কাটাৰৰ ডায়েৰী (-ডা০ ভূপেন শইকীয়া)

কাটাৰৰ ডায়েৰী– ৩০    ড’হাৰ প্ৰাণ কেন্দ্ৰ চৌকৱাকিফ

যিদৰে অসমৰ ৰাজধানী গুৱাহাটীৰ এক কেন্দ্ৰ বিন্দু হ’ল ফাঁচী বজাৰ, একেদৰে  কাটাৰৰ ৰাজধানী চহৰ ড’হাৰ প্ৰাণ কেন্দ্ৰ হ’ল – ‘চৌকৱাকিফ’। চৌকৱাকিফ শব্দটোৰ অৰ্থ হ’ল চলি থকা বজাৰ৷হয়, চৌকৱাকিফৰ বজাৰ শ শ বছৰ ধৰি চলি আছে। কাটাৰী জন-জীৱনৰ উত্থানপতনৰ ইতিহাস বুকুত সাঁচি ৰাখিছে চৌকৱাকিফে। তাহানিৰ অঘৰী বেদুইন জাতিৰ পৰা আজিৰ ধনাঢ্য,মুখত সোণৰ চামুচলৈ ওপজা প্ৰজন্মলৈকে সকলো পৰিবৰ্তনৰ সাক্ষী এই কেইবা শ বছৰ পুৰণি বজাৰখন। মাজতেএটা সময়ত অনেক ইৰানী লোকে নানা বণিজ ইয়াত কৰিছিল বাবে ইয়াক ইৰানী মাৰ্কেট বুলিও মতা হৈছিল কিন্তু এতিয়া সেই নাম অপ্ৰচলিত বা কাটাৰী লোকসকলৰ মাজত অপ্ৰিয়। কাটাৰৰ সমগ্ৰ দেশখনতেই প্ৰায়বিলাক পুৰণি বাসভৱন, বজাৰ,অনুষ্ঠান আদি ভাঙি  ন নবহু মহলীয়া আধুনিকভৱনৰ নিৰ্মাণ কাৰ্য্য অহৰ্নিশে চলি থকাৰ বিপৰীতে ব্যতিক্ৰম হ’ল চৌকৱাকিফ। ২০০৪ চনতসামান্য সালসলনি ঘটোৱাৰ বাহিৰে চৌকৱাকিফৰ বজাৰৰ ভৱন সমূহৰ আন্তঃগাঠনিৰ কোনো পৰিবৰ্তন কৰা হোৱা নাই।

চৌকৱাকিফ হ’ল কাটাৰ দেশৰ এক মাত্ৰ ঠাই য’ত গ্ৰাহকে দৰ দাম কৰি যি কোনো পছন্দৰ সামগ্ৰী ক্ৰয় কৰিব পাৰে। অতি প্ৰাচীন কালৰ পৰা,  আৰবীসকলে বেদুইনৰ জীৱন কটাবৰ সময়ৰ পৰা এই বজাৰখন বেহা-বেপাৰৰ থল হিচাপে পৰিগণিত হৈ আহিছে। দূৰ দূৰণিৰ পৰা কাটাৰীসকলেনিজৰ তৈয়াৰী বা সংগৃহীত নানা বিধ সামগ্ৰী এই বজাৰখনলৈ বিক্ৰীৰ বাবে লৈ আহিছিল আৰু সেইবোৰ বেচি নিজৰ প্ৰয়োজনীয় সা-সম্পদ কিনি পুনৰ  কৰ্মস্থলীলৈ ৰাওনা হৈছিল। সেই লোকসকলে ইয়ালৈ আহি দুই এদিন বিশ্ৰাম লৈ ভাগৰ পলুৱাইছিল। থকাৰ সময়ছোৱাত নিশাৰ ভাগত দোভাগ ৰাতিলৈ গানৰ মেহফিল বহিছিল। সংগীত চৰ্চাই দুখ-বেদনা পাহৰায় । মন আৰু শৰীৰক নতুন কৰ্মশক্তিৰ যোগান ধৰে। গীত-সংগীতৰ মেহফিল আজিও বহে – শুকুৰবাৰ আৰু আন বন্ধৰ দিনত। স্থানীয় বাদ্য যন্ত্ৰৰ সংগতৰেচুফী সংগীতৰ তালত ৰচনা হোৱা সংগীতৰ মায়াজাল ময়ো দুই তিনিবাৰ  উপভোগকৰিছোঁ৷

আপোনপাহৰা হোৱা দৰ্শকৰ একাংশই সংগীতৰ তালে-তালে নাচিবলৈও ধৰে। বিদেশী শ্ৰোতা দৰ্শকসকলে গীতৰ ভাষা নুবুজিলেও তাত অন্তৰ্নিহিত থকা বেদনাৰ কৰুণ ভাৱটো উপলব্ধি কৰিব পাৰে। কোনোবা প্ৰখ্যাত ব্যক্তিয়ে এনেয়ে কৈ যোৱা নাই : আটাইতকৈ মধুৰ সংগীত হ’ল আটাইতকৈ কৰুণ৷সংগীতৰ স্বাদ লোৱাত ভাষা হয়তোপূৰ্ণৰূপে হেঙাৰ হব নোৱাৰে৷

আকৌ চৌকৱাকিফত নাপায় কি? ইয়াতউপলব্ধ বস্তুৰ তালিকাৰ ভিতৰত প্ৰমুখ কিছুমান হ’ল – মনোহাৰী সামগ্ৰী, ন-পুৰণি গহনা, নানা বিধ মছলা, কিচিমে-কিচিমেড্ৰাইফ্ৰুটচ, নানান সুগন্ধি আঁতৰ, ঘৰ বনোৱা -সজোৱা আৰু মাছ ধৰা সামগ্ৰী, বিভিন্ন খাদ্য পদাৰ্থ, বাদ্যযন্ত্ৰ, কাৰ্পেট,হেণ্ডিক্ৰাফ্ট আৰু পেইন্টিং, পোহনীয়া জীৱ জন্তু আৰু পক্ষীৰ বিক্ৰী কেন্দ্ৰ৷চৌকৱাকিফ অঞ্চলক বহুতে পুৰণি ডোহা বুলিও উল্লেখ কৰে৷ পাৰস্য সাগৰৰ পাৰৰ কৰনীচ ইয়াৰ গাতে লাগি আছে। সমুদ্ৰ তীৰত অৱস্থিত দুই বিখ্যাত স্মাৰক মিউজিয়াম অৱ ইছলামিক আৰ্টচ আৰু ইছলামিক কালচাৰেল চেন্টাৰ চৌকৱাকিফৰ পৰা খোজ-কঢ়া দূৰত্বত৷ ইয়াৰ সন্মুখ ভাগ দেখাত পুৰণি দুৰ্গৰ দৰে৷ অনেক ৰং-বিৰঙৰ পাৰ চৰাইৰ ই আশ্ৰয় স্থল৷ দুই কাষে আছে কেইবা শ গাড়ীৰ বাবে ‘পেইড পাৰ্কিং’ এলেকা৷ চৌকৱাকিফৰ ভিতৰত তিনিখন মহঙা আৰু অত্যাধুনিক সা-সুবিধাযুক্ত হোটেল আছে৷ সেইকেইখন হ’ল- বিচমিল্লাহ, হোটেল চৌকৱাকিফ আৰু অল খৱাইচ৷ দোকানসমূহ আগবেলা দহ বজাৰ পৰা নিশা দহ বজালৈ খোলা থাকে৷ কিছুমান ৰেষ্ট্যুৰাঁ মাজৰাতিলৈকে খোলা থাকে বিশেষকৈ সপ্তাহান্ত আৰু বন্ধৰ দিনত৷ অনেক বিদেশী পৰ্য্যটকৰেচৌকৱাকিফৰ দোকানসমূহ বিশেষকৈ ৰেষ্ট্যুৰাঁসমূহঠাহ খাই থাকে৷ ৰেষ্ট্যুৰাঁসমূহৰ বিশেষ আকৰ্ষণ হ’ল কাটাৰীখাদ্য আৰু দীঘল পাইপ লগোৱা প্ৰকাণ্ড প্ৰকাণ্ডহোক্কা-চিলিমৰ জুতি৷ ক’বলৈ পাহৰিছোঁ নানান ডিজাইনৰ হোক্কা-চিলিমৰ বিক্ৰীৰ দোকানো চৌকৱাকিফ আৰু ডোহাৰ আন আন অঞ্চলত দেখিবলৈ পোৱা যায়৷ চৌকৱাকিফত থকা নাট্যমন্দিৰ নিচিনা হলঘৰত দেশী বিদেশী শিল্পীৰ সংগীতানুষ্ঠান মাজে মাজে অনুষ্ঠিত হয়৷ কেইবাজনো ভাৰতীয় শিল্পীৰ গজল সন্ধিয়া ইয়াত অনুষ্ঠিত হোৱাৰ খবৰ পাওঁ৷ ইয়াৰ ওপৰিওচৌকৱাকিফত মাজে মাজে অনুষ্ঠিত হয় প্ৰদৰ্শনী,চেমিনাৰ আৰু বসন্ত উৎসৱৰ দৰে নানান প্ৰমোদ মেলাৰ৷ চৌকৱাকিফৰ গাতে লাগি আছে চৰকাৰী বাছষ্টেণ্ড আৰু বিখ্যাত গোল্ডচৌক। গোল্ডচৌক নানান সোণৰ গহনাৰ জিকমিকনিৰেতিৰবিৰাই থাকে৷

মোখনিত কম তাহানিৰ বেদুইন আজি বুৰঞ্জী হ’ল। বেদুইনৰ ছবি,ফটো,তেওঁলোকৰ ব্যৱহৃত সা-সামগ্ৰীয়ে আজি সাদৰে,সম্ভ্ৰমেৰে মিউজিয়ামত ঠাই পাইছে। আমোদৰ কথা আজিৰ যুগৰ প্ৰজন্মই বেদুইনৰ জীৱন শৈলী অনুভৱ কৰিবলৈ গৈ বাহৰ পাতে মৰুভূমিৰ মাজৰ টেণ্টত৷ য’ত জেনেৰেটতৰসহায়ত থাকে অহৰ্নিশ বিদ্যুত, টেণ্টৰ ভিতৰত এয়াৰ কণ্ডিচনাৰ, ডিচ টিভি, কমোড আৰু শ্বাৱাৰযুক্ত বাথৰুম৷ কোঠাৰ ভিতৰত মহঙা কাৰ্পেট আৰু সুগন্ধি দামী আঁতৰৰ সুবাস৷ কেইবাটিও হোক্কা চিলিমো লগত থাকিবই৷ খোৱা সামগ্ৰী ৰান্ধিবৰ বাবে টেণ্টৰ বাহিৰত জুইশালৰ ব্যৱস্থা। এনে জীৱন শৈলী উপভোগ কৰাত ৰজা প্ৰজা কোনোৱেই পিছ পৰি থকা নাই৷

 

==================================

কাটাৰৰ ডায়েৰী– ৩১ : ৰমজান মাহত কাটাৰ

 

আজিৰ ডায়েৰীৰ পাতত যি লিখিব লৈছোঁ তাক স্ব-কথোপকথন বা ‘লাউডথিংকিং’ আখ্যা দিব পৰা যাব৷ মই নাজানোঁ মোৰ সহৃদয় পাঠকসকলে এই লিখনিক কি ভাবে গ্ৰহণ কৰিব৷ মই কোনো বিখ্যাত লোক বা সাহিত্যিক নহয়৷ মই মাথো এজন কৰ্মসূত্ৰে প্ৰবাসী অসমীয়া৷ ফেচবুকৰ’অসমীয়া কথা বতৰা’ গোট আৰু ‘নিয়মীয়া বাৰ্তা’ৰ প্ৰবাসী অসমীয়া  পৃষ্ঠাৰ লিখনিৰ যোগেদি  অসমৰ আৰু অসমৰ বাহিৰৰো ভালেকেইজন পাঠকৰ সৈতে  মোৰ অন্তৰংগতা বা আন্তৰিকতা গঢ়ি উঠিছে৷ এই অনুভৱে মোৰ হৃদয়ৰ কোনোবা এটা চুকত স্পৰ্শ কৰে যেতিয়া এচ এম এচ বাৰ্তা, টেলিফোন,ই-মেইলত নাইবা ফেচবুকতপ্ৰশংসাসূচক বা নানা আগ্ৰহ-আব্দাৰযুক্ত সংলাপ পাওঁ৷ গতিকে তেনেলোকৰ চেনেহক নেওচি হাজাৰ ব্যস্ততাৰ মাজতো ডায়েৰী নিলিখাকৈ থাকিব নোৱাৰোঁ৷ এটা তেনেই সাধাৰণ ঘটনা কওঁ – কেইদিনমান আগতে গুৱাহাটীৰ ছয়মাইলৰ এখন দোকানত এপদবস্তু কিনিব সোমাওঁতে দেউৰী উপাধিৰ অচিনাকি ডেকা দোকানীজনে ( এই মুহূৰ্তত সম্পূৰ্ণ নামটো মনলৈ অহা নাই) মোলৈ আদৰৰ দৃষ্টিৰে চাই কৈছিল – আপোনাৰ  লিখনি নিয়মীয়া বাৰ্তাত সদায়ে পঢ়োঁ৷  হয়,মই দুসপ্তাহৰ ব্যক্তিগত জৰুৰী কামত মুলুকলৈ  গৈছিলোঁ৷ বিদেশৰ পৰা স্বদেশলৈ যাত্ৰা কৰাক ইয়াত আন ভাৰতীয়সকলে ‘মুল্ক’ যোৱা বুলিয়ে কয়৷মনত পৰে সৰুতে দেউতাৰ অফিচৰ নেপালী চকীদাৰ আৰু বিহাৰী গোৱালে ঘৰলৈ দীঘলীয়া ছুটিত গ’লে কৈছিল – “দেচলৈ যাওঁ”! নেপালৰ কথা বাদ দিলে ভাৰতৰ ভিতৰতে আকৌ দেশ (দেচ), চিন্তনীয় কথা!

ভাৰতলৈ, অসমলৈ গৈছিলোঁ আমাৰ কনিষ্ঠ কন্যা ইতিৰ কলেজত  নাম ভৰ্তি কৰিবলৈ৷ তাইৰ সৈতে গুৱাহাটী-দিল্লী-জয়পুৰ তাঁত-বাঁতি কৰোঁতেই সময়বোৰ পাখি লগা কাঁড়ৰ দৰে পাৰ হ’ল৷ গুৱাহাটীত চি বি এচ ইৰ পৰীক্ষা দি ইতিয়েও মাকৰ সৈতে দুমাহ কাটাৰত থাকি গৈছিলহি৷জয়পুৰৰ তাই মনে বিচৰা ইন্টিৰিয়’ৰ ডিজাইনৰ বিষয় থকা কলেজ এখনত এডমিচন দি মই ঘূৰি আহি কাটাৰ পাবহি এসপ্তাহ হৈছে মাথোঁ৷ উল্লেখ নকৰিলে নহ’ব তাকৰীয়া বন্ধৰ মাজত এদিন খন্তেক সময়ৰ বাবে ‘নিয়মীয়া বাৰ্তা’ৰ কাৰ্য্যালয়লৈ গৈ প্ৰীতিৰেখা ভূঞা আৰু প্ৰাঞ্জল দলৈক লগ পাই মনত এক সুখানুভূতি হ’ল৷ নক’লেও হব  কাটাৰলৈ ঘূৰি অহাৰ লগে লগে পুনৰ দৈনন্দিন কৰ্ম ব্যস্ততাৰ মাজত সোমাই পৰিলোঁ৷ ৷ সপ্তাহটোৰ প্ৰতিটো দিনেই মই ৰোগী চাওঁ এদিনো বাদ নপৰাকৈ৷ ছুটী মোৰ বাবে আটকৰ ধন হেন৷ সোমবাৰে এবেলা আৰু শুকুৰবাৰে এবেলা মোৰ ডিউটি অফ থাকে৷ ইয়াৰ বাদে বছৰত এমাহ ছুটী৷ শুকুৰবাৰে ৬ঘন্টাৰ এবেলাত ৮০জনৰো অধিক ৰোগীক পৰীক্ষা কৰি প্ৰতিবিধান দিব লাগে৷

অন্য দিনা দিনটোত ৩৫ৰ পৰা ৪০জন ৰোগী চাওঁ৷ কাটাৰী বা আন আৰবী ৰোগী মোৰ ভাগত কমকৈ পৰে৷ সৰহ সংখ্যক ৰোগীয়েই হ’ল ইয়াৰ প্ৰবাসী৷ বিশ্বৰ বিভিন্ন দেশৰ পৰা কৰ্মসূত্ৰে কাটাৰলৈ অহা সেইলোক সকলৰ দেশৰ নাম মই মোৰ ব্যক্তিগত বহীত টুকি ৰাখোঁ৷ এতিয়া ইছলামসকলৰ পবিত্ৰ ৰমজান মাহ৷ দোকান বজাৰ অফিচ সকলোৰে কামৰ সময় সূচী সলনি হৈছে৷ সকলো অফিচৰ কামৰ সময় ৮ঘন্টাৰ ঠাইত ৬ঘন্টালৈ হ্ৰাস কৰা হৈছে৷ হোটেল, ফাষ্টফুড চেন্টাৰ, নানাবিধ খাদ্য-সামগ্ৰী বিক্ৰীৰ দোকান আৰু ৰেষ্ট্যুৰাঁসমূহ  দিনত বন্ধ থাকি ৰাতিহে খোলে৷ মেডিকেল বিভাগ হিচাপে আমাৰ সময় অৱশ্যে হ্ৰাস হোৱা নাই৷ ডিউটি আগবেলা চাৰে চাৰি ঘন্টা আৰু পিছবেলা চাৰে চাৰি ঘন্টা৷ পুৱাৰ সময় একে থাকি সন্ধিয়া ৭বজাৰ পৰা নিশা চাৰে এঘাৰ বজালৈ ডিউটি৷ কিছুমান দোকান দিনটো বন্ধ থাকি ৰাতি দেৰিলৈকে খোলা ৰখাৰ ব্যৱস্থা  কৰিছে৷ দিনত বাট-পথত যান-বাহন সেৰেঙা৷ সন্ধিয়া ইফটাৰ হৈ যোৱাৰ পিছৰ পৰা ৰাজপথত গাড়ী মটৰৰ সংখ্যা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে আৰু নিশা এঘাৰ বজাৰ পিছৰ পৰা  দোকান,বজাৰ, হোটেল, ৰেষ্ট্যুৰাঁ, ৰাজপথ লোকাৰণ্য হৈ পৰে৷ উৎসৱমুখৰ পৰিবেশত উজান দিয়ে দোকানবিলাকে ঘোষণা কৰা আকৰ্ষণীয় ৰেহাইৰ ব্যৱস্থাই৷  নক’লেও হব ইয়াৰ চুপাৰমাৰ্কেট,হাইপাৰমাৰ্কেট লেভেল লগোৱা মলসমূহ বিশ্বৰ বিভিন্ন দেশৰ সৰু-বৰ নানান সামগ্ৰীৰে উভৈনদী৷ যোৱা শুকুৰবাৰে বন্ধু আব্দুল্লাৰ সন্ধিয়াৰ ইফটাৰৰ  নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ তাত কেইবাজনো ন-পুৰণি অসমীয়াক লগ পাই সন্ধিয়াটো ভালদৰেই অতিবাহিত হ’ল৷ এটা দৃশ্য পুৰণিড’হা অঞ্চলত দেখিবলৈ পালোঁ৷ এখন দোকানৰ সন্মুখত দীঘল লাইন৷ দোকানখনে ইফটাৰৰ বাবে একোখনকৈ বিভিন্ন খাদ্য-সামগ্ৰীৰ থাল সাজি বিক্ৰী কৰিছে৷  ব্যৱস্থাটো দেখি ভাল লাগিল৷কাটাৰীসকলৰ মাজত হিন্দী চিনেমা বেচ জনপ্ৰিয়৷ইয়াৰ চিনেমেক্সসমূহত নতুন হিন্দী চিনেমাবৃহস্পতিবাৰে,অৰ্থাৎভাৰতবৰ্ষতকৈ এদিন আগতে মুক্তি পায়৷ বহুত আৰবী দৰ্শকে টিকটৰ বাবে সময়তকৈ আগতে লাইন পাতি থাকে৷ ইয়াত চলা প্ৰতিখন চিনেমাৰ সংলাপ আৰবী ভাষাত লিখা ওলায়৷ বৰ্তমান ‘ৰয়েল প্লাজা’ত চলি থকা ‘ভাগ্মিলখাভাগ্’ বোলছবিখনে দৰ্শকৰ আদৰ পাইছে৷   “উৰন্ত  শিখ”  মিলখা সিঙৰ জীৱনী ভিত্তিক এই কাহিনী চিত্ৰখন সানমিহলি দৰ্শকৰ সৈতে যোৱা সোমবাৰৰ নিশাৰ দৰ্শনী ময়ো উপভোগ কৰিলোঁ৷

বৰ্তমান কাটাৰৰ সৰ্বোচ্চ তাপমাত্ৰা  ৪৩ ডিগ্ৰী চেলচিয়াচলৈ বৃদ্ধি পাইছে৷ নিশাৰ ভাগত তাপ মান৩৫ডিগ্ৰীলৈকে নামে৷  দুসপ্তাহ আগতে সেই তাপ মান আছিল ৩৯ ডিগ্ৰী৷সকলো সময়তে বলি থকা উষ্ম বতাহে শৰীৰ দেই-পূৰি নিব খোজে৷ কল-কাৰখানা, ৰাজপথ আৰু  বিল্ডিং নিৰ্মাণত জড়িত  বনুৱাসকলৰ ডিউটি নিশাৰ পৰা পুৱালৈ দুটা চিফ্টত ধাৰ্য্য কৰি দিয়া হৈছে৷বাসস্থান,যানবাহন,কাৰ্য্যালয় সকলোতে বাতানুকুল ব্যৱস্থা থাকিলেও মুকলিত কাম কৰা সকলৰ নিশা ভাগত হ’লেও কষ্ট অনিবাৰ্য্য৷

কাটাৰী মহিলাসকলৰ পৰিধান ক’লা ৰঙৰ বুৰ্খা৷ বুৰ্খাত নানান ধৰণৰ এম্ব্ৰডায়েৰীৰষ্টাইল কৰা দেখিলে মই বেচ আমোদ পাওঁ৷  কম সংখ্যক কাটাৰীমহিলাইহে মুখখন আবুৰ কৰি ঢাকি ৰাখে৷ পুৰুষসকলৰ সৰু-ডাঙৰ প্ৰায় সকলোৱেই দীঘল বগা বস্ত্ৰ পৰিধান কৰে৷ মূৰত পৰিধান কৰা ‘ঘূৰ্টা’ বেচিভাগৰ ৰঙা-বগা গামোছাৰ নিচিনা আন কিছুমানৰ অৱশ্যে বগা,ক’লা বা মুগাবৰণীয়া৷ কাটাৰী পুৰুষসকলে পিন্ধা  শুভ্ৰ বস্ত্ৰ  ইমান পৰিষ্কাৰ কৰি কেনেকৈনো ৰাখে মই ভাবি পাৰ নাপাওঁ৷ আজিলৈ ডায়ৰী ইমানেই৷

=========================================

কাটাৰৰ ডায়েৰী– ৩২

 

একাগ্ৰতা আৰু পৰিশ্ৰম সফলতাৰ চাবিকাঠী

 

আজিৰ কাটাৰৰ ডায়েৰীৰ যোগেদি নিজৰ অধ্যৱসায় আৰু একাগ্ৰতাৰ ফলত উন্নতিৰ ঢাপত বগাবলৈ সক্ষম হোৱা দুজন অসমীয়া যুৱকক পাঠকৰ সৈতে পৰিচয় কৰাই দিব খুজিছোঁ৷নিজৰ পৰিশ্ৰম আৰু সফলতাৰ চাবিকাঠী কি দৰে দুয়ো আয়ত্ত কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে বিতংকৈ নিজ মুখে বহলাই ক’ব আৰু সময়ত সেয়া কাটাৰ অসম সমাজৰ মুখপত্ৰ বা স্মৰণিকাত প্ৰকাশিত হ’ব৷প্ৰথমেই কম ধুবুৰীৰ চাহানুৰ আলিৰ কথা ৷ পিতৃ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল হোৱা হেতুকে চাহানুৰে সৰুতে অসম আৰু মেঘালয়ৰ বিভিন্ন ঠাইত পিতৃৰ সৈতে ভ্ৰমিলে৷চাকৰিৰ পৰা অৱসৰলৈ ধুবুৰীত ঘৰ বাৰী কৰাত চাহানুৰে তাৰ বি এন কলেজৰ পৰা স্নাতক ডিগ্ৰী লয়৷কলিকতালৈ আহি এটা ইন্টাৰনেশ্বনেলবেংকৰ চাকৰিত যোগদান কৰি তেওঁ লক্ষ্য কৰে যে বেংকৰ বহুবোৰ নথি পত্ৰ,যোগাযোগ ফৰাচী ভাষাত চলে৷তেওঁ বেংকৰ উৰ্ধতম কৰ্তৃপক্ষক নিজৰ ফৰাচী ভাষা শিকিবলৈ আগ্ৰহ হোৱাৰ কথা ব্যক্ত কৰে৷বেংকে জনায় যে তেওঁ কলিকতাৰ ফৰাচী দূতাবাসৰ যোগেদি ফৰাচী ভাষা শিকিব পাৰিব আৰু লগতে ফ্ৰান্সৰ কলা-সংস্কৃতিৰ বিষয়েও জ্ঞান আহৰণ কৰিব পাৰিব৷নিশাৰ ভাগৰ আজৰি সময়ত চাহানুৰে ফৰাচী অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে আৰু এটা সময়ত পৰীক্ষা দি আন্তঃৰাষ্ট্ৰীয়ডিপ্লমা আয়ত্ত কৰিবলৈ সক্ষম হ’ল৷ইয়াৰ পিছত চাহানুৰৰকৰ্মস্থলী বাংগালোৰলৈ সলনি হ’ল ৷

বাংগালোৰৰ পৰা এইবাৰ ডুবাইলৈচাহানুৰ আহিল৷ ডুবাইতএমিটি ইউনিভাৰ্চিটি আৰু আন টুৰিজমৰ লগত জড়িত শিক্ষা প্ৰতিষ্ঠানে তেওঁক ফৰাচী ভাষা আৰু ফৰাচী সংস্কৃতিৰ ওপৰত শিক্ষা দিবলৈ আমন্ত্ৰণ জনাব ধৰিলে৷সদ্যহতে চাহানুৰ আলি ড’হাৰ মডাৰ্ণ ইণ্ডিয়ান স্কুলৰ ফৰাচী ভাষাৰ বিষয় শিক্ষক৷তেওঁৰ মতে ফৰাচী ভাষা শিকাৰ পৰা এদিনো থমকি ৰ’বলগীয়া হোৱা নাই৷

 

আনজন যুৱকৰ নাম কামাৰুল আলম৷ গৃহস্থান হোজাইৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ পিছত কামাৰুলে মনস্থ কৰিলে অসমৰ বা ভাৰতৰ  কলেজৰ পৰা নহয় ডুবাইৰ পৰা এম বি এ কৰিব৷ ডুবাইৰ মনিপাল ইউনিভাৰ্চিটিৰ পৰা সফলতাৰে এম বি এ ডিগ্ৰী লাভ কৰাৰ পৰা কামাৰুলে আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷লগে লগেডুবাইৰ এক সম্ভ্ৰান্ত ব্যৱসায়ী প্ৰতিষ্ঠানত চাকৰিত নিযুক্তি লাভ কৰিলে৷

মধ্যপ্ৰাচ্যৰ দেশকেইখন উপৰিওচীন,ফ্ৰান্স আৰু আফ্ৰিকাৰো কেইবাখনো দেশৰ ব্যৱসায়ৰ দায়িত্ব নিয়াৰিকৈ সম্পন্ন কৰাৰ ফলত আজি তেওঁ নিজে এটা আতৰৰ কোম্পানীৰ মেজৰ শ্বেয়াৰহোল্ডাৰ হ’ব পাৰিছে৷ অলপতে তেওঁ পেৰিচলৈ ৬মহীয়া প্ৰশিক্ষণত যাব৷দুয়োজন ডেকা যুৱকৰ উত্তৰণৰ কাহিনী ৬৷৭বছৰৰ অধিক কালৰ নহয়৷ এওঁলোকৰ পৰা আমাৰ অসমৰ যুৱক যুৱতীয়ে অনুপ্ৰেৰণা লাভ কৰক৷ঘৰতে সোমাই নাথাকি বাহিৰৰ বিশ্বত কৰ্ম অনুসন্ধান কৰক আৰু তাৰ বাবে ন্যূনতমঅৰ্হতা খিনি আহৰণ কৰক৷ ইয়াত মই গম পোৱা মতে কিছুমান ট্ৰেডত সদায় চাকৰিয়ালৰ প্ৰয়োজন হৈয়ে থাকে৷ সেইবিলাকৰ কিছুমান হ’ল এচিটেকনিচিয়ান, ইলেকট্ৰিচিয়ান, ৰেফ্ৰিজিৰেটৰ মেকানিক, কম্পিউটাৰ মেকানিক, অট’মবাইল মেকানিক, কাৰপেন্টাৰ, প্লাম্বাৰ,চেফ আদি৷কিন্তু আটাইতকৈ লাগতিয়াল কথাটো হ’ল- এইবিলাক চাকৰিৰ বাবে কোনো প্ৰতিষ্ঠানৰ ডিপ্লমা আহৰণ কৰিব লাগিব৷তেতিয়া পোন চাতেইচুপাৰভাইজাৰৰ নিযুক্তি পাব আৰু ক্ৰমে পদোন্নতি হব৷ আমাৰ অসমীয়া মানুহৰ বাহিৰে এইবিলাক সুবিধা ভাৰতৰ অইন প্ৰদেশৰ মানুহ ল’ব জানে৷

দুদিনমানৰ আগতে  কাটাৰৰ উত্তৰাখণ্ড সমাজৰ আমন্ত্ৰণ ক্ৰমে এখন সভালৈ গৈছিলোঁ৷ সভা অনুষ্ঠিত হৈছিল ভাৰতীয় দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰত৷উত্তৰাখণ্ড সমাজে জনোৱামতে কাটাৰত তেওঁলোকৰ পৰিয়ালৰ সংখ্যা পঞ্চাশৰো কম৷ আৰু ইয়াৰ বিপৰীতে আজিৰ তাৰিখত আমাৰ অসম সমাজৰ পৰিয়ালৰ সংখ্যা  এশৰো অধিক হব৷উত্তৰাখণ্ড সমাজে নিজৰ প্ৰদেশৰ বৰ্তমানৰ ভয়ংকৰ দুৰ্যোগৰ সময়ত দেহে-কেহে,মনেপ্ৰাণে  থিয় দিয়া দেখি মুগ্ধ নহৈ নোৱাৰিলোঁ ৷ ভাবিবলৈ বাধ্য হ’লোঁ আমাৰ সমাজে নিজৰ মাজতে একাত্মীয়তা গঢ়ি তুলিব পাৰিছোঁনে? অধিকাংশইচোন নিজৰ ব্যক্তিগত উন্নত লাইফষ্টাইল, এচিভমেন্ট আদি লৈয়ে ব্যস্ত৷ পৰস্পৰৰ মাজত ভাৱ বিনিময় কৰি সুখ-দুখৰ দুআষাৰপাতিবলৈয়োচোন সময়ৰ ভীষণ নাটনি !

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments