কাক নো বুলিম ককা…জীৱনৰ মৌগুটি কথা (ললিত চন্দ্ৰ বড়া)

কাক নো বুলিম ককা…জীৱনৰ মৌগুটি কথা


ললিত চন্দ্ৰ বড়া

“হ্ম্হ, হ্ম্হ…উহ উহ উহ….হ্ম্হ হ্ম্হ”

গোটেই গাটো…মূৰৰ চুলিৰ পৰা ভৰিৰ তলুৱালৈকে চাব পৰা আয়নাখনত নিজৰ নগ্ন-প্ৰায় দেহাটো চাই এবাৰ নিজেই হাঁহি এটা মাৰিলে। অলপ ঘামেৰে বিৰিঙি আছে দেহটো, প্ৰতিটো অংগই নিজৰ ভাঁজে ভাঁজে জিলিকি আছে। ভাঁজ বিলাকত ঘাম আহি থুপ খাইছেহি, নাম-মাত্ৰ কাপোৰখনো দেহৰ নিম্নাংগত লিপিত খাই পৰিছে। এবাৰ সোঁ-ফালে, এবাৰ বাওঁ-ফালে ঘূৰি ঘূৰি চাইদ-ভিউটো চালে। বুকুখন আগতকৈ পূৰঠ হৈছে। গৰ্বভাৱৰ হাঁহি এটা নজনাকৈ মুখেৰে বাগৰি গ’ল। মানুহে নিজৰ দেহাকলৈ কিমান যে কি নকৰে। হয়, দেহৰ গঠনটো আনৰ ঈৰ্ষাৰ পাত্ৰকৈ গঢ়িব পৰাটোও মানুহৰ এটা আত্মগৌৰৱ। বুকুখন আৰু ডাঙৰ কৰিব পাৰি নেকি বুলি, দীঘল-দীঘলকৈ উশাহ টানি এবাৰ চেষ্টা কৰি চালে। ক্ষন্তেকৰ বাবে থাকি আকৌ আগৰ অৱস্থা পায়, কিন্ত অলপ সময়ৰ বাবে যিমান ডাঙৰকে দেখিছে, ভৱিষ্যতে সিমান পূৰঠ কৰাৰ সম্ভাৱনা নথকা নহয় কিন্তু। “ৱাহ, তেতিয়া বাৰু কিমান পূৰঠ পূৰঠ লাগিব ?”

“হ্ম্হ, হ্ম্হ…উহ উহ উহ….হ্ম্হ হ্ম্হ, আহ! আহ! আহ!”

এইবাৰ আয়নাৰ আগত ৰৈ সমীৰে হাত দুখন ভিন্ন ভংগিমাত জোখ-মাপ কৰিলে। টি-চাৰ্ট কেইটা অলপ টান হ’লেই সি সুখী হ’ব। আঢ়ৈ কিলো নহ’লেও দেৰ কিলো যদিও হয়, তাৰ এতিয়াৰ টি-চাৰ্টকেইটা নিশ্চয়কৈ লিপিত খাই থাকিব। নতুনকৈ কিনা জিনছটো আৰু টাইট টি-চাৰ্ট পিন্ধি যদি ওলায় যায়… “চাল্লা, কিমানজনী পাগলা হৈ যাব ৰে…” হিন্দী চিনেমাৰ হিৰ’টোৰ দৰে দুবাৰ মান ব্যায়ামগাৰ (জিম্-ৰুম) টোতে অহা-যোৱা কৰি চালে। খোজ কাঢ়োঁতে আয়নাখনত ষ্টাইলটো কেনে হৈছে চায় ল’লে। দুবাৰমান হাতদুখন চলমন খানৰ দৰে কৰি চালে – কাঠৰ টুকুৰা এটা হাত আৰু কঁকালৰ মাজেৰে সুমুৱাই কঢ়িয়াইহে নিছে এনে লাগিল, “পেটটো বাৰু কমিছেই, পিছে যদি পেটুৱা নহয় মানুহে ইঞ্জিনিয়াৰ বুলি ক’ব জানো?”

কিছুসময় হোষ্টেলৰ ২৬ নম্বৰপ্লেট লগোৱা শৰীৰৰ কাৰখানাটোতে কটাই সমীৰ ওলায় আহিল, বাৰান্দাইদি ৰেম্পৱাক কৰি। ভাদমহীয়া গৰম। লগাতকৈও অলপ বেছিকৈয়ে ঘামেৰে গাটো তাৰ তিয়াই পেলাইছে। ৰুমত বিজুলী বিচনীখন যিমান পাৰে সিমান জোৰেৰে ঘূৰাই দেহাটো শাঁত পেলাবলৈ চেষ্টা কৰিলে। ইফালে বাকীকেইটাই ৰাউচি জুৰিলেই “ঐ হৃতিক, ওলা বে জলদি‍…”। জাহ্নুদাৰ দোকানত বইল কণী আৰু আধাপকা-আধাকেঁচা জাহাজীকল কেইটামান বেছিকৈ খাব লাগিব। কথাবোৰ পাগুলি-পাগুলি সমীৰে গা-পা ধুই সন্ধিয়া চাহ খাবলৈ বুলি ওলাই গ’ল।

কলেজৰ মেইন-গেট পায়গৈ মানে যাওঁ যাওঁ কৈ থকা কাৰেণ্টটোৱে টিপা মাৰিলেই। কানিমুনিকৈ গৈ সকলোটি গ’ল্ডেন-দিছত সোমালগৈ। বন-আমলেট, এগ্ ৰ’ল, চাহ অৰ্ডাৰ দি মম জ্বলায় থোৱা টেবুল এখনতে যেই যেনেকৈ পাৰে বহিল| গৰম তাতে আন্ধাৰ, তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি মানুহৰ ভিৰ| ইয়াৰ বন-আমলেটৰ সোৱাদেই সুকীয়া, সেয়ে গধুলি বেছিভাগেই গ’ল্ডেন-দিছলৈ আহে| বিশেষকৈ যুৰীয়া শালিকী বিলাক| অৰ্ধনিৰ্মিত বিল্ডিংটোৰ পাছফালে মুকলি ঠাই বহুত, গতিকে আপোনজনৰ লগত নিৰিবিলি সময় কটোৱাত অসুবিধা নহয়।

হঠাতে‌ সমীৰে আধাখোৱাকৈ উঠি গৈ চুইচ্-বৰ্ডখনৰ চুইচ্‍ বিলাক অন-অফ কৰাত লাগিল।

“বাইদেউ, ফেনবিলাকে কাম নকৰে নে চুইচ বিলাক বেয়া ?” হোটেলৰ মানুহজনীক উদ্দেশ্যি ক’লে সমীৰে।

“মম জ্বলাই থোৱা আছে যে” – বাইদেৱে লাহেকৈ ক’লে।

সি চেতনা ঘূৰাই পোৱাদি পালে। সকলোৱে তাৰ কাণ্ড-কাৰখানাৰ উৱাদিহ পোৱাৰ আগতেই নিজৰ চকীখনত বহিলগৈ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক