কাটাৰৰ ডায়েৰী: কাটাৰৰ অসমীয়াসকলৰ ইতিবৃত্ত (-ডা° ভূপেন শইকীয়া)

qataror-diary_drbhupendra-saikia1আমাৰ দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ লোকসকলে মৰুৰ দেশ কাটাৰৰ বিষয়ে বেচ কম কথাহে জানে৷ মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ ভিতৰত কাটাৰো এখন৷ খাৰুৱা তেলৰ বাবে চহকী এখন দেশ৷ ওচৰতে ডুবাই – থুলমূলকৈ এনে কেইটিমান কথাহে সৰ্বসাধাৰণলোকে জানে৷ প্ৰবাসত চাকৰিৰ সন্ধান কৰা আজিকালি অসমৰ যুৱক-যুৱতীসকলে বিশেষকৈ এয়াৰলাইনচৰ, তথ্য প্ৰযুক্তি বিভাগৰ, ইঞ্জিনিয়াৰিং বিভাগৰ নানান চাকৰিত বেচ কিছু সংখ্যকে নিযুক্তি পায়৷ কিন্তুু নিযুক্তি পোৱাসকলৰ অনেকৰ মনত সংশয় আৰু সংকোচৰ ভাৱ উৎপন্ন হয়৷ অচিন ঠাইৰ বিষয়ে সেয়া হোৱাটো তেনেই স্বাভাৱিক৷ আমেৰিকা, অষ্ট্ৰেলিয়া, ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স আদি দেশলৈ যাবলৈ কিন্তুু অসমৰ নৱপ্ৰজন্মৰ মনত শংকাৰ ভাৱ নাহে৷ ইয়াৰ কাৰণ হ’ল সেই দেশসমূহৰ জনজীৱন আৰু জীৱন ধাৰণৰ বিষয়ে বাতৰি কাকত, দূৰদৰ্শন আৰু কিতাপ-পত্ৰৰ মাধ্যমেৰে নানা বিষয়ে অৱগত হোৱাৰ সুবিধা পোৱা যায়৷ উল্লিখিত সেই উন্নত দেশসমূহৰ পৰা অসমীয়া মানুহে প্ৰেৰণ কৰা খা-খবৰ অসমৰ অসমীয়া আৰু ইংৰাজীকাকত সমূহত সময়ে সময়ে ওলাই থাকে৷ আমেৰিকা আৰু ইউৰোপৰ নানান ঠাইৰ অসমীয়া লোকসকলৰ জীৱন-চৰ্চা দেখুৱাই এটা সময়ত ববিতা শৰ্মাই নিৰ্মাণ কৰা ’বিদেশত আপোন মানুহ’ নামৰ জনপ্ৰিয় চিৰিয়েল এখন টিভি চেনেলত বহু মাহ ধৰি প্ৰদৰ্শিত হৈছিল৷ কিন্তুু সেই চিৰিয়েল খনে কাটাৰ দেশ স্পৰ্শ নকৰিলে৷
মই ২০১১চনত কৰ্মসূত্ৰে কাটাৰৰ ৰাজধানী চহৰ ডোহাত খোজ পেলাওঁ৷ এই দিশত মোৰ কোনো পথ প্ৰদৰ্শক নাছিল৷ সংযুক্ত আৰব আমীৰাটৰ আবু ধাবিৰ এক বৃহৎ চিকিৎসালয়ত কেইমাহমান কাম কৰাৰ অভিজ্ঞতাসূত্ৰে পোনতে টেলিফোনিক সাক্ষাৎাকাৰ আৰু তাৰ পিছত চাকৰিত যোগদান কৰিবলৈ আমন্ত্ৰণ৷ কাটাৰত ভৰি দি ক্ষিপ্ৰতাৰে নিজকে নতুন পৰিবেশৰ সৈতে খাপ খুৱাবলৈ প্ৰয়াস কৰোঁ৷ ড্ৰাইভিং স্কুলত প্ৰশিক্ষণ লৈ ড্ৰাইভিং লাইচেঞ্চ ওলিয়াই বেংকৰ পৰা সহজ কিস্তিত গাড়ী এখন কিনি লওঁ৷ সামন্তৰালভাবে নিজৰ কম্পিউটাৰত অসমীয়া লিপিৰে লিখাৰ অভ্যাস আৰম্ভ কৰোঁ৷ কেইবা মাহলৈয়ো অসমীয়া মাত কথা কবলৈ-শুনিবলৈ নাপাই মনটো বিমৰ্ষ হৈ আছিল৷ এদিন হঠাৎ মোৰ ক্লিনিকলৈ ’পটেল’ উপাধিৰ যুৱক এজনে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহিল৷ আহিয়েই নমস্কাৰ জনাই মাত লগালে -“চাৰ, আপোনাৰ লগত মই অসমীয়াত কথা পাতিব পাৰোনে? দুৱাৰত আপোনাৰ উপাধি দেখিয়েই অসমীয়া বুলি চিনি পাইছোঁ৷ মই তিনিচুকীয়াৰ চেনাইৰাম হাইস্কুলত অসমীয়া মাধ্যমত পঢ়িছিলোঁ “৷ এনে হেন সুৱদি মাতৰ তাৎপৰ্য্য মই সেই মুহূৰ্তত ততালিকে উপলব্ধি কৰিলোঁ৷ আকণ্ঠ শুকাই যোৱা মোৰ ডিঙিত যেন কোনোবাই শীতল জলৰ মধুৰ স্পৰ্শহে দিলে!
ইয়াৰ কিছুদিন পিছত বাতৰি কাকতত মোৰ ফটোসহ এখন ইংৰাজী বিজ্ঞাপন আমাৰ চিকিৎসালয় কৰ্তৃপক্ষই প্ৰকাশিত কৰে৷ সেইখন দেখা পাই হোজাইৰ পৰা কেইবছৰমান আগতে কাটাৰলৈ আহি নিজাকৈ আগৰৰ পাৰফিউমৰ ব্যৱসায় কৰা উদ্যমী যুৱক মুস্তফা জামাল চৌধুৰীয়ে মোক লগ ধৰিলেহি৷ তেওঁৰ মাধ্যমেৰে একে বূতিত থকা আব্দুলা চৌধুৰী, মুস্তফা জালাল চৌধুৰী, মহম্মদ আবুল হুচেইনকে আদি কৰি কেইবাজনো অসমীয়া যুৱকৰ সৈতে পোনতে পৰিচয়, পিছলৈ ঘনিষ্ঠতা আগবাঢ়িল৷ সমুদ্ৰৰ ৰিগত বিখ্যাত গাল্ফ ড্ৰিলিং কোম্পানীৰ মেডিকেল অফিচাৰ দুজনকৈ অসমীয়া ডাক্তৰো মোৰ ক্লিনিকলৈ চিনাকি হবলৈ আহিল৷
প্ৰায় একে সময়তে মোৰ মাহীৰ ল’ৰা ইঞ্জিনীয়াৰ ভাতৃ পাৰ্থ গগৈ ডুবাইৰ পৰা বদলিহৈ কাটাৰলৈ আহিল৷ তাৰ কেইমাহমান পিছত চৌডি আৰবৰ পৰা আহিল ডা০ প্ৰেমানন্দ গোস্বামী৷ এইদৰে ক্ৰমে অসমীয়া লোকৰ সংখ্যা আমাৰ দূষ্টিত বাঢ়িবলৈ ধৰিলে৷ ফেচবুকত ’কাটাৰ অসম সমাজ’ নামেৰে গোট খুলি অসমীয়াৰ সন্ধান জাৰি ৰাখিলোঁ৷ প্ৰায় এশজন এইদৰে একত্ৰিত হোৱাত একে নামেৰে অনুষ্ঠানিক গোট সূষ্টি কৰি ভাৰতীয় দূতাবাসৰ অধীন ভাৰতীয় সাংস্কূতিক কেন্দ্ৰৰ মান্যতাপ্ৰাপ্ত চ’চাইটী বুলি স্বীকৃতি লাভ কৰোঁ৷ ইয়াৰ পিছৰ পৰা আৰু কাটাৰ অসম সমাজে থমকি ৰবলগীয়া হোৱা নাই৷ আজি ই এৰাধৰাকৈ ৫০০জন প্ৰবাসী অসমীয়াৰ এক অনুষ্ঠান৷ ভাৰতীয় সাংস্কূতিক কেন্দ্ৰৰ মান্যতাপ্ৰাপ্ত শতাধিক গোটৰ ভিতৰত সংখ্যাত তাকৰীয়া সদস্যৰ দল হলেও গুণগত দিশৰ পৰা আন চ’চাইটীৰ তুলনাত অধিক সন্মান, আদৰ আৰু সমীহ বুটলিবলৈ সক্ষম হৈছে৷ ভোগালী বিহু, ৰঙালী বিহু, ঈদ সন্মিলন, দীপাৱলী আদি পালন কৰাৰ উপৰিও অসমৰ শিল্পীৰ (দীক্ষু আৰু প্ৰিয়ংকা ভৰালী) সংগীতানুষ্ঠান আয়োজন কৰিবলৈ সমৰ্থ হৈছে৷ ৰঙীন দ্বিভাষিক ছপা আলোচনী আৰু নিজস্ব ৱেবচাইট (www. http: //assamsocietyqatar.org/) চলাই বিশ্বৰ সমূহ প্ৰবাসী অসমীয়াৰ সাদৰ দূষ্টি লভিবলৈ সক্ষম হৈছে৷ এই ৱেবচাইটত চালেই আগ্ৰহী পাঠকে তিনিখনকৈ দ্বিভাষিক স্মৰণিকা পি ডি এফযোগে পঢ়িব পাৰিব৷
সামন্তৰালভাবে ফেচবুকত কাটাৰৰ বিষয়ে মই নানা কথা লিখি যাবলৈ ধৰিলোঁ৷ সেইবোৰ ’কাটাৰৰ ডায়েৰী’ নামেৰে অসমৰ বাতৰি কাকততো প্ৰকাশিত হব ধৰিলে আৰু এটা সময়ত ২০১৩চনৰ অক্টোবৰত একে নামেৰে কিতাপ আকাৰে উন্মোচিত হ’ল৷
অনুসন্ধান কৰি জানিবৰ প্ৰয়াস কৰিলোঁ কাটাৰত পোনপ্ৰথম কেতিয়াৰ পৰা অসমীয়াৰ আগমন আৰম্ভ হ’ল৷ উল্লেখযোগ্যযে ১৯৭১চনত কাটাৰ দেশে ব্ৰিটিছৰ হাতোৰাৰ পৰা মুক্ত হয়৷ সেই সময়ত এই দেশত ভাৰতীয় নোটৰ প্ৰচলন আছিল৷ দেশৰ অৰ্থনীতি আছিল অতি শোচনীয়৷ কেইবছৰমানৰ পিছত খাৰুৱা তেলৰ আবিষ্কাৰে দেশলৈ প্ৰাচুৰ্য্য কঢ়িয়াই আনে৷
ইয়াৰ পিছত এতিয়া এইবাৰৰ দীপাৱলী ’কাটাৰ অসম সমাজে’ কিদৰে পালন কৰিলে তাৰ এটি চমু বিৱৰণ পাঠকসকলক জনাই লওঁ৷ প্ৰবাসত ভাৰতীয় উৎসৱসমূহ দেশীয় কেলেণ্ডাৰ বা তিথিমতে পালন কৰাতো মুঠেই সম্ভৱপৰ নহয়৷ কিয়নো প্ৰবাসী অসমীয়াৰ ৯৫শতাংশই হ’ল চাকৰিয়াল৷ এই দেশত সাপ্তাহিক বন্ধৰ দিন হ’ল শুকুৰবাৰ৷ গতিকে বৃহস্পতিবাৰে বিয়লি নহলে শুকুৰবাৰে যি কোনো অনুষ্ঠান আয়োজন কৰিবলৈ সুচল হয়৷ সেয়া মাঘ বিহু, ৰঙালী বিহু, ব’হাগী বিদায়, ঈদ সন্মিলন, আদৰণি সভা, বিদায় সভা, পিকনিক বা দেৱালী যিয়েই নহওক কিয়৷ গতিকে যোৱা ২৭অক্টোবৰ বৃহস্পতিবাৰে সন্ধিয়া কাটাৰ অসম সমাজৰ ৰাইজসকল একত্ৰিত হ’ল ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ অশোকা হলত দ্বীপান্দিতা উৎসৱ পালন কৰিবলৈ৷ পোনপ্ৰথমতে বন্তি প্ৰজ্বলন কৰি সমজুৱাক আদৰণি সম্ভাষণ দায়িত্ব এই অভাজনেই নিষ্ঠাসহকাৰে পালন কৰিলোঁ৷
ইয়াৰ পিছত সাংস্কূতিক সম্পাদিকা প্ৰিয়ংকা মহন্তৰ এটি ভক্তি গীতিৰে সাংস্কূতিক সন্ধিয়াৰ কাৰ্য্যসূচী আৰম্ভ হয়৷ ইয়াৰ পিছত দুঘণ্টাৰো অধিক সময় জুৰি নানাজনে অসমীয়া আধুনিক গীত আৰু দুই এজনে হিন্দী গীত পৰিবেশন কৰি সন্ধিয়াটো অতি উপভোগ্য কৰি তোলে৷ সংগীতৰ সুৰ-সমলয়ত কণকণ মইনাহঁতেও নূত্য কৰি দৰ্শকক আমোদ দিয়ে৷ অনুষ্ঠানৰ শেষত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এগৰাকী বিষয়া ৰাজীৱ ভাগৱতী আৰু মিনাক্ষী ভাগৱতীৰ পৰিয়ালক গধুৰ অন্তৰেৰে বিদায় সম্ভাষণ জনোৱা হয়৷ বিগত তিনিটা বছৰে ’কাটাৰ অসম সমাজ’ত নিজৰ স্বকীয় পৰিচয় ডাঙি ধৰিবলৈ সক্ষম হোৱা সকলোৰে আদৰৰ এই পৰিয়ালটোৱে আমাৰ প্ৰতিটো অনুষ্ঠানতে নিজৰ স্বকীয় ছাপ সকলোৰে মনত বহুৱাবলৈ সফল হৈছিল৷ আমাৰ শেহতীয়া স্মৰণিকাখনিৰ বেটুপাতো ৰাজীৱ ভাগৱতীয়ে অংকন কৰিছিল৷ অনুষ্ঠানৰ শেষত সকলোৱে একেলগে প্ৰীতি-ভোজ গ্ৰহণ কৰি ঘৰমুৱা হয়৷
এতিয়া পূৰ্বৰ কাহিনীলৈ উভতি যাওঁ৷ ভাৰতবৰ্ষৰ সমুদ্ৰৰ বন্দৰ থকা দক্ষিণ ভাৰতৰ লোকসকলে অতি পুৰণি দিনৰ পৰাই ব্যৱসায়, বাণিজ্য, জীৱিকাৰ সন্ধানত বিশ্বৰ নানা দেশলৈ ধাপলি মেলিছিল৷ এই লোকসকলৰ তুলনাত প্ৰবাসলৈ গমন কৰা অসমীয়া লোকৰ সংখ্যা তেনেই তাকৰীয়া৷ প্ৰবাসলৈ যোৱা বেচি সংখ্যক অসমীয়াই আছিল নিজ মেধাৰ বলত চৰকাৰী বৃত্তিলৈ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ ইউৰোপ, অষ্ট্ৰেলিয়া বা আমৰিকালৈ যোৱা লোক৷
শুনিবলৈ পোৱামতে অসমত তেনে পৰিস্থিতি বাহাল থকা অৱস্থাতেই ১৯৭০চনত এজন অসমীয়া ব্যৱসায়ীয়ে কাটাৰৰ ডোহাত খোজ পেলাইছিল ব্যৱসায়ৰ পৰিবেশ আৰু পৰিস্থিতি অধ্যয়ন কৰাৰ মানসেৰে৷ প্ৰচাৰবিমুখ এই নমস্য ব্যক্তিজন অখ্যাত হৈয়ে ৰৈ গ’ল৷ ইয়াৰ দেড়-দুটা দশক পিছত আগৰ জাতীয় ব্যৱসায়ৰ সন্ধানত অসমৰ পৰা অসমীয়া ব্যৱসায়ীৰ চুৰ্চুৰীয়াকৈ অহা-যোৱা আৰম্ভ হয়৷ বৰ্তমান কাটাৰ অসম সমাজত আমাৰ লগত পুৰণা চামৰ লোক দুজন আছে৷ তেখেতসকলৰ পৰিচয় হ’ল হোজাইৰ ইব্ৰাহিম আলি আৰু চিলচৰৰ ৰুহুল আমিন মজুমদাৰ৷ ১৯৯৮চনৰ পৰা একেলেথাৰিয়ে কাটাৰত থাকি স্বপ্ৰচেষ্টাৰে নিজা ব্যৱসায়ত প্ৰতিষ্ঠিত হব পাৰিছে৷
ইয়াৰ পিছৰ কাহিনী তেনেই চমু আৰু পোনপটীয়া৷ ব্ৰিটিছৰ কবলৰ পৰা মুক্ত হোৱা স্বাধীন কাটাৰৰ সমুদ্ৰ উপকুলত হোৰাহোৰে খাৰুৱা তেল ওলাবলৈ ধৰিল৷ ফলত তেলৰ ৰিফাইনেৰী, পেট্ৰকেমিকেল, ফাৰ্টিলাইজাৰ, এলুমিনিয়াম আদি উদ্যোগ ক্ষিপ্ৰ গতিৰে গঢ়লৈ উঠিব ধৰিলে৷ ৰাস্তা-ঘাট, বিশাল আকাৰৰ ভৱন, চুপাৰ মাৰ্কেট, হোটেল, ৰিছ’ৰ্ট, অত্যাধুনিক মল, চিকিৎসালয়, শিক্ষানুষ্ঠান আদি দিনে নিশাই নিৰ্মাণ হবলৈ ধৰিলে৷ এই সকলো পৰিচালনা কৰিবলৈ বিশ্বৰ চুকে-কোনে থকা দেশৰ পৰা বনুৱা আৰু উচ্চ শিক্ষিত লোকৰ আগমন ঘটিল৷ দেশখনৰ ৩০শতাংশ স্থানীয় আৰবী লোকৰ বিপৰীতে ৭০শতাংশ বহিৰাগতেৰে দেশ ভৰি পৰিল৷ কিন্তুু কাটাৰলৈ অহা প্ৰত্যেকজন লোকৰে হাতত কাটাৰী ভিছা থকাটো অনিবাৰ্য্য৷ কোনো বিদেশী লোকে এটা দিনো বিনা ভিছাত কাটাৰত থকাটো অসম্ভৱ কথা৷qataror-diary_drbhupendra-saikia3
এই ক্ষুদ্ৰ দেশখনৰ উন্নয়ণৰ বিভিন্ন ক্ষেত্ৰৰ কামত যোগ দিবলৈ অনেক ভাৰতীয়ৰ আগমন ঘটিব ধৰিলে৷ সেই লোকসকলৰ পৰস্পৰৰ মাজত হিন্দী প্ৰথম আৰু মলয়ালম দ্বিতীয় সংযোগী ভাষা হৈ পৰিল৷ অনেক জাতি প্ৰজাতিৰ লোকৰ তুলনাত ভাৰতীয়ৰ সংখ্যাই হ’ল সৰ্বাধিক৷ তাৰ ভিতৰত এমুঠি অসমীয়া বিভিন্ন বৃত্তিত নিয়োজিত হৈ আছে৷ কাটাৰত থকা অসমীয়াসকলৰ ভিতৰত বোধকৰো বিভিন্ন বিভাগৰ ইঞ্জিনীয়াৰৰ সংখ্যাই আটাইতকৈ বেচি৷ আন আন জীৱিকাত (প্ৰফেচন) লিপ্ত থকা সকলৰ ভিতৰত টেলিকমৰ কৰ্মী, দোকানৰ চেলচ বা মেনজমেণ্টত জড়িত লোক, শিক্ষক, সংবাদকৰ্মী, এয়াৰলাইনচৰ কেবিনক্ৰো, পাইলট, এয়াৰহোষ্টেচ, চিকিৎসক আৰু মৌলবীও আছে৷ শেহতীয়াকৈ কাটাৰ ৰেল, মেট্ৰৰেল আৰু ফুটবলৰ বিশ্বকাপৰ বাবে নিৰ্মিয়মান ষ্টেডিয়ামৰ বাবেও অনেক প্ৰবাসীলোকৰ আগমন ঘটিছে৷ পাঠকসকলক জনাব খোজোঁ যে নতুনকৈ কাটাৰত প্ৰবেশ কৰা কোনো কোনোজনে ভাৰতীয় দূতাবাসত খবৰ কৰি ’কাটাৰ অসম সমাজ’ বিচাৰি ওলিয়ায় আৰু বহুকেইজন অজ্ঞাত হৈয়ে ৰৈ যায়৷ হঠাৎত কোনোবা এটা অনুষ্ঠানত ভূমুকি মাৰিলেহে গম পোৱা যায়যে তেওঁৰ কাটাৰত কেইমাহ বা বছৰ ইতিমধ্যে অতিবাহিত কৰিলে৷ আকৌ দুই এজনে বাতৰি কাকত নাইবা ফেচবুকত আমাৰ লিখা পঢ়ি দেশখন বিষয়ে অৱগত হৈয়ো সম্পূৰ্ণ মানসিক প্ৰস্তুতিৰে ডোহাত আহি ওলায়হি৷ এইটোও আমাৰ দৃষ্টিত লক্ষ্যণীয় কথা যে কাটাৰ এৰি যোৱা লোকৰ তুলনাত কাটাৰত নকৈ প্ৰবেশ কৰা অসমীয়াৰ সংখ্যা বেছি৷ সি যি নহওক কাটাৰ অসম সমাজে সংস্পৰ্শলৈ অহা প্ৰতিজন নৱাগতক সদায়েই প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু সহায়ৰ হাত আগবঢ়াই আহিছে৷ সদ্যহতে ৫০০জন অসমীয়া লোক চকুত পৰিলেও মোৰ অনুমান এই দেশখনৰ চুকে-কোণে সিঁচৰিত হৈ থকা অসমীয়াৰ সংখ্যা হাজাৰ অতিক্ৰম কৰিলেও একো আচৰিত হবলগীয়া কথা নহব৷ মোৰ বহুদিনীয়া এটি সপোন আছিল কাটাৰত থকা সকলো প্ৰবাসী অসমীয়াৰ নাম সাঙুৰি এখনি ডাইৰেক্টৰী ছপাই ওলোৱাৰ৷ নাজানো সেই সপোন কাহানিবা ফলৱতী হবনে নাই!qataror-diary_drbhupendra-saikia4  qataror-diary_drbhupendra-saikia2
অপ্ৰিয় হলেও কব লাগিব কিছু সংখ্যক অসমীয়ালোকে ভাবে- আমি কাটাৰত চাকৰি কৰিবলৈ অস্থায়ীভাবে আহিছোঁ৷ সপ্তাহত এটা দিন ছুটী পাওঁ৷ নিজৰে ঢেৰ ব্যক্তিগত কাম থাকে৷ তেনেস্থলত ছচাইটী, অসম সমাজ গাই কি লাভ? আৰু কিছুমানলোক ৰাজধানী চহৰৰ পৰা আতৰত ৰিফাইনেৰীত বা সমুদ্ৰৰ ৰিগত থাকে -সকলোৰে ব্যক্তিগত যান-বাহন নাথাকিবও পাৰে – তেনেস্থলত তেনেলোক সকলে বছেৰেকীয়া বিহু সন্মিলনতো উপস্থিত হব নোৱাৰে৷ অসমীয়াসকলৰ মাজৰ ৯০শতাংশ লোকেই শিক্ষিত নাইবা কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠিত লোক৷ ইয়াৰ বিপৰীতে মই ৰাচলাফানৰ ৰিফাইনেৰীত, সমুদ্ৰৰ ৰিগত আৰু ডোহাৰ ডাঙৰ চুপাৰমাৰ্কেটত সৰু চাকৰি (যেনে চিকিউৰিটি, ষ্টিল ফিক্সাৰ, চেলচমেন, লেবাৰ) কৰা কেইবাজনো অসমীয়াক সময়ে সময়ে লগ পাইছোঁ৷ ক্ষন্তেক মাতৃভাষাত কথা পাতিব পালেই তেওঁলোকৰ চকুৱে-মুখে ফুটা পৰিতৃপ্তিৰ ভাৱ চাই মই বিভোৰ হওঁ!

 

৩ নৱেম্বৰ, ২০১৬
ই মেইল: [email protected]
ৱাটচএপ আৰু ম’বাইল +৯৭৪ ৩৩৭৩৮৭২২
ৱেবচাইট www.drbhupensaikia.com

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments