কাকনো বুলিম ককা…জীৱনৰ মৌগুটি কথা ৫ (ললিত চন্দ্ৰ বৰা)

(সমীৰে থমকি ৰৈছিল তাৰ মেনকাক প্ৰথম দেখা পোৱা দিনা । ‘ইমান দিনে কোনেও যেন দেখা নাছিল জোন, বেলি, তৰা।’ প্ৰেমত পৰিছিল সি । প্ৰথমবাৰৰ বাবে । প্ৰেমৰ পূৰণ অংক কৰোতে তাৰ বন্ধুকো যোগ কৰিব লগা হৈছিল ।)

মনৰে দাপোণতে তুমি মইনা
লগাই খলকনি মোৰে মনত মইনা
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে ওঁঠতে মই হাঁহি
মোৰেনো মৰমক দিবানে সঁহাৰি
জিলিকাম তোমাৰে ওঁঠতে মই হাঁহি

নোৱাৰো ক’বলে’ মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা
চল পাই বাটতে ভেটা দি ধৰিছা
মনৰে কথাবোৰ জানিব খুজিছা…

গীতটো এটি ৰোমাণ্টিক ৰোমাণ্টিক ভলিউমত লগাই দি সমীৰে পুৱাৰে পৰা নিজকে সজোৱাত ব্যস্ত । তাৰ আজি উগুল-থুগুল মন, কেতিয়াবা এক নুবুজা আনন্দত গা সাতখন আঠখন কৰে ।

‘তুমি ক’লে মইনা, আনি দিম পাৰিজাত
মৰতত মেনকা, পাৰিজাত কিয় তাত’
সি বাৰু আৰু কি কি কৰিব তাৰ মেনকাজনীৰ বাবে ? সৰগৰ পাৰিজাত, আকাশৰ তৰা, জোন থপিয়াই আনি দিব । দুয়োৰে মৰমৰ চিনস্বৰূপে তাজমহল সাজিব নতুনকৈ, তাৰ পাছফালে আইফেল টাৱাৰ বহুৱাই দিব । ব্ৰহ্মপুত্ৰৰ এটা সুঁতি প্ৰেমৰ ঘৰটোৰ কাষেৰে বোৱাই দিব, তাৰে পাৰত বহি মেনকাৰ সৈতে মনৰ কথাবোৰ পাতিব, সন্ধিয়াৰ পৰত দুয়ো নিৰিবিলি সময়ত আইফেল টাৱাৰত বহি নদীৰ পানীৰ কুলু কুলু গীত শুনিব । আৰু! আৰু কি কৰিব সি। কিবা এটা কথালৈ মনত পৰাত লাজ-লাজ ভাব এটাই তাৰ বুকুৰ ঢৌ তুলি গ’ল । ‘আহ! জীৱন, জীৱন সঁচাকৈ বৰ অনুপম ।’—কথাখিনিয়ে মনৰ মাজতে দোলা দি গুচি গ’ল । কথাবোৰ ভাবি ভাবি সি তাৰ কৰিবলগীয়া কামটো এৰি কেতিয়ানো পালেঙত বাগৰি পৰি গাৰুটো বুকুৰ মাজত লৈ চিত হৈ পৰিল গমকে নাপালে ।

‘সোনি, তোৰ হ’লনে ?’
মাকৰ চিঞৰতহে সি সপোনৰ আকাশৰ পৰা ধুপুচকৈ আহি মাটিত পৰিল । মাকে তাৰ মৰমৰ নাম ‘সোণটো’টো অলপ আপডেট কৰি আজিকালি ‘সোনি’ বুলি মাতে । তাকে আকৌ লগৰ তিখৰ কেইজনমানে অধিক আপডেটেত কৰি ‘শনি’ বুলি মাতে । সিহঁতক পেন্দোৱা চকুৰে চোৱাৰ বাদে আৰু তাৰ কৰিবলৈ একো নাথাকে। তাক বাৰু তাৰ মেনকাই কি বুলি মাতিব ? তাকে ভাবি লাজ-লাজ অনুভৱ এটা আকৌ এবাৰ তাৰ বুকুৱেদি বাগৰি গ’ল ।

আজি তাৰ জীৱনৰ এটা অতি বিশেষ দিন । জীৱন পৰীক্ষাৰ দিন । উজনি অসমৰ লাহৰি গাভৰুৱে হাঁহি-মাতি ৰজন-জনাই থকা ব্ৰহ্মপুত্ৰৰ পাৰৰ সোণোৱালী গাঁওখনলৈ যাব, য’ত তাৰ মৰমৰ মেনকাজনীয়ে সৰুতে সেউজীয়াৰ মাজে মাজে সপোন খেদিছিল । তাৰ মেনকাজনীক আপোন কৰি ল’বলৈ তাইৰ মাক-দেউতাক মানে তাৰ ভাবি শাহু-শহুৰৰ আগত সি আজি জীৱন পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যাব। এনে এটা দিন আহিব বুলি সি কেতিয়াও ভবা নাছিল । মেনকাজনীক বুকুত থকা মৰমবিলাক দেখুৱাবলৈ কমখন কৰিবলগীয়া হৈছিলনে সি । তাইক মৰম যাঁচিবলৈ গৈ নিজৰ থকা, খোৱা, পিন্ধা সকলো অলপ হ’লেও সলনি কৰিব লগা হৈছিল, নহ’লে তাই যিহে গঙাটোপ । সেইবোৰেই তাক আঁতিছিল । তাৰ পাছত সকলো ঠিকে-ঠিকে যাব বুলি ভাবিছিল যদিও তাই আকৌ খেলিমেলিখিনি লগাই দিলে । এইবাৰ তাৰ ভাগ্যত পৰিল তাইৰ মাক-দেউতাকক ‘মেনেজ’ কৰা । এনেই নকয় নাৰী ছলনাময়ী বুলি, সি ভালকৈ বুজিছে । পিছে উপায়তো নাই । সেয়েহে মৰণতে শৰণ দি ভাবি শহু-শাহুৰৰ ঘৰলৈ যাব ওলাইছে । জীয়েকক হাত লগোৱাৰ কাৰণে ইতিমধ্যে সি তেওঁলোকৰ চকুৰ কুটা, দাঁতৰ শাল হৈ আছেই । তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি পোনে পোনে গৈ জীয়েকৰ বিয়াৰ কথা পাতিলে চকুৱা-লাখুঁটিৰ কোব পিঠিত নপৰিলেই ৰক্ষা । সেয়েহে সমীৰে ‘ফাৰ্ষ্ট ইমপ্ৰেচন ইজ দ্যা লাষ্ট ইমপ্ৰেচন’ কথাষাৰ সৰোগত কৰি সাজ-পাৰৰ প্ৰতি বেছি মনোযোগ দিছে । কোনে জানে ভাল-ভাল পিন্ধি গ’লে কিজানি কামফেৰা অলপ সহজতেই হৈ যায় । কিন্তু সি পিন্ধিব কি? জোতা নে চেন্দেল ? কুৰ্তা-পায়জামা আৰু লগত খৰমযোৰ ? নে মাজে মাজে ফটা, ইয় ইয় লগা জিনছ আৰু ৰ’ক ব্ৰেণ্ডৰ প্ৰিন্ট থকা টি-চাৰ্ট, ৰে’বেন্দৰ ক’লা চকুযোৰ পিন্ধি যাব ? চুটিকৈ কটা চুলিকোচা কন্টকৰামৰ কাঁইটৰ দৰে কৰি লওঁ বুলি জেলৰ টেমাটো খুলি চালে । ‘ধুৰ, এইটোও আজিহে শেষ হ’বলৈ পালে’ মনতে ভোৰভোৰালে । পিছে এনেকৈ ছুপাৰষ্টাৰ হৈ গ’লে বাটৰ কুকুৰে নেখেদেটো ? ‘চেহ, কি হে কৰা যায়’ উগুল-থুগুল সকলো গণ্ডগল । যি হয় হওক, আফিচৰ পোছাকযোৰকে পিন্ধি শান্ত-শিষ্ট, ভদ্ৰ ডেকা হৈ যাও বুলি সমীৰে মনতে ঠিক কৰিলে । পিছে আজিকালি ‘ফৰ্মেল’ কপোৰৰ সৈতে টাই-ৱাই লগাই ঘূৰি ফুৰা এজেন্ট, ছেলছমেনৰ যিহে উত্পাত বাঢ়িছে, শাহুৱে কিবা কোৱাৰ আগতেই পদূলিৰ পৰাই বিদায় নিদিলেহে ৰক্ষা । ‘খা বাপ্পেকে, পইতাভাত’ । কাপোৰ বাছনি কৰোতেই তাৰ ভাগৰ লাগিল, সংগ্ৰাম কৰিবলগীয়া দিনটো পৰি আছেই ।

‘প্ৰতিপলে, প্ৰতিদিনে তোমাক বিচাৰো
তোমাৰ মৰম পাবলে মই কামনা কৰো’
প্ৰেম কৰাটো সাধাৰণ কথা নহয় । তাতে আকৌ প্ৰেমিকাৰ মুখৰ কথাষাৰ যদি মাক-দেউতাকক নিজে কাণ চোৱাবগৈ ল’গা হয়, তেন্তে হ’ল আৰু ।

তাৰ প্ৰেমৰ কথা নলেগলে লগা বন্ধুক কওঁতে, বন্ধুৱে কোৱা কথাষাৰ মনত পৰি গ’ল ।
‘মিনিটে মিনিটেচোন ছোৱালীৰ প্ৰেমত পৰিয়েই থাক, এইটোনো কি ডাঙৰ কথা হ’ল । ডেকা-ল’ৰাৰ হয়েই দে, ভাল লক্ষণ । নেক্স মিনিটত বেলেগ এজনী দেখিলে, এইজনী পাহৰি নতুনজনীৰ প্ৰেমত পৰিবি, ব’ল।’

সমীৰে থমকি ৰৈছিল তাৰ মেনকাক প্ৰথম দেখা পোৱা দিনা । ‘ইমান দিনে কোনেও যেন দেখা নাছিল জোন, বেলি, তৰা।’ প্ৰেমত পৰিছিল সি । প্ৰথমবাৰৰ বাবে । প্ৰেমৰ পূৰণ অংক কৰোতে তাৰ বন্ধুকো যোগ কৰিব লগা হৈছিল । বন্ধুৰ পৰা সহায় বিচাৰোতে কৈছিল—‘আৰে ভাই কৰিম, কৰিম দে । তই আজি প্ৰথমবাৰৰ বাবে মোৰ পৰা কিবা এটা বিচাৰিছ’, এইকণ সহায় কৰি দিব নোৱাৰিলে পাছলৈ বেলেগৰ আগত তোৰ বন্ধু বুলি পৰিচয় কেনেকৈ দিম। চাল্লা, কুকুৰ প্ৰেম কৰ, আৰু সহায় বেলেগৰ পৰা লাগে ।’

সময় বাগৰিছিল । মেনকা নামৰ ফুটুকীয়া পখীজনী তাৰ সপোনৰ প্ৰেমৰ জখলাৰে পৰা নামি আহি দিঠকত ওমলিছিল । এদিন বিয়াৰ প্ৰস্তাৱ দিছিল । কিন্তু?

‘নোৱাৰো ক’বলে মই আজি মইনা
মনতে ভালে লাগে ৰাখি মইনা’
তাৰ খংটো উঠি আহিল মিহিমিহিকৈ । এই ছোৱালীমখাই মাথোন প্ৰেম কৰিবহে পাৰে, জীৱনৰ সিদ্ধান্ত এটাও ল’ব নোৱাৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments