কাটাৰৰ ডায়েৰী – ৪ (ডা ভূপেন্দ্ৰ শইাকীয়া)

কাটাৰৰ ডায়েৰী

৮ডিচেম্বৰ,২০১১চন ৷ আকৌ এটা বৃহস্পতিবাৰ আহিল৷এটা সপ্তাহান্ত – ‘ৱিকেণ্ড’৷বন্ধৰ দিনত নানানটা কাম থাকে – অইন দিনত কৰিবলৈ সময়-সুবিধা নোহোৱা৷ শুকুৰবাৰে জিৰণীও লব লাগিব আৰু বন্ধটোও তাৰ মাজতেই উপভোগ কৰিব লাগিব৷ যোৱা শুকুৰবাৰে বৰ্তমান ডুবাইত কৰ্মৰত বিশ্বজিৎ ডেকাই মোক লগ পাবলৈ আহিছিল৷ বিশ্বজিৎ হিমাচল প্ৰদেশৰ হামিৰপুৰৰ এন আই টিৰ পৰা টেলি-কমিনিউকেশ্বন আৰু ইলেক্ট্ৰনিক্চৰ স্নাতক৷ যোৱা দহ বছৰে ন’কিয়া-চিমেন্স নেটৱৰ্ক কোম্পানীৰ চাকৰিয়াল৷ চাকৰি সূত্ৰে ইতিমধ্যে বিশ্বৰ এিছখনৰো অধিক দেশ ভ্ৰমণ কৰিলে৷মোৰ বিশ্বজিতলৈ ঈৰ্ষাই
উপজিছে ৷ বিশ্বজিতৰ ফেচবুকত ফটোবিলাক চালো৷ তেওঁক অসমীয়াত ভ্ৰমণৰ অভিজ্ঞতাসমূহ লিখিবলৈ পৰামৰ্শ দিলো৷ দিনটোৰ এবেলা বিশ্বজিতৰ সংগত ভালদৰে কাটি গ’ল৷ তেওঁ জনালে বাহৰেইনত প্ৰায় ৫০টা অসমীয়া পৰিয়াল আছে৷উৎসৱ-পৰবৰ ওপৰিও মাহে-দুমাহে তেওঁবিলাকে লগভাত খাই থাকে৷কুৰি বছৰৰ অধিক কাল তাত কাম কৰি থকা এজন অসমীয়া আৰ্কিটেক্ট হ’ল এইবিলাকৰ গুৰি ধৰোতা৷ বিশ্বজিতক মোৰ ঠিকনাটো ডুবাইত থকা ‘অসম সমাজে’ দিয়াৰবাবে মই তেওঁলোকক ধন্যবাদ জনাইছো৷এতিয়ালৈকে মই জনাত কাটাৰত কুৰিজনৰ অধিক অসমীয়া লোক নাই৷মই তেওঁলোকক এটা গোটত অনাৰ ইচ্ছা এটা মনতে পুঁহি ৰাখিছো৷বিদেশত আপোন মানুহ পালে কিমান যে ভাল লাগে৷ অসমৰ দুই এজন পৰিচিতক ইয়াত উপযুক্ত স্থানত চাকৰি দিয়াব পাৰি নেকি তাৰো চেষ্টাত আছো৷
যোৱাকালি এখন বিয়াৰ অভ্যৰ্থনাত গৈছিলো৷ আমণ্ত্ৰিতৰ সংখ্যা প্ৰায় দুকুৰি হব৷কইনা এগৰাকী নাৰ্ছ আৰু দৰা এখন বুকষ্টলৰ কেশ্বিয়াৰ৷দুয়ো ফিলিপাইনী৷দুঘন্টাৰ আগতে বিবাহৰ আনুষ্ঠানিক কাৰ্য্যখিনি দৰা কইনাই ফিলিপাইনী দূতাবাসত সম্পন্ন কৰি আহিছে৷ বিবাহত
ভাগ লোৱা সকলোৱে বগা আৰু কলা ৰঙৰ পোচাক পিন্ধি গৈছিল৷অভ্যৰ্থনাৰ স্থান আছিল- এখন ফিলিপাইনী ৰেষ্টোৰা৷তাতমৃদু স্বৰত তেওঁলোকৰ দেশৰ লোকসংগীত বাজি আছিল৷
অতিথিসকলক ঘাইকৈ তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰে আপ্যায়িত কৰা হৈছিল৷
যোৱা পষেকটোত দুদিন কিনকিনিয়া বৰষুণ হ’ল৷বৰষুণত ঘৰদুৱাৰ , বাট-পথ ভিজিল আৰু কিছু পৰিমানে শীতৰ আগমন হ’ল৷বৰ্তমান ড’হাৰ তাপমান ৭ আৰু ২২ ডিগ্ৰী চেলচিয়াচৰ মাজত চলি আছে৷এনে অৱস্থা বোধকৰো জানুৱাৰীৰ শেষলৈ চলিব৷বৰষুণ পাই গছ-গছনিবোৰ সতেজ হৈ উঠিল৷এটা কথা উপলব্দ্ধি কৰিছো নিজৰ ঠাইত, মানে অসমত
অলাগতিয়াল বা তেনেই সাধাৰণ যেন লগা গছলতাও ইয়াত মোহনীয় হৈ চকুত ধৰা দিয়ে৷মোৰ থকা ফ্লেটৰ ওচৰ গছ
আৰুঘৰৰপৰা শালিকী, ঘনচিৰিকা আৰু পাৰ চৰাইয়ে মোৰ বাৰাণ্ডাত মই চতিয়াই দিয়া চাউল খাবলৈ আহে৷সেই প্ৰাণীকেইটাৰ সংগ মই নিৰলে আৰু সংগোপনে উপভোগ কৰো৷সাগৰৰ পাৰত উৰণীয়া আন আন চৰাই নেদেখা নহয়৷কাউৰী অবশ্যে চকুত পৰা নাই৷অলপতে বুকষ্টলত এজন বিদেশী ভ্ৰমণকাৰীয়ে লিখা “বাৰ্ডচ অৱ কাটাৰ” নামৰ ৰঙীন কিতাপ এখনৰ পাত লুটিয়াই চাইছিলো৷

পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ডায়েৰী ইমানতে সামৰিলো ৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক