৰ আদিত্যৰ সৈতে৷ কিন্তু …. কিন্তু এটা থাকি গ’ল৷ আৰম্ভ হ’ল কিন্তু ধৰিত্ৰী আধৰুৱা হৈ ৰ’ল৷ ধৰিত্ৰীয়ে পঢ়িবলৈ বিচাৰিছিল, নিজে কিবা এটা হ’বলৈ বিচাৰিছিল৷ ইমান মেধাৰ চাৰ্টিফিকেট বোৰ কামত লগাব বিচাৰিছিল৷ তাই নিজৰ সপোনৰ বিষয়ে ক’বলৈ মুখ মেলিছিল হে ..

: মোৰ ঘৈণী হ’বলৈ ছোৱালী কম নাছিল৷
তুমি হৈছা, ঘৈণী হোৱা৷
মোৰ ঘৈণী হিচাবে এনেয়ে তোমাক হেজাৰজনে চিনি পাইছে আৰু পাব৷ এতিয়া মোৰ ৰেপুটেচন এনজয় কৰা৷ আই নিড বেবি, মা হোৱা৷ টকা দিম খৰচ কৰা, কোনেও তোমাক এইখন ঘৰত বাধা নিদিয়ে৷

ভৰিৰ তলৰ পৃথিৱী হেৰাই গ’লে কি হ’ব পাৰে? কি হ’ব যদিহে আমাৰ ভৰিৰ তলৰ মাটি হেৰাই যায়?
আকাশ খন চক্ৰবৎ ঘূৰিবলৈ ধৰে৷ লাহে লাহে ক্ৰমাত জোৰকৈ৷ মানুহে মানুহৰ অস্তিত্বক এনেকৈ প্ৰহাৰ কৰিব পাৰে নে?
আদিত্যই তাইক ভাল পাইছিল বুলিহে ভাবিছিল৷ আদিত্যক এজন মানসিক ৰোগী যেন লাগিছিল৷
মাক-দেউতাকক কৈছিল তাই, নুবুজিলে৷
ঘৰ ধৰিবলৈ ক’লে, ভগৱানৰ কথা ক’লে৷ ভগৱান আছে, ভাল হ’ব৷ কিন্তু তাইতো ঘৰ নধৰো কোৱা নাছিল?
তাইৰ অভিমান হয় মাক-দেউতাকৰ ওপৰত৷
তাই মা হয়৷ নৱৰূপে আহি তাইৰ বেৰঙ জীৱনত ৰং দিবলৈ, মা বুলি মাতিবলৈ আৰম্ভ কৰিছিল হে মাথোঁ৷ আদিত্যই তাক লৈ গ’ল ডেৰাডুনলৈ৷ মানুহ কৰিবলৈ বুলি৷ আৰু আকৌ এইবাৰ আলফুলক৷

ঘৰ টকা গাড়ী সকলো আছে৷ নাই আলফুল, নাই নৱৰূপ৷ নাই আদিত্য, নাই সন্মানবোধ৷
মাক-দেউতাকে দায়িত্ব পালন কৰিলে৷ আদিত্যই মাক সাজিলে আৰু এতিয়া মই ঘৰ চম্ভালোঁ৷
বছৰৰ দহটা মাহে বাহিৰত থাকে কৰ্তব্যৰ খাতিৰত৷ সন্তান কেইটাক যেতিয়াই সুযোগ পাওঁ উপযুক্ত সংস্কাৰ দিবলৈ অহৰ্নিশে চেষ্টা কৰিছো৷ অকণমান ভুল হ’লেও তো তেওঁ মোকেই দুষিব৷ নিজৰ ভাল লগা বোৰ, প্ৰতিভা বোৰক চেপি খুন্দি ভৰাই থ’লো কৰবাত৷ তেওঁৰ ভাল লগা খিনিক মোৰ ভাল লগা কৰিলোঁ৷ ঘৰ খনৰ প্ৰতিটো সমস্যা অকলে মূৰ পাতি সমাধান কৰোঁ৷ তেওঁ উপাৰ্জন কৰে বাবেই বাকী বোৰ চিন্তাৰ পৰা মুক্ত কৰি ৰাখোঁ৷ সমাজৰ দৃষ্টিত সুখী সফল দম্পতী আমি৷ আৰু মোৰ ভিতৰ খন? ? ? ? মই? ? ? মোৰ ইচ্ছা, ভাল লগা, অথবা সৰু এটি হেঁপাহৰ কথা ক’লেই যে তেওঁ কৈ উঠে কাম নাই আৰু? খাবলৈ পাইছা, পিন্ধিবলৈ পাইছা৷ আৰু কি লাগে? ? ? ? আস্! কেনেকৈ কওঁ আৰু কি লাগে মোক৷ কেনেকৈ কওঁ যে তুমি মোকো অকণ বুজা যিদৰে মই তোমাক বুজি সকলো মূৰ পাতি লৈছোঁ৷ কেনেকৈ কওঁ মোক, মোৰ ভাল লগা খিনিক তুমিও অকণমান সন্মান দিয়া! যিবোৰ গুণৰ বাবে তুমি মোক বিয়া কৰাই আনিছিলা সেইবোৰ এতিয়া কিয় কাম নাইকিয়া হ’ল? কেনেকৈ কওঁ তোমাক আদিত্য!
নাই আদিত্যই কোনোদিনে তাইক ভালপোৱাই নাছিল৷ ধৰিত্ৰী কেৱল আদিত্যৰ বাবে এক জেদ আছিল৷

: কিবা ক’লে?

: হুঁহ? নাই, নাই৷ নাই কোৱা, একো নাই কোৱাঁ৷

ধৰিত্ৰীয়ে উচপ খাই একপ্ৰকাৰে চিঞৰি উঠিল৷

: সঁচা কথাবোৰ এনেকৈয়ে ওলায়৷

ধৰিত্ৰী সচেতন হৈ উঠে৷ ধৰা পৰি গৈছে নেকি তাই? যিবোৰ কথা তাই মাক-দেউতাককো নকয় সেইবোৰ এজন অচিনাকি মানুহে ….!

নাই! তাই আঁৰ চকুৰে মানুহজনক এবাৰ লক্ষ্য কৰে৷ ওহোঁ! নাই তাইৰ ভুল হোৱা নাই৷ বদনামী জীৱনৰ চাপ তাই সেই চকুযুৰিত বিচাৰি নাপায়৷ মানুহজন ঠগ নহয়৷

: আপুনি বহকগৈ, মই ৱাচৰূমৰপৰা আহোঁ৷ নহ’লে আকৌ বিপদত পৰিম নহয়৷
কফিৰ শেষৰ খিনি একে সোহাই গিলি মানুহজন নোহোৱা হ’ল৷
কোনো ফৰ্মেলিটি নাই৷ এৰি থৈ যাওঁ বুলিয়েই গুচি গ’ল৷

ক’ত জানো চুপ লৈ আছিল হাঁহিটো! তাইৰ ওঠঁ লাহে লাহে কঁপাই তোলে হাঁহিটোৱে৷ তাই উঠি গৈ আকৌ আগৰ বহা ঠাইতে বহেগৈ৷
এনাউঞ্চমেণ্ট আকৌ আৰম্ভ হয়৷ পেছেঞ্জাৰচ টু দ্যা গুৱাহাটী আৰ ৰিকুৱেষ্টেদ টু …..

তাই সাজু হয়৷ কিন্তু মানুহ জন! নাই৷ ক’তো দেখিবলৈ নাই৷ তাই কেউফালে এবাৰ এনেয়ে চায় আৰু শেষত ইতস্ততঃ খোজেৰে আগবাঢ়ে৷ হাতত তাইৰ সেই ৰূমাল খন লাগি থাকে …….! ( ক্ৰমশঃ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments