কাছ আৰু শহাৰ কাহিনী-( ধীৰাজ কলিতা )

-ধীৰাজ কলিতা

কাছ আৰু শহাৰ কাহিনী

(১)

এখন বনত এটা ডাঙৰ শহা আছিল |গোটেই শহা জাকটোৰ ভিতৰত সি আছিল ৰজা |এদিনাখনৰ কথা |শহাটোৱে বনৰ পৰা ওচৰৰ নদীখনত পানী খাবলৈ  যাওতে নদীৰ পাৰত কাছ এটাক লগ পালে |কথা বতৰাৰ মাজতে শহাই এদিন কাছৰ লগত দৌৰ খেল প্ৰতিযোগিতাৰ কথা উলিয়ালে |কাছও মান্তি হল |কথা মতেই কাম |পিছদিনা ৰাতিপুৱা দুয়ো পুৰ্বে আলোচিত ঠাইত হাজিৰ হলগৈ  |দুয়ো দৌৰিবলৈ সাজু |দূৰত্ব হল এখন পথাৰৰ শিমলু গছ এজোপাৰ পৰা চকুৰে মনিব নোৱাৰা আন এখন পথাৰৰ প্ৰকাণ্ড শিমলু গছজোপালৈ |দৌৰ আৰম্ভ হল |শহাই পূৰ্ণ গতিত দৌৰিছে |আৰু কাছই নিজৰ লেহেমীয়া গতিৰেই দৌৰিব ধৰিছে |অলপ সময় পিছত শহাই পিছফালে ঘুৰি চায় দেখে যে দূৰ-দূৰণিলৈ কাছৰ দেখা দেখিয়ে নাই |এই ভাৱি শহাই ওচৰৰে জোপোহা গছ এজোপাৰ তলত জিৰনি ললে |ভগৰুৱা শহাই পথাৰত সুন্দৰ বতাহ পাই কেতিয়া ভৰ টোপনি আহিল গমকে নাপালে |সাৰ পাইয়েই শহাই তীব্ৰ গতিত দৌৰিবলৈ  ধৰিলে |কিন্তু বেচেৰা শহা , নিৰ্ধাৰিত ঠাই পাই দেখে যে কাছ উপস্থিত |গছ এজোপাৰ তলত সুন্দৰভাৱে বহি আৰাম কৰিছে |শহাৰ মনত খুব দুঃখ |সাধাৰন ভুল এটাৰ কাৰনে খেলত পৰাজয় হল |

মূলভাৱ-প্ৰতিযোগীক কেতিয়াও দুৰ্ব্বল জ্ঞান কৰিব নালাগে |

 

(২)

প্ৰথমদিনা খেলত হাৰি শহাৰ ৰাতি টোপনি নাই |পিছদিনা নদীৰ পাৰলৈ গৈ শহাই কাছক লগ ধৰিলে আৰু আকৌ এদিন প্ৰতিযোগিতা কৰাৰ প্ৰস্তাৱ দিলে |কাছ মান্তি হল |পিছদিনাখন একে ঠাইতে খেল অনুষ্ঠিত হল |শহা সাৱধান হল যে, যোৱাবাৰৰ  ভুলৰ যাতে পুনৰাবৃতি নহয় |সেয়ে শহাই সিদিনাখন গছৰ তলত জিৰনি নলৈ পোনে পোনে নিৰ্দ্ধাৰিত ঠাইত হাজিৰ হল |বহু সময় পিছতহে কাছ গৈ লাহে লাহে পালেহি |শহা জিকিলে |আনন্দত আত্মহাৰা সি |

মূলভাৱ -সঠিক ভুল চিনি উলিয়াই সুধৰাব পাৰিলে কৰ্মৰ উচিত ফল পোৱা যায় |

(৩)

কাছই আচল কথাটো বুজি পালে |প্ৰতিযোগিতাত হাৰি কাছৰো মন বেয়া |পিছদিনা কাছইও শহাক লগ কৰি আকৌ এদিন প্ৰতিযোগিতা কৰাৰ প্ৰস্তাৱ দিলে |শহা মান্তি হল |প্ৰস্তাৱিত সময়ত দুয়ো আহি উপস্থিত হল |দৌৰ আৰম্ভ হোৱাৰ আগতে কাছই কলে — “শহা ভাই, আজি আমি ইয়াৰ পৰা আৰম্ভ কৰি নৈৰ সিপাৰৰ সৌ ডাঙৰ গছ জোপালৈ দৌৰিম”| শহাই পোনতেই হয়ভৰ দিলে |দৌৰ আৰম্ভ হল |একে দৌৰে শহা নদীৰ পাৰ পালেগৈ |কিন্তু শহাই সাতুৰিব নজনা কাৰনে নৈৰ পাৰতে ৰৈ থাকিব লগীয়াত পৰিল |বহু সময় পিছত কাছ নৈৰ পাৰ পালে ,কাছই অকনো সময় পলম নকৰি সাঁতুৰিবলৈ আৰম্ভ কৰিলে আৰু কিছু সময় পিছত নিজৰ লক্ষ্যত উপস্থিত হলহি |পুনঃ হাৰিলে শহা |

মূলভাৱ-ভাৱি গুণি নিজৰ লক্ষ্য স্থিৰ কৰিব লাগে |

 

(৪)

দৌৰত ইমান পাৰ্গত হৈয়ো সাধাৰণ কাছৰ লগত দুবাৰ পৰাজিত হৈ শহাই নিজেই লজ্জা অনুভৱ কৰিলে |নিজকে বিশ্বাস কৰিব পৰা নাই সি |পিছদিনা খন ৰাতিপুৱাই নৈৰ পাৰলৈ গৈ কাছক লগ ধৰি আকৌ এদিন প্ৰতিযোগিতাৰ কথা কলে |কাছ মান্তি হ’ল |কথা মতেই কাম |পিছৰ দিনাখন দুয়ো সঠিক সময়ত উপস্থিত হ’ল |দৌৰ আৰম্ভ হোৱাৰ প্ৰাকমূহুৰ্ত্তত শহাই ক’লে –-“কাছ ভাই কথা এটা হ’ল | নৈ , পাৰলৈ এই পাঁচ  কিলোমিটাৰ দূৰত্ব মই তোক বোকোচাত তুলি লৈ যাম তাৰ বিনিময়ত এই অকনমানি নৈখন  মোক তই বোকোচাত তুলি পাৰ কৰাই দিবি |অৰু নদীৰ সিপাৰ পোৱাৰ পিছত প্ৰত্যেকে নিজৰ মতেই দৌৰিব |কাছই হয়ভৰ দিলে |দৌৰ আৰম্ভ হল |নিসন্দেহে শহা জিকি থাকিল |ফুৰ্ত্তি মনে শহা ঘৰলৈ উভতিল |সি ভাবিলে “সঁচাই মই কাছতকৈ দৌৰত পাৰ্গত “|

 

মূলভাৱ -বলেৰে নোৱাৰিলে বুদ্ধিৰে বহুত কাম সিদ্ধি কৰিব পাৰি |

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক