কাটাৰৰ ডায়েৰী ১৪: ডা° ভূপেন শইকীয়া

কাটাৰৰ ডায়েৰী ১৪

( কাটাৰত মটৰ দুৰ্ঘটনাৰ অভিজ্ঞতা)

ডা° ভূপেন শইকীয়া

মই মোৰ বাহন হোন্দাই এচেন্ত কাৰখনৰ ডেলিভাৰী পালোঁ ১৭ এপ্ৰিলত৷ ইয়াত গাড়ী মই যথেষ্ট সাৱধানেৰে চলাওঁ৷ তীব্ৰবেগী নিজৰখনতকৈ ডাঙৰ প্ৰতিখন গাড়ীকেই যথেষ্ট সমীহ কৰি চলোঁ৷ তৎসত্বেও  মোৰ নতুন গাড়ীত এদিন আন এখন গাড়ীৰ খুন্দা লাগিল আৰু আগ ফালৰ পাকিংলাইট এটা এৰাই গ’ল, লগতে বনেটখন ছয় ইঞ্চিমান ফাটিল৷ নতুন গাড়ীৰ এই দুৰ্দশাত মন বৰ বিমৰ্ষ হ’ল৷ মোৰ ৰৈ থকা গাড়ীত তীব্ৰবেগেৰে বেক কৰি এখন প্ৰকাণ্ড নিচান গাড়ীয়ে এই অঘটনটো ঘটালে৷ মই ওচৰ চাপি দেখোঁ এগৰাকী ত্ৰিশোৰ্ধৰ  ষ্টাইলিচ মহিলা কিংকৰ্তব্যবিমূঢ় হৈ নিজৰ ড্ৰাইভিং চিটত জোপোকা লাগি বহি আছে, চেহেৰাতে ফিলিপাইনী বুলি অনুমান কৰিলোঁ৷  মই মোৰ পৰিচয় দি তেওঁৰ নামটো সোধাত ক’লে “ডক্তৰ আইৰিচ- হামাড হস্পিতেলৰ ফাৰ্মাচিষ্ট “৷  কাটাৰ দেশৰ অদ্ভুত নিয়ম- স্বাস্থ্য বিভাগে ফাৰ্মাচিষ্টক অনুজ্ঞাপত্ৰ দিওঁতে ডক্তৰ উপাধিও লিখাৰ অধিকাৰ দিয়ে৷  মোক ক’লে- তেওঁৰ দোষ নাই, গাড়ীৰ ব্ৰেক ফেল হ’ল৷ মই চিনাকী কেইজনমানৰ পৰামৰ্শ ফোনত ললোঁ৷ ক’লে যে যদি পুলিচ ৰিপৰ্ট নাথাকে ইয়াত  এক্সিডেন্ট গাড়ী ৰিপেয়াৰ কৰা টান কাম৷ মই মহিলা ফাৰ্মাচিষ্টক থানালৈ যাবলৈ লগ ধৰিলোঁ৷  তেওঁ নিজৰ বয়ফ্ৰেণ্ডক (এজন চিৰিয়ান ,এটা ব্যৱসায়ী প্ৰতিষ্ঠানৰ মেনেজাৰ) মাতি পঠালে৷ এঘন্টাৰ প্ৰতীক্ষাৰ মূৰত বয়ফ্ৰেণ্ড মি০আহমেদ আহিল৷ আমি নিজৰ নিজৰ গাড়ী লৈ এখন থানালৈ গলোঁ৷  থানাত বহুত মানুহ ৷ টোকেন লৈ নিজৰ নম্বৰ অহালৈ বাট চালোঁ৷

পোন্ধৰ মিনিটমানত আমাৰ নম্বৰ ওলোৱা কাউন্টাৰলৈ গলোঁ৷ চিৰিয়ানজনে আৰবীতে তদন্তকাৰী পুলিচজনক দুৰ্ঘটনাটোৰ বিষয়ে ক’লে৷ লগে লগে আমাৰ দুয়োৰে গাড়ীৰ ৰেজিষ্ট্ৰেচন কাৰ্ড আৰু ড্ৰাইভিং লাইচেঞ্চ পৰীক্ষা কৰি কম্পিউটাৰত লিপিবদ্ধ কৰিলে৷ ইয়াৰ  ৰেজিষ্ট্ৰেচন কাৰ্ডতে ইঞ্চিওৰেঞ্চৰ সবিশেষ থাকে৷ গাড়ীৰ ৰেজিষ্ট্ৰেচনৰ বাবে আবেদন কৰোঁতেই ইঞ্চিওৰেঞ্চৰ সবিশেষ তথ্য দিব লাগে৷ পুলিচ ৰিপৰ্টৰ বাবদ এশ ৰিয়াল দুৰ্ঘটনা কৰোঁতাই আৰু দহ ৰিয়াল ভুক্তভোগীয়ে জমা দিব লাগে৷ সেইখিনি নিয়ম পালন কৰা হ’লত পুলিচজনে গাড়ী পৰীক্ষা কৰি লগে লগে কম্পিউটাৰ ৰিপৰ্ট আৰু ইঞ্চিওৰেঞ্চ কোম্পানীলৈ চিঠিৰ দুটাকৈ প্ৰতিলিপি উলিয়াই আমাৰ হাতত দি বিভাগীয় দায়িত্ব শেষ কৰিলে৷ এইখিনি কাম সম্পন্ন হোৱাতহে ফিলিপাইনী মহিলাগৰাকীৰ মুখৰ মাত আহিল আৰু মোক ক’লে- ‘চৰী’৷ ইয়াৰ পিছত কিন্তু দুই বন্ধুৱে আজিলৈকে এদিনো ফোনত সৌজন্যতামূলক খবৰ এটা নল’লে৷

ইয়াৰ পিছত আৰম্ভ  হ’ল মোৰ ঘূৰা-ঘূৰিৰ পাল৷ পুলিচৰ ৰিপৰ্ট আৰু চিঠিলৈ পোনতেই মোৰ গাড়ীৰ ডিলাৰৰ ওচৰলৈ গলোঁ৷ সহকাৰী মেনেজাৰ পাকিস্থানী মি০আৰিফে  মোক তেওঁলোকৰ  ৱৰ্কশ্বপলৈ যাবলৈ লিখি দিলে৷ ৱৰ্কশ্বপ আছে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াত- নগৰৰ পৰা ১৫/১৬কিলোমিটাৰ দূৰত৷ ৱৰ্কশ্বপত গৈ এনে লাগিল যেন মই কেৰালাতহে প্ৰৱেশ কৰিলোঁ। কাৰ্যালয়টোৰ এক ডজনৰ অধিক কৰ্মচাৰীৰ সকলোৱেই মালয়ালমত কথা পাতি আছে৷ ৱৰ্কশ্বপৰ ভিতৰৰ কৰ্মী সকলো হয় কেৰালাৰ নহয় দক্ষিণ ভাৰতৰ আন কোনো অঞ্চলৰ৷ ৱিলচন নামৰ কেৰাণীজনে মোৰ গাড়ীখন নিৰীক্ষণ কৰি ২৮০০ ৰিয়ালৰ এষ্টিমেট এটা কৰি মোৰ হাতত দি ক’লে- “এতিয়া আপুনি ইঞ্চিওৰেঞ্চ কোম্পানীৰ অফিচত এইখন জমা দিয়কগৈ৷ তেওঁলোকৰ অনুমোদন আহিলেই আমি আপোনাৰ কাম কৰি দিম৷”

শুকুৰবাৰ আৰু শনিবাৰ এই দুদিন কাটাৰত অফিচ-বেংক আদি বন্ধ থাকে৷ দেওবাৰে বন্ধ খোলাত  ইঞ্চিওৰেঞ্চ কোম্পানীৰ অফিচলৈ গৈ কাগজ পত্ৰবোৰ জমা দিলোঁ৷ জমা লোৱা কৰ্মচাৰীজনে ক’লে- “যদি সকলোবোৰ তথ্য আৰু নথি পত্ৰ ঠিক থাকে আমি আপোনাক ফোনেৰে খবৰ দিম৷” দুদিন উৎকন্ঠাৰে বাট চোৱাৰ পিছত মোলৈ এচ এম এছ  আহিল- আপোনাৰ গাড়ী নেশ্বনেল মটৰ্চৰ চানেইয়াত থকা ৱৰ্কশ্বপলৈ ৰিপেয়াৰৰ বাবে লৈ যাওক৷ বাৰ্তা পাই  ৱৰ্কশ্বপলৈ ঢাপলি মেলিলোঁ৷  এইবাৰ ৱিলচনে গাড়ীৰ দুৰ্ঘটনাত ক্ষতি হোৱা অংশৰ কেইখনমান ফটো ল’লে আৰু মোক ক’লে- “এতিয়া আপুনি যাওকগৈ, এসপ্তাহমানত আমি নতুন বনেটত ৰঙ কৰি আপোনাক খবৰ দিম৷ আপুনি ২/৩ ঘন্টা সময় লৈ আহিলে আমি নতুন বনেট আৰু লাইট লগাই গাড়ী ঠিক কৰি দিম৷”

মনত বেজাৰ ভাব এটা লৈ গাড়ীখন ব্যৱহাৰ কৰি থাকিলোঁ৷ এসপ্তাহ সময় পাৰ হ’লত এছ এম এছ আহিল- কাইলৈ আপুনি গাড়ীখনলৈ ৱৰ্কচপলৈ আহিব৷ পিছদিনা সেইমতে মোৰ মধ্যাহ্ন বিৰতিৰ সময়ত চনৈয়া (ইণ্ডাষ্ট্ৰিয়েল এৰিয়া) পালোঁগৈ৷ মি০ ৱিলচনে মোৰ গাড়ীখন ৱৰ্কশ্বপৰ ভিতৰত থৈ আহিলগৈ আৰু ক’লে যে ২/৩ ঘন্টা বাট চাব লাগিব৷ মই তেওঁলোকৰ প্ৰতীক্ষালয়ত বহি কফি খাই ইন্টাৰনেটত বাতৰি পঢ়ি সময় কটাবলৈ ধৰিলোঁ৷  আঢ়ৈ ঘন্টাৰ মূৰত ৱিলচনে মোক মাতি ক’লে-“আপোনাৰ  গাড়ীৰ কাম শেষ হ’ল৷ গাড়ীখনলৈ আপুনি যাবগৈ পাৰে৷”  মই  দেখিলোঁ মোৰ গাড়ীখনে দুৰ্ঘটনাৰ পূৰ্বৰ ৰূপ ঘূৰাই পালে৷ মই  ৱিলচনক ধন্যবাদ জনালোঁ আৰু এখন মোৰ নাম-ঠিকনা লিখা ডায়েৰী এখন উপহাৰ দি বিদায় ললোঁ৷ এক সংকটৰ পৰা উদ্ধাৰ পৰাত স্বস্তিৰ নিশ্বাস কাঢ়িলোঁ৷ জানিবলৈ পোৱা মতে কাটাৰত ইঞ্চিওৰেঞ্চৰ কেচবিলাকৰ দুসপ্তাহৰ ভিতৰত নিস্পত্তি কৰাৰ নিয়ম- মোৰ ক্ষেত্ৰত তাৰ প্ৰমাণ হাতে হাতে পালোঁ৷

কাটাৰত নিজা অভিজ্ঞতাৰ পৰা বুজিলোঁ যে ইয়াত  দুই তৃতীয়াংশ  গাড়ীচালক হ’ল অত্যন্ত মাৰ্জিত আৰু পথত শিষ্টাচাৰ মানি চলে, ওচৰলৈ অহা অইন গাড়ীৰ  আও-ভাৱ বুজিহে নিজে আচৰণ কৰে৷ কিন্তু এক তৃতীয়াংশৰ  আচৰণ হ’ল ইয়াৰ বিপৰীত৷ এই সকলৰ বেছিভাগেই হয় কাটাৰী, নহয় আন আৰবী লোক- এই শ্ৰেণীত পুৰুষ- মহিলা উভয়েই পৰে৷ এই অসহিষ্ণু শ্ৰেণীৰ লোকসকল নিজৰ  কৰ্মক্ষেত্ৰতো কিছু পৰিমানে উদ্ধত৷ চাকৰিত সোমাবৰ বছৰেক নৌহওঁতেই প্ৰমোচনৰ

আশা কৰে, অথচ  নিজকে কৰ্মপটু কৰিবলৈ আগ্ৰহ বা প্ৰয়াস নকৰে৷ নক’লেও হ’ব নতুন প্ৰজন্মৰ কিছুমানৰ মতি-গতি এনেকুৱা৷

প্ৰায় দুসপ্তাহ আগতে ফেচবুকৰ মাধ্যমত ড’হাৰ  চৰকাৰী ৰাচগেছ কোম্পানীত কাম কৰি থকা ইঞ্জিনিয়াৰ শিৱ বড়াৰ  পৰা বন্ধুত্বৰ প্ৰস্তাৱ পালোঁ৷  ফোন কৰি তেওঁক মোৰ কোৱাৰ্টাৰলৈ এদিন মাতিলোঁ আৰু যোৱা শুকুৰবাৰ ২২ তাৰিখে মই তেওঁৰ অল ৱাক্ৰাত থকা ঘৰলৈ গৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ভালদৰে চিনাকি হৈ আহিলোঁ৷ যোৱা ৭ বছৰ ধৰি ড’হাত থকাৰ সূত্ৰে ইয়ালৈ অহা প্ৰায়বিলাক অসমীয়া মানুহৰে খবৰ তেওঁ জানে৷  এটা সময়ত ভাল বিহু হুঁচৰি দল এটাও গঢ়লৈ উঠিছিল আৰু কাটাৰৰ গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছিল৷  সেইদলৰ ভালে কেইজনেই কাটাৰ এৰি গ’লগৈ৷ এতিয়া অহা জুলাই মাহত কাটাৰৰ অসমীয়া লোকসকলক গোট খোৱাবলৈ পুনৰ উদ্যম এটা বড়াই লোৱা কথা মোৰ আগত ব্যক্ত কৰিলে৷ চাওঁ, কাটাৰৰ অসম সমাজক কিদৰে একত্ৰিত কৰিব পাৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments