কাটাৰৰ ডায়েৰী – ৫ (ডা. ভূপেন্দ্ৰ শইকীয়া)

কাটাৰৰ ডায়েৰী – ৫ (ডা. ভূপেন্দ্ৰ শইকীয়া)

৮ডিচেম্বৰ,২০১১চন ৷ আকৌ এটা বৃহস্পতিবাৰ আহিল৷এটা সপ্তাহান্ত – ‘ৱিকেণ্ড’৷বন্ধৰ দিনত নানানটা কাম থাকে – অইন দিনত কৰিবলৈ সময়-সুবিধা নোহোৱা৷ শুকুৰবাৰে জিৰণীও লব লাগিব আৰু বন্ধটোও তাৰ মাজতেই উপভোগ কৰিব লাগিব৷ যোৱা শুকুৰবাৰে বৰ্তমান ডুবাইত কৰ্মৰত বিশ্বজিৎ ডেকাই মোক লগ পাবলৈ আহিছিল৷ বিশ্বজিৎ হিমাচল প্ৰদেশৰ হামিৰপুৰৰ এন আই টিৰ পৰা টেলি-কমিনিউকেশ্বন আৰু ইলেক্ট্ৰনিক্চৰ স্নাতক৷ যোৱা দহ বছৰে ন’কিয়া-চিমেন্স নেটৱৰ্ক কোম্পানীৰ চাকৰিয়াল৷ চাকৰি সূত্ৰে ইতিমধ্যে বিশ্বৰ এিছখনৰো অধিক দেশ ভ্ৰমণ কৰিলে৷মোৰ বিশ্বজিতলৈ ঈৰ্ষাই উপজিছে ৷ বিশ্বজিতৰ ফেচবুকত ফটোবিলাক চালো৷ তেওঁক অসমীয়াত ভ্ৰমণৰ অভিজ্ঞতাসমূহ লিখিবলৈ পৰামৰ্শ দিলো৷ দিনটোৰ এবেলা বিশ্বজিতৰ সংগত ভালদৰে কাটি গ’ল৷ তেওঁ জনালে বাহৰেইনত প্ৰায় ৫০টা অসমীয়া পৰিয়াল আছে৷উৎসৱ-পৰবৰ ওপৰিও মাহে-দুমাহে তেওঁবিলাকে লগভাত খাই থাকে৷কুৰি বছৰৰ অধিক কাল তাত কাম কৰি থকা এজন অসমীয়া আৰ্কিটেক্ট হ’ল এইবিলাকৰ গুৰি ধৰোতা৷ বিশ্বজিতক মোৰ ঠিকনাটো ডুবাইত থকা ‘অসম সমাজে’ দিয়াৰবাবে মই তেওঁলোকক ধন্যবাদ জনাইছো৷এতিয়ালৈকে মই জনাত কাটাৰত কুৰিজনৰ অধিক অসমীয়া লোক নাই৷মই তেওঁলোকক এটা গোটত অনাৰ ইচ্ছা এটা মনতে পুঁহি ৰাখিছো৷বিদেশত আপোন মানুহ পালে কিমান যে ভাল লাগে৷ অসমৰ দুই এজন পৰিচিতক ইয়াত উপযুক্ত স্থানত চাকৰি দিয়াব পাৰি নেকি তাৰো চেষ্টাত আছো৷

যোৱাকালি এখন বিয়াৰ অভ্যৰ্থনাত গৈছিলো৷ আমণ্ত্ৰিতৰ সংখ্যা প্ৰায় দুকুৰি হব৷কইনা এগৰাকী নাৰ্ছ আৰু দৰা এখন বুকষ্টলৰ কেশ্বিয়াৰ৷দুয়ো ফিলিপাইনী৷দুঘন্টাৰ আগতে বিবাহৰ আনুষ্ঠানিক কাৰ্য্যখিনি দৰা কইনাই ফিলিপাইনী দূতাবাসত সম্পন্ন কৰি আহিছে৷ বিবাহত ভাগ লোৱা সকলোৱে বগা আৰু কলা ৰঙৰ পোচাক পিন্ধি গৈছিল৷অভ্যৰ্থনাৰ স্থান আছিল- এখন ফিলিপাইনী ৰেষ্টোৰা৷তাত মৃদু স্বৰত তেওঁলোকৰ দেশৰ লোকসংগীত বাজি আছিল৷

অতিথিসকলক ঘাইকৈ তেওঁলোকৰ পৰম্পৰাগত খাদ্যৰে আপ্যায়িত কৰা হৈছিল৷

যোৱা পষেকটোত দুদিন কিনকিনিয়া বৰষুণ হ’ল৷বৰষুণত ঘৰদুৱাৰ , বাট-পথ ভিজিল আৰু কিছু পৰিমানে শীতৰ আগমন হ’ল৷বৰ্তমান ড’হাৰ তাপমান ৭ আৰু ২২ ডিগ্ৰী চেলচিয়াচৰ মাজত চলি আছে৷এনে অৱস্থা বোধকৰো জানুৱাৰীৰ শেষলৈ চলিব৷বৰষুণ পাই গছ-গছনিবোৰ সতেজ হৈ উঠিল৷এটা কথা উপলব্দ্ধি কৰিছো নিজৰ ঠাইত, মানে অসমত

অলাগতিয়াল বা তেনেই সাধাৰণ যেন লগা গছলতাও ইয়াত মোহনীয় হৈ চকুত ধৰা দিয়ে৷মোৰ থকা ফ্লেটৰ ওচৰ গছ

আৰুঘৰৰপৰা শালিকী, ঘনচিৰিকা আৰু পাৰ চৰাইয়ে মোৰ বাৰাণ্ডাত মই চতিয়াই দিয়া চাউল খাবলৈ আহে৷সেই প্ৰাণীকেইটাৰ সংগ মই নিৰলে আৰু সংগোপনে উপভোগ কৰো৷সাগৰৰ পাৰত উৰণীয়া আন আন চৰাই নেদেখা নহয়৷কাউৰী অবশ্যে চকুত পৰা নাই৷অলপতে বুকষ্টলত এজন বিদেশী ভ্ৰমণকাৰীয়ে লিখা “বাৰ্ডচ অৱ কাটাৰ” নামৰ ৰঙীন কিতাপ এখনৰ পাত লুটিয়াই চাইছিলো৷

 

পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ডায়েৰী ইমানতে সামৰিলো ৷

 

কাটাৰৰ  ডায়েৰী  – ৬ (ডা. ভূপেন্দ্ৰ শইকীয়া)

20 ডিচেম্বৰ, ২০১১

ড’হাত থাকি দুদিন আগতে কাটাৰৰ ৰাষ্ট্ৰীয় দিবস

(National day) পালন কৰা দেখা পালো৷একেবাৰে ৰাজকীয় জাকজমকীয়া কাৰোবাৰ৷দেশখনত পূৰ্ণ ৰাজতন্ত্ৰ (Absolute Monarchy) অব্যাহত আছে ৷ ইয়াত আমীৰ হ’ল দেশখনৰ হৰ্তাকৰ্তা বিধাতা আৰু চৰকাৰৰ মুৰব্বীঁ৷আমীৰৰ দ্বাৰা মনোনীত ১৫ জন মন্ত্ৰী আছে৷

১৮শতিকাৰ পৰা ১৯ শতিকাৰ কেই দশক মানলৈ কাটাৰত বাহৰাইনৰ শাসন চলিছিল৷তাৰ পিছত কাটাৰ, বাহৰাইন আৰু সংযুক্ত আৰব আমিৰাট ব্ৰিটিছৰ অধীন হ’ল৷১৯৭১ চনৰ ৩চেপ্তেম্বৰ তাৰিখে কাটাৰ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হ’ল আৰু ই এখন স্বাধীন দেশৰূপে আত্মপ্ৰকাশ কৰিলে৷ কাটাৰৰ শাসনভাৰ ১৮ডিচেম্বৰ ১৮৭৮ চনৰ পৰা অল থানি ৰাজপৰিয়ালে বহন কৰি আহিছে৷কাটাৰৰ বুৰঞ্জী পঢ়িলে ভাৰতবৰ্ষৰ মোগলৰ দিনৰ কথা মনলৈ আহে৷ঔৰংগজেবে পিতৃ ছাহজাহানক বন্দী কৰি ৰাজপাট লোৱা ইত্যাদি কথা৷

বৰ্তমানৰ শাসক হ’ল আমীৰ শ্বেখ হামাদ বিন খলিফা অল থানি৷তেওঁ ১৯৯৫ চনত এক ৰক্তহীন বিদ্ৰোহৰ যোগেদি নিজ পিতৃ আমীৰ খলিফাক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰি নিজৰ হাতত তুলি লয়৷এজন পুত্ৰ যুৱৰাজ  শ্বেখ তামিম বিন হামাদ অল থানিক উত্তৰাধিকাৰী ঘোষিত কৰে৷শ্বেখ হামাদ বিন জাচেন অল থানিক পাতে প্ৰধান মন্ত্ৰী৷

১৮ডিচেম্বৰৰ দিনটোক বৰ্তমানৰ আমীৰৰ উদ্যমত  ৰাষ্ট্ৰীয় দিবস হিচাপে পালন কৰি আহিছে৷বিশেষকৈ ২০০৭চনৰ পৰা ৰাজধানী চহৰ ড’হাত   জাকজমকতাৰে  ৰাষ্ট্ৰীয় দিবসপালিত হৈ আহিছে৷এতিয়া দেশখনৰ শাসন ব্যৱস্থাৰ বিষয়ে আৰু দুআষাৰমান কৈ লওঁ৷

বৰ্তমানৰ আমীৰে ২০০৩ চনত এখন সংবিধানৰ সৃষ্টি কৰিলে৷মজলিচ অৰ্থাৎ সংসদৰ বাবে ৪৫জনীয়া উপদেষ্টা মণ্ডলী আৰম্ভ হ’ল৷ইয়াৰে ৩০জন নিৰ্বাচিত আৰু ১৫জন হব আমীৰৰ মনোনীত৷ সাংসদৰ কাৰ্য্যকাল হব ৪বছৰীয়া৷বৰ্তমানৰ আমীৰৰ কেইটিমান কৃতিত্ব হ’ল – চৌডি আৰব আৰু বাহৰইনৰ সৈতে থকা সীমা বিবাদ ২০০১ চনত নিষ্পত্তি কৰা৷১৯৯৬ত প্ৰেছ চেঞ্চৰশ্বিপ উঠাই লোৱা৷কাটাৰত  বৰ্তমান ১২খন দৈনিক প্ৰকাশিত হয় – তাৰে ৮খন আৰবী, ৪খন ইংৰাজী৷১৯৯৬ চনৰ শেষৰ ফালে ড’হাত

অল-জজীৰা টিভি চেনেলৰ কাম আৰম্ভ হয়৷ বৰ্তমান অল-জজীৰাৰ জনপ্ৰিয়তা বিশ্বত ঈৰ্ষনীয়৷ৰাষ্ট্ৰীয় দিবস উপলক্ষে কাটাৰৰ পাতাকা ১৫ডিচেম্বৰৰ পৰাই যান-বাহন আৰু বিভিন্ন ভৱনসমূহত উৰিবলৈ ধৰিলে৷

পতাকাখন মেৰুণ আৰু বগা ৰঙৰ৷ পাতাকাখনত ৯টা বগা জোঙ আছে – ই দেশখনৰ ৯টা অঞ্চলৰ ঐক্যক বুজাইছে৷বগা হ’ল শান্তিৰ প্ৰতীক৷মেৰুণ ৰঙে দেশৰ বাবে ৰক্ত দি অখণ্ডতা  ৰক্ষা কৰাৰ সংকল্পৰ কথা বুজাইছে৷ৰাষ্ট্ৰীয় দিৱসৰ ঘাই উৎসৱৰ থলী হ’ল – সাগৰৰ পাৰৰ কৰনীচৰ বিস্তীৰ্ণ অঞ্চল৷পুৱা ৮বজাত আকৰ্ষনীয় পেৰেড আৰম্ভ হ’ল৷দুঘন্টাৰ অধিক সময় ধৰি চলা এই পেৰেডত আমাৰ দেশৰ নিচিনাকৈয়ে স্থল, বায়ু আৰু নৌ সেনাই অংশ ললে৷ বিভিন্ন থলুৱা সাংস্কৃতিক গোষ্ঠী আৰু স্কুলীয়া কেডেটৰ যোগদানে পেৰেডটো মোহনীয় কৰি তুলিছিল৷পেৰেডত সুসজ্জিত উটৰো এটা সমদ’ল আছিল. ইয়াৰ পিছত আন এক আকৰ্ষনীয় ৰ’ড শ্বো আছিল – নানা পুৰণি গাড়ীৰ প্ৰদৰ্শনী৷

আকাশত অলপ পিছতে বায়ু যানে আৰু পেৰাশ্বুটৰ পৰা নমা সৈনিকে নানা খেল দেখুৱালে৷বায়ু যানৰ ৰঙীন ধোঁৱাই আকাশত কাটাৰৰ ৰাষ্ট্ৰীয় ধ্বজ আঁকিলে৷বিভিন্ন দেশৰ অনেক জনগনৰ সন্মুখত এনেদৰে দুপৰীয়ালৈকে সুন্দৰ ফৰকাল বতৰত অনু্স্থান চলি থাকিল৷

নিশালৈ  কৰনীচত আন দুটি অনুস্থানে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিলে৷ সেইয়া আছিল লেজাৰ শ্বো আৰু আতচবাজী৷মাজৰাতিলৈকে কৰনীচ লোকাৰণ্য হৈ আছিল৷ৰাষ্ট্ৰীয় দিবস উপলক্ষে আগদিনাখন স্কুলীয়া লৰা-ছোৱালীৰ মাজত আয়োজন কৰা কুইজ,পেইন্টিং, কবিতা আবৃত্তি আদিত ভাগলৈ ভাৰত,পাকিস্তান, শ্ৰীলংকা, ফিলিপাইনচ আৰু ইণ্ডোনেচিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে পুৰস্কৃত হৈছিল৷ কাটাৰ দেশখনৰ মুঠ ১১,৪০০বৰ্গ কিলোমিটাৰ অঞ্চলৰ অধিকাংশ ভূমিয়েই হ’ল অনুৰ্বৰ৷১৯৪০ চনত খনিজ তেল আৱিষ্কাৰেই এইন মৰুৰ দেশক সমৃদ্ধিৰ সন্ধান দিলে৷কাটাৰত থলুৱা লোক ২০ভাগ, ৮০ ভাগেই হ’ল বিদেশী নাগৰিক৷কিন্তু  যিহেতু প্ৰত্যেকজন  বিদেশী নাগৰিকেই বৈধ ভিছালৈহে  কাটাৰত কৰ্মৰত সেয়ে দেশৰ অখণ্ডতাৰ প্ৰতি বিদেশীয়ে একো ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে৷

 

সৈন্য বাহিনীৰ বিষয়ে মোৰ ধাৰণাঃ –

ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত তিনিওটা বিভাগৰে যুদ্ধ শক্তিৰ এটি আভাষ জনগণক দিয়াটোৱেই হ’ল চৰকাৰৰ লক্ষ্য৷ সেই বাবে বিভিন্ন টেংক, মিচাইল, ৰকেট-লঞ্চাৰ,অগ্নিনিৰ্বাপক যান আৰু আন আন অস্ত্ৰ-শস্ত্ৰৰ ৰাজহুৱা প্ৰদৰ্শন চলিছিল৷ এখন তেনেই সৰু দেশৰ বাবে (আগতেই কৈছো মাটি-কালিত অসমৰ ৬ ভাগৰ ১ অংশ হব) দেখিবলৈ পোৱা সমৰ-শক্তি যথেষ্ট যেন ধাৰণা হয়৷মোৰ পৰিচিত কেইজন মানৰ পৰা  খবৰ লৈ গম পালো  : – কাটাৰত ৮ হেজাৰ সৈন্য স্থলবাহিনীত, ২হেজাৰ সৈন্য নেভিত, ১ হেজাৰ সৈন্য বায়ুসেনাত আছে৷ প্ৰত্যেকজন সৈনিকেই আৰবী জানে আৰু ন্যুনতম শিক্ষা মেট্ৰিক উত্তীৰ্ণ৷সৈন্যবাহিনীত  শতকৰা ৩০ ভাগ কাটাৰী লোক৷ বাকী ৭০ ভাগ বিশ্বৰ আন কুৰিখনমান দেশৰ৷  কাটাৰ ৰাজনৈতিক ভাবে আমেৰিকাৰ ঘনিষ্ঠ বন্ধু ৷ Gulf Corporation Council নামৰ ৬খন আৰবী দেশৰ গোটৰ সৃষ্টি  কাটাৰৰ তৎপৰতাতেই হয়৷ আমেৰিকাই নিজৰ সামৰিক ঘাটি স্থাপন কৰিবলৈ পোৱাৰ বিনিময়ত এই দেশসমূহক ৰাজনৈতিক সুৰক্ষা দিব৷ বাকী দেশকেইখন হ’ল- ওমান, কুৱেইট, বাহৰেইন, চৌডি আৰব আৰু সংযুক্ত আৰব আমিৰাট৷আমেৰিকাৰ বন্ধুত্বৰ বিনিময়ত  কাটাৰৰ অনেক ছাত্ৰই আমেৰিকাত পঢ়িবলৈ সুবিধা পাইছে৷ আমেৰিকাই ড’হাত মেডিকেল শিক্ষানুষ্ঠান স্থাপন কৰিছে৷ কাটাৰ ৰাজনৈতিক ভাবে ইংলেণ্ড আৰু ফান্সৰো মিত্ৰ৷

 

কাটাৰৰ ডায়েৰী – ৭ (ডা. ভূপেন্দ্ৰ শইকীয়া)

ড’হা, ৯ জানুৱাৰী, ২০১২

এইবাৰ ডায়েৰী যুগুতাওতে সময়ৰ ব্যৱধান কিছু বেছি হ’ল ৷ যোৱা ২৩ ডিচেম্বৰত দুসপ্তাহৰ ছুটীত ঘৰলৈ ওলালো৷ ছুটীৰ সময়খিনি অতি ব্যস্ততাৰে পাখিলগা কাঁড়ৰ গতিৰে অতিবাহিত হ’ল৷যোৱা কালি বন্ধু মনোহৰ দত্তলৈ প্ৰেৰণ কৰা ‘চিঠি’ শিতানৰ লিখনিত সবিশেষ উল্লেখ কৰিছো৷

আগতে ডায়েৰীৰ পৃষ্ঠাত উল্লেখ নকৰাৰ বাবে আজি ড’হা শব্দৰ অৰ্থ জনাব খুজিছো৷ড’হাৰ অৰ্থ হ’ল – সুন্দৰ ফুল আৰু বিশাল গছ-গছনিৰ আশ্ৰয় স্থল৷ড’হাৰ আন এটি পুৰণি নাম হ’ল – এল বিদা৷২০০৯চনৰ জনগণনা অনুসৰি কাটাৰৰ জনসংখ্যা চাৰে দহ লাখ৷ইয়াৰে শতকৰা আশী ভাগে ৰাজধানী চহৰ ড’হাত বাস কৰে৷মুঠ জনসংখ্যাৰ কুৰি ভাগ কাটাৰী, কুৰি ভাগ অন্য আৰবী লোক, কুৰি ভাগ ভাৰতীয়, তেৰ ভাগ নেপালী, দহ ভাগ ফিলিপিনো, সাত ভাগ পাকিস্থানী, পাঁচ ভাগ শ্ৰীলংকাৰ আৰু বাকী পাঁচ ভাগ হ’ল বিশ্বৰ আন আন দেশৰ৷

কাটাৰী সকলৰ খাদ্যাভাসৰ  বিষয়ে আজি দুআষাৰ লিখিব খুজিছো ৷এইখিনিতে  জনাই থওঁ মই এতিয়ালৈকে কোনো কাটাৰীৰ ঘৰৰ পৰা নিমন্ত্ৰণ পোৱা নাই – যি লিখিছো মোৰ কাটাৰী ৰোগীৰ পৰা শুনাহে ৷খাদ্যাভাসৰ  বিষয়ে লিখাৰ আগতে কাটাৰৰ জনগোষ্ঠীৰ  বিষয়ে অলপ কৈ লওঁ৷”বেদুইন” – এটি কবিতা-কবিতা লগা নামেৰে  এক শ্ৰেণীৰ আৰবী লোকে মৰুভূমিত এসময়ত বিচৰণ কৰিছিল৷এওঁলোকে মৰু অঞ্চলত উটৰ পিঠি তম্বু আৰু খাদ্য সামগ্ৰী কঢ়িয়াই লৈ পৰিয়ালসহ অঘৰীৰ জীৱন যাপন কৰিছিল৷কেতিয়াবা মৰুভূমিৰ মধ্য স্থলত অতি প্ৰতিকূল প্ৰাকৃতিক পৰিবেশৰ মাজত আৰু কেতিয়াবা সাগৰৰ পাৰত তম্বু তৰিছিল৷সাগৰৰ পৰা অকল মাছেই নহয়,  তেওঁলোকে বিভিন্ন সাগৰীয় মুকুতা,শংখ,কড়ি, ৰঙ-বিৰঙী শিলাখণ্ড (ক’ৰেল) আদি সংগ্ৰহ কৰিছিল৷সেইবিলাক বিনিময় প্ৰথাৰ যোগেদি ব্যৱসায়ত খটুৱাইছিল৷তেওঁবিলাকে নৌকাৰো নিৰ্মাণ কৰিছিল আৰু সমুদ্ৰত বনিজৰ পাতনি মেলিছিল৷কাটাৰত খাৰুৱা তেলৰ সন্ধান ১৯৪০-৫০ চনত তীব্ৰতৰ হোৱাৰ ফলত বেদুইন সকলৰ জীৱনলৈ বিশৃঙ্খলতা নামি আহিল আৰু ১৯৭০ চনত বেদুইনৰ অস্তিত্ব নোহোৱা হৈ পৰিল৷কিছুমানে তেলৰ কোম্পানীত চাকৰিত সোমাল ; কিছুমানে নগৰ অঞ্চলত নিজা উদ্যমত বা চৰকাৰী সাহায্যত ঘৰ বনাই লৈ আন জীৱিকাৰ সন্ধানত নামিল৷

“হাডাৰ” নামৰ আন এটি জনগোষ্ঠীয়ে নগৰ অঞ্চলত বসতি কৰিছিল৷এওঁলোকে কোনোবা এটা সময়ত ওমান, চৌডিআৰব, কুৱেইট, ইৰান, আফগানিস্তান, পাকিস্তান আদি দেশৰ পৰা আহি কাটাৰতেই বসতি কৰি ৰৈ গৈছিল৷কিছু বেদুইনেও অঘৰীৰ পৰিভ্ৰমী জীৱন ত্যাগ কৰি হাডাৰ হৈছিল৷

“দাস” প্ৰথা বিলুপ্ত হোৱাৰ আগতে পূৱ আৰু উত্তৰ আফ্ৰিকাৰ পৰা কাটাৰৰ সম্ভ্ৰান্ত ধনীলোকে নিজৰ  কামৰ বাবে দাস আনিছিল৷ কালক্ৰমত এওঁলোকো কাটাৰী সমাজৰ হৈ পৰিল৷

দেশখনৰ খাদ্যাভাসেই হওক বা জীৱন ধাৰণৰ পদ্ধতিয়েই হওঁক তাত প্ৰধানকৈ চুবুৰীয়া দেশৰ প্ৰভাৱ পৰাটো স্বাভাৱিক৷কাটাৰৰ উত্তৰ-পশ্চিমে বাহৰেইন, দক্ষিণ-পশ্চিমে চৌডি আৰব,  দক্ষিণ-পূবে সংযুক্ত আৰব আমীৰাট৷সমুদ্ৰ মাজত থাকিলেও ইৰাণো চুবুৰীয়া ৰাষ্ট্ৰ৷ গতিকে এই চাৰিওখন দেশৰ খাদ্য তালিকাত সমিলমিল থকাটো স্বাভাৱিক৷

আজি Globalization ৰ দিনত কাটাৰৰ ৰেষ্টুৰা সমূহত বিশ্বৰ বিভিন্ন দেশৰ খাদ্যসম্ভাৰ অৰ্ডাৰ দিলেই পোৱা যায়৷ কাটাৰৰ আৰবী সকলৰ ধৰ্ম চুন্নী মুছলমান৷সেয়ে ইয়াত হালাল কৰা মাংসহে বজাৰত বিক্ৰী হয়৷গাহৰিৰ মাংস নিসিদ্ধ৷Doha International Exhibition Centre   ত  প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত এখন ডাঙৰ খাদ্যমেলা অনুস্থিত হয়৷এইবাৰ খাদ্যমেলা চাবলৈ পাম বুলি আশা ৰাখিছো৷

কাটাৰত যথেষ্ঠ খেজুৰ উৎপন্ন হয়৷তাৰে সৰ্বোত্তমখিনি দেশৰ নাগৰিকৰ বাবে ৰাখি বাকীখিনি ৰপ্তানী কৰে৷ খেজুৰ কাটাৰীসকলৰ এবিধ প্ৰিয় খাদ্য৷দিনটোৰ যি কোনো সময়তে খেজুৰ খোৱা যায়৷  কাজু, এলমণ্ড, আখৰোট, বাদাম, কিচমিচ আদি বিভিন্ন ড্ৰাইফ্ৰুইটচো এওঁলোকৰৰ খাদ্যৰ অপৰিহাৰ্য্য অংশ৷পুৱা কাটাৰীসকলে খায় – চীজ, চালাড, অলিভ, বুট-মটৰ বা অইন মাহ জাতীয় শস্য৷লগত গাখীৰ, মৌজোল আৰু কফি৷দুপৰীয়াৰ আহাৰ ফলৰ ৰস বা চুপ জাতীয় খাদ্যৰে আৰম্ভ কৰে৷মাংস, মাছ বা দুয়োটাৰ সৈতে ‘কবুজ’ আৰু ভাতো খায় ৷মাংস ছাগলীৰ বা উটৰ৷ঘাইকৈ পচন্দৰ মাছ  হ’ল – টুনা, ডাঙৰ মিছা মাছ, King fish, Red snapper আদি সমুদ্ৰী মাছ৷ কেঁকোৰাও বহুতৰ প্ৰিয় ৷দেখাত নানৰ নিচিনা ডাঙৰ শুকান ৰুটিক কবুজ বোলে৷বেকাৰীত বনোৱা কবুজ ১২খনৰ পেকেট এক ৰিয়াল  মূল্যত সৰু ডাঙৰ প্ৰত্যেক দোকানতে উপলব্ধ৷এক কাটাৰী ৰিয়াল ভাৰতীয় চাৰে চৌদ্ধ টকাৰ সমান৷

নানা জাতিৰ লোকৰ সংমিশ্ৰণৰ প্ৰভাৱ কাটাৰীৰ খাদ্যাভাসতো পৰিছে৷তদুপৰি কৰ্মক্ষেত্ৰ ভেদে খাদ্যৰ তালিকাৰ সালসলনি ঘটাবলগীয়াও হয়৷ৰাতিৰ সাজ খাদ্য সাধাৰণতে দিনৰ তুলনাত পাতল৷

কাটাৰত মাছ-মাংসৰ তুলনাত শাক-পাচলি আৰু ফল-মূলৰ দাম বেছি৷চৌডি আৰব বা কুৱেইটৰ পৰা অহা ৩০টা কণীৰ এক প্লেটৰ মূল্য বাৰ ৰিয়াল৷আপেল, নাচপতি, কল আদি কেজিত ৫-৭ ৰিয়াল৷চৌডি আৰবৰ পৰা অহা আলু, পিয়াজ, বিলাহী, তিঁয়হ প্ৰতি কেজিত ৩-৪ ৰিয়াল ৷অইন শাকপাচলি প্ৰতি কেজিত ১০-১২ ৰিয়াল ৷কলমৌ, মাটি-কাঁদুৰি, মৰিছা, ধনীয়া, পদীনা আদি শাক আৰু বিভিন্ন পাচলি ঘাইকৈ বাংলাদেশ, দক্ষিণ ভাৰত আৰু পাকিস্তানৰ পৰা আহে৷ চুপাৰ মাৰ্কেটসমূহত বিশ্বৰ বিভিন্ন দেশৰ পৰা অহা পাচলি আৰু ফল-মূল সজাই থয়৷তাত মূল্যৰ লগতে আমদানি কৰা দেশৰ নাম উল্লেখ থাকে৷কাটাৰলৈ আমুল তাজাৰ নিচিনা গাখীৰ চৌডি আৰবৰপৰা আহে ৷মূল্য লিটাৰত ৪ ৰিয়াল৷দৈ সৰু ডাঙৰ পেকেটত উপলব্দ্ধ৷

এই দেশত  ৰাজহুৱা অনুস্থানত মদ পৰিবেশন নিষেধ ৷মদ হোটেল আৰু বাৰত উপলব্ধ৷মদ খোৱাত নিষেধাজ্ঞা নাই৷কিন্তু মদ খাই গাড়ী চলাব নোৱাৰে আৰু ঘৰলৈ মদৰ বটল কঢ়িয়াবও নোৱাৰে৷

যোৱা ৭ জানুৱাৰী শনিবাৰে মোৰ বাবে এক সুখদ বিস্ময় ৰৈ আছিল৷গুৱাহাটীৰ পাৰ্থ গগৈয়ে নেটত মোৰ সন্ধান পাই সপৰিয়ালে মোক কোৱাৰ্টাৰত আহি লগ ধৰিলেহি৷ডুবাইত ৫বছৰ কাম কৰাৰ পিছত পাৰ্থ বৰ্তমান যোৱা এবছৰৰ পৰা কাটাৰৰ চৰকাৰী বিভাগ এটাৰ ইঞ্জিনিয়াৰ ৷ ঘৰৰ পৰা নিয়া পিঠা আৰু নাৰিকলৰ লাড়ুৰে আলহীক স্বাগত জনালো৷আলহীৰ পিছে ঘাই আকৰ্ষণ আছিল মই লগত নিয়া তামোল-পাণ৷ সেই বহুমূলীয়া সম্পদখিনি সানন্দৰে ভগাই ললো ৷কাটাৰৰ চৰকাৰী কাৰ্য্যলয়সমূহ শুকুৰ আৰু শনিবাৰে বন্ধ থাকে৷পৰবৰ্তী বন্ধত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে পাৰ্থক বিদায় দিলো ৷

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments