কাংক্ষিত সোৱাদ – মৃদুল কুমাৰ শৰ্মা

 

এসপ্তাহৰ বেছিয়েই হ’ল বৰষুণ দি থকাৰ৷ নেৰানেপেৰাকৈ, কলহৰ কাণেৰে ঢালি থকা বৰষুণৰ বাবেই চৌদিশে বানপানী হৈছে নে কোনোবা নদীবান্ধ ভাঙো ভাঙো হোৱাত মনে মনে শ্লুইচ গেইট খুলি দিয়াৰ বাবেই বানপানী হৈছে ভাবি ভাবি পাৰ নাপাই শৰ্মাই হুমুনিয়াহ এটা কাঢ়িলে৷ এইকেইদিন বাতৰিকাকত, ফেচবুকত বানপানীত দুৰ্দশাগ্ৰস্ত ৰাইজৰ ফ’টো দেখি মনটো মুজুৰা পৰি আছে শৰ্মাৰ৷ ভাগ্য শৰ্মাই অসমীয়া নিউজচেনেলকেইটা নাচায়, নহ’লে চাগে হাৰ্ট এটাকেই হ’লহেঁতেন৷
ৰেলৰ লেভেল ক্ৰছিঙৰ গেইটখন পৰি থকাৰ বাবে পোন্ধৰমিনিট ৰৈ থাকোতে বহুবোৰ কথাই শৰ্মাৰ মূৰত খেলাই গ’ল৷ মবাইলত ফেচবুকটো খুলি বানপানীৰ ফ’টো, প’ষ্ট আৰু ভিডিঅ’বোৰ দেখি অন্যমনস্ক হৈ পৰিল তেওঁ৷ বানপানীৰ চেল্ফি আৰু চেল্ফি ভিডিঅ’ দিয়া দুজনী সুন্দৰীক আনফ্ৰেইণ্ডো কৰি দিলে এপাকত৷ পিছফালৰ গাড়ীখনে ভৌ ভৌকৈ কেইবাবাৰো হৰ্ণ মাৰোতেহে সম্বিত ঘূৰাই পাই গাড়ী ষ্টাৰ্ট দি শৰ্মা আগুৱাই গ’ল সাৱধানেৰে কেৰিকেচাৰ কৰি দৌৰি ফুৰা বাইকবোৰৰ মাজেৰে৷ হেলমেট নিপিন্ধাকৈ দুৰন্ত গতিত বাইক চলাই ফুৰা ল’ৰাবোৰ দেখি শৰ্মাই ’উচ্ছৃংখল যুৱমানসিকতা আৰু অভিভাৱকৰ কৰণীয়’ বিষয়টোৰ ওপৰত সৰুসুৰা ভাষণেই এটা মনতে ঠিক কৰি ল’লে৷
এক কিলোমিটাৰমান যোৱাৰ পিছত হঠাতে কিছু দূৰৈত পুলিচ, চিআৰপিৰ বেৰিকেড এটা দেখি শৰ্মাৰ মনত পৰিল, ’অ’ কাইলৈ পোন্ধৰ আগষ্ট কাৰণে চেকিং চলিছে৷ পিছে এই হেলমেট নিপিন্ধাকেইটাক ধৰেনে নাই বা’৷ এনেতে পিছফালৰ পৰা কোনোবাই বৰকৈ হৰ্ণ বজাই অহা দেখি বিৰক্তিবোধেৰে শৰ্মাই সোঁফাললৈ চাই কাকো নেদেখি বাওঁফাললৈ চাই দেখে যে সৰ্বশৰীৰ ৰেইনকোটেৰে ঢকা, মূৰত হেলমেট পৰিহিত এক হৃষ্টপুষ্ট ব্যক্তিয়ে হাতখন জোকাৰি জোকাৰি ৰ’বলৈ ইংগিত কৰিছে৷ ভালদৰে চায়ো শৰ্মাই ব্যক্তিজন কোন মুঠেও অনুমান কৰিব নোৱাৰিলে৷
ক্ৰেএএএচচচচচচচ্‌….. থিতাতে ব্ৰেক মাৰি গাড়ীখন ৰখাই বাওঁফালৰ আইনাখন নমাই দিয়াৰ লগে লগে বাইকৰ অপৰিচিত আৰোহীজনে মোনা এখন গাড়ীৰ খিৰিকিৰে ভৰাই দি ফিচফিচাই ক’লে, ’লৈ যাওক৷ পিছৰটো পিছত হব’৷ কিংকৰ্তব্যবিমূঢ় হৈ শৰ্মাই আইনাখন উঠাই গাড়ী আগবঢ়ালে৷ সমুখত পুলিচ, চিআৰপি আছে৷ কি বা বস্তু আছে মোনাখনত, বোমা চোমা নহয়তো৷ বোমাৰ কথা ভাবি শৰ্মাৰ বুকুখন ঢিপলিং কৰি উঠিল৷ সৌভাগ্যবশতঃ পুলিচে গাড়ীখন নৰখালে৷ বোধহয় সদায় দেখি দেখি চিনাকি হৈ গৈছে চাগে পুলিচৰো৷
গোটেই ৰাস্তাটো শৰ্মাই ভাবি ভাবি গ’ল কি থাকিব পাৰে মোনাখনত, আৰোহীজনেই বা কোন আছিল ইত্যাদি ইত্যাদি৷ ঘৰৰ চোতালত গাড়ীখন পাৰ্ক কৰি কিছু ভবা চিন্তা কৰি লাহেকৈ বাওঁফালৰ দুৱাৰখন খুলি মোনাখনলৈ চালে৷ ভয়ে ভয়ে মোনাখন দাঙি চাই যে প্ৰায় তিনিকেজিমান ওজন হব৷ মোনাখনৰ মুখখনত সৰু গাঁঠি এটা দিয়া আছে কাৰণে কোনো অনুমানেই কৰিব পৰা নগ’ল ভিতৰত কি আছে৷ যি হয় হব বুলি ভাবি লাহেকৈ মোনাখন বাহিৰলৈ উলিয়াই আনিলে৷
চাতকৈ শৰ্মাৰ মনলৈ হলিউডৰ ’কিলবিল’ চিনেমাখনৰ দৃশ্য এটা মনলৈ আহিল য’ত এটা মিহিগুণ্ডা ভিলেইনক এজনী মিহিগুণ্ডী ভিলেইনে ’ব্লেক মাম্বা’ সাপ এটা খোঁট খুৱাই হত্যা কৰিছিল৷ শৰ্মাৰ সৰ্বশৰীৰৰ মাজেৰে যেন এঘাৰ হেজাৰ ভ’ল্টৰ কাৰেণ্টহে পাৰ হৈ গ’ল৷ এনেয়ে শৰ্মাৰ বেছি শত্ৰু নাই যদিও কিছুদিন ধৰি শৰ্মাৰ ফেচবুকৰ ফ’টো আৰু প’ষ্টবোৰে ঢেৰ লাইক কমেণ্ট পাবলৈ ধৰাই যে এটাচাম হিংসুকৰ নজৰ যে পৰিছে সেইটো মন কৰি আছিল৷ তেনে কোনোবাই যদি ফেঁটীসাপ এডাল মোনাখনত ভৰাই দি দিছে! আৰু একো ভাবিব নোৱাৰিলে শৰ্মাই আৰু হেইহ্‌ বুলি কৈ মোনাখন কিছু দূৰলৈ দলিয়াই দিলে৷
কক্‌কক্‌ক্ৰঅঅক্‌কক্‌কক্‌….. মোনাখনৰ ভিতৰত পৰা মুৰ্গী এটাই আৰ্তনাদ কৰি উঠিল৷ এক নেনো চেকেণ্ডৰ ভিতৰতে শৰ্মাৰ মূৰেৰে বহুখিনি কথা পাৰ হৈ গ’ল আৰু মিচিকিয়া হাঁহি এটা ওঁঠত বিৰিঙি উঠিল৷ ফুটবলৰ গ’লকীপাৰে ডাইভ মৰাৰ দৰে জাঁপ এটা মাৰি শৰ্মা মোনাখনৰ ওপৰত জঁপিয়াই পৰিল আৰু মোনাখনৰ গাঁঠিটো একেটানে খুলি মুৰ্গীটো বাহিৰলৈ উলিয়াই তাৰ ঠোঁটটো চেপি ধৰিলে যাতে আৰু চিঞৰিব নোৱাৰে৷ ব্ৰাহ্মণ হৈ জন্ম লোৱাৰ যন্ত্ৰণা কি তাক শৰ্মাই ভালদৰে বুজি পায়৷ মুৰ্গী সকলোৱে খায় কিন্তু শৰ্মাৰ ঘৰত মুৰ্গীৰ ৰেৱাজ, নাঃ ওচৰ চুবুৰীয়াৰ বুবু বাবা একদম সহ্য নহয়৷ মুৰ্গী খোৱাৰ ক্ষেত্ৰত ব্ৰাহ্মণসকল যে সদায় শোষিত হৈ আছে আৰু কোটা আদি নোহোৱাকৈ যে সকলোতে বেছি নম্বৰ পালেহে ছিট আদি পায়, এই বিষয়ে ক্ষোভ বিজৰিত থুলমুল ভাষণ এটা মনতে আওৰাই শৰ্মাই মুৰ্গীটো পুৰণি আচবাব থোৱা ঘৰটোৰ ভিতৰত ভৰাই বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দি কাপোৰ সলাবলৈ গ’ল৷
আচলতে মুৰ্গী নাছিল সেইটো, আছিল মুৰ্গাহে৷ বহুদিনৰ পৰাই শৰ্মাই কাৰোবাৰ কাৰোবাৰ মুখত শুনি আছিল যে ছাগলী যেনেদৰে খাহী কৰিলে তেলাল হয় আৰু বেছি সোৱাদ হয় তেনেদৰে মুৰ্গাৰো হেনো খাহী কৰে কিছুমানে আৰু সেইটো খাবলৈ মস্ত সোৱাদ হয়৷ কেইদিনমান কথাই কথাই অনিলদাৰ আগত কথাটো উলিয়াওতে তেওঁ বিচাৰি চাম বুলি কৈছিল৷ আজি অনিলদাই এটা ’চাৰপ্ৰাইজ’ দিলে৷ শৰ্মাৰ হাঁহিটো নুগুচাই হ’ল মুখৰ পৰা এতিয়া৷
কাপোৰ কানি সলাই হাফপেণ্ট এটা পিন্ধি শৰ্মাই বাহিৰত থকা চৌকা এটাৰ ওপৰত কেৰাহী এটা বহুৱাই দি তলত জুই দি পানী গৰম হবলৈ দিলে৷ অনিলদাই বাৰম্বাৰ সিদিনাই কৈছিল যে এনেকুৱা খাহী মুৰ্গাৰ ছাল নেচেলাই হাঁহৰ দৰে নোম গুচাইহে খাব লাগে৷ তেহে হেনো আচল সোৱাদটো পোৱা যায়৷ মুৰ্গাটো মাৰি শৰ্মাই ডিঙিত ধৰি গৰম পানীত জুবুৰিয়াই দি উঠাই আনি তলৰ অংশৰ পাখী আৰু নোমবোৰ গুচালে৷ অনিলদাই কৈছিল যে এবাৰতে গোটেই মুৰ্গীটো পানীত জুবুৰিয়াই দিব নালাগে, তেতিয়া এফালৰ নোমবোৰ সহজে গুচে যদিও বাকী অংশ ঠাণ্ডা হৈ পৰাৰ বাবে নোমবোৰ ভালদৰে নুগুচে৷ এইবাৰ ঠেং দুটাত ধৰি ওলোমাই মূৰৰ ফালে জুবুৰিয়াই উঠাই বাকী অংশৰ নোমবোৰ গুচাই পেলালে৷
কলপাত এখন কাটি আনি, দাখন ধৰাই শৰ্মা মুৰ্গাটো কাটিকুটি সাজু কৰিলে৷ মুৰ্গাটোৰ যথেষ্ট তেল আছিল৷ সেইখিনি একাষৰীয়াকৈ থলে৷ তাৰপিছত পাকঘৰলৈ গৈ মাংসখিনিত নিমখ, হালধি আৰু অলপ জিৰাগুড়ি সানি থৈ দিলে৷ পিয়াজকেইটামান মিহিকৈ কাটি, নহৰু কেইটামান গুচাই পটাখনতে পিচি ল’লে৷ নহৰু পিচা অলপ মাংসখিনিত সানি ঢাকোন মাৰি থলে৷ দহটামান কেঁচা জলকীয়া ভালদৰে ধুই মাজেৰে ফালি ল’লে৷ আদা দুই ইঞ্চিমানৰ টুকুৰা এটা ৰোকনিখনত মিহিকৈ ৰুকি শৰ্মাই গেচটো জ্বলাই কেৰাহী এটা বহুৱাই দি ভালদৰে গৰম হবলৈ দিলে৷
কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত তাত মিঠাতেল সামান্য দি ভালদৰে গৰম হোৱাৰ পিছত তাত মুৰ্গাৰ তেলখিনি দি কিছুসময় থাকিবলৈ দিলে৷ তেলখিনি গলি যোৱাৰ পিছত ঈশ্বৰক চিন্তি শৰ্মাই তাত তেজপাত দুখিলা দি পিয়াজ আৰু জলকীয়াখিনি ঢালি দিলে৷ পিয়াজখিনি অলপ দেৰি লৰাই লৰাই তাত ঢাকোন এখন বহুৱাই দিলে৷ কেইমিনিটমান পিছত ঢাকোনখন গুচাই পিয়াজখিনি সামান্য ৰঙচুৱা হোৱা দেখা পাই তেওঁ পিয়াজখিনিৰ মাজত খোল এটা কৰি নহৰু বটাখিনি দি ভালদৰে লৰালে৷ এইখিনিতে ধুনীয়া গোন্ধ এটা মলমলাই ৰান্ধনিঘৰটো সুবাসিত হৈ পৰিল৷ তাৰপিছত মাংসখিনি কেৰাহীত বাকি দি ভালদৰে তল ওপৰ কৰি লৰালে বেছ কিছু সময়৷ কিছুদেৰি এইদৰে ভজাৰ পিছত শৰ্মাই গেচটোৰ জুইকুৰা কমাই দিলে একেবাৰে আৰু ঢাকনিখন লগাই দিলে৷
কেইমিনিটমান পিছত পুনৰ ঢাকনিখন গুচাই মাংসখিনি লৰালে৷ আকৌ ঢাকনি দিলে, আকৌ লৰালে৷ এনেদৰে সঘনাই মাংসখিনি লৰাই থাকিল৷ শৰ্মাৰ নিজৰ অভিজ্ঞতামতে মাংস এনেদৰে কম জুইত সঘনাই লৰাই থাকিলে বেচ সোৱাদ হয় আৰু মাংস ধুনীয়াকৈ সিজি মুখত দিলে পমি যোৱা বিধৰ হয়৷
মাজতে এপাকত এখন তাৱাত জালুক এমুঠি শুকানে গৰম কৰি লৈ খুন্দনাত গুৰি কৰি ল’লে৷ এইখিনি একেবাৰে শেষত দিয়া হব৷ এনেদৰে ৰোষ্টেড জালুকৰ গুড়ি দিলে ভাল ফ্লেভাৰ এটা আহে বুলি শৰ্মাৰ থিয়ৰিয়ে কয়৷
মাংসখিনিৰ পৰা বহুত তেল ওলাইছিল৷ বেলেগে মিঠাতেল নিদিয়াকৈ হ’লহেঁতেন৷ এতিয়া আৰু ভাবি লাভ নাই বুলি শৰ্মাই মাংসখিনি সিজা যেন পাই তাত আদাখিনি আৰু জালুকৰ গুড়ি দি ভালদৰে লৰালে আৰু অলপ পানী দি জুইকুৰা বঢ়াই দি ঢাকনিখন মাৰি দিলে৷ পিয়াজ ফুল ফ্ৰাই, নহৰু হাফ ফ্ৰাই আৰু আদা মাংস হোৱাৰ আগে আগে যে দিব লাগে শৰ্মাই সেইটো ভালদৰে মানি চলে৷ দহমিনিটমান পিছত জুইকুৰা নুমাই পুনৰ মাংসখিনি দুবাৰমান লৰাই শৰ্মাই কাঁহীখন উলিয়াই ভাত বাঢ়ি টেবুলত থলে৷ ডাঙৰ বাতি এটাত মাংস লৈ গোগ্ৰাসে খাই প্ৰকাণ্ড উগাৰ এটা মাৰি শৰ্মাই মুখখন ধুই চিধাই বিচনাত পৰিলগৈ৷ ফেনখন ফুলস্পীডত চলাই গেঞ্জীটো পেটলৈকে কোঁচাই শৰ্মাই ৰেচিপিটোৰ নাম ’শৰ্মাজ স্পেশ্যেল খাহী-মুৰ্গ’ নাম দি টোপনিত পৰিল৷
সেই সময়ত ঘুমন্ত শৰ্মাৰ পেটটো দেখিলে যে আপুনি যে তেওঁক ’গেৰেলা বাবু’ নাম দিলেহেঁতেন সেইটো মই নিশ্চিন্ত৷
১৬.০৮.১৭

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments