কাটাৰৰ ডায়েৰী: সাহিত্য আৰু সংস্কৃতিৰ পথাৰত কাটাৰৰ অসমীয়াসকল ( ডা৹ ভূপেন শইকীয়া )

ক’ৰ পৰানো আৰম্ভ কৰিম ঠাৱৰেই কৰিব পৰা নাই৷ যোৱা কিছুদিনৰ পৰা কেইজনমান বন্ধুৰ পৰা এই বিষয়ে লিখিবলৈ তাগিদা পাই আছোঁ৷ আজি ভাবিছোঁ আগগুৰি নোহোৱাকৈ মই কথাই কৈ যাম – এক প্ৰকাৰৰ লাউড থিংকিং৷ পোনতেই মনলৈ আহিব খুজিছে এই মৰুৰ দেশ কাটাৰলৈ অসমীয়াৰ আগমন কেতিয়াৰ পৰানো আৰম্ভ হ’ল? অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা কাটাৰ দেশৰ ৰাজধানী ডোহালৈ বায়ুমাৰ্গেৰে দূৰত্ব হ’ল ৪০২১ কিলোমিটাৰ৷ এই দুই ঠাইৰ মাজত আকাশীপথৰ বাহিৰে পোনপেটিয়া আন যোগাযোগৰ কোনো ব্যৱস্থা নাই৷ গতিকে প্ৰবাসলৈ অসমীয়া গমন বা প্ৰবজনৰ কথাটো আলোচনা কৰোতে এই ভৌগলিক পটভূমিৰ কথা মনত ৰাখিব লাগিব৷ ভাৰতবৰ্ষৰ সমুদ্ৰী বন্দৰ থকা ঠাইসমূহৰ কথা সুকীয়া৷ তেনে চহৰ সমূহৰ পৰা বহু বছৰ আগৰ পৰাই (১৯৭০ চনৰো আগৰ পৰা) কাটাৰলৈ ঘাইকৈ ব্যৱসায় বাণিজ্য বা আন কৰ্মৰ সন্ধানত ভাৰতীয়লোকৰ আগমন ঘটিছিল৷ সেই সময়ত কাটাৰ আৰু সংযুক্ত আৰব আমীৰাটৰ অধুনা বিখ্যাত ডুবাই আজিৰ দৰে ৰমকজমক নাছিল৷ আছিল অঘৰী বেদুইনৰ দেশ৷ মানুহৰ মাজত ভাৰতীয় টকাৰ প্ৰচলন আছিল৷ দাতিকাষৰীয়া সমুদ্ৰ অঞ্চলত খাৰুৱা তেলৰ সন্ধানে আনি দিলে গাল্ফদেশসমূহলৈ ভাবিব নোৱৰা পৰিবৰ্তন৷ সমৃদ্ধিৰ নতুন যুগৰ সূচনা হ’ল৷
২০১৫চনৰ কাটাৰৰ ইণ্ডিয়া ফেষ্টভেলত প্ৰকাশিত হোৱা শেহতীয়া কাটাৰ অসম সমাজৰ “–নেদেখা সোণালী সূতাৰে বন্ধা“ নামৰ স্মৰণিকাত প্ৰকাশিত পলাশ দাসৰ এটি লিখনিৰ মতে ১৯৯৪চনত ডোহাৰ চৌক ৱাকিফত বৰ্তমানৰ অসমৰ সাংসদ বদৰুদ্দিন আজমলৰ দেউতাকে ’আজমল পাৰফিউম’ নামেৰে প্ৰথমখন আতৰৰ বিপনি আৰম্ভ কৰে৷ সেই ব্যৱসায়ৰ সংক্ৰান্ততেই কাটাৰলৈ কিছু সংখ্যক হলেও অসমীয়া কৰ্মচাৰীৰ আগমন ঘটে৷ তাৰ কেইবছৰ মানৰ পিছত ১৯৯৮চনত নিজাকৈ আতৰৰ ব্যৱসায়ৰ মানসেৰে অসমৰ হোজাইৰ পৰা ইব্ৰাহিম আলি আৰু চিলচৰৰ পৰা ৰুহুল আমিন মজুমদাৰ আহি কাটাৰত উপস্থিত হয়হি৷ নিজা অধ্যৱসায় আৰু একনিষ্ঠাৰ ফলত এই দুয়োবন্ধুৱে কম সময়তেই কাটাৰীলোকৰ মাজত নিজৰ ব্যৱসায় ভালদৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়৷ এই দুই আগৰণুৱাৰ সাফল্যত অনুপ্ৰাণিত হৈ অসমৰ ঘাইকৈ হোজাইৰ পৰা কেইবাজনো অসমীয়া যুৱকে আতৰৰ ব্যৱসায় কৰিবলৈ আহি কাটাৰত খোপনি পুতেহি৷ সময় বাগৰাৰ লগে লগে ক্ৰমে ক্ৰমে কাটাৰত তেল আৰু প্ৰাকৃতিক গেছৰ উদ্যোগীকৰণ সম্প্ৰসাৰিত হবলৈ ধৰে আৰু নানান কৰ্মসংস্থানত অভিযন্তা, আই টি আৰু চিকিৎসা বৃত্তি আদিৰ লগত জড়িত অসমীয়ালোকৰ আগমন ঘটিবলৈ ধৰে৷ আৰু আজিৰ তাৰিখত শেহতীয়া অৱস্থিতি হ’ল জ্ঞাত এক বুজন সংখ্যক অসমীয়ালোকৰ ওপৰিও নানান আন বৃত্তিত জড়িতলোক দেশখনত অ’ত ত’ত কম পৰিমান হলেও অসমীয়ালোক সিঁচৰিত হৈ আছে৷ শিক্ষকতা, সাংবাদিকতা, প্ৰেছ, নিৰাপত্তা বিষয়া, ৰিফাইনেৰী, কাটাৰৰ মেট্ৰ ৰেল, মল-চুপাৰ মাৰ্কেট আৰু সমুদ্ৰৰ ৰিগত কৰ্মৰত সৰু-বৰ নানাবিধ চাকৰিয়াল আছে৷ ইয়াৰে বহুতে পৰিয়ালসহ কাটাৰত ভালে কেইবছৰৰ পৰা বসতি কৰি আছে৷
দেখা যায় প্ৰতি দেড়-দুমাহৰ অন্তৰালত সচৰাচৰ শুকুৰবাৰে আয়োজন কৰা যি কোনো অসমীয়াৰ অনুষ্ঠানত প্ৰায় দুশজন লোকৰ সমাগম ঘটে৷ এই দেশত কৰ্মৰ খাতিৰত সকলোৱেই নিজা নিজাকৈ ব্যস্ত থাকে বুলিলে একো অত্যুক্তি কৰা নহব৷ শুকুৰবাৰ সাধাৰণতে সৰহসংখ্যক লোকৰ বন্ধ থাকে যদিও শ্বিফ্ট ডিউটি কৰাসকল নাইবা এয়াৰলাইনৰ কৰ্মৰত লোকসকলৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়৷ তদুপৰি সাপ্তাহিক বন্ধৰ দিনটোত বহুতৰে অনেক ব্যক্তিগত কামো থাকে৷ কিছু সংখ্যক অসমীয়া আকৌ এনে সামাজিক মিলাপ্ৰীতি বা গেট-টুগেদাৰৰ প্ৰতি সম্পূৰ্ণ নিৰ্লিপ্ত বা আলেঙে আলেঙে খবৰলৈ এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখে৷ ব্যক্তিগত সমীক্ষাৰ পৰা কব পাৰি যে বৰ্তমান ৩০০টা মান অসমীয়া পৰিয়াল আৰু অনুমানিক ১০০০জন অসমীয়ালোক কাটাৰ দেশত বিভিন্ন ঠাইত ভিন ভিন কামত লিপ্তহৈ বসবাস কৰি আছে৷ নকলেও হব ভাৰতবৰ্ষৰ আন আন প্ৰদেশৰ লোকৰ তুলনাত এই জনসংখ্যা তেনেই তাকৰ৷ বিভিন্ন অসুবিধাৰ হেতু মনত আগ্ৰহ থকা সত্বেও কাটাৰৰ অসমীয়ালোকসকলৰ নাম-ঠিকনাসহ এখনি ডাইৰেক্তৰী প্ৰকাশ কৰাটো এতিয়ালৈ কাৰ্য্যকৰীহৈ উঠাগৈ নাই৷
এতিয়া আগন্তুক দেৱালী উপলক্ষে অল খোৰত খৰতকীয়া জাননীৰে এক সমাবেশৰ আয়োজন কৰা হৈছে৷ আন সম্প্ৰদায়ৰ নিজৰ বন্ধুকো আমন্ত্ৰণ কৰি এনে অনুষ্ঠানলৈ নিয়াৰ স্বাধীনতা প্ৰতিজন অসমীয়াৰ থাকে৷ মই কব খোজা কথাটো হ’ল যে এই প্ৰীতি সন্মিলনত কেবল ভোজ-ভাত খোৱাই নহয় – তাত স্বত: স্ফুতভাবে সংগীতৰো এখন মেহফিল নিশ্চয় বহিব৷ নিজৰ লগত থকা ঢোল, তাল, বাঁহী, পেঁপা, গিটাৰ আদি বাদ্যযন্ত্ৰ সকলোৱেই আনদিনাৰ দৰেই কঢ়িয়াই নিব৷ বাকী কাটাৰৰ অসমীয়া সমাজৰ মাজত প্ৰতিভাবান শিল্পীৰ অভাৱ নাই৷ আছে গায়ক-গায়িকা, আছে একাধিক এসময়ৰ অসমৰ বিহুকুঁৱৰী, ঢোলবাদক, বাঁহী-পেঁপা বজোৱাত পাকৈত লোক, অনাতাৰ শিল্পী৷ কমেও দুজনকৈ সুন্দৰ ফটোগ্ৰাফাৰ (বিজন চৌধুৰী আৰু গণেশ চুব্বা) যি প্ৰফেচনেল ফটোগ্ৰাফাৰকো চেৰ পেলাব পাৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments