কাঞ্চনজঙ্ঘাৰ অন্য গাথা (১): নাং দিপালী দুৱৰা

– মই অসমৰ ছোৱালী দেখিবই নোৱাৰোঁ। অসমীয়া ছোৱালীবোৰ দুৰ্বল মানসিকতাৰ। সিহঁতে সঠিক সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰে। তুমিও তাৰ ব্যতিক্ৰম নহয়।-সমুদ্ৰনীলে প্ৰায় উষ্ম স্বৰেই কথাখিনি ক’লে।
– মোৰ বাবে তুমি গোটেই অসমীয়া নাৰী জাতিটোক অপমান কৰিবলৈ সাহস ক’ত পালা?-সমস্বৰত চিঞৰি উঠে উজ্জয়িনীয়ে।
– হাজাৰবাৰ ক’ম। জয়মতী-মূলাগাভৰুকে আদি কৰি মুষ্টিমেয় কেইগৰাকী মান নাৰীৰ বাদে বাকী বিলাক একেই। সৎ সাহসেৰে কাম কৰিব নোৱাৰে। কিন্তু চাবলৈ গ’লে ভাৰতৰ ভিতৰতে উত্তৰ-পূৰ্বাঞ্চলৰ নাৰীয়ে আটাইতকৈ বেছি স্বাধীনতা পায়। তাৰ ভিতৰত ন্যূনতম শতাংশইহে তাৰ সদ্‍ব্যৱহাৰ কৰিছে। তুমি? তুমি নিজে কি কৰিছা? এইবোৰ কথা ক’বলৈ গ’লেই মানুহে মোক বেয়া পায়। কথাখিনি ক্ষোভেৰে কৈ সিমূৰত ফোনটো থেকেচা মাৰি থৈ দিয়ে সমুদ্ৰনীলে।
উজ্জয়িনীয়ে বুজিলে সমুদ্ৰনীলৰ তাইৰ ওপৰত খং উঠিছে। কপালত থূপ খোৱা ৰেখাৰে তাৰ মুখখন তাইৰ চকুৰ আগত ভাঁহি আহিল। খঙতে এতিয়া সি কোঠাৰ ইটো-সিটো বস্তু থেকেচিব। ঘৰটোৰ ইমূৰৰ পৰা সিমূৰলৈ উদ্দেশ্য বিহীন ভাৱে ঘূৰি ফুৰিব। নহ’লে পাকঘৰৰ পঁইতাচোৰা মাৰিব। তাইৰ ওপৰত উঠা সমস্ত খং এতিয়া সি পঁইতাচোৰা নহ’লে কম্পিউটাৰৰ কী-বৰ্ডখনত জাৰিব। আজি ইমান বছৰে তাৰ স্বভাৱৰ কোনো পৰিৱৰ্তন নহ’ল।


-মা, ভোক লাগিছে। কাঞ্চনজঙ্ঘাই তাইক জোকাৰি দিয়াত তাই সপোনৰ পৰা সাৰ পোৱা মানুহৰ দৰে খকমকাই উঠিল। কিমান দেৰি যে তাই তেনেকৈ বহি আছে, গমকে নাপায়। সন্ধিয়া লাগি ভাগিবৰে হ’ল। গোটেইখন অন্ধকাৰত ডুব গৈ আছে। কাঞ্চনজঙ্ঘায়ো তাইক বিচাৰি বাৰান্দা পাইছেহি।
-ব’লা মুখ ধুই ল’বা। ভাল লাগিব। তাই কাঞ্চনক কপালত চুমা এটা খাই ভিতৰলৈ লৈ আহে।
-মা, মেগী ৰান্ধিবা। কাঞ্চনে আবদাৰৰ সুৰত কয়।
-এতিয়া মেগী নহয়। গাখীৰ আৰু ব্ৰেড খাবা দেই। উজ্জয়িনীয়ে কাঞ্চনৰ মুখখন মোহাৰি দি কয়। কাঞ্চনে মূৰটো জোকাৰি শলাগে।
– মা, দেউতা আজিও নাহিল। খাই থকাৰ মাজতে কাঞ্চনে আক্ষেপৰ সুৰত উজ্জয়িনীলৈ চাই ক’লে।

নিজৰ কাৰণে চাহ একাপ কৰোঁ বুলি গেছটো জ্বলাবলৈ লৈও উজ্জয়িনী ৰৈ গ’ল। জাহাজে সাগৰৰ পাৰত খুন্দিওৱাৰ দৰে পুৰণিকলীয়া বিষ এটাই তাইক খুন্দা মাৰি গ’ল।
– আহিব। কিবা কাম ওলাইছে চাগে’, সেয়ে আহিব পৰা নাই। তাই জীয়েকক প্ৰবোধ দিয়াৰ সুৰত কথাখিনি কৈ গেছটো জ্বলাই চাহৰ চচপেনটো পাতি দিলে। কাঞ্চনেও খাই উঠি মনে মনে পঢ়াৰ টেবুললৈ গ’ল।

উজ্জয়িনীয়ে চাহ কাপ কৰি লৈ পুনৰ বাৰান্দাত বহিলহি। কাঞ্চনৰ এই আক্ষেপটোয়ে তাইক ধুমুহাৰ দৰে জোকাৰি যায়হি। পুৰণি বিষটোৱে গাপ দিয়া কঠিয়াৰ দৰে উকমুকাই উঠে। তাই এক অজান আশংকাত কঁপি উঠে মাজে মাজে। যিদিনা কাঞ্চনৰ এই আক্ষেপেই তাইৰ ওচৰত প্ৰশ্ন হৈ থিয় দিব.. সিদিনা তাই কি কৰিব? তাই বাৰু বুজাব পাৰিবনে কাঞ্চনক ? এই এঘাৰ বছৰতেই ইমান আক্ষেপ তাইৰ! কাঞ্চনৰ বয়সৰ লগে লগে যেন কিছুমান প্ৰত্যাহ্বানো উজ্জয়িনীৰ ফালে মূৰ দাঙি আহি আছে। কেতিয়াবা তাইৰ সীতাৰ দৰে আকুল হৈ ক’বলৈ মন যায়-”ফাট মেলা বসুমতী পাতালে লুকাওঁ।”

– মা…………ভিতৰৰ পৰা কাঞ্চনৰ চিঞৰ। উজ্জয়িনী লৰালৰিকৈ উঠি তাই ওচৰ পায়গৈ।
– কিয় মাতিছিলা সোণ?
– এই অংকটো মই বুজা নাই।
উজ্জয়িনীয়ে অংকটো তাইক বুজাই গ’ল। এয়া তাইৰ নিত্য কৰ্ম। ৰাতিপুৱাই খুৱাই-বোৱাই স্কুললৈ পঠিওৱা। তাৰপাছতে তাই খাই-বৈ কলেজলৈ ওলাই যোৱা। আবেলি দুয়োজনী আকৌ লগ হয়। স্কুলৰ পৰা আহি কাঞ্চন শুই পৰে। তাই তেতিয়া সন্মুখৰ সৰু ফুলনিখনত সোমায়। ফুলবোৰত পানী দিয়ে, আদৰ লয়। ঠিক কাঞ্চনৰ দৰে। ফুলনিখনৰ প্ৰতিজোপা ফুলেই তাইৰ নিসংগতাৰ সংগী। ৰাতি কাঞ্চনক খুৱাই-বোৱাই বিচনাত শুৱাই দিয়াৰ পাছত তাই অশান্ত হৈ পৰে। ডায়েৰীখন উলিয়াই তাই জীৱনৰ পোৱা-নোপোৱাৰ হিচাপ কৰে। তাৰপাছত আৰম্ভ হয় বিচনাখনৰ সৈতে তাইৰ খণ্ডযুদ্ধ। বিচনাখনে যেন তাইক হিংসা কৰে। বিচনাখনে যেন নিবিচাৰে তাৰ বুকুত তাই প্ৰশান্তিৰে টোপনি যোৱাটো। কথাবোৰ ভাবি থাকোতেই ফোনটো বাজি উঠিল। তাই ঘড়ীলৈ চালে-চাৰে বাৰ বাজি গৈছে। সমুদ্ৰনীলৰ ফোন..।
– কোৱা….। অৱসাদগ্ৰস্ত ভাৱেই প্ৰতিধ্বনিত হ’ল তাইৰ মাতষাৰ।
– টোপনি অহা নাই? সিমূৰত সমুদ্ৰনীলৰ মাত।
– নাই..। ভাত খালা?
– ও..। তুমি ?
– খালোঁ। তাই শুলে নে?
– ও..শুইছে। তাই আজি আকৌ বাট চাই আছিল।
– ……………..
– তাই যিমানে একলা এলাকৈ বাঢ়ি আহিছে, মোৰ ভয়টোৱে খুলি খুলি খাইছে।
– ভয় কৰিবলৈ কিটো আছে?
– তায়ো যদি মোক ভুল বুজে!
– সময় আহকচোন। ইমান অস্থিৰ হৈছা কিয়?
– ………………
– এতিয়া শুই থাকা।
– আবেলি ইমান খং কৰিবলগীয়া কিনো কাৰণ আছিল? উজ্জয়িনীয়ে অভিমানত সোধে।
– তুমি মোক জানাইচোন। এতিয়া শোৱা ।
– মোৰ টোপনি নাই।
– চেষ্টা কৰা। এনেকৈ উজাগৰে থাকিলে তোমাৰ বেমাৰ হ’ব। সমুদ্ৰনীলে কোমল মাতেৰে কয়।
– আৰু তুমি? তুমি উজাগৰে থাকিলে কি বেমাৰ নহ’ব?
– এয়া মোৰ অভ্যাস।
– মোৰো অভ্যাস হৈ গৈছে।
– …………….
– কি হ’ল? সমুদ্ৰনীল নীৰৱ হৈ থকা দেখি তাই সুধিলে।
– হুঁ……….কাঞ্চনক চাবলৈ মন গৈছে।
– …………….
– তাই চাগে’ তোমাৰ দৰেই হৈছে! দুষ্টামি কৰেনে?
– ওঁ…….. কেতিয়াবা মই বিৰক্ত হৈ পৰোঁ।
– খং নকৰিবা। মৰমেৰে বুজাবা তাইক। এতিয়া শোৱা।
– তুমি?
– ময়ো শুম আৰু। এতিয়া ৰাখোঁ নে?
– ওঁ… ৰাখা। দেৰিলৈকে নাথাকিবা। উজ্জয়িনীয়ে কৰ্তৃত্বৰ সুৰত কয়।
– ঠিক আছে। সিমূৰত সমুদ্ৰনীলৰ ফোন কটাৰ শব্দ।

(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক