কাটাৰৰ ডায়েৰী ৮(ডাঃ ভূপেন্দ্ৰ শইকীয়া)

কাটাৰৰ ডায়েৰী ৮(ডাঃ ভূপেন্দ্ৰ শ‍ইকীয়া)

২১জানুৱাৰী ২০১২ চন, শণিবাৰ

যোৱা বৃহস্পতিবাৰে সন্ধিয়া পাৰ্থৰ ফোন আহিল – “ককাইদেউ, অহাকালিলৈ আপুনি ফ্ৰি আছে যদি ৰাতিপুৱা ৯ বজাত আমাৰ লগত ওলাব৷অল -ঘৰীয়াৰ বিচ্চলৈ যাম” ৷পাৰ্থ থাকে ড’হাৰ বিখ্যাত ‘লা-চিগেল’ পঞ্চতাৰকা হোটেলৰ ওচৰৰ এটি ফ্লেটত৷ মই থাকো তাৰ পৰা দুই কিলোমিটাৰ দূৰত্বত – অল চাড এলেকাৰ ‘মিলেনিয়ম’ নামৰ আন এখন পঞ্চতাৰকা হোটেলৰ ওচৰত৷ শুকুৰবাৰে আচঁনিমতে যাত্ৰা আৰম্ভ কৰিলো৷ পোনতেই পালো ‘ৱিন্ধম গ্ৰেণ্ড ৰিজেঞ্চী’ হোটেল আৰু তাৰ সন্মুখৰ মন্নাই ৰাউণ্ড এবাউট৷ য’ত ড’হাৰ কেইবাটিও কৰ্ট অৱস্থিত৷ অলপ আগুৱাই পালো

হামাদ মেডিকেল চিটি – কাটাৰৰ প্ৰমুখ চৰকাৰী চিকিৎসা প্ৰতিস্থান৷ এইবাৰ সমুদ্ৰতীৰৰ সমন্তৰাল ভাবে কৰনীচৰ ডিপ্লমেটিক এৰিয়া পালো – য’ত প্ৰায়বিলাক দূতাৱাস অৱস্থিত৷ টিভি ৰাউণ্ড এবাউট পাৰহৈ কাটাৰ ইউনিভাৰ্চিটি আৰু এডুকেশ্বনেল চিটিৰ এলেকাত প্ৰৱেশ কৰিলো৷ এডুকেশ্বনেল চিটি  চৌদ্ধ বৰ্গ কিলোমিটাৰ এলেকা জুৰি আছে৷ কাটাৰ ইউনিভাৰ্চিটি  ১৯৭৩ চনত স্থাপিত৷ ইচলামিক শিক্ষাৰ বাহিৰে বিভিন্ন কলা, বিজ্ঞান , কমাৰ্চ, ফাৰ্মাচীৰ স্নাতক শিক্ষাৰ ডিগ্ৰী ই প্ৰদান কৰে৷

যোৱা দশকটোৰ ভিতৰত কাটাৰত শিক্ষাৰ প্ৰভূত উন্নতি ঘটিছে৷ ভাৰতবৰ্ষত শিক্ষিতৰ হাৰ ৭৪% হোৱাৰ বিপৰীতে কাটাৰত শিক্ষিতৰ হাৰ ৯০ % ওপৰত৷ অথচ ১৯৫২ চনতহে প্ৰথমখন  চৰকাৰী প্ৰাথমিক বিদ্যালয় ২৪০ জন ছাত্ৰ আৰু ৬ জন শিক্ষকেৰে স্থাপিত হৈছিল৷ ১৯৫৫ চনত ছোৱালীৰ বাবে স্কুল আৰম্ভ হৈছিল ৷ ১৯৮০চনত ৭১ খন লৰাৰ আৰু ৭০ খন ছোৱালীৰ  স্কুল  স্থাপিত হৈছিল৷ ১৯৯৯ চনত আৰম্ভ হৈছিল প্ৰাপ্তবয়স্কৰ বাবে শিক্ষা আঁচনিৰ৷ কাটাৰত চলে হায়াৰ চেকেণ্ডৰীলৈকে ৬+৩+৩ বছৰীয়া পাঠ্যক্ৰম৷ কাটাৰী নাগৰিকৰ বাবে চৰকাৰী বিদ্যালয়ৰ শিক্ষা বিনামূলীয়া৷আজি ৰাজধানী চহৰত অনেক ইন্টাৰনেশ্বনেল প্ৰাইভেট স্কুল গঢ়লৈ উঠিছে -ইয়াৰ ভিতৰত আমেৰিকান,ভাৰতীয়, লেবানিজ,চুডানিজ, ফিলিপিনো, আৰু ৰ্জডানিয়ান প্ৰমুখ৷এই স্কুলবিলাকৰ

সা-সুবিধা আৰু শিক্ষাৰ মান যথেষ্ট উন্নত৷ কিন্তু স্কুলবিলাকৰ ফিজো বৰ বেচি৷বহুতো ইংলিছ  স্কুলৰ মান্যতা কেম্বিজৰ লগত আৰু ভাৰতীয় স্কুলৰ মান্যতা চি বি এচ ইৰ লগত৷

 

এডুকেশ্বনেল চিটিৰ কথালৈ ঘূৰি আহোঁ – ইয়াত ৬ খন আমেৰিকান, এখন ব্ৰিটিছ, এখন ফৰাচী ইউনিভাৰ্চিটিৰ শাখা আছে৷এইবিলাকত মেডিকেল, ইঞ্জিনিয়াৰিং, বাণিজ্য, কলা, সাংবাদিকতা, পেট্ৰলিয়াম টেকনলজি,

মিউজিয়াম, ডিজাইন আদি বিভিন্ন বিষয়ৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়৷ “কাটাৰ ফাউণ্ডেচন ” আৰু চুপ্ৰিম কাউন্সিল অৱ এডুকেশ্বনে   শিক্ষাৰ বিভিন্ন দিশসমুহ চোৱা-চিতা কৰে৷

আমাৰ যাত্ৰালৈ পুনৰ আহোঁ – ইউনিভাৰ্চিটি চাৰ্ভিচ ষ্টেচনত আমাৰ গাড়ীত পাৰ্থই ফুল টেংকি পেট্ৰল ভৰাই ললে৷ইয়াতে আমাৰ লগ লাগিলহি অৰুণাচলৰ নেৰিষ্টৰ পৰা পাচ কৰা বৰ্তমান ড’হাত কৰ্মৰত চিভিল ইঞ্জিনিয়াৰ অম্বুজ সিং পৰিয়ালসহ৷ সিঙৰ ঘৰ উ্ৰত্তৰ প্ৰদেশত৷ তেওঁ আগতে এবাৰ অল-ঘৰীয়ালৈ গৈছিল বাবে আমি তেওঁৰ গাড়ীৰ পিছ লোৱাটো ঠিক কৰিলো্৷ আমাৰ যাত্ৰা আছিল ড’হাৰ উত্তৰ দিশত৷ গাড়ী পোন বাটেৰে মসৃণ ৰাজপথত আগবাঢ়িল৷ গতিবেগ ঘন্টাত ১২০ কিলোমিটাৰ৷ ৰাস্তাত ঠায়ে-  ঠায়ে জাননী চকুত পৰিল৷ “গতিবেগ সৰ্বোচ্চ সীমাৰেখা চেৰাই নাযাব- আপোনাক ৰাডাৰে লক্ষ্য কৰি আছে৷” আইন অমান্য কৰি গাড়ী চলালে গাড়ীৰ নম্বৰ জৰিমনাৰ পৰিমাণ জনাই নেটত প্ৰকশিত  কৰি দিয়ে ৷কেইবাবাৰো  আইন অমান্য কৰিলে চালকৰ লাইচেঞ্চ বাতিল হব পাৰে৷

পেট্ৰল ডিপ’ত কিনা ইংৰাজী বাতৰিকাকত ‘দি পেনিনচুলা’ত চকু ফুৰালো৷ শীতৰ বাতৰি প্ৰথম পৃষ্ঠাত৷ যোৱা নিশাৰ পৰা কাটাৰত পাৰা – স্তম্ভ নিম্নগামী হৈছে৷ বৰ্তমান তাপমান সৰ্বনিম্ন ৯ ৰ পৰা ১২ ডিগ্ৰী চেলচিয়াচ আৰু সৰ্বোচ্চ ১৬ৰ পৰা ১৯ ডিগ্ৰী চলি আছে৷ বতৰ বিঞ্জানীৰ মতে সপ্তাহটোৰ ভিতৰত ৪ডিগ্ৰী চেলচিয়াচলৈ তাপমান নমাৰ সম্ভাৱনা ৷ এইবাৰৰ শীতে যোৱা দশকটোৰ ৰেকৰ্ড ভংগ কৰিছে৷চাইবেৰিয়াৰ পৰা শীতল বতাহ অহাৰ ফলত শীতৰ প্ৰকোপ বাঢ়িছে হেনো৷

আমি যাত্ৰা আৰম্ভ কৰোতে বতৰ আছিল সামান্য ডাৱৰীয়া৷ৰ’দৰ লুকাভাকুৰ মাজেৰে দুই এটোপাল বৰষুণৰ পানীও পৰিছিল, লগত আছিল শীতল বা৷ বাতৰিকাকত জাপি থৈ বাহিৰলৈ লক্ষ্য কৰিলো৷মৰুভূমিৰ মাজেৰে গৈ আছো ৷ দূৰৈত জ্বলি থকা দুই এটি গেছৰ পুং চকুত পৰিল৷ৰাস্তাৰ দুয়োকাষে লোহাৰ ফেনচিং  দিয়া  আছে ৷ পাৰ্থই জনালে বনৰীয়া উটে আহি গাড়ীৰ আগত পৰি যাতে মৃত্যুবৰণ নকৰে তাৰ বাবেই এনে ব্যৱস্থা ৷ অলপ আগুৱাই যোৱাত পালো সৰু-সৰু জনবসতি অঞ্চল ৷ একে ষ্টাইলৰে বনোৱা দুমহলীয়া সৰু-সৰু ঘৰ, দুই এটি মছজিদ৷বসতি অঞ্চলৰ ওচৰত খেজুৰৰ বাগিছা৷ দুই এঠাইত গ্ৰীন হাউস দেখা পালো ৷  খেতিৰ বাবে বেৰি লোৱা এনে পথাৰত বাংলাদেশীৰ সহায়ত বন্ধাকবি, আলু, বিলাহী,তিঁয়হ, লাইশাক আদিৰ খেতি কৰা হয় ৷ অনুৰ্বৰ ভূমিৰ ওপৰত চৌডি আৰবৰ পৰা অনা মাটিৰ লেপ আৰু সাৰ দিয়া হয়৷ ড’হাৰ পাচলিৰ হোলচেল বজাৰত অধিকাংশ বিক্ৰেতাই হ’ল বাংলাদেশী৷

ইতিমধ্যে আমি অল-খেৰ মিউনিচিপেলিটি এলেকা পাৰহৈ অল-ঘৰীয়া মিউনিচিপেলিটি এলেকাত প্ৰৱেশ কৰিছো৷ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফালৰি কাটি গাড়ী বিচ্চলৈ যোৱা ৰাস্তাৰে আগ বাঢ়িল৷ ৰাস্তাৰ দুয়োকাষে বালিখণ্ডৰ মাজত সৰু-সৰু জোপোহা বন৷ সেই গছ-বনত চৰি আছে কলা ভেড়াৰ জাক৷ ৰখীয়াই হাতত এচাৰি লৈ গাধৰ পিঠিত বহি কিবা চোবাই আছে ৷ ভাল লাগিল দৃশ্যটো৷

বীচ্চ পাই দেখা পালো সৰু – সৰু অনেক টেন্ট৷ সেইবিলাকত পানী,বিজুলী আৰু বাথৰুমৰ ব্যৱস্থা আছে৷দুইএটা সৰু মঞ্চও দেখা পালো৷ এইবিলাক ব্যৱস্থা “ডেজাৰ্ট চাফাৰী” উপভোগ কৰা লোকসকলৰ বাবে৷ প্ৰায়বিলাক টেন্টৰ মালিক হ’ল কাটাৰী৷ সাগৰৰ পাৰৰ  দোকানত উটৰ উঠি ফুৰাৰ ব্যৱস্থা কৰাও হয়৷ আৰু আছে ভাড়ালৈ পোৱা এবিধ মৰুৰ বাইক৷

 

সাগৰৰ পাৰত আমি সুবিধাজনক ঠাই ওলিয়াব নোৱাৰি অল-ঘৰীয়া ৰিচৰ্টলৈ গলো৷ ৰিচৰ্টৰ নিজা বিচ্চ এলেকাৰ ওপৰিও আছে চুইমিংপুল৷ ইয়াত ঘন্টা হিচাবত ৰুম ভাড়ালৈ পোৱা যায়৷কিন্তু ৰিচৰ্টৰ ৰিপেয়াৰৰ কাম চলি থকাত আমি তাতো ঠাই নাপালো৷

আমি আৰু আগুৱাই যাবলৈ ঠিক কৰিলো৷ প্ৰায় কুৰি মিনিট উত্তৰে গৈ পালোগৈ – তিনিওফালে সাগৰে বেৰি ৰখা কাটাৰৰ উত্তৰৰ শেষ সীমাত৷ ঠাইডোখৰৰ নাম হ’ল – মডিনাত- অল-শ্বামাল৷ ড’হাৰ পৰা আমি ১০৭ কিলোমিটাৰ আহিলো৷

এই সৰু চহৰখনৰ জনবসতি হ’ল তিনিহেজাৰ৷এসময়ত ইয়াত বেদুইনৰ বাবে প্ৰাণচাঞ্চল্য আছিল৷ শাসক অল-থানি গোষ্ঠিৰ বাবেও ই এখন উল্লেখযোগ্য চহৰ আছিল৷সাগৰৰ গাতে লাগি খকা মিউনিচিপেলিটিৰ পাৰ্কত আমি প্ৰৱেশ কৰিলো৷ পৰিস্কাৰ এই পাৰ্কত বিনামূলীয়া বাথৰুম, পানী , বহাৰ আৰু সৰু লৰা-ছোৱালীৰ খেলাৰ সা-সুবিধা আছে৷নানা ৰঙৰ পিটুনিয়া, নাৰ্জি, বগেনবিলিয়া, ৰঙা কৰবী আৰু এবিধ নাম নজনা হালধীয়া জোপোহা ফুলে আমাক আদৰিলে ৷সেউজীয়া ঘাঁহৰ দলিচাৰ মাজে-মাজে শোভা বঢ়াইছিল কেকটাচ, তাল আৰু খেজুৰ গছে৷সাপ্তাহিক বন্ধৰ দিন হোৱাত অনেক মানুহৰ উপস্থিতিয়ে পৰিবেশটো কৰি তুলিছিল উৎসৱমুখৰ৷

সাগৰৰ পাৰত জুই জলাই লগত নিয়া  খোৱা বস্তুবোৰ গৰম কৰিলো ৷ঠাই এৰাৰ আগতে জুইৰ অঙঠা আৰু ছাই সাগৰৰ বালিত পুতি থৈ আহিলো ৷ খোৱা আবৰ্জনাসমূহ প্ৰত্যেকেই তাত থকা ডাষ্টবিনত পেলাই নিজ-নিজ ঠাই পৰিস্কাৰ কৰি থৈ যায় ৷আমিও তাকে কৰোতে নিজ দেশৰ দুৰাৱস্থালৈ মনত পৰিছিল৷ তিনি ঘন্টামান সময় কটোৱাৰ পিছত সন্ধিয়া নমাত বেচিকৈ শীতৰ অনুভৱ হব ধৰাত আমি ঘৰমুখে উভটনি যাত্ৰা আৰম্ভ কৰিলো আৰু এঘন্টাৰ যাত্ৰাৰ মূৰত ঘৰত সোমলোহি – দেহ-মনত নতুন এক সজীৱতালৈ৷

কাটাৰৰ ডায়েৰী (ডাঃ ভূপেন্দ্ৰ শ‍ইকীয়া)

২৫ জানুৱাৰী, বুধবাৰ ২০১২চন

 

এইবাৰ ডায়েৰীত নিজৰ প্ৰফেচনৰ লগত জড়িত কাটাৰৰ চিকিৎসা বিভাগৰ বিষয়ে পাঠকক কিছু কথা অৱগত কৰাব খুজিছোঁ৷আজিৰ লিখনি পঢ়ি পাঠকসকলে হয়তো একো ৰস নাপাব৷তেওঁলোকৰ হয়তো বাধ্যতামুলকভাবে এখন ডকুমেন্টৰী চোৱা যেনহে লাগিব- তাৰ বাবে আগতীয়াকৈয়ে ক্ষমা বিচাৰিলো৷মই মোৰ ৰোগী বিলাকক অসুখৰ বাহিৰেও দুই চাৰিটা অন্য কথা সোধো৷  বাংলাদেশীক বঙালীত আৰু হিন্দী জনা ভাৰতীয় সকলৰ লগত হিন্দীত ভাৱ বিনিময় কৰো৷ এদিন মাত্ৰ অসমীয়াত ৰোগী এজনৰ লগত কথা পাতিবলৈ পাইছিলো ৷ ২৪ বছৰীয়া “পটেল” উপাধিৰ লৰা এজনে চাকৰি সংক্ৰান্তত মোৰ ওচৰত স্বাস্থ্য পৰীক্ষা কৰাব আহিছিল৷মোৰ নামটোৰ পৰা মোৰ পৰিচয় পাই সি জনালে তিনিচুকীয়াৰ পৰা মেট্ৰিক পাচ কৰাৰ কথা ৷

পোনতেই এই দেশত মোৰ যোৱা ছমাহৰ অভিজ্ঞতাৰ কথাৰে আৰম্ভ কৰো৷মেডিচিন বিভাগৰৰ ডাক্তৰ হিচাবে মই সচৰাচৰ চোৱা ৰোগ সমূহ হ’ল- ডায়েবেটিজ, উচ্চ-ৰক্তচাপ, তেজত অধিক চৰ্বি হোৱা ৰোগ, কাঁহ আৰু শ্বাস-প্ৰশ্বাসৰ ৰোগ, বিভিন্ন উদৰৰ বিকাৰ, বাত বা গাঠিৰ বিষ, জ্বৰ-মূৰৰ বিষ, খহু-খজুৱতি আদি চৰ্ম ৰোগ৷প্ৰথম তিনি বিধ অসুখৰ ৰোগী সদায়েই চাওঁ৷ তিনিও বিধ অসুখৰ পৰাই বিভিন্ন উপসৰ্গ আৰু জটিলতা, হৃদৰোগ, কিডনিৰ অসুখ আদি দেখা দিব পাৰে৷উদৰৰ বিকাৰৰ ভিতৰত ঘাইকৈ বুকু জ্বলা-পুৰা কৰা, টেঙাপানী বমি হোৱা, পেটফুলা, গেছ হোৱা আৰু ভোক কমকৈ লগা আদিয়েই প্ৰমুখ উপসৰ্গ ৷কেতিয়াবা এপেণ্ডিচাইটিচ, পিত্তত পাথৰ, কিডনিত  পাথৰ হোৱাৰ ফলত পেটৰ বিষলৈয়ো ৰোগী আহে৷থাইৰড হৰম’নৰ পৰিমান কম থকা আৰু য়ুৰিক এচিড বেচি থকা ৰোগীও মাজে-মাজে পাওঁ৷কাঁহ-চৰ্দি-ডিঙিৰ বিষ ঘাইকৈ টনচিল বা ফেৰিংচত বীজানুৰ সংক্ৰমণৰ ফলত শীত কালত বেচিকৈহয়৷ভবামতে কাটাৰত হাঁপানী ৰোগী বেচি দেখা নাই৷ইয়াৰ জলবায়ু শুকান৷ বায়ুত আদ্ৰতা কম৷ ভিজা কাপোৰ সোণকালে শুকায় আৰু শুকান খোৱা বস্তু (যেনে পাপৰ) বহু দেৰীলৈকে সেমেকি নাযায়৷ ৷জলবায়ুৰ প্ৰভাৱ শ্বাসৰ ৰোগ আৰু বিভিন্ন এলাৰ্জিজনিত ৰোগৰ ক্ষেত্ৰত অৱশ্যই পৰে৷

কাটাৰত ভাইৰেল ফিভাৰৰ ৰোগী পোৱা নাই৷ প্ৰদূষিত পানীৰ ব্যৱহাৰৰ ফলত হোৱা হেপাটাইটিচ এ জণ্ডিচ, টাইফয়েড, কলেৰা, গেষ্ট্ৰএন্টাৰাইটিচ আদি ৰোগ দেখা পাবলৈ নাই৷ডেংগু নাই৷ মেলেৰিয়া ৰোগীও নাই৷অৱশ্যে ছুটীত ঘৰলৈ গৈ ঘূৰি আহোতে দুই এজনে মেলেৰিয়া  জণ্ডিচ, টাইফয়েড, ডিচেন্ট্ৰিত আক্ৰান্ত হৈ অহাৰ কথাতো সুকীয়া৷ মহ ইয়াত নাই৷ মাখি কাচিৎ কৰবাত দুই এটা দেখা যায়৷মিনাৰেল ৱাটাৰৰ বাহিৰে ইয়াত অইন কোনো পানী খাবলৈ ব্যৱহাৰ নহয়৷মদৰ প্ৰচলন সীমিত বাবে মদৰ ফলত হোৱা নানা  লিভাৰৰ অসুখ চিৰচিচ, পেনক্ৰিয়াটাইিচ, মেলিনা, হিমাটেমেচিচ আদি ৰোগো তেনেই কম৷ড্ৰাগছ নিসিদ্ধ বাবে তাৰ ফলত হব পৰা ৰোগ সমূহৰ পৰাও দেশখন মুক্ত৷

ৰন্ধন বৃত্তিৰ লগত লোক সকলে স্বাস্থ্য পৰীক্ষা কৰাওতে শৌচ পৰীক্ষা কৰাতো বাধ্যতামূলক৷তেনে ৰান্ধনি বা পাকঘৰত কাম কৰিব অহা লোকৰ শৌচত কৃমি, জিয়াৰ্ডিয়া, এন্টামিবা আদি ধৰা পৰিলে তাক নিৰ্মূল কৰিবলৈ আমি মেডিচিনৰ চিকিৎসকে বিধান দিওঁ৷

এইখিনিতে ৰেচিডেন্ট ভিছা পাবৰ বাবে কৰনীয়খিনিৰ কথা জনাই লব খুজিছো৷ কাটাৰত কাম কৰিবলৈ অহা নাইবা এমাহৰ অধিক দিন লগত থাকিব খোজা পৰিয়ালৰ লোকক ৰেচিডেন্ট ভিছাৰ প্ৰয়োজন৷এনে প্ৰতিজন ব্যক্তিৰ কাটাৰৰ ফৰেনচিক বিভাগে নিজাকৈ কম্পিউটাৰত ফটো লয়, চকুৰ স্কেন কৰে আৰু হাতৰ দহোটা আঙুলিৰ ফিংগাৰ প্ৰিন্ট সংৰক্ষণ কৰে৷মেডিকেল কমিশ্বন নামৰ চৰকাৰী স্বাস্থ্য বিভাগে স্বাস্থ্য পৰীক্ষা কৰে ; তেজৰ নমুনা লয় আৰু বুকুৰ এক্সৰে লয়৷ইয়াৰ দ্বাৰা আবেদনকাৰী ব্যক্তিজন টিবি, হেপাটাইটিচ-বি, হেপাটাইটিচ-চি, এইচ আই ভি আৰু এচ টি ডিৰ ৰোগমুক্ত বুলি প্ৰমাণিত হলেহে ৰেচিডেন্ট ভিছাৰ বাবে যোগ্য হব৷ ইয়াৰ ওপৰি  হেপাটাইটিচ -বিৰ ছিতা লোৱাৰো প্ৰয়োজন হয়৷ ৰেচিডেন্ট ভিছা পোৱাৰ পিছত এজন ব্যক্তিয়ে ৰেহাই মূল্যত চৰকাৰী চিকিৎসালয়ৰ সুবিধা পাবলৈ হলে ১০০ৰিয়াল খৰচ কৰি এখন “হেল্থ কাৰ্ড” বনাই লব পাৰে৷আকৌ  প্ৰতি দুবছৰৰ মূৰে-মূৰে স্বাস্থ্য পৰীক্ষাৰ স্বাভাৱিক ৰিপৰ্ট পালেহে ভিছাৰ নবীকৰণ হয়৷গতিকে এনে নিয়ম সমূহে দেশৰ নাগৰিকক বিভিন্ন মাৰাত্মক  ৰোগৰ পৰা মুক্ত কৰি ৰাখিছে৷  উল্লেখযোগ্যযে কাটাৰত প্ৰায়বিলাক ৰাজহুৱা স্থানতে ‘ধূমপান নিষেধ’ কঠোৰভাৱে বলবৎ হয়৷

কাটাৰকে ধৰি সমূহ গাল্ফ দেশতেই মানুহৰ  খাদ্যাভাসত এটা কথাত  কিছু মিল থকা দেখা যায় – সেইটো হ’ল  খাদ্যত মাংস,কণী, মাখন,চীজ,পনীৰ,গাখীৰ , বিভিন্ন ক’ল্ড ড্ৰিংকচ্ আদিৰ প্ৰাচুৰ্য্য৷ শাক-পাচলিৰ তুলনাত আমিষ খাদ্যৰ মূল্য কম৷ইয়াত ৰন্ধনৰ বাবে ৰিফাইন ভিজিটেবল তেল, চানফ্লাৱাৰ, কৰ্ণঅইল আদি সচৰাচৰ ব্যৱহাৰ হয়৷অলিভ তেল স্বাস্থ্যৰ বাবে আটাইতকৈ ভাল যদিও ই মহঙা৷লিবিয়া আৰু উত্তৰ আফ্ৰিকাৰ   প্ৰচুৰ  অলিভ তেল  উৎপাদন হোৱা দেশসমূহতহে  অলিভ তেল  আটাইতকৈ সুলভ৷ডায়েবেটিজ, উচ্চ ৰক্তচাপ, ডিচলিপিডেমিয়া (তেজত চৰ্বিৰ আধিক্য), গাওত আৰু বিভিন্ন হৃদৰোগ জীৱনধাৰণৰ পদ্ধতিৰ ফলত হোৱা বুলিয়েই চিকিৎসা বিজ্ঞানে কয়৷ টুনা, চালমন মাছ  আদি সাগৰীয় মাছত স্বাস্থ্যৰ উপযোগী  অমেগা- ৩ ফেটি এচিড থাকে৷অমেগা- ৩ ফেটি এচিড হৃদৰোগৰ প্ৰতিৰোধকাৰক, মস্তিষ্ক আৰু স্নায়ুৰ বাবে পৰম উপকাৰী ৷

এতিয়া কাটাৰৰ স্বাস্থ্য খণ্ডৰ আলোচনালৈ আগবাঢ়ো৷ বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দেশখনৰ ৩৩% চৰকাৰী সেৱাৰ বিপৰীতে , ৬৭ % সেৱা ব্যক্তিগত  খণ্ডই প্ৰদান কৰি আছে৷প্ৰসৱজনিত মাতৃৰ মৃত্যুহাৰ এইদেশত তেনেই নগণ্য্৷ ১৯৫৭ চনত ২০০খন বিচনাযুক্ত ৰুমেইলা হস্পিতেল ৰাজধানী চহৰ ড’হাত মুকলি হয়৷১৯৭৭ চনত চৰকাৰে ইয়াৰ অন্তৰ্গাথনিৰ প্ৰভূত উন্নতি সাধে৷ ১৯৮২ চনত ৬২১খন  বিচনাযুক্ত হামাদ মেডিকেল কৰ্পৰেচনৰ শুভাৰম্ভ হয়৷১৯৮৮চনত মুকলি হয় ৩৩৪ খন বিচনাযুক্ত (চৰকাৰী) মহিলা হস্পিতেল৷২০০৪ চনত মুকলি হয় অল-অমল কেঞ্চাৰ হস্পিতেল৷ ইয়াত জাৰ্মানীৰ সহযোগত কেঞ্চাৰ ৰোগৰ অত্যাধুনিক চিকিৎসা আৰু বিভিন্ন প্ৰশিক্ষণ দিয়া হয়৷লাহে লাহে দেশখনৰ আন ঠাইটো বিভিন্ন চৰকাৰী  চিকিৎসালয় মুকলি হ’ল৷যোৱা দশকটোত চৰকাৰৰ উদগনি পাই ভালেকেইখন উন্নতমানৰ ব্যক্তিগত চিকিৎসালয়, ক্লিনিক আৰু লেবৰেটৰীৰ শুভাৰম্ভ হ’ল৷এইসকলো বিলাকৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে  আমাৰ দেশৰ মেডিকেল কাউঞ্চিলৰ সমকক্ষ – “চুপ্ৰিম কাউঞ্চিল অৱ হেল্থে” –৷

২০০১ চনত আমেৰিকাৰ ৱেল কৰ্ণেল মেডিকেল কলেজে ড’হাত তেওঁলোকৰ কলেজৰ এটি শাখা খোলে৷ইয়াত মেডিকেল আৰু পেৰা-মেডিকেল শিক্ষাৰ ব্যৱস্থা আছে৷কাটাৰত সঘনাই হৈ থকা অন্তৰাষ্ট্ৰীয় খেল- ধেমালিৰ প্ৰতি লক্ষ্য ৰাখি ড’হাত ২০০৯ চনত মুকলি কৰা হৈছে – অৰ্থপেডিক আৰু্ স্পৰ্টচ মেডিচিনৰ “এচপিটাৰ হস্পিতেল”৷২০০৬ চনত য’ত এচিয়ান গেমছ হৈছিল- তাতেই চিকিৎসালয়খন স্থাপিত হৈছে৷২০২২চনত ফুটবলৰ বিশ্বকাপৰ আয়োজক দেশ হ’ল কাটাৰ৷

দেশখনৰ ব্যয়বহুল চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰাষ্ট্ৰীয় ইঞ্চিওৰেঞ্চ কোম্পনীৰ অৱদানৰ কথা অস্বীকাৰ কৰিব নোৱাৰি৷দেশখনৰ  বহুসংখ্যক কৰ্মচাৰীৰেই চিকিৎসা বীমা কৰোৱা থাকে৷

 

কাটাৰৰ ডায়েৰী ১০ (ডাঃ ভূপেন্দ্ৰ শ‍ইকীয়া)

২৯জানুৱাৰী ২০১২ চন, দেওবাৰ

সৰু সৰু মানুহৰ মনৰ কথাৰে :

আমাৰ ক্লিনিকৰ বিল্ডিংটোৰ কেয়াৰ টেকাৰ আফজল আলি৷আফজলে বিল্ডিঙৰ একেবাৰে ওপৰ মহলাৰ এটি সৰু কোঠাত অকলে থাকে৷ঘৰ তাৰ বাংলা দেশত৷ কাটাৰলৈ আহিবৰ ডেৰ বছৰ হৈছে৷ দুবছৰ পূৰ্ণ হলে দেড় মাহৰ ছুটীত ঘৰলৈ যাব পাৰিব৷দিনবোৰ সি হিচাব কৰি থাকে৷মোক লগ পালেই সোধে – ” কি খবৰ আপোনাৰ ? ভালে আ্ছে নহয়৷ আৰু দেশৰ খবৰ কেনে ” ? সদাই একে কেইটা কথা৷ মোৰ লগত বাংলাত কথা পতা আফজলে আজৰি সময়ত ৰুমত বঙালী আৰু হিন্দী ডি ভি ডি চায়৷ আফজলে ঈদ উপলক্ষে মোক এদিন ভাতৰ নিমন্ত্ৰণ জনালে – “দাদা আহিব৷একেলগে ভাত এসাজ খাম৷আজি মাংসও বনাইছো”৷ (মাংস মানে গোমাংস) ৷ বপুৰাই হয়তো মোক হিন্দু বুলি নাজানিবও পাৰে নাইবা দক্ষিণ ভাৰতৰ লোকসকলে সহজতে সকলো ভক্ষণ কৰা দেখি মোকো সৰ্বভক্ষণকাৰী বুলি ধৰি লৈছিল৷ ৷মই সেইদিনা যাব নোৱাৰাত অইন এদিন নিৰামিষ ভাত খাবলৈ মাতিলে৷তাৰ আৰু দুজন বন্ধু আহিছিল  ভাতৰ নিমন্ত্ৰণৰ বাবে৷ ভাত মানে আক্ষৰিক অৰ্থত ভাত৷ একাঁহি  ভাতৰ লগত আলু-বীনৰ জুলীয়া  তৰকাৰী, লগত তিয়ঁহ – বিলাহীৰ চালাড৷ তৰকাৰীখন ভাল কৰি বনাবলৈ আফজলে চেষ্টাৰ ত্ৰুতি কৰা নাছিল বুলি গম পাইছিলো, তাত পোৱা ইলাচি আৰু গৰম মছলাৰ গোন্ধৰ পৰা৷তিনিও বন্ধুৱে পৰম তৃপ্তিৰে খালে আৰু ময়ো লগ দিলো৷এই বৰ্ণনাৰ পৰা পাঠকে মোক লুভিয়া, খকুৱা বুলি নাভাবে যেন৷ আকৌ  আফজলৰ অৱস্থাৰ  উপলুঙা কৰা বুলিও যেন কাহানিও নাভাবে৷ কোনোবাই আন্তৰিকতাৰে নিমন্ত্ৰণ  জনালে তাক পৰাপক্ষত মই ৰক্ষা কৰিবৰ চেষ্টা কৰো৷

আফজলে মোৰ কোৱাৰ্টাৰলৈ সৰুসুৰা কামত দুই-তিনিবাৰ গৈছে৷পঢ়াশুনা মেট্ৰিক পাচ৷বয়স ত্ৰিশৰ ভিতৰত৷আগতে বাংলা দেশত হাট-বজাৰত দোকান দি ভাল উপাৰ্জনেই কৰিছিল৷কিন্তু দুজন মোমায়েকে চৌডি আৰবলৈ গৈ ঘৰৰ প্ৰভূত উন্নতি কৰা দেখি সিও বিদেশলৈ আহিবলৈ মন মেলিলে৷কাৰণ ঘৰত তাৰ তলত আছে তিনিজনী বিয়া নোহোৱা ভনীয়েক৷ঘৰত আৰু আছে উপাৰ্জন নকৰা বাপেক আৰু অসুখীয়া মাক৷এজেন্টক দেড় লাখ টকা দি সি অৱশেষত কাটাৰ পালেহি৷ ইয়াত তাৰ মাহৰ দৰমহা এঘাৰশ ৰিয়াল – অৰ্থাৎ বাংলাদেশী ২৫ হাজাৰ  টকা৷মাহটোত তাৰ খোৱাত আৰু ঘৰলৈ ফোন কৰাত খৰছ হয় কমেও ৭০০ ৰিয়াল৷ গতিকে কষ্টত চলিও মাহত দহ হাজাৰ  টকা সঞ্চয় কৰিব নোৱাৰে৷এজেন্টক দিয়া টকাখিনি উদ্ধাৰ কৰোতেই তাৰ দেড়টা বছৰ যাব৷আফজলে এতিয়া ইয়াত এজন তাৰ দেশৰ মানুহ লগ পাইছে যিজনে তাক ইটালিত ভিছা  আৰু ভাল (ভাল মানে অধিক দৰমহাৰ) চাকৰিৰ সপোন দেখুৱাইছে৷ আফজলৰ নিচিনা মানুহ মই বহুকেইজন বিদেশত লগ পাইছো ৷তেওঁবিলাকে বিদেশত বহু টকা উপাৰ্জন কৰাৰ সপোন দেখি এজেন্টৰ সহায়ত কৰ্মসংস্থান লয় আৰু  সঞ্চয়ৰ বাবে নিজে অতি কষ্টত চলিব লগীয়া হয়৷এই কথা ঘাইকৈ অশিক্ষিত,অল্পশিক্ষিত আৰু কোনো কাৰিকৰি জ্ঞান নথকা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য৷

আকৌ বহুতে নিজকে বিদেশৰ পৰিবেশৰ লগত, নিজৰ নতুন কৰ্মস্থলীৰ লগত সহজে খাপ খোৱাব নোৱাৰে৷ মই বহু কেইজন এনেলোক লগ পাইছো যি বেমাৰ দেখুৱাবলৈ মোৰ ওচৰত আহিছে – কিন্তু প্ৰকৃততে তেওঁলোকৰ একো শাৰীৰিক ৰোগ নায়েই৷এওঁলোকে ঘাইকৈ নিদ্ৰাহীনতা, আভোক, এচিডিটি, বুকুৰ ঢপ্-ঢপনি আদিত ভোগে৷দৰবতকৈয়ো তেওঁলোকৰ প্ৰয়োজন এষাৰি মৰমৰ মাত আৰু অলপ সহানুভূতিৰ৷দুমাহৰ আগতে তিনিজন গুজৰাটী দৰ্জি মোৰ ওচৰলৈ আহিছিল৷ প্ৰত্যকৰে ৰোগৰ লক্ষণ প্ৰায় একেই৷ মই কথা পাতি গম পালো – কাটাৰলৈ আহিবৰ তেওঁলোকৰ ৪৷৫ মাহ হৈছে৷ বিভিন্ন চিন্তাত তেওঁলোক জুৰুলা৷ প্ৰধান চিন্তা উপাৰ্জনৰ৷ ঠিকা ভিত্তিত কামত কাটাৰলৈ আহিছে৷ পূৰণি সহকৰ্মীৰ তুলনাত  দিনটোত তেওঁলোকে তিনিভাগৰ এভাগহে কাম কৰিব পাৰে৷আৰু জানিব পাৰিলো অহাৰ পৰা তেওঁলোকে নিজৰ বৃৰ্তিৰ লগত জড়িত কোনো ভাৰতীয়ক লগ পোৱা নাই৷ মই দুই চাৰিটা সাধাৰণ ঔষধ লিখি তেওঁলোকক মোৰ এজন পৰিচিত বিহাৰী দৰ্জিৰ ওচৰলৈ পথালো৷ তাত গৈ বন্ধুত্ব  কৰিবলৈ এখন নিজৰ সমাজ পালে আৰু এতিয়া তেওঁলোক সম্পূৰ্ণ ৰোগমুক্ত৷

দূৰ্গা বাহাদুৰ ছেত্ৰী- মই থকা ফ্লেটৰ চিকিউৰিটি গাৰ্ড৷কাটাৰত ৫ বছৰ হ’ল৷ বয়স ৩৫৷পৰিয়াল নেপালত এৰি ভাল উপাৰ্জনৰ আশাত ইয়ালৈ আহিছে৷দুবছৰৰ মূৰত দুমাহৰ ছুটী৷ প্ৰত্যেক দিনাই ১২ঘন্টাৰ ডিউটি কৰিব লাগে৷সাপ্তাহিক ছুটী নাই৷ দৰমহা বৰ্তমান মাহে ১৪০০ ৰিয়াল – নেপালী  ৩১হাজাৰ টকা৷ এজেন্টক ২ লাখ টকা দি আহিছিল৷সেইধাৰ দুবছৰত মৰিল৷  ইয়ালৈ অহাৰ পৰা  মই দূৰ্গাৰ  অসুখৰ প্ৰায়ে বিনামূলীয়া চিকিৎসা কৰি থাকো৷প্ৰথমতে এচিডিটি পাচলৈ হাই প্ৰেচাৰ৷ দৰব খালেও সহজতে প্ৰেচাৰ নৰ্মাল নহয়৷ পৰিয়ালত মাক-দেউতাকৰ প্ৰেচাৰৰ অসুখ নাই৷ ৰোগৰ হিস্ত্ৰী লওঁতে এদিন দূৰ্গাই মুখ খুলিলে৷ ছমাহ মান হ’ল তাৰ ঘৈণীয়েকজনী লৰা ছোৱালী এৰি থৈ কাৰোবাৰ সৈতে পলাল৷

মোৰ  লিখনিৰ উদ্দেশ্য কাকো হেয় কৰা নহয়৷ মানৱ জীৱনক বুজাৰ, ওচৰৰ পৰা দেখা পোৱাৰ সুবিধা চিকিৎসকৰ হয়তো অইনতকৈ বেচি৷চিকিৎসকৰ এষাৰ কোমল মাত শুনিলেই সাধাৰণ শ্ৰেণীৰ যি কোনো মানুহেই তেওঁৰ ওচৰ চাপি আহিবলৈ আৰু বন্ধুত্ব কৰিবলৈ সংকোচ নকৰে – মোৰ ব্যক্তিগত অনুভৱে এইদৰে কয়৷জীৱনৰ এই নানা ৰঙৰ ছবিসমূহহে আখৰেৰে লিপিবদ্ধ কৰিব খুজিছো৷এজন মানুহ বিদেশলৈ ওলালে তেওঁৰ পৰিয়ালত কি প্ৰভাৱ পৰিব সেইকথা অইনে আগতীয়াকৈ কব নোৱাৰে৷

 

 

 

 

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments