কাগজৰ নাও – নাজিয়া চুলতানা

বৰষুণৰ দিনবোৰে সঁচাকৈয়ে নষ্টালজিক কৰি তোলে প্ৰতিখন অনুভৱী হৃদয়ক৷ ওৰে ৰাতি টিনৰ চালত সৰা টোপ টোপ বৰষুণৰ শব্দত শৈশৱলৈ বৰকৈ মনত পৰে৷ প্ৰায়ে, শৈশৱ, কৈশোৰক হেৰোৱাৰ দুখে অজানিতে আবেগিক কৰি তোলে৷ সেয়ে বৰষুণ আৰু বৰষুণৰ লগত জড়িত গীত, কবিতা মোৰ বৰ প্ৰিয়৷ শৈশৱ আৰু বৰষুণৰ সম্পৰ্ক যেন এৰাব নোৱাৰা৷ বৰষুণৰ দিনত আইতাৰ সাধু শুনা৷ স্কুললৈ গ’লে ৰাস্তাত বৰষুণৰ পানীত তিতি বুৰি লগৰীয়াৰ লগত খেলি খেলি ঘৰলৈ অহা৷ ঘৰত আহি মাৰ গালি খোৱা- ঠাণ্ডা লাগি জ্বৰ হ’ব বুলি৷ প্ৰায়ে বৰষুণ দিলে স্কুললৈ নোযোৱাৰ অজুহাত দেখুৱা, দেউতাৰ ওচৰত৷ স্কুললৈ নগ’লে দিনটো ঘৰৰ বাৰাণ্ডাত বহি বৰষুণ চাই আমনি নালাগিছিল৷ দেউতাই মানে আব্বাই প্ৰায়ে কৈছিল- “গা”ত ৰ’দ আৰু বৰষুণ নলগা মানুহহে ৰজা হ’ব পাৰে।” বহুত দিনলৈ বুজাই নাছিলো এই বাক্যশাৰী৷ আৰু কত যে কিমান স্মৃতি…কৈ শেষ কৰিব নোৱাৰা৷

সেয়ে বৰষুণৰ গীত মোৰ বৰ প্ৰিয়৷ এনে বহুতো গীতৰ মাজত প্ৰিয় হিন্দী গীত এটি হ’ল প্ৰয়াত জগজিত সিঙৰ “কাগজ কি কস্তি৷ “

কাগজৰ নাও–শৈশৱৰ খুব অন্তৰ চুই যোৱা অনুভূতি জড়িত হৈ আছে ইয়াৰ লগত, হয়তো সকলোৰে৷ সৰুতে আজিৰ দৰে দিনে ৰাতি বৰষুণ দি থাকিলে, চোতালত পানী জমা হ’লে ৰঙ বিৰঙৰ কাগজৰ নাও সাজি এৰি দিয়া কথাবোৰ মনত পৰেনে? বাৰাণ্ডাত বহি এৰি দিয়া নাওবোৰ পানীৰ সোঁতত কিছুদূৰ গৈ ক’ৰবাত হেৰাই গৈছিল ঢুকি নোপোৱাত, যেনেকৈ হেৰাই গ’ল আমাৰ শৈশৱ কৈশোৰ৷

জগজিত সিঙদেৱৰ “কাগজ কি কস্তি“ গীতটিৰ অসমীয়ালৈ ভাবানুবাদ কৰিবলৈ প্ৰয়াস কৰিছো৷ ভুল হ’লে ক্ষমা কৰে যেন৷

কাগজৰ নাও
মূল গীতৰ ৰচনাঃ সূদৰ্শন ফকীৰ

মোৰ সকলো সম্পত্তি লৈ লোৱা,
মোৰ সকলো যশস্যাও লৈ লোৱা,
যদি বিচৰা মোৰ যৌৱনো কাঢ়ি লোৱা,
কিন্তু মোক ঘূৰাই দিয়া…
ল’ৰালিৰ সেই শাওনৰ দিনবোৰ;
সেই কাগজৰ নাওবোৰ, সেই বৰষুণৰ পানীবোৰ৷
গলিটোৰ আটাইতকৈ পুৰণি চিন,
সেই বুঢ়ীআই জনী,
যাক সকলোৱে ’আইতা’ বুলি মাতিছিল,
আইতাৰ সাধুত যে “পৰী“য়ে ভিৰ কৰিছিল;
তেখেতৰ কপালৰ আচঁবোৰত যে বয়সৰ আচোঁৰ পৰিছিল,
পাহৰিব বিচাৰিলেও কোনোৱে পাহৰিব নোৱাৰা,
সেই চুটি চুটি ৰাতিবোৰ আৰু দীঘল সাধুকথাবোৰ৷ ৷
দুপৰীয়াৰ প্ৰখৰ ৰ’দত ঘৰৰ পৰা দৌৰি ওলোৱা,
সেই যে বুলবুলি, চৰাই আৰু পখিলা খেদা দিনবোৰ;
সেই যে পুতলাজনীৰ বিয়াক লৈ আমাৰ কাজিয়াবোৰ,
সেই ঝুলনাৰ পৰা পৰা আৰু নিজে নিজে উঠি বহা,
সেই যে পিতলৰ ৰিঙৰ ধুনীয়া উপহাৰবোৰ;
সেই কাগজৰ নাওবোৰ আৰু বৰষুণৰ পানীবোৰ!
কেতিয়াবা যে বালিৰ ওখ টিলাটিলৈ গৈছিলো,
বালিঘৰ সাজিছিলো, আকৌ ভাঙিছিলো;
সেই নিৰ্দোষ নিষ্পাপ ভালপোৱাৰ ছবিবোৰ,
আৰু আমাৰ সপোন আৰু পুতলাৰ দুনিয়াখন;
পৃথিৱীখনৰ দুখ আৰু সম্পৰ্কৰ বান্ধোনে ঢুকি নোপোৱা,
সেই জীৱনটো কিমান যে ধুনীয়া আছিল!
সেই কাগজৰ নাওবোৰ আৰু বৰষুণৰ পানীবোৰ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments