কাজিৰঙাৰ গঁড় হত্যা

(সম্পাদকৰ টোকা: শেহতীয়াকৈ কাজিৰঙাৰ গঁড় হত্যাৰ ওপৰত বহুজনে অ.ক.বৰ মজিয়াত মতামত আগবঢ়াইছিল। একাংশ নিৰ্বাচিত মতামত তলত আগবঢ়োৱা হ’ল।)

 

প্লাৱন চহৰীয়া: কাজিৰঙা, কাজিৰঙা ……..কাজিৰঙাৰ দৃশ্য দেখিছেনে? নাই দেখা যদি চাই লওঁক, টি ভি খুলিলেই দেখিব, বাতৰি কাকত মেলিলেই চকুত পৰিব। তেজেৰে লুটুৰি পুটুৰি হৈ খৰ্গ-বিহীন গঁড়টোৱে কিদৰে চিঞৰিছে -‘চাই লোৱা মোক শেষবাৰলৈ, খৰ্গ নাথাকিলেও এবাৰ চোৱাচোন মোলৈকে।’ আহ:, এয়াহে অসমৰ গৌৰৱৰ কাহিনী। কোনে কয় অসমত সাহসী মানুহ নাই? পৃথিৱীত এনেকুৱা কোনোবা বীৰ আছে যি জীৱন্ত গঁড়ৰ খৰ্গ কাটি নিবলৈ সাহস কৰিব? আছে কোনোবা এনেকুৱা সাহসী মানুহ যিয়ে বানপানীত ভোকাতুৰ বাঘ, ভালুক, হাতীলৈকো ভয় নকৰি জীৱন্ত গঁড়ৰ খৰ্গ কাটি নিব পাৰিব? কি জি, এচ ৰ’ডত বীৰত্ব দেখুওৱাহে ছোৱালীৰ ওপৰত? তেনেকুৱা হাজাৰটা বীৰত্বৰ কাহিনীও এইটোৰ ওচৰত মোলান পৰি যাব। গোটেই পৃথিৱীকে জনাব লাগে এই বীৰত্বৰ কাহিনী, অকল জনোৱাই নহয়, পাৰিলে এক পুৰস্কাৰৰো ব্যৱস্থা কৰিব লাগে। অৱশ্যে অকল সেই বীৰৰ কাৰণে পুৰস্কাৰ হলেই নহব, তাতকৈ ডাঙৰ পুৰস্কাৰ লাগিব অনুপ্ৰেৰণা যোগোৱা, আশীৰ্বাদ দিয়া সকলক। কাৰণ আপোনালোকে জানেই যে অনুপ্ৰেৰণা আৰু আশীৰ্বাদ অবিহনে ইমান মহৎ কাৰ্য কেতিয়াও সম্ভৱ নহয়। পুৰস্কাৰৰ কথা বাৰু যি কৰে কৰিব। ইয়াত থকা গভীৰ ষড়যন্ত্ৰৰ কথাকে পতা যাওক।
বনমন্ত্ৰীয়ে হেনো কৈছে যে এই গঁড় হত্যাৰ কাহিনীৰ অন্তৰালত এক গভীৰ ষড়যন্ত্ৰ আছে। সকলোৱে কৈছে এইটো একেবাৰে মিছা। আমাৰ হলে কথাটো একেবাৰে সঁচা যেন লাগিছে। এনেকুৱা গভীৰ ষড়যন্ত্ৰৰ গভীৰতা বহুত বেছি, সতকাই ধুকি পোৱাই টান। কাজিৰঙাক কিহৰ কাৰণে বাৰু ইমান গুৰুত্ব দিব লাগে? এশিঙীয়া গঁড়ৰ কাৰণে, তাত থকা বাঘৰ কাৰণে বা অন্যান্য জীৱৰ কাৰণে নহয় জানো? এই এশ বৰ্গ কিলোমিটাৰতকৈও অধিক ঠাই কেৱল সিহঁতৰ কাৰণেইনে? আমাৰ দৰে বুদ্ধিয়ক মানুহৰ তাত ঠাই নায়েই নেকি? এতিয়াতো অসমৰ নদীৰ চাপৰি, বনাঞ্চল, ৰেলৰ দাতি, পাহাৰ সকলোবোৰ ঠাই শেষ হ’ল, আলহীৰে ভৰি পৰিল। কিন্তু আলহীবোৰটো সদায় আহিয়ে আছে আৰু তাৰোপৰি কেম্পত থকা চিনাকি-অচিনাকি আলহীও কেবালাখো হ’ল। এই নতুন আলহীবোৰক আমি আৰু ক’ত ঠাই দিম? কাজিৰঙাই আমাৰ শেষ সম্বল। ইতিমধ্যে অৱশ্যে সেই প্ৰকল্পৰ কাম পূৰ্ণ গতিত আৰম্ভ হৈছেই , আপোনালোকে নিশ্চয় দেখিছেই, কেনেকৈ কাজিৰঙাৰ ঘাঁহ- বনবোৰ গজাৰ দৰে মাটিৰ তলৰপৰা হঠাতেই জুপুৰিবোৰ গজি উঠিল, সেইবোৰ আকৌ হঠাৎ উজ্বল টিনপাতেৰে জাতিষ্কাৰ হৈ উঠিল। এতিয়া যদি বানপানীৰ সুযোগতে এই এশিঙীয়াক গুৰি-গুস্তি মাৰি সিপুৰিলৈ পঠাব পাৰি, তেনেহলে সেই হাবিবোৰ আমাক কিয় লাগে। তেতিয়া তাত কিমান আলহীৰ কাৰণে ঠাই ওলাব আপোনালোকে ভাবি চাইচেনে কেতিয়াবা? এয়াই নিশ্চয় এই গভীৰ ষড়যন্ত্ৰ। মোৰহে ধাৰণা এয়া, পিচে আপোনালোকে বা কি কয়?

নিতুল বৰা:  আজি এক কৰুণ বিননি শুনিলো, দেখিলো, দুখ লাগিল, কিন্তু আমি কৰিব নোৱাৰো একো। অকমণ্য চৰকাৰ খনে কাৰ ঘোঁৰাৰ ঘাঁহ কাটি নাজানো, অলগদ্ধ, অপদাৰ্থবোৰক আমিয়েই নিৰ্বাচিত কৰি পঠোৱা নাছিলো জানো….? আৰু আমাৰ মানুহ বোৰৰো লাজ নাই নহয়, বান পিৰিত ৰাইজলৈকে চাওঁকচোন, বছৰ বছৰ ধৰি বানপানীত ডুবি থাকে, বাৰিষা আহিলেই ক্ষতিগ্ৰস্ত সকলে ৰিলিফৰ বাবে চিঞৰি থাকে, দাবী তোলে বিভিন্ন দল সংগঠনে, কিয় ৰাইজে মাৰ বান্ধি থিয় দিব নোৱাৰে নেকি যে যেতিয়ালৈকে বানপানী সমস্যা সমাধান নকৰে তেতিয়ালৈকে সেইবোৰ অঞ্চলৰ ৰাইজে নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকি প্ৰতিবাদ সব্যস্ত কৰিব। সেইবোৰ সমষ্টিৰ পৰা যেতিয়া বিধান সভাৰ আসন খালী হৈ থাকিব তেতিয়া অন্ততঃ চৰকাৰে বাধ্যহৈ সমস্যা সমাধান কৰিব লাগিব। উউউউ বানপানী আহিলে হৈ চৈ কৰিব আৰু সেইবোৰ মানুহেই আকৌ নিৰ্বাচনত একেগাঁৱৰে ই কংগ্ৰেছী, ই গনপৰিষদ, ই বিজেপি, মাৰি থাকিব। এনেকুৱা ৰাইজক পালেতো চৰকাৰে সুবিধা লৱই….জানেই সময়ত সকলো পাহৰি যাব ৰাইজে, আঁঠুৱা, চাউল, সূতাৰ দৰে লোভনীয় টোপ দেখি।

আফটাৰ হুচেইন চৌধুৰী: বৰ কঠিন সময় এয়া৷ ৰাইজ মাৰবন্ধি থিয় নহলে ল’ৰা-ছোৱালীক গঁড়ৰ সাধু কথা শুনাব লাগিব৷ আৰু আলহীকেইটাক খেদি পঠিয়াবলৈ ভাল পৰিকল্পনাৰ দৰকাৰ৷

 

পংকজ বৰা: এইবোৰ নৃশংস কামৰ মূলতে হ’ল কাজিৰঙাৰ আশে-পাষে থিতাপি লোৱা সন্দেহজনক অবৈধ (ধৰ্মীয় সংখ্যালঘূ ) বাংলাদেশীবোৰ৷ চৰকাৰেই আনি গোঁজ পুটি দিছেহি বাপেকে কাজিৰঙাৰ বুকুত আৰু বৰহমপুত্ৰৰ চাপৰিত, খা লুটি-পুটি অসমখন খা আৰু খাই, খাই যিমান পাৰ পোৱালি জগা৷ গঁড়ৰ খৰ্গ প্ৰজননশক্তি বৰ্ধক হিচাপে অন্ধবিশ্বাস আছে৷ সেইবোৰৰ পুৰীয়া খাই, তাবিজ মাদুলি পিন্ধিয়েই কিজানি অসমত সেই বিশেষ সংখ্যালঘূসকল সংখ্যাগুৰু হ’বলৈ গৈ আছে৷

 

দীপজ্যোতি শৰ্মা:জীৱন্তে গঁড়ৰ খৰ্গ কাটি নিলে চিকাৰী বুধবাৰে,তিনি দিনত তিনিটা গঁড় হত্যা,৯ মাহত ১৪ টা, কুম্ভকৰ্ণ নিদ্ৰাত বন বিভাগ ।ৰকিবুল ডাঙৰীয়াই বাংলাদেশীক জুপুৰি সাজি থাকিব দিছে।তেওঁৰ উদ্দেশ্য গঁড় নহোৱা হলে পৰ্যটক নাহিব আৰু তেতিয়া বাংলাদেশীক কাজিৰঙাৰ বুকুত জুপুৰি সাজি থাকিব পাৰিব। অসমৰ গঁড়ৰ খৰ্গৰ দ্বাৰাই চলি আছে বাংলাদেশৰ এখন এখন গাওঁ।ৰকিবুলক বন মন্ত্ৰীৰ পৰা অব্যহতি দিব লাগে,কিন্তু শুই আছে তৰুন গগৈ…..হায় হায় চৰকাৰ ব্যৰ্থ….!

শান্তিছায়া শইকীয়া: খৰ্গটো নাকত গুজিলৈও গড়ঁটো সুৰক্ষিত নহয়।তেন্তে সেই খৰ্গ পিন্ধি মানুহে সৌভাগ্যক আজুৰি আনিব খোজে কিয়? মানুহৰ ইতিহাসত আকৌ প্ৰমানিত হ’ল কিমান দূৰলৈ মানুহ নিষ্ঠুৰ হব পাৰে!হব পাৰে নিশংস! আমাৰ চৰকাৰো ভাল! কিমান বোৰ গড়ঁ নিধন কৰা হ’ল এই ১০ বছৰত এটা চোৰাং চিকাৰী ধৰিছেনে? বিদেশী কেইটা ধৰিব বাৰু …? হাঁহি উঠে। nfsuiৰ সভাপতি জনে কয় বোলে নাগৰিকপঞ্জী নৱীকৰণৰ বাবে আমিবোৰে আন্দোলন নকৰি বাটলৈ নেলোৱাকৈ নিজে বিচাৰি উলিয়াব লাগে। চৰকাৰক সহায় কৰিব লাগে। পিছে তেওঁলোকেনো তেনে আইন হাতত তুলি নলয় কিয় ইমান দিনেতো IMDT আছিলেই তেতিয়ানো চৰকাৰী ওস্তাদ বিলাকে ব্যৱস্থা গ্ৰহণ নকৰিলে কিয়? নৃশংস চিকাৰীবোৰনো ক’ৰ পৰা আহিল? অৱশ্যে যিবোৰ লোকে ক্ষমতাৰ বাবে ভাতৃৰ কটা মূৰ পিতৃলৈ উপহাৰ দিব পাৰে তেনেবোৰ লোকৰ নিষ্ঠুৰতা কিমান আৰু কেনে ধৰণৰ হ’ব পাৰে সেয়া উপলব্ধি কৰিলে আচৰিত হ’ব লগা একো নাই। দুখ লাগিছে নিৰ্যাতিত গড়ঁটোৰ কষ্ট দেখিহে। এয়া যে হৃদয় বিদাৰক দৃশ্য সেয়া হয়তো পৃথিৱীৰ সকলোৱে একেমুখে স্বীকাৰ কৰিব। হায় এনেবোৰ ঘটনাৰ কেতিয়া অৱসান ঘটিব?? কেতিয়া??

প্ৰতিম প্ৰতাপ বৰুৱা: জী থকা প্ৰাণী এটাৰ গাৰপৰা এটা অংগ জীয়াই জীয়াই কেনেকৈ কাটি নিয়ে? কিমান আসুৰিক, হৃদয়হীন হলে মানুহে এনে ধৰণৰ কাম কৰিব পাৰে ! এইবোৰ মানুহ নামৰ অযোগ্য প্ৰাণীক ধৰি লৈ ….

নিতুল বৰা:  ঠিক কৈছে হালৈ কাইটিয়ে, চৰকাৰে বা বনবিভাগে সুৰক্ষা প্ৰদান কৰিব নোৱাৰে যদি কোনোবা শক্তিশালী বিদেশী কোম্পানীক সৰক্ষাৰ দ্বায়িত্ব দিয়ক, তেতিয়া অন্ততঃ গঁড়ৰ লগতে আন আন জীৱ-জন্তুবোৰক ৰক্ষা কৰিব পাৰিব।

 

আফটাৰ হুচেইন চৌধুৰী: আমাৰ গঁড় সুৰক্ষা দিবলৈ আৰু নৰাধম কেইটাক খতম কৰিবলৈ অসমপ্ৰেমি অসমীয়া তজবজীয়া ডেকাৰ অভাৱ নাই৷ লাগিব মাথো চৰকাৰৰ সদিচ্ছা৷

 

ভাস্কৰজ্যোতি শৰ্মা: এক হৃদয় বিদাৰক দৃশ্য। মানুহৰ সংজ্ঞা উলট-পালট কৰা এক অমানুষিক দৃশ্য এয়া। লাজ লাগে। সিদিনা এখন ফটো দেখিছিলো। কেনোবা বিদেশী স্বেস্চাসেৱকৰ দল এটাই কাজিৰঙাৰ বানবিদ্ধস্ত এলেকাত বন্দী হৈ থকা জীৱ-জন্তুবোৰক চিকিৎসা প্ৰদান কৰিছে। আৰু আমাৰমখাৰ কান্ড? চি।

 

কৌস্তুভমণি শইকীয়া দত্ত: হৃদয় বিদাৰক… এই ঘটনা অসমত নহৈ বিশ্বৰ আন ঠাইত হোৱা হেঁতেন চৰকাৰৰ ভেঁটি কঁপি উঠিলহেঁতেন।

 

মৃণাল কুমাৰ বৰা: নিষ্ঠুৰ। মানুহকেইটাৰ প্ৰতি ওলোৱা গালিকেইটা ইয়াত লিখিবই নোৱাৰি। চাল্লা।

 

ধ্ৰুৱজ্যোতি শৰ্মা: বন্ধু অনিলে বানপানীৰ প্ৰথম দিনটোৰ পৰা তিনিদিন যুঁজি “ৰেচকিউ টিম”ৰ হৈ তিনিটা হাতী, দুটা গঁড় আৰু কেইবাটাও পহু উদ্ধাৰ কৰিছিল। সি কোৱামতে সেই তিনিদিন হেনো এসাজ ভাত আৰু বাকী কেইসাজ ব্ৰেড খায়েই কটাইছিল। ইপিনে এইসকলে কিমান বৰ্বৰতাৰে এই দুস্কাৰ্য্যবোৰ কৰিব পাৰে, তাৰেই যেন প্ৰতিযোগিতাত নামিছে। চৰকাৰতো এতিয়া ভৰ ঘুমটিত। ধিক সেইসকল, ধিক চৰকাৰ, ধিক কাজিৰঙাৰ নিৰাপত্তৰক্ষী, ধিক বনমন্ত্ৰী…

 

টুৱাৰাম দত্ত: আচলতে ওচৰে-পাজৰে থকা গাওবাসীক সজাগ সচেতন কৰিলে কিবা এটা উপায় হ’ব৷ কেৱল বনকৰ্মী বা চৰকাৰে অকলে একো কৰিব নোৱাৰে৷

শংকৰজ্যোতি বৰা: গঁড় হত্যাৰ বাতৰিয়ে অসমৰ লগতে সমগ্ৰ বিশ্বতে খলকনি লগাইছে৷চৌদিশে তীব্ৰ প্ৰতিবাদ৷যোৱাকালি অগপইও বিশাল প্ৰতিবাদী সমদলৰে গঁড় হত্যাৰ ৰোধ কৰাৰ দাবী জনাইছে৷অগপৰ সভাপতি মহন্ত ডাঙৰীয়াই বনমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি ব্যৰ্থতাৰ অভিযোগ আনিছে৷আজিৰ বাতৰি কাকত সমুহেও বাতৰিটো বৰ বৰ আখৰেৰে তাক প্ৰকাশ কৰিছে৷নিউজ চেনেলবোৰতো সেইটো এটা ব্ৰেকিঙ নিউজ৷মই মাথো জানিব বিছাৰিছো মহন্ত ডাঙৰীয়াৰ গঁড় হত্যাৰ প্ৰতিবাদ কৰাৰ যোগ্যতা আছেনে? মুখমন্ত্ৰী মহন্ত ডাঙৰীয়াৰ প্ৰথমটো কাৰ্য্যকালত ১৭১ টা গঁড়ৰ নিধন হৈছিল যিটো এখন চৰকাৰৰ এটা কাৰ্য্যকালত সৰ্বাধিক৷ সেই সময়ত মহন্ত ডাঙৰীয়া গঁড়ৰ প্ৰতি থকা মৰম ভালপোৱা বোৰ কলৈ গৈছিল৷আন বহুতো জাতীয় সংগঠনৰো হয়টো প্ৰতিবাদ কৰিবলৈ সময়ৰ অভাব হৈছিল৷অসমত ১৯৬৫ চনৰ পৰা ২০১১ চনলৈ ৪৭ বছৰত মুঠতে ৭৩৫ টা গঁড়ৰ নিধন হৈছে৷গড় হিচাপত বছৰি ১৫টাৰো অধিক৷১৯৯২ চনত সৰ্বাধিক ৪৯টা গঁড় নিধন হোৱাৰ বিপৰীতে ১৯৭২ আৰু ১৯৭৭ চনত এটাও গঁড়ৰ নিধন হোৱা নাছিলে৷এজন অসমীয়া হিচাপে,এজন প্ৰকৃতিপ্ৰেমী হিচাপে গঁড় হত্যাৰ লগতে সকলো বন্যপ্ৰানী নিধনৰ প্ৰতিবাদ সদায় কৰি আহিছো৷কিন্ত্তু প্ৰতিবাদী সমদল বা বনমন্ত্ৰী-মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহৰ দৰে কাৰ্য্যই গঁড় হত্যা ৰোধ কৰাতকৈ এচাম সুবিধাবাদী ৰাজনৈতিক বা সংগঠনৰ নেতাৰ স্বাৰ্থসিদ্ধি কৰাতহে সহায়ক হ’ব৷এইচাম সুবিধাবাদী নেতাই ভালদৰেই জানে যে অসমীয়া ৰাইজৰ আবেগ বৰ ক্ষন্তেকীয়া নিজৰ স্বাৰ্থসিদ্ধি পুৰণ হোৱাৰ পাচত কুটিল বুদ্ধি আৰু চলাহী কথাৰে ৰাইজৰ আবেগক আন এটা দিশলৈ ঢাল খুৱাই দিব পাৰিব৷গঁড় হত্যাৰ কথাও হয়তো আমাৰ ৰাইজে কিছুদিনৰ পাচতে পাহৰি যাব৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments