কাকনো বুলিম ক’কা…(-ললিত চন্দ্ৰ বৰা)

জীৱনৰ মৌগুটি কথা ৪…

ললিত চন্দ্ৰ বৰা

“পলাশৰে ৰং, কোনেনো সানিলে / এই মিঠা সেউজ বননিত
আৰু / তোমাৰ কোমল চাৱনিত
জীৱনৰে ৰং পলাশে সানিলে / কোমল কোমল ঘাঁহনিত
আৰু / তোমাৰ বুকুখনিত।”

কিন্তু মোৰ জীৱনৰ কেণাটো লাগিছিল জন্মক্ষণৰ পৰাই। যি মূলা বাঢ়ে, তাৰ দুপাততে চিন। এই মূলাৰ বীজতে পোকে ধৰিছিল, সেয়ে আজিও সময়তকৈ পিছতীয়া কৈ বাঢ়ি আছো। জীৱন চক্ৰৰ প্ৰতিটো স্তৰ এটা এটাকৈ লেখি যাম, পঢ়ি আমনি লাগিলে গালি নিদিব।  একাষৰীয়াকৈ থৈ দিব, পাঠকৰ অনাদৰ-অৱহেলাই মোক লিখি যোৱাৰ বাবে অনুপ্ৰেৰণা যোগায়। দুগুণ উত্সাহেৰে হাতত কলম তুলি লওঁ। জানেই নহয়, কলমৰ ধাৰ চোকা তৰোৱালতকৈ বেছি।

জন্মঃ
মা আছিল গাঁৱৰ, দেউতা একেবাৰে ঘোঁকট্ গাঁৱৰ। যোৰহাটৰ জকাইচুকীয়া গাঁৱৰ। বাৰীখন ফলে-ফুলে, বাঁহে-কাঠে কুঠাৰৰ নাল ঘুৰাব নোৱাৰাকৈ ভৰা। পুখুৰীৰ মাছেই খাবানে, গৰালৰ হাঁহেই খাবা। সূৰ্যৰ পোহৰে সহজে মোক ঢুকিয়ে পোৱা নাছিল, সেয়ে চাগৈ মোৱা পোকে ধৰিছিল সৰুতেই। বিবাহ সূত্ৰে মা দেউতাৰ ঘৰলৈ আহিব ল’গা হ’ল। নিয়ম-নীতি বিলাক ওলোটা হোৱা হ’লে, মানে দেউতা মাৰ ঘৰলৈ অহা হ’লে তেতিয়াতে মোৰ ভাগ্যৰ চকৰীটো ওলোটাকৈ ঘূৰিলেহেঁতেন। পিছে মোৰ কথা ভাৱেহে কোনে ? গতিকে পৃথিৱীৰ অ’ত বিলাক ভাল-ভাল চহৰ-নগৰ থকাৰ পাছতো মোৰ জন্ম হ’ল জকাইচুকীয়া গাঁৱত। জীৱনৰ প্ৰথম ফেইলাৰ।
ৰৱ, সেইয়াই নহয়, আৰু আছে। গাঁৱত হ’লে কি হব বহুতে আকৌ চহৰতহে জন্ম লয়গৈ। ডাক্তৰঘৰত মানে হাস্পতালত। পিছে মোৰ কপালত সেইকণ সৌভাগ্যও লেখা নাছিল, জন্ম লোৱাৰ সুবিধাতে দুদিন মান চহৰৰ বতাহ-পানী গাত লগায় অহা আৰু ঘৰলৈ ঘুৰি অহাৰ সময়ত গাড়ীত উঠি অহাৰ হেঁপাহ অকণ মনত তেতিয়াৰে পৰা থাকি গ’ল। মোৰ পৃথিৱীলৈ অহাৰ সকলো আয়োজন ঘৰতে হ’ল।
জন্মৰ পাছৰ দুমাহমান ঠিকেই গ’ল। মাৰ অমৃত খাই লহপহকৈ বাঢ়িলো। পৃথিৱীৰ যিকোনো কেঁচুৱাৰ লগত ফেৰ মাৰিব পৰাকৈ মোৰ বিকশিত হ’ল। লাহে লাহে বাহিৰা বস্তু দুই-এটা খাব পৰা হ’লো। জীৱনৰ সলনি হেনো ভালৰ কাৰণেহে হ্য়, কিন্তু মোৰ ক্ষেত্ৰত তাৰ ওলোটা হ’ল। টান বস্তু খাবৰ সময় সমাগত হ’ল, আহি গ’ল ভীমকল মানে আঁঠিয়াকল। ভীমকলৰ দীঘ-প্ৰস্থ মোৰ দেহৰ দীঘ-প্ৰস্থতকৈ অলপমানহে কম হ’ব। বেলেগ কেঁচুৱাই খাবলৈ পালে চেৰেলেক-মেৰেলেক, আৰু মোৰ কপালত আঁঠিয়াকল। কপালত যি আছে তাকে সৰোগত কৰি দিনটোত তিনি-চাৰিটাকৈ আঁঠিয়া কল খাই খাই দেহৰ দীঘ-প্ৰস্থ সমানে বাঢ়িবলৈ ধৰিলে। এলা-পেচাক পাত্তাই নিদিওঁ, একেবাৰে বগৰাই পেলাব পাৰোঁ। পিছে হ’লে হ’ব কি, চেৰেলেক খোৱা কেকেণা-মেকেনা কেইটাই মোক সস্তীয়া বস্তু খাই গা বঢ়াইছো বুলি সুবিধা পালেই ইতিকিং কৰি জোকায়। আকৌ ফেইলাৰ।

শৈশৱঃ
সময় আহিল বিদ্যালয়লৈ যোৱাৰ। আজো-ককাৰ দিহা মতে মায়ে গাঁৱৰ আলিমূৰত থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনতে এদিন পুৱা ৯ বজাত থৈ আহিল। হেডচাৰে (বিদ্যালয়ৰ একমাত্ৰ শিক্ষকজনক গাঁৱৰ সকলোৱে হেডচাৰ বুলিয়ে মাতে) কুঁহিপাঠ আৰু পাটিগণিতৰ কিতাপ দুখন দিলে। দেউতাই বৃহস্পতিবাৰৰ সাপ্তাহিক বজাৰৰ পৰা মাটিৰ-ফলি এখন আৰু দুডাল চিলট-গুটি পেঞ্চিল আনি দিলে। স্কুল আৰম্ভ। লগৰে কেইটামানে চহৰৰ বিদ্যালয়লৈ যায়। তাহাঁতৰ বিদ্যালয়ৰ বাছ আছে, সদায় আমাৰ বিদ্যালয়ৰ সন্মুখেৰে পাৰ হৈ যায়। মোক বাছত উঠাৰ আগেয়ে বাই-বাই দি যায়। মাকহঁতে আহি বাছত উঠাই দিয়ে। মোক মায়ে প্ৰথম দিনাই যি বিদ্যালয়ৰ ৰাস্তাটো দেখুৱায় গ’ল তাৰ পাছত দিনটো ক’ত কি কৰি থাকো কোনো খবৰে নলয়। তাহাঁতি দিয়া বাই-বাই বিলাক মোৰ বাবে পেটত চুৰীৰ একো-একোটা খুঁচহে যেন। মই সুদা-ভৰিৰে দৌৰা-দৌৰি কৰি থকাৰ সময়্ত তাহাঁতি জোতা-মোজা পিন্ধিল, অ-আ, ক-খ আওৰোৱা সময়ত ইংৰাজী পদ্য ভাটৌৰ দৰে মাতিব পৰা হ’ল। ডাঙৰ-ডাঙৰ পিঠি-বেগত এগালমান কিতাপ-বহীৰ সৈতে টিফিনত দুপৰীয়াৰ আহাৰ লৈ যায়, মই খাওঁ চৰকাৰী বিদ্যালয়ৰ চাট-গুৰি। তাহাঁতি হাঁহে মোক, ফেইলাৰ বুলি।

কৈশোৰঃ
হাফ-পেদেল মাৰি-মাৰি চাইকেল চলাবলৈ শিকিছোঁহে মাথোন, সমনীয়াই ফুল-পেদেল মাৰিব পৰা হ’লেই। মই ফুল-পেদেল মাৰি চলাও মানে তাহাঁতি বাপেকহঁতৰ মটৰচাইকেলত উঠিব পৰা হ’ল। এবাৰ তাহাঁতৰ আউলি-পথালিতে মই গৈ নালিয়া-দাইটিহঁতৰ বাৰীঢাপৰ খালত পৰিলোঁ গৈ। আঁঠু মুৰত থাকি যোৱা দাগটোৱে এতিয়াও মোক উপলুঙা কৰে। তাৰ পাছতে দেউতাই মোৰ লগত বাজি লগাইছিল। প্ৰৱেশিকা মানে মেট্ৰিক পৰীক্ষাত ভালকৈ পাছ কৰিলে এখন ইয়ামাহা বাইক কিনি দিব আৰু কটন কলেজত এডমিচন দিয়াব। মোৰ তামাম ফূৰ্তি, যেন জীৱনত প্ৰথমবাৰলৈ সফলতা লাভ কৰিলোঁ। পিছে মায়েহে আচল কথাটো ক’লে, জকাইচুকীয়া গাঁওৰ পৰা গুৱাহাটীৰ কটন কলেজলৈ সদায় মটৰচাইকেল চলায় যাওঁতে যাওঁতেচোন মুৰ টিকাৰ চাল চিগি যাব। বুজিলোঁ তেতিয়াহে, কথাটো মিছা নহয়।

চিগাৰেট। মোৰ মতে কেৱল ডাঙৰ-ডাঙৰ মানুহে (ধনীমানুহ) খাব পাৰে। আমাৰ গাঁৱৰ মানুহে মাত্ৰ বান্দৰ-বিড়িহে খাব পাৰে। কিন্তু ভাৱি থাকোঁতেই লগৰ কেইটাই চহৰৰ পৰা চিগাৰেট আনি মোকে দেখুৱায় হুপিব আৰম্ভ কৰিলেই। কেতিয়াবা ধুনীয়া-ধুনীয়া বটলত ৰঙীন পানীও আনে, মই মৰম লগা খালি বটলকেইটা সযতনে সজাই থওঁ। তাহাঁত ডাঙৰ মানুহ হ’ল, মই হেনো গাঁৱলীয়া ভুত।

যৌৱনঃ
যৌৱন মানেই বসন্ত। বসন্ত আহে পিৰিতিৰ মেলা লৈ। বসন্তৰ বা লাগি সকলোৰে দেহৰ গঠন, কন্ঠ-স্বৰ সলনি হ’ল। ল’ৰাহঁত মানুহ হ’ল, ছোৱালীবিলাকে লাজ চিনিব পৰা হ’ল। বহুতে প্ৰেমৰ পদ্য বুজা হ’ল, প্ৰেমৰ পদ্যৰ প্ৰতি ধাউতি বাঢ়িল, ৰচনাও কৰিল। যৌৱনক লগত লৈ মই জকাইচুকৰ পৰা চহৰৰ মহাবিদ্যালয় পালোহি।ইয়ামাহা-কটনৰ বাজিত মোৰ জয় হ’ল, পিছে লাভহে নহ’ল। লগৰ কেইটা এইখন চহৰৰ মহানায়ক। মটৰ-চাইকেলৰ পাছত পুৱা এজনী, আবেলি এজনী লৈ ঘুৰিব পৰা হ’ল। মই থাকি গ’লো পৰিচয় পৰ্দাৰ ইপাৰে। হেবাং, গাঁৱলীয়া ভুত।

অঁকৰা এইবাৰ মৈত উঠিল। হ’ল বুলিয়ে কিমান আৰু সহ্য কৰি থাকিবা। মই নিজকে টেঙৰ হ’বলৈ শিকালোঁ, ছোৱালী চাবলৈ শিকালোঁ। পিছে আঁঠুৱা চাইহে ভৰি মেলিব পাৰি। এইবিলাক কামত বাপেকৰ ভঁৰালটো ডাঙৰ নহ’লেচোন নচলে। সোনগুটি বেচি পঠিওৱা ধনেৰে প্ৰেম কৰিবলৈ নাটে গতিকে দূৰতে সেৱা। জোকাবলৈ সাহ নহ’ল। আনৰ প্ৰেম জনমে জনমে, আমাৰ প্ৰেম নজন্মেহে, নজন্মেহে। মহাবিদ্যালয়ৰ পথে পথে প্ৰেমিক চৰায় বিলাকে যোৰায় যোৰায় পায়চাৰি কৰি ফুৰে নিৰৱে নিৰলে, কলেজ-কেন্টিনৰ চুকৰ টেবুলত সন্ধিয়া বাহ-সজায়। মৌন ওঁঠ মুখৰ হৃদয়। নিৰৱতা যিমানে বাঢ়ে, হৃদয়ৰ জুইকুৰা সিমানেই দপ-দপাই জ্বলি উঠে। নীলিম সময় বিলাকে কাণে কাণে আহি মোক কৈ যায় “ফেইলাৰ”।

কোনেনো সানি গ’ল মোৰ জীৱনৰ ৰং মদৰুৱা
কোন নেদেখা কণাই লিখি গ’ল কপালৰ লিখন আধৰুৱা
ফেইলাৰ মাথোন ফেইলাৰ
তুমি মোৰ জীৱনৰ হিটলাৰ।

এটা, মাত্ৰ এটা শব্দই জীৱনটোক চুহি-চুহি খায় নিছে। ঢাপে-ঢাপে বাগৰি মহাবিদ্যালয় পাৰ হ’লো, কৰ্ম সংস্থাপন পালো। নাম পালো যশ পালো, নাপালোঁ মাথোন নাৰী। নাৰী ছলনাময়ী, বটলেই নাৰী গিলাচেই ল’ৰা-ছোৱালী বুলি শান্তনা লভিলোঁ। একোৱে কাম দিয়া নাই। এইবাৰ বৰ বেয়াকৈ, কলিজাত দাগ লাগি যোৱাকৈ ফেইলাৰ টেগটো লাগিল।
কৰ্মদিনে এদিন-দুদিনকৈ তিনিটি বসন্ত গৰকিব হ’ল। লগৰ দুটামান আমেৰিকা, লণ্ডন ফুৰি আহিলগৈ। মই এতিয়াও ইয়াতে ঘোঁৰাৰ ঘাঁহ কাটি থাকোঁতেই গৈছে। মটৰ-চাইকেল হ’ল, লগৰবিলাকৰ গাড়ী হ’ল। আকৌ পাছত। গাৰ্ল-ফ্ৰেণ্ডেই হোৱা নাই, লগৰবিলাকৰ ঘৈণী হ’ল। দুটামানৰ জীয়েকৰ নোৱাই-তুলনী বিয়া হ’বলৈও বেছি দিন নাই। এনেকৈ থাকিলে মটৰ-চাইকেলৰ পাছৰ আসনখন আঁতৰায় এজনীয়া আসন কৰি বিয়া খাবলৈ যাব লাগিব যেন পাইছোঁ। দঙোৱা আংকল, এম-আৰ দট ফেইলাৰ।

মাৰ হেনো সৰুবোৱাৰীৰ মুখ চাবলৈ মন গৈছে। এইবাৰহে মৰিল ফৰিং, ৰজাৰ হাতত। হাতত নাই কণটো, বৰ-সবাহলৈ মনটো। নাক-কাণ কাটি মাক কথাটো কৈ দিলোঁ “মোৰ হ’লে কোনো নাই, সৰুবোৱাৰীৰ মুখ চাবৰ মন আছে যদি আপোনালোকেই……..!!!!!”। আই ঐ, তাৰ পাছত মায়ে মোলৈ যিপাত শেল মাৰিলে। ইয়াত নোকোৱায় ভাল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক