কাকনো বুলিম ককা: ললিত বৰা

কাকনো বুলিম ককা

(জীৱনৰ মৌগুটি কথা)

ললিত বৰা

বিমানবন্দৰৰ পৰা বাছেৰে যোৱা দুটাবছৰে বাস কৰি অহা ঘৰলৈ আহিব ধৰিছে সমীৰ | প্ৰায় দুঘন্টাৰ বাট, বেঙ্গেলুৰুত যিমানহে ট্ৰেফিকৰ-ভিৰ | ন’ন-ষ্টপ বাছখন ন’ন-ষ্টপ ব্ৰেক মাৰি মাৰি কুমজেলেকুৱাৰ গতিৰে আগবাঢ়িব লাগিছে | দিনটো জলে-স্থলে, আকাশে-বতাহে বহুত যাত্ৰা কৰিলে | ভাগৰ-ভাগৰ লগাত কাণৰ ফুটাত ইয়েৰফ’ন ডাল সোমোৱায় মিহি-মিহিকৈ অসমীয়া গীতৰ প্লে’লিষ্টটো লগাই দিলে | এতিয়া এঘুমতি শোৱাৰ সময়, এইবুলি চকুদুটা মুদিছিলহে, তেনেতে কালি এৰিথৈ অহা ৰাজ্যখনৰ একোণৰ পৰা ভাঁহি আহিল এটি মিঠা মাত – “ হেল্ল’ ”

বিজুলিৰ দৰে দিনটোৰ অৱসাদ বিলাক যেন পলকতে নোহোৱা হৈ গ’ল | শীত-তাপ নিয়ন্ত্ৰিত বাছখনৰ আসনত লগাতকৈ বেছিকৈ ভেঁজা দি বহি লৈ পৰম আত্ম-তৃপ্তিত চকুদুটা আকৌ মুদি দিলে |
– “ওঁ কোৱা দেহা” সুৰ-সনা মাতেৰে উত্তৰ দিলে |
– “ক’ৰ পালাগৈ? বিমানৰ পৰা কেতিয়া নামিলা ?” ইটো পাৰত নিশ্চিত যে, মোবাইলৰ সংযোগ হৈছে যেতিয়া বিমানৰ পৰা নামিল |
– “মই বেঙ্গেলুৰু পালোহি | এতিয়া বিমান-বন্দৰৰ পৰা ওলায় বাছত উঠিছো |”
– “কেতিয়া পালাগৈ?”
– “ওঁওঁওঁ…অলপ সময় হ’ল | আধা-ঘন্টা |”
– “আধা-ঘন্টাআআ!!!!!”
শেষৰ শব্দটোত ইপাৰৰ বতৰ সলনি হোৱাৰ জাননি পালে | ক্ষন্তেকৰ বাবে দুই-কুল মৌন হৈ ৰ’ল | এফালে ছেকেণ্ডে-ছেকেণ্ডে বাৰ্তা পঠায় নথকাৰ বিসংগতিৰ বাবে, আৰু সিপাৰে অভিমানৰ ঢৌত | ডাৱৰে ঢাকিব খোজা আকাশীৰ ৰূপ দেখি, ভাষাত সুৰ-তাল-লয় সকলো সানমিহলি কৰি মাত লগালে – “দেহা…”
– “নামাতিবা মোক, যোৱা” অভিমানৰ ঢৌৱে কোবায় গ’ল|
– “কিয়নো হ্হ্ম্ম, কি হ’লনো মোৰ জান…” যেন কাষত থকা হ’লে বুকুৰ মাজত সোমোৱাই মূৰৰ-চুলিৰে মাজেৰে আঙুলি বোলায় থাকিলহেঁতেন |
– “বেছি কৰা তুমি…”
– “নহয়হে, বাছত উঠিছোহে এইমাত্ৰ | তোমাক ফ’ন কৰিম বুলি ভাবিছিলো, তেনেতে তুমি কৰিলা” মাতিলে এষাৰ মিছা | যি মিছাকথাই ঘৰ বচায় সেই মিছাকথা মিছা নহ্য় বোলে |
– “ওঁ”
মৰমসনা কোমল মাতত ইপাৰ হৃদয় নামৰ বৰফৰ টুকুৰাবোৰ অলপ-অলপকৈ গলিব ধৰিলে | আকাশখন ফৰকাল-ফৰকাল লাগিল |
– “সেইজনী কোন হাঁ কাষত? কাৰ লগত বহি গৈছা যে মোক ফ’ন এটাও কৰিব পাহৰিলা |”
ফৰকাল বতৰতো বিজুলী-ঢেৰেকনি মাৰিলে | কলীয়া ডাৱৰ আঁৰে-আঁৰে বিজুলীৰ চিক-মিক পোহৰ | এইপাৰৰ নাৱৰীয়াই নাকটো মোহাৰি বুদ্ধি পাঙিলে, এইছেগতে নাৱৰৰ গতি সলনি কৰাহে উচিত |
– “কোননো হ’ব আৰু মোৰ জান, বান্দৰ এটাৰ লগত বহি আহিছো জানা ?”
– “অ’ হয়নে হাঁ, কথা সলনি কৰিব জানিছা |”
কাষত বহি থকা বান্দৰটোৱে তালৈ ঘোপাকৈ চালে যদিও সমীৰে কাণ-সাৰ নিদিলে | বৰষুণৰ পাছৰ ফৰকাল বতৰত দুয়ো বিলীন হৈ গ’ল | কঁহুৱাৰ মলয়াৰ মাজে-মাজে ৰূপহ-কোঁৱৰ আৰু পৰীৰ হাঁহিৰ ৰোল ভাঁহি আহিল | সমীৰে সেইসুঁতিৰে নাৱখন আগুৱায় লৈ গ’ল | গুৱাহাটীত বিমান বন্দৰৰ ভিতৰলৈ যোৱাৰ পৰা কি খালে, কি দেখিলে, কি কৰিলে, বিমানত বহি অহা ধুনীয়া গাভৰু জনীৰ কথা, তাইৰ সাজ-পোচাক, এয়াৰ-হোষ্টেজ কেইগৰাকীৰ কথা সকলো বিলাকৰ ছেকেণ্ড-ছেকেণ্ড বাতৰি দি বাছত কেনেকৈ আহি বন্দৰটোৰ কাষ পালে তাকে কৈ সামৰণি মাৰিলে |

সমীৰ মনে মনে থকা যেন উমান পাই লগতে বহি অহা যাত্ৰীজনে মোবাইলটো উলিয়াই ল’লে | দিনটোৰ যাত্ৰাৰ অৱসাদে আকৌ হেঁচুকি ধৰিলে সমীৰক, কিন্তু চিলমিলকৈ অহা টোপনি ভাঁঙিল সহযাত্ৰীৰ কথাই | সহযাত্ৰীয়ে মৰমক মাকৰ লগত কথা পতাত লাগিল |

– “অ’ মা! মই বিমানৰ পৰা নামি এতিয়া বাছেৰে গৈ আছো | ইমান দেৰি কাষতে বহি থকা বান্দৰ এটাই খেক-খেকাই থকা কাৰণে ফ’ন কৰা নাছিলো | ৰুম পালোহিয়ে, নামিবৰ হ’ল এতিয়া |” সহযাত্ৰীয়ে বান্দৰ শব্দটোত প্ৰয়োজনতকৈ বেছি চাপ প্ৰয়োগ কৰি উচ্চাৰণ কৰিলে |

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
ojola
8 years ago

upai naikia likhise dei….apuni jui kin2

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক