কাটাৰৰ ডায়েৰী (ডা০ ভূপেন শইকীয়া)

(“কাটাৰৰ অসমীয়া সমাজ”)

কাটাৰৰ অসমীয়া সমাজখনৰ ওপৰত মোৰ কুৰিমহীয়া কাটাৰৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লিখা তলৰ কথাখিনিত সত্যৰ অপলাপ অকণো নাই বা কোনো কথাত ৰহন হনা নাই৷

প্ৰথম কাটাৰত ভৰি দি বৰ অকলশৰীয়া ভাৱ এটা মনলৈ আহিব ধৰিছিল কিয়নো কাটাৰলৈ আহিবৰ দুমাহলৈ এজনো অসমীয়া মানুহৰ সন্ধান এই মৰুৰ দেশখনত পোৱা নাছিলোঁ৷ অথচ ইয়াৰ আগৰবাৰ আবু ধাবিত কাম কৰিবলৈ আহোঁতে দ্বিতীয় দিনাই উৎপল বৰুৱা নামৰ বেংকত কাম কৰা যুৱকজনৰ সন্ধান ম’বাইলৰ চিম বেচা দোকানীজনে দিছিল৷ নোপোৱাই পোৱাদি এদিন কুৰি বছৰীয়া গুজৰাটী ‘পেটেল’ উপাধিৰ মোৰ ওচৰত চাকৰি সংক্ৰান্তত স্বাস্থ্য পৰীক্ষা কৰিবলৈ অহা ডেকা এজনে মাত লগালে, “চাৰ, বেয়া নাপায় যদি দুটামান কথা পাতোঁ৷ আপোনাৰ উপাধিটোৰ পৰা ঘৰ অসমত বুলি গম পাইছোঁ৷” ‘এনে হেন সুৱদি মাত’ৰ তাৎপৰ্য্য সেই মুহূৰ্তত মই লগে লগেই বাৰুকৈয়ে উপলব্দ্ধি কৰিলোঁ৷ তাৰ পিছত যুৱকজনে মোক জনালে ৰেলৱেৰ চাকৰিসূত্ৰে পৰিয়ালৰ সৈতে অসমৰ তিনিচুকীয়াত ডাঙৰ হোৱাৰ কথা৷ তিনিচুকীয়াৰ চেনাইৰাম হাইস্কুলৰ পৰা মেট্ৰিক পাচ কৰিছে৷ এতিয়া লগৰ বন্ধুৰ সৈতে একেলগে বিদেশত চাকৰি কৰিব আহিছে৷

এইটো ঘটনাৰ এসপ্তাহ পিছত মোলৈ দুটা ফোন আহিল অসমীয়াত৷ মোৰ কৰ্মস্থলী আৰু থকা ঠাইৰ বুজলৈ মোক লগ ধৰিবলৈ আহিব বুলি জনালে৷ প্ৰথমটো হোজাইৰ কোনোবা আহমেদৰ, আজমলৰ কাটাৰৰ আতৰৰ দোকানত কাম কৰে৷ আনটো এজন ডেকা ইঞ্জিনীয়াৰৰ৷ কোৱামতে এদিন ৰাহুল চৌধুৰী বন্ধু মহেশ কুমাৰ ডুবেৰ সৈতে আহি মোক ডিউটিৰ মাজতে আহি লগ ধৰিলেহি৷ সেই দুজন অসমৰ ডেকা ইঞ্জিনীয়াৰৰ কাটাৰত তেতিয়ালৈ বছেৰেক দিন হৈছে৷

ইতিমধ্যে মই ইন্টাৰনেটত ‘অসমীয়া কথা বতৰা গোট’ত নিয়মীয়াকৈ লিখিবলৈ লৈছোঁ৷ তাত মোৰ লিখা পঢ়ি এটা এটা অসমীয়া পৰিয়ালে মোক ফোন কৰিলে – অহাকালিলৈ দুমাহৰ বছেৰেকীয়া ছুটীত ঘৰলৈ গৈ আছোঁ, ঘৰৰ পৰা আহি আপোনাক লগ পাম৷ তাৰ কেইদিনমান পিছত মোক আচৰিত কৰি মোৰ কোৱাৰ্টাৰত হঠাৎ আহি ওলালহি ইঞ্জিনীয়াৰ পাৰ্থ গগৈ পৰিয়ালসহ৷ পাৰ্থ মোৰ মাহীৰ ল’ৰা, কেইবা বছৰো ডুবাইত থকাৰ পিছত যোৱা এবছৰ মানৰ পৰা কাটাৰত৷ বহুতদিন যোগাযোগ বিচ্ছিন্ন হৈ থকাত মই তাক ডুবাইতে কৰ্মৰত বুলি ভাবি আছিলোঁ৷ সংযুক্ত আৰৱ আমীৰাটত ৩০০ৰো অধিক অসমীয়া পৰিয়াল আছে৷ তেওঁলোক “অসম সমাজ”ৰ বেনাৰত সংগঠিত হৈ আছে৷ বছৰত কেইবাবাৰো বিহু, নতুন বছৰ, দেৱালী বা আন উপলক্ষত এক গোট হয়৷ অসমৰ শিল্পীক আমন্ত্ৰণ কৰি আনি সংগীতানুষ্ঠানো কৰে৷ আবু ধাবিত কাম কৰোঁতে মোৰ এনে দেৱালীৰ মিলন সমাৰোহত লগ হোৱাৰ সৌভাগ্য হৈছিল৷ কাটাৰলৈ আহি মই ডুবাইৰ অসম সমাজলৈ ই-মেইলযোগে খবৰ পঠালোঁ মোক এই দেশত থকা অসমীয়ালোকৰ সন্ধান পাৰে যদি দিবলৈ৷ সেই ই-মেইলৰ সূত্ৰ ধৰি টেলিকম ইঞ্জিনীয়াৰ বিশ্বজিৎ ডেকাই কাটাৰত কাম কৰিবলৈ আহি মোক লগ ধৰিলেহি৷ একে সময়তে চৌডি আৰবৰ পৰা ডা০ প্ৰেমানন্দ গোস্বামীয়ে কৰ্মস্থান কাটাৰলৈ সলনি কৰিব বিচাৰি মোৰ পৰামৰ্শ বিচাৰিলে৷ ৬-৭ মাহ পিছত ডা০ প্ৰেমানন্দ গোস্বামীয়ে ড’হাৰ আন এখন চিকিৎসালয়ত আহি যোগদান কৰিলেহি৷ এতিয়া প্ৰায়ে সঘনাই লগ পোৱা ডা০ প্ৰেমানন্দ গোস্বামী বৰ ৰসাল মানুহ৷ তেওঁৰ অভিজ্ঞতাৰ ৰসৰ ভঁৰালৰ ভাগ আমি লগ পোৱা প্ৰতিবাৰতে পাওঁ৷ গোস্বামীদাৰ এজন ক্লাচমেট নগাঁৱৰ জয়শ্ৰী চিনেমা হলৰ গেটকিপাৰ৷ তেওঁৰ জহত সৰুকালৰ পৰাই খুব চিনেমা চোৱাৰ অভ্যাস৷ চৌডি আৰবত ক’তো চিনেমা হল নাই৷ তেতিয়া নেটত চাইছিল৷ এতিয়া ড’হাৰ হল,চিনেমেস্কৰ প্ৰতিখন হিন্দী চিনেমাই চায়৷ এইদৰেই এবাৰ চিনেমা হলতে কাষত বহা অসমীয়া ল’ৰা এজনৰ সৈতে চিনাকী হৈছিল৷

ইয়াৰ মাজতে এদিন মই বন্ধৰ দিনত ড’হাৰ সৰ্বোচ্চ ভৱন টৰ্চ টাৱাৰ চাবলৈ যাওঁতে আন এটি অসমীয়া কন্ঠস্বৰৰ ফোন পালোঁ-“মই শিৱ বৰাই কৈছোঁ, আপোনাক ক’ত কেনেকৈ লগ পাব পাৰোঁ কওক”৷

উজনিৰ টিংখঙৰ শিৱ বৰাই যোৱা ১২ বছৰৰো অধিক কাল কাটাৰত পৰিয়ালসহ আছে৷ চৰকাৰী ৰাচগেছ কোম্পানীৰ ইঞ্জিনীয়াৰ৷ শিৱ বৰাই মোক লগ পাবলৈ আহিল মোৰ কোৱাৰ্টাৰলৈ, ময়ো তেওঁৰ অল ৱাক্ৰাৰ ঘৰত আলহী হলোঁগৈ৷ অল ৱাক্ৰা মূল ড’হাৰ পৰা ১৫কিলোমিটাৰমান দূৰৈত৷ ড’হাৰ আনটো মূৰত অৱস্থিত৷ পাঠকে বিস্মিত নহ’ব, এই সকলো যোগাযোগ সম্ভৱ হৈছিল একমাত্ৰ ইন্টাৰনেটৰ কাৰণে৷ মোৰ ম’বাইল নম্বৰ সকলোৱে ইন্টাৰনেটৰ পৰাই লৈছিল৷ ইয়াৰ বাহিৰে মোৰ ৰোগীৰ মাধ্যমেৰে মোৰ খবৰ পালে গাল্ফ ড্ৰিলিং কোম্পানীৰ ৰিগত কাম কৰা যোৰহাটৰ ডা০ সূৰ্য্যকমল ভূঞাই৷ তেওঁক ধৰি গোটেই কাটাৰ দেশখনত আমি মাত্ৰ তিনিজন অসমীয়া ডাক্তৰ৷ বাকী অসমীয়া প্ৰায়সকলেই বিভিন্ন বিভাগৰ ইঞ্জিনীয়াৰ৷ কেইজনমান কাটাৰ এয়াৰলাইনচৰ কেবিনক্ৰু বা এয়াৰহোষ্টেচ৷ এগৰাকী অসমীয়া মহিলা ইংৰাজী ‘কাটাৰ ট্ৰিবিউন’ কাকতৰ অন্যতম সম্পাদক৷ শিৱ বৰাৰ খুলশালি ৰণিত দেউৰীয়ে কেইবছৰমানৰ আগতে কাটাৰৰ টেলিকম কোম্পানী ‘কিউতেল’ত যোগদান কৰিছেহি৷

শিক্ষাখণ্ডতো দুজনমান অসমীয়া আছে বুলি শুনিছোঁ৷ লক্ষীমপুৰৰ জীয়ৰী শিৱ বৰাৰ ভাল বান্ধৱী জ্বলি ভদ্ৰ বৰ্তমান বিবাহসূত্ৰে উৰিষ্যাৰ বোৱাৰী৷ এইহাল দম্পত্তি বৰ্তমান কাটাৰ বিশ্ববিদ্যালয়ৰ গবেষণা বিভাগৰ সৈতে জড়িত৷

কাটাৰৰ অসমীয়া সমাজক একত্ৰিত কৰাত উদ্যমী এই ডেকাজনৰ যিমান প্ৰশংসা কৰিলেও কম হ’ব৷

আজিৰ পৰা এবছৰ আগতে অসমীয়া মানুহ বিচাৰি হাবাথুৰি খাই থকা অৱস্থাৰ পৰা মোক উদ্ধাৰ কৰিছিল তেওঁ৷ এজন “চিকাৰীয়ে চিকাৰ বিচৰাৰ দৰে” তেওঁ জনঅৰণ্যত অসমীয়াৰ সন্ধান আজিও কৰে৷ পাঠকসকলে শুনি আহ্লাদিত হ’ব ৭ বছৰ আগতে কাটাৰৰ ৰাষ্ট্ৰীয় দিৱসৰ পেৰেডত অসমীয়া বিহুনৃত্যৰ দলো অংশীদাৰ হৈছিল৷ আকৌ ২০০৯ চনৰ ৩ মে’ তাৰিখৰ ‘আসাম ট্ৰিবিউন’ বাতৰিকাকতখন চাওক (নেটত উপলব্দ্ধ) -কি দৰে কাটাৰবাসী অসমীয়াসকলে পৰম উল্লাসেৰে সেই বছৰ ৰঙালী বিহু পালন কৰিছিল৷ এখন ফটোত পুৰুষ,মহিলা শিশুসহ কমেও ৬০জন লোকৰ উপস্থিতি দেখা গৈছে৷ ‘কাটাৰ অসম সমাজ’ নামাকৰণ কৰা সংগঠনৰ শিৱ বৰা হ’ল সভাপতি৷ বৰ্তমানে ফটোত থকা সকলৰ ভালেখিনিয়ে কাটাৰ এৰি ভাৰতলৈ বা আনদেশলৈ গ’ল যদিও তাৰে অন্তত: অৰ্ধেক এতিয়াও কাটাৰতে আছে- প্ৰয়োজন মাথোঁ পুনৰ সমাজখনলৈ এক জাগৰুকতা(?) অনাৰ৷

যোৱা ৪-৫ মাহত চিনাকী হলোঁ যোৰহাটৰ দেৱজিৎ কলিতা, তেজপুৰৰ পৰাগ হাজৰিকা, চিলচৰৰ কৰ্ণেন্দু ৰয়, শুৱালকুছিৰ জগন্নাথ মহন্ত, কাছাৰৰ জমিল আহমেদ লস্কৰ, গুৱাহাটীৰ চিৰঞ্জীৱ শৰ্মা আৰু শৰৎ শইকীয়াৰ সৈতে৷ দেৱজিতে ইয়াৰ মৰুৰ মাটিত জিকা, ভোল, ধুন্দুলি, জলকীয়া আদিৰ খেতি কৰি নিজেও খাইছে – আনকো বিলাইছে৷ ৰাচলাফান ৰিফাইনেৰীত পুঞ্জলয়ড কনষ্ট্ৰাকচন কোম্পানীৰ অধীনত কাম কৰা এজন ডেকা জুনিয়ৰ অভিযন্তাক লগ পাই তেওঁৰ কৰ্মস্থলীত আৰু দুজন অসমীয়া ল’ৰা আছে বুলি গম পালোঁ৷ মাত্ৰ কেইদিনমানৰ আগতে কাটাৰৰ অল খ’ৰ অঞ্চলৰ পৰা শ্ৰীমতী মল্লিকা কলিতাৰ পৰা বন্ধুত্বসূচক বাৰ্তা পালোঁ৷ শেহতীয়াকৈ মোৰ তালিকাত সংযোজন হ’ল পানীতোলাৰ ৰজত গগৈ৷ আগতে এবাৰ কাটাৰত থাকি যোৱা ৰজত গগৈয়ে জাপান, চৌডি আৰব, ভিয়েটনাম আদি দেশত চাকৰি কৰি পুনৰ কাটাৰত খিতাপি লৈছেহি৷ এনে বিভিন্ন বিশ্বৰ ঠাইৰ কৰ্ম অভিজ্ঞতা থকা বন্ধুৰ কাহিনী শুনি থাকিলে কেতিয়াও আমনি নালাগে৷ আজিকালি সঘনাই লগ পাই থকা বিশ্বজিতে কৰ্মসূত্ৰে কমেও ৩০খন দেশ ভ্ৰমণ কৰিছে৷ বিশ্বজিতলৈ মোৰ মনত এইলৈ ঈৰ্ষাৰ ভাৱ হ’লেও বিশ্বজিতৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ সোৱাদ প্ৰায়ে লৈ থাকোঁ৷

যোৱা ১৮জানুৱাৰীত ভোগালী  বিহু উপলক্ষে এটি সৰু ‘গেট টুগেদাৰ’ ড’হাৰ অসমীয়া লোকখিনিৰ মাজত হৈ যায়৷ পোনতে বাৰ্ৱা ভিলেজৰ ‘লাইফষ্টাইল’ হোটেলত একত্ৰিত হৈ মধ্যাহ্ন ভোজন কৰি বিয়লি শিৱ বৰাৰ বাসভৱনত লস্কৰা, কেক আৰু পিঠাৰে চাহমেলৰ আয়োজনে যথেষ্ঠ আনন্দমধুৰ পৰিবেশৰ সৃষ্টি কৰিছিল৷ ভালেকেইটা পৰিয়াল ঘৰলৈ যোৱাত উপস্থিতি সেইদিনা সেৰেঙা আছিল যদিও ভৱিষ্যতৰ বাবে নানা আঁচনিৰ পৰিকল্পনা কৰা হয়৷

শেহতীয়াকৈ যোৱা ১৫ ফেব্ৰুৱাৰী শুকুৰবাৰৰ বিয়লি অলচাডৰ বিন মামুদ এলেকাত থকা পাৰ্থ গগৈৰ ঘৰত অসমীয়া সমাজৰ এখন বৈঠক অনুষ্ঠিত হয় আৰু তাত আগন্তুক ৰঙালী বিহু উদযাপন সম্বন্ধে আলোচনা কৰা হয়৷

(“অল খাৰখোৱাজ  অৱ অল খোৰ”)

ফেচবুক বন্ধু অজয়লাল দত্তই অল খোৰৰ অসমীয়া পৰিয়ালৰ নেটত ফটো চাই কৰা মন্তব্যৰে আজিৰ ডায়েৰীৰ শিৰোনামাটো দিলোঁ৷ যোৱা ১২ফেব্ৰুৱাৰীৰ কাটাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দেশজুৰি চলি থকা উলহ-মালহ, উৎসাহ-উদ্দীপনাৰ অনুভূতিৰে অনুপ্ৰাণিত হৈ মোৰো ভ্ৰমণপিপাসু মনটো ক’ৰবালৈ যাবলৈ তৎপৰ হৈ উঠিল৷ সংগী কৰি ললোঁ নতুনকৈ কাটাৰত চাকৰিত যোগদান কৰিবলৈ অহা ডিমাপুৰৰ যুৱক ৱিলচনক৷ তেওঁ সম্বন্ধত কাটাৰৰ এচপায়াৰ ফাউণ্ডেচনৰ চৰকাৰী চাকৰিয়াল পাৰ্থ গগৈৰ বৈনায়েক৷

ৰাজধানী চহৰ ড’হাৰ পৰা ৬০ কিলোমিটাৰ উত্তৰে সমুদ্ৰতীৰত অৱস্থিত এখনি সৰু চহৰ৷

গাঁৱৰ পৰা লাহে লাহে নগৰ হৈ উঠা এক জনবসতি৷ উত্তৰে আৰু সমান দূৰত্ব অতিক্ৰম কৰিলে পোৱা যাব কাটাৰৰ উত্তৰৰ শেষ সীমাৰ চহৰ অল শ্বামাল৷ তাৰ পৰা বতৰ ফৰকাল হ’লে সাগৰৰ সিটো পাৰে অৱস্থিত বাহৰাইন দেশখনৰ এটা অংশ চকামকাকৈ দেখা যায়৷ মই ২০১১ চনৰ ডিচেম্বৰত অৰুণাচলৰ নেৰিষ্টৰ পৰা উত্তীৰ্ণ হোৱা দুই ইঞ্জিনীয়াৰ পাৰ্থ গগৈ আৰু অম্বুজা সিঙৰ পৰিয়ালৰ সৈতে অল খোৰ, অল মদঘৰীয়া হৈ অল শ্বামাললৈ পিকনিক খাব গৈছিলোঁ৷

অলপ আগকথা কওঁ: যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনা আগবেলাৰ ডিউটি কৰি থাকোঁতে অসমীয়াত এটা ফোন আহিল – “মই কৌস্তুভ শইকীয়াই কৈছোঁ৷ কাটাৰলৈ আহিবৰ দুমাহ হ’ল – চিনাকী হ’বলৈ ফোন কৰিলোঁ৷ অসমতে নবৌৰ পৰা আপোনাৰ খবৰ পাই আহিছোঁ৷ ফোন নম্বৰটো গগুল চাৰ্চৰ যোগেদি নেটত বিচাৰি ওলিয়ালোঁ৷” বাকী কথোপকথনৰ সাৰাংশ হ’ল : কাটাৰৰ অল খ’ৰ নামৰ তেলৰ নগৰীত লাৰচন এণ্ড টব্ৰো কোম্পানীৰ চাকৰিত কৌস্তুভে যোগদান কৰিছে৷ অসমীয়া পৰিয়াল লগ পোৱা নাই৷ একে চহৰতে থকা মাণিক কলিতাৰ পৰিয়ালটোৰ খবৰো পোৱা নাই৷ মোক যেনে তেনে সময় উলিয়াই তাত গৈ লগ ধৰিবলৈ অনুৰোধ জনাইছে৷ পাঠকসকলক সবিনয়ে জনাব খোজোঁ যে ‘নিয়মীয়া বাৰ্তা’ত প্ৰতি বুধবাৰে মোৰ ‘কাটাৰৰ ডায়েৰী’ প্ৰকাশ হ’বৰ পৰা মই মাজে মাজে অসমৰ পৰা বিভিন্নজনৰ ফোন, এচ এম এচ আৰু ই-মেইল পাবলৈ ধৰিছোঁ৷ দৰাচলতে কৌস্তভৰ বৌৱেক নগাঁৱৰ এ ডি পি কলেজৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপিকা শ্ৰীমতী কাকলি বৰুৱা হ’ল নিয়মীয়া বাৰ্তাৰ কাটাৰৰ ডায়েৰীৰ নিয়মীয়া পঢ়ুৱৈ৷ তেওঁৰ পৰামৰ্শমতেই কৌস্তুভে বিদেশত আপোন মানুহৰ সন্ধান ওলিয়ালে৷

অল খোৰ, অল মদঘৰীয়া, অল শ্বামাল এই কেইখন পাৰস্য সাগৰৰ কাষত অৱস্থিত বুৰঞ্জী প্ৰসিদ্ধ ঠাই৷ এটা সময়ত এই ঠাইবিলাক আছিল সাগৰৰ পৰা বুটলা মণি-মুকুতাৰ ব্যৱসায়ৰ কেন্দ্ৰ ৷ নাওঁ নিৰ্মাণৰ থলী, মাছৰ বৃহৎ বজাৰ আৰু আন ব্যৱসায়ৰ বাবে আছিল বিখ্যাত একো একোটা বন্দৰ৷ পঞ্চাচৰ দশকত কাটাৰত খাৰুৱা তেলৰ আৱিস্কাৰ হোৱাৰ পৰা আৰম্ভ হোৱা পৰিৱৰ্তনৰ বতাহে সমগ্ৰ দেশৰ সকলো ঠাইতে আধুনিকতাৰ চাপ পেলালে৷ এসময়ৰ বেদুইনৰ ৰম্যভূমিত অহা সময়ৰ বাই বেদুইনৰ অস্তিত্বকেই লুপ্ত কৰি পেলালে৷ সমগ্ৰ দেশখনতে যেন ভঙা আৰু গঢ়াৰ অঘোষিত প্ৰতিযোগিতাহে চলিছে৷ সকলো পূৰণি ঘৰ, বাট-পথ ভাঙি ন-ন ৰূপ দিয়াৰ বাবে দিনে নিশাই কাম চলি আছে৷ শেহতীয়া ২০১১ চনৰ জনগণনা মতে অল খোৰৰ জনসংখ্যা ১লাখ ৪৯হাজাৰ৷ কিন্তু ২০০৮চনত জনসংখ্যা আছিল ৩২ হাজাৰ৷ কম সময়ত এই লক্ষাধিক বৰ্দ্ধিত জনসংখ্যাৰ কাৰণ হ’ল কাষৰীয়া ৰাচলাফান ৰিফাইনেৰী, পেট্ৰকেমিকেলচৰ কোম্পানী, ৱাটাৰ ডিচেলাইনেচন ইণ্ডাষ্ট্ৰি, কাটাৰ শ্বেল আৰু কেইবাটিও কনষ্ট্ৰাকচন কোম্পানীৰ কৰ্মচাৰীসকলৰ বাসস্থান হোৱা হেতুকে৷ অল খোৰৰ পৰা ৩৩কিলোমিটাৰ দূৰত্বৰ ৰাচলাফান ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত আছে বিশ্বৰ বৃহত্তম জি টি এল (গেছ টু লিক্বিইড) প্লান্ট৷ চৰকাৰী এই কোম্পানীয়ে গেছৰ পৰা বিমানত ভৰোৱা ইন্ধন তৈয়াৰ কৰে৷ অল খোৰত থকা মাণিক কলিতা আৰু জাকিৰ হুচেইন- এই দুজন অসমীয়া অভিযন্তাই যোৱা চাৰি বছৰৰো অধিক কাল ধৰি এই কোম্পানীত কাম কৰি আহিছে৷ জাকিৰ হুচেইনৰ পৰিবাৰেও অল খোৰৰ ইংৰাজী মাধ্যমৰ স্কুলত শিক্ষকতা কৰে৷ ৰাচলাফানৰ চৰকাৰী গেছ কোম্পানীত কাম কৰা বৰ্তমান ড’হাৰ কোৱাৰ্টাৰত সপৰিবাৰে থকা কেমিকেল ইঞ্জিনিয়াৰ ৰজত গগৈয়ে দুবছৰ আগতে অল খোৰৰ পৰাই কাৰ্যনিৰ্বাহ কৰিছিল৷ কৌস্তভ অহাত সদ্যহতে অল খোৰত আমাৰ খাৰ খোৱা পৰিয়াল হ’ল তিনিটা৷ ৰাচলাফানৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ কেম্পাচতেই থকা পৰিয়ালবিহীন আৰু তিনিজনমান অসমীয়াৰো সন্ধান পাইছোঁ৷ ড’হাৰ পৰা অল খোৰলৈ যাত্ৰা কৰোঁতে কাটাৰ ইউনিভাৰ্চিটি কেম্পাচ৷  ৫-৬ কিলোমিটাৰ অতিক্ৰম কৰিলে অল শ্বামাল হাইৱেত পথৰ দুয়োকাষে দূৰলৈ দেখা পোৱালৈকে প্ৰায় ২০ কিলোমিটাৰ পথ জনশূণ্য মৰুভূমি৷ চাৰিলেনৰ ৰাজপথ অতি মস্ৰৃণ(?),পৰিস্কাৰ পথৰ দুয়োকাষে মাথোঁ মাইল প’ষ্ট, পথ নিৰ্দেশনা আৰু নানা সংকেতিক ট্ৰেফিক চিহ্ন৷ গাড়ীৰ সৰ্বোচ্চ গতিবেগ ঘণ্টাত ১২০কিলোমিটাৰ৷ ইয়াক ৰাডাৰ কেমেৰাই নিৰীক্ষণ কৰি থাকে৷ মৰুভূমিত সেৰঙা বনৰীয়া ঘাঁহ-বন আৰু কাইঁটীয়া জোপোহা৷ তাত চৰি থকা বনৰীয়া উটে যাতে ৰাজপথলৈ আহি চলন্ত গাড়ীৰ দ্বাৰা আঘাতপ্ৰাপ্ত নহয় সেয়ে হাইৱেৰ দুয়োকাষে লোহাৰ তাঁৰৰ বেৰা দিয়া আছে৷

অল খোৰ মিউনিচিপেলিটি এলেকাৰ আৰম্ভণিতে পথৰ দুয়োকাষে দুটি স্তম্ভ স্থাপিত কৰা হৈছে৷ অল খোৰত কেইটি মান পূৰণি মছজিদ আৰু এটা সৰু মিউজিয়াম আছে৷ সময়ৰ অভাৱত মিউজিয়ামত সোমোৱা নহ’ল৷ ৰাস্তাৰ আহল বহল ৰাউণ্ড এবাইটবিলাক সুন্দৰকৈ বতৰৰ ফুল আৰু সেউজীয়া ঘাঁহনিৰে পৰিবেশ শুৱনি কৰি ৰাখিছে৷ বজাৰ এলেকাত কে. এফ. চি., মেকডনাল্ড, নানান ভিন্ন ভিন্ন নামৰ ফাষ্টফুডৰ ৰেষ্ট’ৰাঁ, চুপাৰমাৰ্কেট৷ অল খোৰ মল আৰু লুলু হাইপাৰ মাৰ্কেট চহৰৰ মধ্যস্থত ওচৰা-ওচৰিকৈ আছে৷ জানিবলৈ পোৱা মতে অল খোৰৰ দাঁতি কাষৰীয়া সাগৰৰ পাৰৰ এটা অঞ্চললৈ অনেক পৰিভ্ৰমী চৰাইৰ আগমন ঘটে৷

দুপৰীয়া লাও-বিলাহীৰ মাছৰ আঞ্জাৰ অসমীয়া ভাত সাজ তৃপ্তিৰে খাই ঘৰে ঘৰে আলহী ফুৰোঁতেই সন্ধিয়া হ’ল৷ গতিকে অলখোৰৰ নেদেখা ঠাইবিলাক চাবলৈ পুনৰ অহাৰ আশা মনতে পাঙি অসমীয়া বন্ধুসকলৰ পৰা বিদায় ললোঁ৷ সেইদিনা আমি ড’হালৈ ঘুৰোঁতে সন্ধিয়াৰ ৮ বাজিছিল৷ কাটাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে আয়োজন কৰা নানাৰঙী লেজাৰ শ্ব’ৱে সাগৰৰ পাৰত কেইবা ঠাইতো, স্পৰ্টচ ক্লাবৰ চৌহদৰ পৰা গোটেই কৰনীচ, ৱেষ্ট ৱে আৰু ড’হাৰ এক বিশাল অঞ্চল জকমকীয়া মায়াপুৰী যেন কৰি তুলিছিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক