কাকনো বুলিম ক’কা… জীৱনৰ মৌগুটি কথা… (- ললিত চন্দ্ৰ বৰা )

সন্ধিয়া চাহ খাঁও বুলি মাৰাথাহালি ব্ৰীজৰ ফালে ওলাই গ’লো | চাহ খোৱাও হয় লগতে চকুৰ পিৰপিৰণিও অলপ মৰা হয় | প্ৰ্তি দেওবাৰে এনেকৈ ওলায় যোৱাতো আজিকালি প্ৰায় অভ্যাসত পৰিণত হৈছে | বেঙ্গেলুৰুৰ মাৰাথাহালি – এক ব্যস্ততাৰে ভৰা চহৰ, অচিন মানুহৰ মাজত কেতিয়াবা দুই-এজন চিনাকী মানুহ লগ পাই যাও, কথাৰ মহলা বহে, অলপ ভাল লাগে | একো কিনিবলৈ নাথাকিলেও ব্ৰেন্ড-ফেক্টৰীত এনেয়ে পাক এটা মাৰোঁ; পচন্দ হ’লে লগতে থকা এইবাৰ ঘৰলৈ যাওতে অনা জোলোঙা (ৰঙা নগামোনাটো) টোতে সোমোৱায় লওঁ | নহলেও সুদা হাতেৰে উভতি আহো, আমাক খালি হাতেৰে দেখি চিকিউৰিটি কেউটাও ঘোপাকৈ নোচোৱা নহয় – “চাব দে” এনে ভাৱেৰে হিন্দী চিনেমাৰ নায়কৰ দৰে টি-চাৰ্টৰ হাতখন অলপ কোঁচায়, জিনচৰ জেপত এখন হাত সোমোৱায় ডিঙিটো অলপ বেঁকা কৰি ওলায় আঁহো… …পিছে আজিকালি নাচায়, তাঁহাতৰো অভ্যাস হৈ গৈছে চাগে | অকল আমিয়ে নে? কিমান ডেকা-দমৰা এনেকৈ…

টিং টিং টিং…বাদাম বিক্ৰী থকা ল’ৰাটোৱ তাৰ কেৰাহীখনত কোৱায় আমাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যত্ন কৰিলে | গৰম গৰম বাদাম, সেমেকা বতৰ | সৰুতে দেউতাই বৃহস্পতি বাৰৰ বজাৰৰ পৰা আনি দিয়া বাকলি ল’গা বাদামলৈ মনত পৰি যায় | এভাগত পাঁচ টকা…শংকোকৃতিৰ ঠোঙাটো কিন্তু এহাতমান দীঘল….পিছে বিশটামানহে বাদাম গুটি ধৰে | বাদাম চোবাই চোবাই ভিৰফালি আগুৱাই গ’লো, লক্ষ্যবিহীনভাৱে | আঙঠাত পুৰি থকা গোমধান, ফুলৰ দৰে কাটি থোৱা কেঁচা আম, সৰু ঘুমতি বিলাকত ভাজি থকা নাম নজনা খোৱা বস্তু বিলাকৰ গোন্ধবোৰে নাকত ধৰিলেহি…

“ভাইয়া ভাইয়া, আপকো হিন্দি আতা হে?” হাতযোৰ কৰি এজন আগবাঢ়ি আহিল |
“হা, বুলিয়ে” (হা আখিৰ ইন্দিয়ান হো), বুলি ক’বহে পালোঁ | সেইজনে যেন সৰগ ঢুকি পালে, ফুটপাথত কনমানি সৈতে বহি থকা অৱলা নাৰী এগৰাকীক দেখুৱাই কাকুতি-মিনতি কৰিবলৈ ধৰিলে | ট্ৰেইনত আহি থাকোঁতে হেনো কোনোবাই সৰ্বসান্ত কৰি থৈ গ’ল | ক’ত যাওঁ, কি কৰোঁ, কাকো চিনি নাপাওঁ, খাবৰ কাৰণেও একো নাই | দুদিন ধৰি একো খোৱা নাই | “ভাইয়া কুচ দিজিয়ে না, শ ৰুপয়া, পশাচ ৰূপয়া…” — ‘‘অ’হ ক’ত হে মৰো মই, ফাঁট দিয়া বসুমতি পাতালে লুকাওঁ’’ বুলি চিঞৰি দিয়াৰ আগতে মোৰ মুৰত শকুনিৰ বুদ্ধিয়ে ঠাই ল’লে | কোনে জানে কোনটো ডিপাৰ্টমেন্টৰ বা এওঁলোক ???

“আহ! আহ! আহ!” ফঁটা কাপোৰ-কানিৰে এজন ফুটপাথৰ মজিয়াত বাগৰি আছে | কোনোৱে তেখেতলৈ কেৰেপ কৰা নাই | পুথিমাছে পাৰলৈ আহি পানী নোপোৱাৰ বেদনাত জপিওৱাৰ দৰে তেঁও জপিয়াই আছে | বৰষুণৰ পানীয়ে ভিজাই ৰখা ঠাইকণত কঠিয়া পাৰিব পৰা অৱস্থা, মানুহজনৰ কিমান কষ্ট হৈছে নেদেখাজনক বৰ্ণনা কৰি ক’ব নোৱাৰি | হয়তো পেটৰ তাড়নাত জ্বলি-পুৰি মৰিছে, সেই যন্ত্ৰণাও যে হৃদয় বিদাৰক | হয়তো এনেকুৱাও হ’ব পাৰে, মজদুৰ মানুহ | আজি সপ্তাহৰ বিৰতিৰ দিন, উপাৰ্জনৰ দুটকাৰে ই বিধত ধৰিলে | লাহে লাহে অলপ বেছি হোৱাত য’তে ৰাতি ত’তে কাতি অৱস্থা | কোনে জানে তেঁও কোন???

ইফাল-সিফাল কৰি ঘৰমোৱা হ’বৰ হ’ল | সময়ো হৈছে, যোৰায় – যোৰায় ডেকা-গাভৰুবিলাকো আহিছে, গৈছে | আমাৰ দৰে দঙুৱা কেইটামানে ৰৈ ৰৈ আগবাঢ়িছে, উপায় নাই৷ ক’ৰবাত গাভৰুৰ জুম যাতে চকুত নপৰাকৈ পাৰ হৈ নাযায়, চকুৰ পচাৰতে ভিৰ বিলাক স্কেন কৰি গৈছে | লাহে লাহে ভিৰৰ পৰা ওলায় আহিলোঁ | পাছে পাছে এযোৰা আহি আছে, ইমান মানুহৰ হাই-উৰুমিৰ মাজতো যেন তাঁহাতে বিচাৰি পাইছে এক নিৰিবিলি পৰিবেশ | ছোৱালীজনীৰ কঁকাল তেখেতে আঁকোৱালি লৈছে, মেডামো যেন তুমিয়ে মোৰ সকলো বুলি বাহুবন্ধনত হেৰায় হে যাব | পিছে সেইখিনিতে আমাৰ নায়কে অলপ বেছি ৰোমান্তিক হৈ গ’ল | কালৈকো কেৰেপ নকৰি গাই পেলালে “দিল সম্ভাল যা তু” মাদাৰ ২ ৰ গীতটিৰ প্ৰ্থম পংক্তিটো…সঁচাকৈ দিলটো ইমান বেয়া নে য’তে ত’তে আৰম্ভ কৰি দিয়ে…চেৰা-বলিয়াটো ক’ৰবাৰ…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক