কাচিনৰ চিঠি (নিশাঙ্ক মিলন)

হাজাৰ ভ্ৰমণৰ অতীতৰ পৰা ঘূৰি আহোঁতে
মোৰ ওঁঠত যাৰ নাম আছিল
সেই নাম তোমাৰেই আছিল আই,
এতিয়া জলফাই ৰঙৰ আয়ুস বিয়পি আছে
কুঁহিপাতৰ খঙাল ৰ’দত
বেয়নেটৰ ৰাতিত ল’ৰালিৰ সাধু এটাই উজুটিয়াই
গোঁসাইঘৰত দুবৰি মুকুট খুলি থৈ
ৰণশিঙা বজায় বুঢ়াডাঙৰীয়াই ;
আই মোক শুব নিদিয়ে এই
কালিকালগা নিৰ্জনতাই
মোক শুব নিদিয়ে সপোনৰ সেন্দুৰ বন্ধকত থৈ
ধাৰে অনা হেজাৰটা নিদ্ৰাই;
এতিয়াও তাত
ঘাটুৱৈৰ হাতৰ ভোক লাৰুত
তেজীমলা শালিকী হৈ পৰেনে আই ,
চোতালত উধাতু খাই ফুলকোৱৰৰ সাধুৱে
যায় নে তুলসী তলৰ মৃগপহু চৰাই;
দেউতাৰ পদুলিৰ গোন্ধোৱা মালতী
এতিয়াও বুকুৱে বুকুৱে থাকেনে আমোলমোলাই ?
ইয়াত যে গোনাম’হৰ শিঙৰ দৰে খঙাল দিন,
ডাইল সময়ৰ ফণাই যেন প্ৰতিপ্ৰহৰ মৃত্যুৰ আশীৰ্বাদ দিয়ে
ফোপনিয়ে ফোপনিয়ে উৰি ফুৰে বিহলগা গান;
তথাপি টুটি অহা প্ৰশ্বাসৰ বেদীত তুমি
তেজৰ প্ৰতিটো আৰতিত তোমাৰ নাম,
কেৱল তোমাৰ সোৱঁৰণিৰ দীঘল ৰাতিয়ে
কাঁড়ৰ দৰে বুকু বিন্ধি যায়;
তাতশালৰ দুপৰীয়া এখন বুকুৱে চাগে অহোৰাত্ৰ
মোলৈ বাট চায়, নহয়নে আই ?
কেতিয়াবা ফাগুন কেতিয়াবা ব’হাগে
হয়তো প্ৰায়ে তেওঁৰ গাৰু তিয়াই থৈ যায়;
প্ৰতিজ্ঞাৰ দৰে কঠিন তেওঁৰেইতো শূন্যতাই
মোক পুৰুষ হব শিকাই, পুত্ৰ হ’ব শিকাই
ধুমুহাৰ ৰাতিত সেই কাতৰ আপেক্ষায়েইতো
প্ৰভাত হৈ মোৰ চকুত বিজুলীয়াই;
পিছে ম‍ই জানো আই
নতজানু শিৰত কপৌফুলে নুশুৱায়,
শীতনিদ্ৰাৰ স্বপ্ন ফেহুঁজালিত জানো বেলি হৈ ওলায় ?
সেয়ে তেওঁক কবা
জল্লাদ সময়ৰ সকলো চুক্তি নাকচ কৰি
একমাত্ৰ তেওঁৰ দুবাহুতেই এদিন হলেও
ম‍ই পুনৰ জীয়াই উঠিম ;
চিৰঞ্জীৱ কবিতা হৈ
তেওঁৰ বুকুত মূৰ্ত্ত হৈ উঠিম
মৃত্যুৰ যশস্যাৰে, ভালপোৱাৰ চিৰনতুন সংজ্ঞাৰে !!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক