কাকতিৰ সংসাৰ – তৃপ্তি বৰা

পঢ়ি থকা খবৰ কাকতখন সামৰি থৈ কাকতি খুৰাই ওচৰতে বহি থকা খুৰী মানে মিছেছ কেগতিক ক’লে, হেৰা চাহ একাপ দিয়াচোন খাওঁ৷

: হেৰা মোক এতিয়া দিষ্টাৰ্ব নিদিবা দেই৷ আজি মহিলা সমিতিৰ মিটিং আছে ভাষণ মুখস্থ কৰি আছো৷ নাৰী শোষণৰ ওপৰত৷ নিজেই বনাই লোৱাগৈ৷
: নাৰী শোষণৰ ওপৰত! হেৰা পিছে তুমি ভাষণ মূখস্থ কৰিছো বুলি কৈছা যে ফোন হে চাই আছা দেখোন!
এইবাৰ কেগতি আণ্টিৰ অলপ খঙেই উঠিল হ’বলা৷ ভেকাহি মাৰি ক’লে-
: হেৰা, তোমাৰনো কি দৰকাৰ ইমান চকু দিবলৈ৷ ভণ্টিয়ে লিখি হোৱাটছ্ এপত দিছে৷ চাহকাপ নিজেই বনাই খাব নোৱাৰা নেকি হে? ….কৃষ্ণ! সুপ্ত আগ্নেয়গিৰিক জগাই হে ল’লো যেন পাওঁ..কাকতি খুৰাই মনতে ভাবিলে৷ আগ্নেয়গিৰিৰ পৰা নিৰ্দ্দিষ্ট দূৰত্ব নিয়ন্ত্ৰণ কৰি কাকতি খুৰাই লাহেকৈ মাত লগালে..
: অ’, হেৰা মই এনেইহে সুধিছিলো৷ হ’ব তুমি মুখস্থ কৰা দেই৷ মাজনী যাচোন চাহ একাপ আনগৈ৷ ওচৰতে বহি ফেচবুক কৰি থকা কমলা অ’হ চ’ৰি দেই, কিমিক উদ্দেশ্য কৰি ক’লে৷
: অহ্ পাপা প্লিজ নিজেই বনাই লোৱানা, মই নেইল পলিচ্ লগাইছো৷ এণ্ড এইবোৰ কাম কৰিবলৈ নক’বা না৷ মই এনেই বেয়া পাওঁ৷
মাম্মী, তুমি নাৰী শোষণৰ ওপৰত লেকচাৰ দিবা ন৷ মেক্আপৰ বস্তুৰ ইমান দাম বঢ়াইছে সেইটো ক’বলৈ নাপাহৰিবা দেই মাম্মী৷ সেইটোও টো ওৱান কাইণ্ড অৱ শোষণেই হয় ন আমাৰ ওপৰত৷ কিমিয়ে মাকক উদ্দেশ্যি ক’লে৷
: অহ্ ভাল কথাটো ক’লি দে৷ ক’ব লাগিব৷ কেগতি আণ্টিয়ে ক’লে৷
কাকতি খুৰাই মনতে ভাবিলে মই কিবা ভুলকৈ শুনিছো নেকি বাৰু৷ পেটত ভাকুটকুটাই থকা কথাটোনো বাৰু নোসোধাকৈ কেনেকৈ থাকে৷ মৰণত শৰণ দি লাহেকৈ প্ৰশ্নবান এভাগ মিছেছ কেগতিলৈ নিক্ষেপ কৰিলে-
: হেৰা, নহয় মানে তুমি যে ভাষণ দিবা নাৰীৰ শোষণ নে নাৰীৰ শাসনৰ ওপৰত বাৰু? নিক্ষেপিত প্ৰশ্নবানে মিছেছ কেগতিৰ কৰ্ণ কুহৰত আঘাত কৰিলেনে নাই জানো, পিছে তেওঁৰ চকুৰে নিৰ্গত হোৱা জ্বালামুখীয়ে সেইভাগ বানক ভষ্মীভূত কৰি স্বয়ং কাকতি খুৰাক থকাসৰকা কৰি পেলালে৷ খুৰাই ভাবিলে যুদ্ধক্ষেত্ৰ এৰি পলায়ন কৰাটোৱেই মংগল হ’ব৷
: হ’ব৷ হেৰা মই এনেই হে সুধিলো৷ তুমি মুখস্থ কৰা দেই৷ মই অলপ বাহিৰতেই বহোগৈ বুলি কৈ খুৰাই বাহিৰলৈকে ওলাই আহাটোকে ঠিক কৰিলে৷
মৃণাল ক’ৰবালৈ যায় হ’বলা৷ এনেয়ে তাৰ লগত দেখা সাক্ষাত নহয়েই৷ বৰ ব্যস্ত যে৷ মানে বেকাৰ সন্থাৰ সভাপতি যে৷ আজি দেখা পায়েই খুৰাই সুযোগটো পাই সাউতকৈ ক’লে-
: বাবা ক’ৰবালৈ যাৱ নেকি? ইলেক্ট্ৰিচিটিৰ বিলটো দি যাবিচোন৷
: এতিয়া সময় নাই৷ আজি আন্দোলন আছে৷
: ঐ কিহৰ আন্দোলন? কাকতি খুৰাই সুধিলে৷
: কলিতাচুকত খুলিব লগা ৱাইন চ’প খন বৰা চুবুৰিত খুলিব৷ এইয়া হ’বলৈ দিব নোৱাৰি৷ আমাৰ বেকাৰ সন্থাই তীব্ৰ আন্দোলন কৰিম৷ প্ৰয়োজন হ’লে চহৰ বন্ধ দিবও পাৰো৷
: বুজিলো বাৰু৷ পিছে তই যে বাইকখন ইমান স্পীডত চলাৱ কিয়?
: আৰে পাপা কম্পেনীয়ে উলিয়াইছেই ইমান স্পীডত চলাব পাৰাকৈ…বাবায়ে বাইকত বহিয়েই দেউতাকক ক’লে৷
: অহ্, তেনেহ’লে কম্পেনীয়ে দেখোন নতুন ডিজাইনৰ ৰেজৰো উলিয়াইছে৷ তই যে দাড়িবোৰ নকটাৱ কিয়?
: আৰে পাপা৷ তুমি এইবোৰ বাদ দিয়া৷ আজিকালি আন্দোলনৰ লীডাৰ হ’লে দাড়ি ৰাখেই৷ চাবাচোন অসমৰ ডাঙৰ ডাঙৰ আন্দোলনৰ লীডাৰ বোৰে দাড়ি ৰাখে৷ অ’কে বাই৷ মোৰ দেৰি হৈছে৷ কথাকেইটা কৈ বাবা মানে মৃণাল ওলাই গ’ল৷ সি কৈ যোৱা কথাখিনিকে আকাশ পাতাল ভাবি থাকোতেই হঠাৎ কাকতি খুৰাই মুখৰ আগত থকা টেবুলখনৰ ওপৰত ধোঁৱা ওলাই থকা গোলাপী চাহ একাপ দেখি চচমা যোৰ ভালকৈ পিন্ধি চালে৷ অ হয় দেখোন৷ এইবাৰ সন্মুখত ৰৈ থকা কিমিক দেখি নিজকে এবাৰ চিকুটি চালে৷ হয় চাহকাপ কিমিয়েই বনালে৷ এনেইহে ভুল বুজিছিল জীয়েকক৷ হওক দে মাজনী বৰ ভাল কৰিলি বুলি চাহকাপ তুলি লৈ খাবলৈ লওঁতে দেখে কিমিয়ে কিবা এটা ক’বলৈ ৰৈ আছে৷ তাই দেখোন সাজি কাছি ধুনীয়াজনী হৈ আহিছে৷ কথাটো কি? কাকতি খুৰাই লাহেকৈ সুধিলে-
: মাজনী কিবা কবি নেকি?
কিমিয়ে দেউতাকে সোধালৈ ৰৈ হে আছিল৷ তপক কৈ ক’লে-
: পাপা আজি মানে ফাদাৰ্ছ দে’৷ এইমাত্ৰ ফেচবুকত পালোঁ৷
: অহ্ হয় নেকি বৰ ভাল কথা৷ চাহকাপত চুমুক দি কাকতিয়ে ক’লে৷
: নহয় মানে চবেই দেউতাকৰ লগত চেল্ফি উঠি ফেচবুকত দিছে যে৷
উৰহী গছৰ ওৰটো কাকতি খুৰাই এতিয়াহে পালেগৈ৷ ধমক এটা দিবলৈ লৈও গোলাপী চাহকাপৰ কথা চিন্তা কৰিয়েই মন নাথাকিলেও ওঁঠৰ পৰিধি বহল কৰি তামোল খোৱা দন্ত কেইটা বিকশিত কৰি কিমিৰ লগত চেল্ফি পৰ্ব ভাগতেই যোগদান কৰিলে৷■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক