কাটাৰৰ ডায়েৰী-১১ -(ডাঃ ভূপেন্দ্ৰ শইকীয়া)

ডাঃ  ভূপেন্দ্ৰ শইকীয়া

কাটাৰৰ ডায়েৰী১১

এইবাৰ ডায়েৰী লিখাত বেচ পলম হ’ল ৷ বিভিন্ন কামত ব্যস্ত থকা কাৰণে, লগতে লিখিবলৈ উল্লেখযোগ্য সমল নোহোৱাৰ বাবেও ৷ মোৰ প্ৰিয় পাঠকে মোক ক্ষমা কৰিব , আজি তেনেই সৰু সৰু কথাৰে ডায়েৰীৰ পৃষ্ঠা ভৰাইছো ৷ লগতে অনুৰোধ – মোৰ লিখাখিনিক আত্মশ্লাঘা বুলি যেন গণ্য নকৰে৷

সাগৰ সংগমত কতনা সাঁতুৰিলো , সময়ৰ অগ্ৰগতিৰ পক্ষীৰাজত উঠি, মই যি বাটেৰে ওলালো আজি – নাহো উভতি, একেটি সুৰে বাঁহিটি বন্ধা,একেটি আনন্দ তাৰ : এই গীতকেইটিৰ মাজত যেন মই সোমাই পৰিছো ৷ গীতৰ কলি গুণগুণাই মোৰ থকা ঠাইৰ পৰা মোৰ কৰ্মস্থলীললৈ খোজ কাঢ়ি আহোতে কুৰি মিনিট সময় লাগে ৷ আগতে মাত্ৰ পাঁচ মিনিট সময়তে ঘৰৰ পৰা ক্লিনিক পাইছিলোহি ৷ ফেব্ৰুৱাৰীৰ শেষৰটো শুকুৰবাৰে মানে যোৱা ২৪ তাৰিখে ঘৰ বদলি কৰিলো ৷ সেইদিনা দিনটো ঘৰ সলনি কৰি তাক পৰিপাটি কৰাৰ কামত ব্যস্ত থাকিলো ৷ নতুন ঘৰত সেইদিনাই  দুজন আলহীয়েও পদধূলা দিলে ৷ এজন কাটাৰৰ চৰকাৰী চাকৰিয়াল ইঞ্জিনিয়াৰ পাৰ্থ গগৈ, পৰিয়ালসহ ৷ আনজন ডাক্তৰ প্ৰেমানন্দ গোস্বামী ৷ বহুত বছৰ চৌডি আৰবত কাম কৰাৰ পিছত বৰ্তমান ড’হাৰ ক্লিনিক এখনতঅলপতে যোগদান কৰিছে ৷ মোৰ আগৰ ঘৰতো নতু​নকৈ মেৰামতি কৰিবলৈ লোৱাৰ হেতুকে খালি কৰিবলগীয়া হ’ল ৷ বৰ্তমানৰতো  অলপ সৰু যদিও স্বয়ং-সম্পূৰ্ণ আৰু চাৰিওফালৰ পৰিৱেশ মোহনীয় আৰু সুবিধাজনক ৷ ওচৰতে আছে ড’হা মিউনিচিপেলিটিৰ অফিচ,​  পঞ্চতাৰকা হোটেল লাচিগেল, মেকড’নাল্ড , ফ্ৰাইডে, নেইবাৰহুড, বাৰ্গাৰ কিং আদি নানান বিখ্যাত  ৰেষ্টোৰেন্ট ৷ ওচৰতে ৰামাডা চিগনেল চাৰিআলিত বেংক আৰু সুবিধাজনক চুপাৰমাৰ্কেট কেইবাখনো আছে ৷  মোৰ ফ্লেটতো ৭ মহলীয়া ৷  মই থাকো ষষ্ঠমহলাত ৷ মোৰ ওচৰৰ আবাসিক ফ্লেটসমূহ ইয়াতকৈ ডাঙৰ ডাঙৰ ৷ খিৰিকিৰে মই ৰাজপথৰ দৃশ্য দেখি থাকো ৷ মোৰ ফ্লেটৰ চিকিউৰিটি, সহায়কৰ্মী, চাফাইকৰ্মী আটাইকেইজন হাঁহিমুখীয়া নেপালী যুৱক ৷ মোৰ ওচৰে পাজৰে ভালেকেইখন  মনোমোহা ফুলনি আছে ৷এতিয়া ফাগুনৰ বা ইয়াতো বলিছে ৷ ড’হাত অনেকজোপা খেজুৰৰ গছ আছে  পথৰ মাজৰ ডিভাইডাৰত নাইবা কাৰোবাৰ ঘৰৰ পৰিসৰৰ ভিতৰত ৷ খেজুৰ গছত ধানৰ  থোকৰ দৰে সোণোৱালী ফুল ফুলিছে ৷ চাই ভাল লগা এক দৃশ্য ৷

নতুন আৰু আগৰ দুয়োটা ঘৰেই ড’হাৰ বিখ্যাত ‘অল চাড’ এৰিয়াৰ ভিতৰতে পৰে ৷ এতিয়া নতুন ঘৰৰ পৰা আহোতে ৰাজপথ দুবাৰ পাৰ হবলগীয়া হয় ৷ ৰাজপথ ৪/৫ খন গাড়ী চলাব পৰাকৈ  বহল ৷ এটা লেনত মাত্ৰ এটা দিশৰ গাড়ীহে চলে ৷ পথৰ ডিভাইডাৰৰ আনফালে বিপৰীত দিশৰ গাড়ী চলে ৷ গাড়ীবিলাক তীব্ৰবেগী – ৮০ৰ পৰা ১০০কিলোমিটাৰ গতিবেগত চলে- যেন বাৰিষাৰ পাহাৰীয়া নদীৰহে ঢল ৷ ৰাস্তাৰ খোজ কাঢ়ি যোৱা মানুহতকৈ গাড়ীৰ সংখ্যা অধিক ৷ ড’হাত ডুবাই বা আবু ধাবিৰ নিচিনাকৈ পথ পাৰ হবলৈ মাটিৰ তলৰ সুৰঙ্গ পথ নাইবা ফুট অভাৰ ব্ৰীজ নাই ৷ সেয়ে ভালদৰে সতৰ্কতাৰে পথ পাৰ হোৱাটো  প্ৰয়োজন ৷ মই চমু বাটেৰে পোনাওতে কমেও দুই কিলোমিটাৰ বাট এবাৰত বুলিব লগা হয় ৷ যদিও ই মোৰ বাবে এক ভাল ব্যায়াম হৈছে, তথাপিও সময়ৰো কিছু ভৰণী হোৱাটোত বেয়া লাগিছে ৷ বাটত দুখন বিশাল পথাৰ আৰু তিনিজোপা বগৰীৰ গছ অতিক্ৰম কৰো ৷ গছৰ পকা অকনি অকনি বগৰীৰ স্বাদ কেইবাদিনো লৈছো ৷ মোৰ এনে লাগিছে যেন মোৰ বাল্যকালৰ স্কুলীয়া দিনবোৰ ঘূৰি আহিছে ৷ মোৰ লগত প্ৰায়ে কেমেৰাতো থাকে ৷ আহোতে যাওঁতে তাৰো সদ্ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰো ৷বাটত কেৱল গাড়ী-মটৰেই নহয়, ঘৰ দুৱাৰ, চাইন ব’ৰ্ড, গছ-গছনি, ফুলনি, চৰাই-চিৰিকতি সকলো লক্ষ্য কৰি যাওঁ ৷ হোটেলৰ ওচৰে-পাজৰে জাক জাক পাৰ চৰাই দেখা যায় ৷ গছে-ডালে কপৌ,শালিকী আৰু ভাটৌ চৰাই চকুত পৰে ৷  কাউৰী কাটাৰত দেখিবলৈ পোৱা নাই ৷ আঁহত গছ ইয়াত আছে যদিও ডাল-পাতবোৰ সৰু সৰু – যেন প্ৰকৃতিয়ে নিজে বন-চাই কৰি লৈছে ৷ লক্ষ্য কৰো বাটত দেখা পোৱা মানুহৰ মুখবোৰ আৰু ভাৱ-ভংগীমা ৷ কোন দেশৰ বাৰু এওঁ হব  পাৰে , কি কাম কৰে ?  কিমান দিনৰ পৰা বাৰু ইয়াত কৰি আছে ?  চকুত পৰে – ডাঙৰ ডাঙৰ সুন্দৰ ভৱনৰ নিৰ্মাণ ঠায়ে ঠায়ে চলি আছে অহৰ্নিশে – বনুৱা সৰহ সংখ্যকেই হ’ল ভাৰতীয় ৷ বাতৰিত ওলাইছে শেহতীয়া সমীক্ষামতে পৃথিৱীৰ আটাইতকৈ ধনী দেশ হ’ল কাটাৰ ৷ কিন্তু সেই ধনী দেশত কাম কৰা এই বনুৱাসকলৰ আৰ্থিক অৱস্থা ভাৰতত কাম কৰা সকলতকৈ বিশেষ উন্নত নহয় ৷

বতৰ ইয়াত এতিয়া ১১ ডিগ্ৰীৰ পৰা ২২ ডিগ্ৰী চেন্টিগ্ৰেডৰ ভিতৰত চলি আছে – অৰ্থাৎ আৰামদায়ক বুলিব পাৰি ৷ আৰু এমাহৰ  ভিতৰত গৰমৰ দিন আহি আছে ৷ তাপমান ক্ৰমে  উৰ্ধগামী হৈ  ৫২ডিগ্ৰী চেন্টিগ্ৰেড চুবগৈ ৷ তাৰ আগতেই মই এখন বাহন যোগাৰ কৰি লব লাগিব ৷এতিয়াও কেতিয়াবা তীব্ৰ বেগী বতাহ বলিলে বালি-ধূলিৰ অসুবিধাৰ ওপৰিও বতাহৰ বিপৰীত দিশত খোজ দিয়া কঠিন হৈ পৰে ৷ভাগ্যে ড্ৰাইভিং টেষ্টত উত্তীৰ্ণ হৈ  কাটাৰী  ড্ৰাইভিং লাইচেঞ্চখন দুমাহ আগতে লৈ  থৈছো ৷

মই আগতে থকা  ফ্লেটটোৰ  গৰাকী আছিল এজন কাটাৰী ভদ্ৰলোক ৷ এজন লেবাননৰ লোকক চোৱা-চিতাৰ বাবে মেনেজাৰৰ দায়িত্ব দিছিল ৷ এজন ইজিপ্তৰ লোকক কেয়াৰ টেকাৰ ৰাখিছিল ৷ এই দুজনে ফ্লেটৰ খালি থকা কোঠা মালিকৰ অজ্ঞাতে ভাড়ালৈ দি গোপনে ধন আৰ্জি আছিল ৷পাঁচ মহলীয়া বিল্ডিংটোত থকা প্ৰায়বিলাক লোকেই আছিল ‘আজাদিয়া’ নামৰ বিখ্যাত  ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী ৷ গতিকে যি বুজিলো – দুৰ্নীতি কেৱল ভাৰতীয়ৰেই নহয়, অইন দেশৰ লোকৰ তেজতো আছে ৷ ভাড়া ঘৰ বিচাৰোতেও এটা অভিজ্ঞতাৰ সন্মুখীন হলো ৷এক শ্ৰেণীৰ লোকে পাৰ্ট টাইম আনৰ বাবে ঘৰ বিচাৰি দিয়াৰ কাম কৰে ৷ বাংলাদেশী,নেপালী,ইজিপ্তচিয়ান আৰু ভাৰতীয় লোক এনে কামত লিপ্ত ৷ বিনিময়ত এমাহৰ বা দুমাহৰ ঘৰভাড়া ‘চালামী’  হিচাবে বিচাৰে ৷

মই মোৰ বৃত্তিক ভাল পাওঁ কিয়নো ইয়াৰ যোগেদি মানুহক সহায় কৰিবলৈ সুযোগ এটা পাইছো ৷ সময়ত হব পাৰিছো কাৰোবাৰ বিপদৰ পৰম বন্ধু বা ভৰসাৰ থল ৷ বহুতৰ বহুত গোপন কথা জানিলেও নিৰ্দিষ্টকৈ কেতিয়াও তাক ৰাজহুৱা নকৰো ৷ তথাপিও সমাজৰ স্বাৰ্থত কিছুমান কথা পৰিচয় গোপনে ৰাখি ব্যক্ত কৰিব পাৰো ৷ তেনে এটি কথা হ’ল – মই অলপতে দুজন ক’ৰ’ ( Koro) ৰোগত ভোগা যুৱকক চালো ৷ দক্ষিন পূব  এচিয়াৰ চীন,বাৰ্মা,চিংগাপুৰ,মালয়েচিয়া, বাংলাদেশ,নেপাল আৰু ভাৰতত এই ৰোগত আক্ৰান্ত ব্যক্তি সময়ে সময়ে পোৱা যায় ৷  অসমতো ১৯৮২-৮৩ চনত সমূহীয়া ক’ৰ’ বেমাৰীয়ে বাতৰিৰ শিৰোনামা দখল কৰিছিল ৷ ই দৰাচলতে হিষ্টেৰিয়াৰ নিচিনা এবিধ মনোৰোগ ৷ ৰোগীৰ অন্যান্য উপসৰ্গৰ ওপৰিও মূল আপত্তি হয় – জননাংগ ক্ৰমে সৰু হৈ যোৱাৰ ভীতি ৷ ঘাইকৈ পুৰুষৰ হলেও মহিলাও এই ৰোগত নোভোগা নহয় ৷   ইয়াৰ ওপৰিও প্ৰবাসত কাম কৰিবলৈ অহা বহুতে (ডেকা আৰু বয়সিয়াল উভয়ে) যৌন অক্ষমতাৰ সন্দেহলৈ চিকিৎসকৰ কাষ চাপে ৷ এনে ৰোগীক দৰবতকৈ আশ্বাসৰ প্ৰয়োজন অধিক হয় ৷

মোৰ আৰু এটা সৰু কামত বেচ মন বহিছে সেইটো হ’ল – মোক দেখুৱাবলৈ অহা ৰোগীৰ নাগৰিকত্বৰ জ্ঞান ৷আপুনি কোন দেশৰ পৰা আহিছে ? কাটাৰত কিমান বছৰ হ’ল ? প্ৰত্যেকজন ৰোগীকেই মই সোধো ৷ নাইজেৰিয়া,কেনিয়া, ৰোমানিয়া,চীন,আয়াৰলেণ্ড, থাইলেণ্ড, ঘানা, অস্ত্ৰেলিয়া, অস্ত্ৰিয়া, টিউনিচিয়া,চিৰিয়া, বাহৰেইন, ম্যানমাৰ, ফিলিপাইন, জাপান – আদি দেশৰ নাম শুনাৰ লগে লগে মনটো বিচৰণ  কৰিবলৈ  ধৰে ভূচিত্ৰাৱলীৰ  পাতত !                                             (আগলৈ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক