কাটাৰৰ ডায়েৰী- ২৭ :ডা০ ভূপেন শইকীয়া

কাটাৰৰ ডায়েৰী

প্ৰবাসত বিহুৰ উপলব্ধি – এক সুকীয়া দৃষ্টিৰে

ডা০ ভূপেন শইকীয়া

অৱশেষত সকলো উৎকন্ঠাৰ অৱসান ঘটাই বহু প্ৰতীক্ষাৰ দিনটো আহিল। সেই বিশেষ দিনটো হ’ল ১৯ এপ্ৰিল শুকুৰবাৰ। কাটাৰত বন্ধৰ দিন হ’ল শুকুৰবাৰ। কিছুমানৰ কিন্তু শুকুৰবাৰেও ডিউটি থাকে। তথাপিও ব’হাগৰ প্ৰথম শুকুৰবাৰটোকে কাটাৰৰ ৰঙালী বিহু পালনৰ বাবে প্ৰায় দুমাহৰ আগতে বাছনি কৰি লোৱা হ’ল। তাৰ পিছৰ পৰা আৰম্ভ হ’ল ৰিহাৰ্চেলৰ পৰ্ব। কেৱল শুকুৰবাৰেহে সন্ধিয়া ৩।৪ ঘন্টাকৈ আখৰা কৰা সম্ভৱপৰ হৈছিল – তাৰ মাজতে কোনো এজনৰ ব্যক্তিগত কাম বা অসুবিধাও ওলায়। ইয়াৰ ওপৰিও সমন্বয়ৰ অভাৱ, সামান্য কথাতে ভুল বুজাবুজি, ঠেঁহ- পেঁচ আদি সকলো অসমীয়া গোটৰ মাজত থাকেই । তৎসত্বেও সকলো বাধা অতিক্ৰম কৰি আমি কাটাৰৰ অসম সমাজে বিহু পাতিবলৈ বুলি কঁকালত টঙালি বান্ধি সাজু হলোঁ।

ক্ষুদ্ৰ দেশ কাটাৰত থকা অসমীয়া পৰিয়ালৰ সংখ্যা কমেও এশজন হব। টেলিফোন,ই-মেইল, ফেচবুকৰ মাধ্যমেৰে যিমানখিনি পাৰি যোগাযোগ কৰি সকলোকে শেষ মুহূৰ্তলৈ খবৰ দি থকা হ’ল। আখৰাত ভাগ লবলৈ ১২০কিলোমিটাৰ আতৰৰ অল খোৰৰ পৰাও পৰিয়াল আহিল ডোহাৰ অল ৱাক্ৰাৰ শিল্পী দম্পত্তি দেবজিৎ কলিতা আৰু গীতাশ্ৰী কলিতাৰ বাসভৱনলৈ। আহোতে হাতত ঘৰত বনাই অনা জলপানৰ টোপোলাও লৈ আহিল। আখৰাৰ দিনকেইটা বেচ উপভোগ্য হৈছিল, লাগিছিল যেন পিকনিকৰহে আয়োজন চলিছে। আখৰাৰ মাজত নাইবা শেষত নানাবিধ সুস্বাদু খাদ্যৰ যোগাৰে প্ৰবাসী অসমীয়াসকলৰ মাজত সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰাত এঠাৰ দৰে কাম কৰিলে।মনলৈ অনুভূতি আনিলে যেন আমি জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে একেটা পৰিয়ালৰ সদস্য। এটা সময়ত বাতৰিকাকতত পঢ়িছিলোঁ, দূৰদৰ্শনত দেখিছিলোঁ বিশ্বৰ বিভিন্ন ঠাইত প্ৰবাসী অসমীয়াসকলে একত্ৰিতহৈ বিহু পাতিছে। এতিয়া নিজে প্ৰবাসী হৈ বিহুৰ আযোজন কৰিবলৈ লওঁতে মনত আবেগ আৰু উৎকন্ঠা দুয়োটায়ে ঠাই লৈছিল। নহবই বা কিয় , কথাতে কয়- “বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ, এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান”।
কম সময়তে সুন্দৰকৈ সজোৱা ডোহাৰ বিন মামুদ অঞ্চলৰ অল-আচৰা পাৰ্টি হলত সন্ধিয়া ৭ বজাৰ লগে লগে “অ’ মোৰ আপোনাৰ দেশেৰে” অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। ভাৰতবৰ্ষৰ দূতাবাসৰ অধীন ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰৰ উপ সভাপতি শ্ৰীগিৰীশ কুমাৰ বিশিষ্ট অতিথি হিচাবে সেইদিনা অসম সমাজৰ মাজত উপস্থিত আছিল। তেওঁক সম্বৰ্দ্ধনা জনোৱাৰ পিছত মোৰ ভাগত পৰে চমুকৈ দুআষাৰ কোৱাৰ দায়িত্ব। ইয়াৰ পিছত জ্যোতি সংগীত “স্বাগত স্বাগত সতীৰ্থ ” সমবেত সংগীতৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। বৰগীত, আধুনিক গীত, বিহুসুৰীয়া গীত,তবলা বাদন, কৃষ্ণ নৃত্য, শিশুৰ দ্বাৰা পৰিবেশিত কেইটিমান বিহুনৃত্যৰ ওপৰিও বিহু হুঁছৰি আছিল অন্যতম আকৰ্ষণীয় অনুস্থান। কাটাৰ এয়াৰলাইনত কৰ্মৰত ডেইজি দলে আৰু অম্বিকা চৌধুৰীৰ বিহু নৃত্য সমূহ দৰ্শকসকলে প্ৰাণভৰি উপভোগ কৰিলে। ডা০ প্ৰেমানন্দ গোস্বামীৰ কন্যা পূজা গোস্বামীৰ বিহুসুৰীয়া গীতৰ তালত ৰব নোৱাৰি জেষ্ঠ মহিলা সদস্য ৰুমী গগৈ, জয়শ্ৰী গোস্বামী, ৰুমঝুম শইকীয়া আৰু উপাসনা বৰুৱাৰ সৈতে আন সমবেত পুৰুষ-মহিলা সকলোৱে বিহু নাচিবলৈ আৰম্ভ কৰে। এনেদৰে আপোনপাহৰা হোৱাৰ ফলত উপস্থিত সকলোৰে বিদেশত নাথাকি অসমত থাকি মুকলি বিহুত অংশ লোৱা যেনেই লাগি গৈছিল।
সেইদিনাৰ আন আকৰ্ষণ আছিল ‘কণী যুঁজ’ – ইয়াৰ দ্বাৰা বিদেশত জন্মি ইয়াতে লালিত-পালিত হোৱা নৱ প্ৰজন্মক আমাৰ উছবৰ এটি আভাস দিয়াৰ প্ৰয়াস কৰা গ’ল। ৰঙালী বিহু উপলক্ষে শিশু সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বাবে বিষয় দিয়া হৈছিল – শিশুৰ দৃষ্টিত যি কোনো এটি উৎসৱ। চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানত ভাগ লোৱা প্ৰতিটো শিশুকে একোটাকৈ উদগণি বঁটা দিয়া হয়। উল্লেখযোগ্যযে আমাৰ অসমীয়া মহিলাসকল বিহুৰ পিঠা-পনা,জলপান,কেক আদিৰ যা-যোগাৰ কৰাটো পিছ পৰি থকা নাছিল।অনুষ্ঠানৰ মাজে মাজে সকলোৱে বিহুৰ অসমীয়া খাদ্যৰ জুতি লবলৈ পোৱাটো সৌভাগ্যৰ কথা। ইয়াৰ ওপৰিও গুৱাহাটী দূৰদৰ্শণৰ বাতৰি পঢ়োতা আৰু ঘোষিকা দীপশিখা দেবৰ অনুষ্ঠান পৰিচালনাই সন্ধিয়াটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল। অনুষ্ঠানৰ শেষত নিশাৰ আহাৰ সকলোৱে মিলা প্ৰীতিৰে গ্ৰহণ কৰাৰ পিছত গুৱাহাটীৰ পৰা অনা আমাৰ বাৰীৰ তামোল পাণেৰ সকলোকে মুহুদি কৰোৱা হয়। আমাৰ বহুতেই নাজানেযে অসমৰ আতৰে কেবল আৰবী সমাজতেই নহয় গোটেই বিশ্বতে সুগন্ধি বিলাইছে।ডোহাৰ আতৰৰ ব্যৱসায়ত জড়িত অসমীয়া যুৱককেইজনে ৰঙালী বিহুৰ অনুষ্ঠানত ভাগ লবলৈ অহা প্ৰতিজন অভ্যাগতকে একোটিকৈ আতৰৰ বটল উপহাৰ যাচে। আজিৰ কাটাৰৰ ডায়েৰীৰ শেষত ইমানেই কম যে বিহু সন্মিলনীৰ সামৰণিত ‘সকলোৱে এক পৰিতৃপ্ত মন আৰু এমোকোৰা হাঁহিলৈ ঘৰমুৱা হোৱাটো আছিল এইবাৰৰ কাটাৰৰ বিহুৰ বৈশিষ্ট’ বুলি আলোচনা হোৱাটো আমাৰ বাবে পৰম আনন্দৰ বিষয়।

২০০৯চনৰ পিছত ২০১৩চনত কাটাৰত অসমীয়া লোকসকলে একত্ৰিতহৈ ৰঙালী বিহু পালন কৰিলে আৰু প্ৰাণভৰি উৎসৱৰ আনন্দ উপভোগ কৰিলে। ক্ষুদ্ৰ দেশ কাটাৰত থকা অন্তত: এশটা অসমীয়া পৰিয়ালৰ দুই তৃতীয়াংশই ৰঙালী বিহুৰ নামত একগোটহৈ নাচি-বাগি প্ৰবাসতো বিহুৰ পিঠা-পনাৰ জুতি ললে আৰু প্ৰীতি-ভোজত ভাগ ললে। সঁচাই বৰ আনন্দৰ কথা। অসমীয়াৰ পৰিচয় আৰু মান ৰক্ষা কৰাটো এক গৌৰৱৰ বিষয় । ইয়াৰ বাবে কৃতিত্ব একত্ৰিত হোৱা প্ৰত্যেকজন ব্যক্তিৰ। কিন্তু এতিয়া সময় পৰ্য্যালোচনাৰ, আত্মসন্তুষ্টিৰ নহয়। চাবলৈ গলে চাৰিটা বছৰ মহাকালৰ বুকুত তেনেই কম সময়। এই সময়ছোৱাত কাটাৰৰ অসমীয়া লোকসকলে সঁচাই নিষ্ক্ৰিয়হৈ আছিল নেকি ? নে অভাৱনীয়ভাবে অসমীয়ালোকৰ সংখ্যা কমি গৈছিল ? হব পাৰে এইটো সঁচা কথা যে কোনো লোকেই কোনো ঠাইত নিগাজী হব নোৱাৰে। তথাপিও বছৰেকৰ বিহুত এদিনৰ বাবে আমাৰ ৰাইজসকল সমবেত হব নোৱৰাটো আশ্চৰ্য্যৰ নহলেও চিন্তনীয় বিষয়। কোনো কাৰণতেই এক তৃতীয়াংশৰ অনুপস্থিতিক কেতিয়াও উলাই কৰিব নোৱাৰি। আমাৰ নিজাববীয়া অনুসন্ধানত গম পোৱা মতে ঘাইকৈ দুটা ক্ষুদ্ৰ গোটত আমাৰ সমাজখন বিভক্ত হৈ বিহুৱে সংক্ৰান্তিয়ে একত্ৰিত হৈ আহিছিল। আৰু এচামে সদায় নিৰ্লিপ্ত ভূমিকা পালন কৰি আহিছিল। বৰ্তমান আমাৰ অসম সমাজৰ লক্ষ্য হোৱা উচিত এই তিনিওটা গোটক মিলাই এটা বৃহৎ শক্তিশালী গোট সৃষ্টি কৰা। মতভেদসমূহ মিলা-মিছাৰ মাজেৰে সমাধান কৰাৰ প্ৰয়াস কৰা।

মাত্ৰ দুটা মাহৰ অভিজ্ঞতাই আমাৰ তাকৰীয়া লোকৰ মাজত লুকাই থকা বহুতো প্ৰতিভাৰ সম্ভেদ দিলে। আমাৰ মাজত আছে এসময়ৰ বিহু কুঁৱৰী আৰু নৃত্য পৰিচালিকা, দূৰদৰ্শনৰ ঘোষিকা আৰু এফ এম চেনেলৰ ৰেডিঅ’ জকী, অনাতাঁৰ গায়িকা, বাঁহীবাদক, গীতাৰবাদক, সুকবি আৰু আবৃত্তিকাৰ, কৌতুক কওঁতা, বিহু আৰু আধুনিক নৃ্ত্যৰ পটিয়সী লোক, সুকন্ঠি গায়িকা, বিহুৰ জলপান-পিঠা-কেক বনোৱাত পাৰ্গত মহিলাৰ দল আৰু এজাক প্ৰতিভাসম্পন্ন শিশু। আৰু আছে প্ৰবাসত থাকিও মাতৃভূমি অসমকলৈ গৌৰৱ কৰা আৰু নিজ জনমভূমিক প্ৰাণভৰি ভাল পোৱা এচাম লোক। তেওঁলোক নিজৰ যোগ্যতাৰ বলত নিজ কৰ্মক্ষেত্ৰত আজি সুপ্ৰতিষ্ঠিত।

সেয়ে সেইসকল ধ্ৰুৱতৰাক আজি চিঞৰি চিঞৰি মোৰ কবৰ মন যায় :

আপুনি নাজানে
আপুনি যে ধ্ৰুৱতৰা
আপোনাৰ দৰে
প্ৰত্যেকেই হওক একো একোটা ধ্ৰুৱতৰা,
এক পথ প্ৰদৰ্শক।
জানো অনেক কষ্ট, অনেক শ্ৰম
আৰু ত্যাগৰ বিনিময়ত
আপুনি আজি উপৱিষ্ট এই স্থানত।
আপুনি জানেনে আশাৰে
ৰৈ আছে কত জনে
আপোনাৰ এধানি পোহৰলৈ বাট চাই ?

(উৎসৰ্গা – সাফল্যৰ শিখৰত আৰোহণ কৰা সেইসকললৈ যাৰ সামান্য সান্নিধ্যৰ বাবে লোক বিয়াকুল৷)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক