কাটাৰৰ ডায়েৰী-২৯ (ডা০ ভূপেন শইকীয়া)

আজিৰ কাটাৰৰ ডায়েৰীত তলৰ তিনিটা বিষয়ৰ ওপৰত মোৰ অভিজ্ঞতা বৰ্ণনা কৰিম। সহৃদয় পাঠকসকলে পঢ়ি ভাল পালে সুখী হ’ম।

১) কাটাৰী নৱ প্ৰজন্ম আৰু বহিৰাগতৰ বিষয়ে এটি চমু আভাস
২) কাটাৰত ডেজাৰ্ট চাফাৰিৰ অভিজ্ঞতা
৩) কাটাৰ টুৰিজমৰ এক নতুন সংযোজনঃ একোৱা পাৰ্ক

 

(১)

প্ৰবাসেই যেতিয়া ঘৰৰ ঠিকনা হয় তেতিয়া সেই দেশৰ ভাল বেয়া সকলো দিশকে পৰিপাটিকৈ জানি বুজি লোৱাটো বাঞ্ছনীয়। আৰৱী দেশসমূহৰ ভিতৰত চৌডি আৰৱ ধৰ্মীয় নিয়ম-কানুন পালনৰ ক্ষেত্ৰত অত্যন্ত কঠোৰ। মাজে মাজে সেই দেশৰ চৰকাৰী মন্ত্ৰী বিষয়াই ঘোষণা কৰি থাকে – চৌডি আৰৱত আন কোনো ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব। আন আন আৰৱী দেশসমূহ এই ক্ষেত্ৰত সিমান কঠোৰ নহয়। সংযুক্ত আৰৱ আমীৰাটৰ ডুবাইত এক বৃহৎ গুৰুদ্বাৰা পতিবলৈ চৰকাৰে অনুমতি দিছে। কাটাৰত কেইবাটিও গীৰ্জাঘৰ স্থাপিত হৈছে। ওমান একমাত্ৰ মুছলিম দেশ, য’ত হিন্দু প্ৰথামতে শৱদাহ কৰাত বাধা নিষেধ নাই। কাটাৰত হোলী, দেৱালী ভাৰতীয়সকলে একগোট হৈ পালন কৰিব পাৰে। কিন্তু ধৰ্মীয় পূজা-পাতল অনুষ্ঠিত কৰিব নোৱাৰে। আনকি কোনো ৰাজহুৱা অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিব নোৱাৰে। সেয়ে কাটাৰ অসম সমাজৰ ৰঙালী বিহুত বন্তি প্ৰজ্বলনৰ আঁচনি ত্যাগ কৰিবলগীয়া হয়।
মোৰ বৰ্তমানৰ কৰ্মভূমি এই কাটাৰ দেশত এক দ্ৰুত পৰিৱৰ্তনৰ বা বলিছে। পৰিৱৰ্তনৰ কিছু কথা শলাগিবলগীয়া হ’লেও কিছু কথা অপ্ৰীতিকৰ। নিজৰ পৰম্পৰাগত সাজ-পোচাক ত্যাগ নকৰিলেও আন কথাত পশ্চিমীয়া দেশৰ অনুকৰণ লক্ষণীয়। বৃহৎ বৃহৎ চুপাৰমাৰ্কেট, হাইপাৰমাৰ্কেট আৰু সুবিশাল মলৰ সংস্কৃতিয়ে দেশখনক গ্ৰাস কৰিছে। প্ৰতিখন মলতে কৰ্মচাৰীসকল পৰিপাটিকৈ ইউনিফৰ্ম পিন্ধি গ্ৰাহকক সেৱা কৰিবলৈ তৎপৰ হৈ থাকে। বিশ্বৰ যি কোনো বিখ্যাত মলৰ সৈতে সমানে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতাত নামিছে ভাৰতবৰ্ষৰ কেৰেলাৰ প্ৰতিষ্ঠান “লুলু” মলে। লুলুৰ কোচিত ৩৯ লাখ বৰ্গফুটৰ বিশাল মল আছে আৰু সকলো আৰৱী দেশৰ সৰু-বৰ প্ৰতিখন চহৰতে লুলুৰ নানা ধৰণৰ বিপনী আছে। মেকডোনাল্ড, কেএফচি, এপেলবিজ, ফ্ৰাইডে আৰু নানান বিভিন্ন নামৰ ফাষ্টফুডৰ দোকানেৰে প্ৰতিখন চহৰ ভৰি পৰিছে। ইয়াৰ লগে লগে দেশলৈ আগমন ঘটিছে বিলাসী জীৱনৰ সংগী ডায়েবিটীচ, অবেচিটি, ডিচলিপিডেমিয়া, গাউট আদি ৰোগসমূহৰ। সকলো ক্ষেত্ৰতে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োগৰ এক দৌৰহে যেন আৰম্ভ হৈছে। সুবিশাল মলসমূহত কি নাই? নানান ধৰণৰ বিপনীত সুন্দৰকৈ সজাই থোৱা বস্ত্ৰৰ, প্ৰসাধনৰ, খেলা-ধূলাৰ সামগ্ৰী, আধুনিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় নানাবিধ আহিলা, মনোৰঞ্জনৰ বাবে ব’টিং, স্কেটিং, খেলাঘৰ, ৰেষ্টোৰাঁ আৰু চিনেমাগৃহ। এইখিনিতে এটি আমোদজনক কথা মনত পৰিছে। চিংগাপুৰত কেইবাবছৰো কাম কৰা এজন বিষয়া ডুবাইলৈ বদলি হৈ আহিল। তেওঁ কিবা এটা সকামত কাটাৰৰ ৰাজধানী ডোহালৈ কিছুদিনৰ বাবে আহিছিল। তেওঁ তিনিওখন চহৰৰ বিশ্লেষণ কৰি এইদৰে মন্তব্য কৰিছিল – ডুবাই চিংগাপুৰতকৈ যেনেদৰে বহু বছৰ পিছ পৰা, ডোহা ডুবাইতকৈ ঠিক তেনেদৰে বহু বছৰ পিছ পৰা।
অত্যাধুনিক জীৱন শৈলী গ্ৰহণ কৰাৰ লগে লগে কাটাৰী লোকসকলৰ মানসিকতাত প্ৰভূত পৰিৱৰ্তন ঘটিছে। নিজৰ সকলো কাম অতি ক্ষিপ্ৰতাৰে কৰিবলৈ প্ৰয়াস কৰে। এক চেকেণ্ডো ৰ’বলৈ কাৰো যেন আহৰি নাই। গাড়ীও চলায় তীব্ৰ বেগত, বাইক চলালে চলায় ষ্টান্টমেনৰ দৰে। গাড়ীত বহিয়েই এ টি এম কাউন্টাৰৰ পৰা টকা উলিয়ায়। ফাষ্টফুডৰ টেক এৱেৰ এটা কাউন্টাৰত গাড়ীৰ পৰাই পইচা জমা দি আনটো কাউন্টাৰেদি খাদ্যৰ টোপোলা লৈ উধাও হয়। ট্ৰেফিক চিগনেলত বাধ্যত পৰি ৰ’বলগীয়া হ’লে আগৰ গাড়ীয়ে সেউজীয়া চিগনেল পৰাৰ লগে লগে আগুৱাই নগ’লে হৰ্ণ বজাবলৈ এক চেকেণ্ডো বিলম্ব নকৰে। যেন এক মিনিট সময় পলম হ’লেই দৈৱাসন তল যাব! আগৰ কাটাৰী জেনেৰেচনৰ ধৈৰ্য্য গুণ এতিয়া মুখত সোণৰ চামুচলৈ ওপজা চামৰ মুঠেই নাই। চাকৰিত সোমালে ছমাহ নৌহওঁতেই কেতিয়া প্ৰমোচন হ’ব সুধি সুধি ওপৰৱালাক ব্যতিব্যস্ত কৰি তোলে। আজিৰ নতুন কাটাৰী প্ৰজন্মৰ অধিকাংশৰ মাজত বিনম্ৰতা, সহিষ্ণুতা আদিৰ দুখ লগাকৈ অভাৱ ঘটিব ধৰিছে। কেইদিনমানৰ আগতে আমাৰ লগৰ এজনে তেওঁৰ বন্ধুক লগ ধৰিবলৈ যাওঁতে গাড়ীখন এজন কাটাৰী লোকৰ পাৰ্কিং কৰা ঠাইত ৰাখিলত সেই কাটাৰী লোকজনে বন্ধুৰ গাড়ীখন গোটেই নিশাটো ওলাব নোৱৰাকৈ আৱদ্ধ কৰি ৰাখিলে। কোনো অনুনয় বিনয়ে কাটাৰী ভদ্ৰলোকৰ মন কোমলাব নোৱাৰিলে। জানিবলৈ পোৱা মতে, এনে ঘটনা ইয়াত প্ৰায়ে সংঘটিত হৈ থাকে। এনেধৰণৰ হ’ব পৰা সম্ভাব্য ঘটনাৰ পৰা সকলো বহিৰাগতে নিজকে বচাই চলাটোৱেই শ্ৰেয়। এনে সৰুসুৰা ঘটনাৰ বাহিৰে বহিৰাগতসকলে কাটাৰীসকলৰ পৰা আন একো অসুবিধা নাপায়। ভাৰতৰ পৰা অহা প্ৰতিখন নতুন হিন্দী চিনেমা আৰৱী লোকসকলে আগ্ৰহেৰে চায়। বিশ্বৰ প্ৰায় সকলো দেশৰ লোকেই কাটাৰত বিভিন্ন চৰকাৰী, বেচৰকাৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত বছৰৰ পিছত বছৰ ধৰি কৰ্মৰত হৈ আছে। এটা কথালৈ লক্ষ্য কৰক- ১৯৭০ চনত কাটাৰৰ জনসংখ্যা আছিল ১,১১,০০০ আৰু ২০১২ চনৰ জনগণনা মতে জনসংখ্যা হ’ল ১৭,৩২,৭১৮। এই ১৭ গুণ বৰ্দ্ধিত জনসংখ্যাৰ কাৰণ হ’ল বিভিন্ন কৰ্মক্ষেত্ৰত বহিৰাগতৰ আগমন। কাটাৰত নিবনুৱাৰ হাৰ মাত্ৰ ০-৬% হ’ল বিশ্বৰ ভিতৰত সৰ্বনিম্ন। এই দেশত সকলো আৰৱী লোকৰ সংখ্যা ৪০ শতাংশ হোৱাৰ বিপৰীতে ৬০ শতাংশ হ’ল বহিৰাগতৰ। কেৱল কাটাৰী নাগৰিকৰ সংখ্যা হ’ল ১৫ শতাংশ অৰ্থাৎ ২,৬৯,৩৭৪ জন মাত্ৰ।

 

(২)

এইবাৰ পাঠকসকলক ডেজাৰ্ট চাফাৰীৰ আমেজ দিয়াৰ প্ৰয়াস কৰিম। কাটাৰ ইন্টাৰনেশ্বনেল টুৰচ কোম্পানীৰ লগত যোৱা ৫ তাৰিখ দেওবাৰে ই-মেইল আৰু টেলিফোনযোগে যোগাযোগ কৰি পিছদিনা আবেলিৰ বাবে আমাৰ ভ্ৰমণ সূচী খাটাং কৰিলোঁ। বন্দোৱস্তমতে, ৬ তাৰিখে দিনৰ ঠিক দুই বজাত ৪ x ৪ টয়টা লেণ্ড ক্ৰইচাৰ গাড়ী এখন আমাৰ ডোহাৰ বিন মামুদ অঞ্চলৰ বাসভৱনৰ সন্মুখত হাজিৰ হ’লহি। হাঁহিমুখীয়া শ্ৰীলংকান ড্ৰাইভাৰ সুদৰ্শনে আমাক সম্ভাষণ জনাই গাড়ীত বহিবলৈ ক’লে। আমি চাৰিজনে অৰ্থাৎ মই, মোৰ পৰিবাৰ, কন্যা অভিলাষা আৰু বন্ধু আজমল ফাউণ্ডেচনৰ আব্দুল্লাই নিজ নিজ আসনত বহাৰ লগে লগে গাড়ীয়ে অকণো বিলম্ব নকৰি তীব্ৰবেগে অলৱাক্ৰা অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। মাজে মাজে ট্ৰেফিক চিগনেলসমূহত ৩/৪ মিনিট ৰোৱাৰ বাহিৰে কাটাৰত গাড়ীৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘন্টাত ১২০ কিলোমিটাৰ বেগতেই আমাৰ বাহন ধাৱমান হ’ল। পোন্ধৰ কিলোমিটাৰ দূৰত্বৰ অলৱাক্ৰা চহৰ আধা ঘন্টাত এৰি মিচেইড অভিমুখে গাড়ী আগবাঢ়িল। ক্ৰমে জনবসতি, ঘৰ, গছ-গছনি সেৰেঙা হৈ আহিবলৈ ধৰিলে। আহল বহল মসৃণ ৰাজপথৰ দুয়োকাষে মৰুভূমি। ক’ৰবাত দুই এডাল কাইঁটীয়া তৰু-তৃণ চকুত পৰে। ডোহাৰ পৰা দক্ষিণে ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত উদ্যোগ নগৰী মিচেইড। মিচেইড মিউনিচিপেলিটি এলেকাত প্ৰৱেশ কৰাৰ লগে লগে সেউজীয়া পৰিৱেশ, খেজুৰ, তাল আৰু নানা সৰু বৰ ফুলনিয়ে আমাক যেন আদৰিলে। মিচেইড চহৰত কাটাৰ পেট্ৰ’লিয়াম ৰিফাইনেৰী, পেট্ৰ’-কেমিকেলচ ফেক্টৰী, কাটাৰ ফাৰ্টিলাইজাৰ, কাটাৰ ষ্টিল, কাটাৰ এলুমিনিয়াম, কাটাৰ কেমিকেল আদিৰ নানান কল-কাৰখানা আছে। সেই সকলোবোৰ অতিক্ৰম কৰি আমি পুনৰাই মৰুভূমিৰ মাজেৰে আগুৱাই গৈ থাকিলোঁ। এইবাৰ ৰাস্তাৰ দুয়োকাষে মাজে মাজে বালিৰ উচ্চ ঢাপ চকুত পৰিল। সোমাই যোৱা ৰাস্তাসমূহৰ ফলক সমূহত লিখা আছে – “চেণ্ড ডিউনচলৈ যোৱা পথ”। অনুমান কৰিব পাৰিলোঁ আমি গন্তব্য স্থানৰ কাষ চাপিলোঁহি।
ঠিক তিনিটা বজাত আমাৰ গাড়ীয়ে ‘চি লাইন বীচ ৰিচৰ্ট’ৰ সন্মুখত ৰখালেহি। ৰিচৰ্টৰ সন্মুখৰ দোকান-বজাৰ, সৰুসুৰা চুপাৰ মাৰ্কেটত মনোৰঞ্জনৰ আহিলা, খাদ্য সামগ্ৰী আন প্ৰয়োজনীয় সা-সামগ্ৰী পোৱা যায়। দুখনমান টায়াৰৰ আৰু মটৰ পাৰ্টচৰ দোকানো আছে। ফাষ্টফুডৰ ৰেষ্টোৰাঁও আছে। আমাৰ গাড়ীখন ইয়াত পোন্ধৰ মিনিটমান সময়ৰ বাবে ৰখালে। এই ঠাই ডোখৰৰ নাম হ’ল উ’মচাইড। এই মহঙা বিখ্যাত ৰিচৰ্টটো দেশ বিদেশৰ অতিথিৰে বছৰটো ভৰি থাকে। ৱিকেণ্ড আৰু উৎসৱ পৰ্বৰ সময়ত সদায়ে চিটৰ নাটনি হয়। ডোহাৰ পৰা উ’মচাইডলৈকে আমি কাটাৰৰ দক্ষিণ দিশত ৫০ কিলোমিটাৰ আহিলোঁ। আৰৱ মৰুভূমিত অৱস্থিত এই ৰিচৰ্টৰ পৰা নাতি দূৰত্বত আৰৱ সাগৰ।
আমাক দেখুৱাই এইবাৰ ড্ৰাইভাৰ কাম গাইড সুদৰ্শনে গাড়ীৰ চাৰিওটা চকাৰ বায়ু অৰ্দ্ধেকতকৈ বেছি কমাই দিলে। কিয়নো এইবাৰ গাড়ীয়ে পকী মসৃণ ৰাজপথেৰে নহয় – মৰুভূমিৰ বালিৰ মাজেৰে নিজে নিৰ্ধাৰণ কৰা পথেৰে আগবাঢ়িব লাগিব। তাত আহি ৰোৱা সকলো গাড়ীয়ে এই একেটা কামকে কৰা চকুত পৰিল। “অন ৰ’ড”ৰ পৰা গাড়ী এতিয়া “অফ ৰ’ড” হ’ব। মোৰ ইয়াৰ আগতে ডুবাইত ডেজাৰ্ট চাফাৰী কৰাৰ অভিজ্ঞতা আছে বাবে মই এইবাৰৰ চাফাৰীৰ বাবে বিশেষ পুলকিত নাছিলোঁ। কিন্তু আমাৰ কন্যা বেচ ৰোমাঞ্চিত হোৱাৰ বিপৰীতে তেওঁৰ মাতৃ কিছু হ’লেও ভীতিগ্ৰস্ত হৈ আছিল। এনে ডেজাৰ্ট চাফাৰী হ’ল একপ্ৰকাৰৰ এডভেঞ্চাৰ স্পৰ্টচ। বিশ্বৰ বিভিন্ন দেশত যেনে অষ্ট্রেলিয়া, আমেৰিকা, ইজিপ্ত, সংযুক্ত আৰৱ আমীৰাট, কাটাৰৰ বাহিৰেও চাহাৰা মৰুভূমি থকা আন আফ্ৰিকাৰ দেশে ঘাইকৈ টুৰিষ্টৰ বিনোদনৰ বাবে ইয়াৰ আয়োজন কৰি আহিছে। আমি পুনৰাই গাড়ীত বহি ভালদৰে চিট বেল্ট বান্ধি ললোঁ। গাড়ীয়ে মৰুভূমিৰ বালি উৰুৱাই ওখ চাপৰ একা- বেঁকা বাটেৰে হালি-জালি নাচি-বাগি, হাওলি-জাওলি তীব্ৰবেগেৰে নিজৰ সন্তোলন বজাই গতি কৰি থাকিল। গন্তব্য স্থানলৈ আধা দূৰ থকাত কিছু সমান ঠাইত যাত্ৰীসকলক সকাহ দিবলৈ অলপ সময়ৰ বাবে নামিব দিয়ে। পুনৰ একে ষ্টাইলত পোন্ধৰ মিনিটমান যাত্ৰা কৰি আৰৱ সাগৰৰ পাৰত অৱস্থিত বেচ কেম্প পোৱায়গৈ।
তাত আমাক ৬০/৭০ মিনিট ৰ’বলৈ সময় দিয়ে। ইয়াত নানান টেন্টত আধুনিকৰ লগত পৌৰাণিকৰ সংমিশ্ৰণ ঘটাই বেদুইনৰ জীৱন শৈলীৰ আভাস দাঙিবলৈ প্ৰয়াস কৰা হৈছে। সজাই থোৱা হৈছে প্ৰকাণ্ড আৰৱী হোক্কা-চিলিম। আগ্ৰহী টুৰিষ্টে তাৰ জুতি লৈছে। নৈশ যাপন কৰোঁতাৰ বাবে টেন্টত থকা খোৱাৰ সুব্যৱস্থা আছে। বীচ ভলীবল, ডেজাৰ্ট বাইক, উটত উঠি ফুৰাৰ, সাঁতোৰাৰ আৰু নানান আন খেলা-ধূলাৰ ব্যৱস্থা আছে। এঠাইত স্কাই ৰাইডিং কৰি থকাও দেখা পালোঁ। কিছুমান কেম্পত আৰৱী হেনা কৰা হয় আৰু আৰৱী সাজ-পোছাক পিন্ধিবলৈও পোৱা যায়। নিশা যাপন কৰা সকলৰ মনোৰঞ্জনৰ বাবে আৰৱী নৃত্য গীত প্ৰদৰ্শনৰ মঞ্চও আছে। আমাৰ হাতত সময় কম থকাত সন্ধিয়া ৬ বজাতে আমি মৰুভূমিৰ চাফাৰিৰ অন্ত পেলাই এক সুখদ স্মৃতিলৈ ঘৰমুৱা হলোঁ। ঘৰমুৱা গাড়ীখনত চি লাইন বীচ ৰিচৰ্টৰ সন্মুখৰ ষ্টপেজত পুনৰাই চকাসমূহত পাম দি ল’বলৈ ড্ৰাইভাৰে কেতিয়াও নাপাহৰে।

 

(৩)

বুৰঞ্জীয়ে কোৱা মতে, ১৯৪০-১৯৫০ চনৰ সময়ছোৱাত মানৱ সমাজৰ মাজত জলক্ৰীড়াৰ ধাৰণা এটিয়ে গঢ়লৈ উঠে। তাৰে ফলশ্ৰুতিত পোনতে আমেৰিকাত, ক্ৰমে অস্ত্ৰেলিয়া, ইউৰোপ, এছিয়া আৰু আফ্ৰিকাতো গঢ়লৈ উঠে “ৱাটাৰ পাৰ্ক”ৰ। বৰ্তমান আমেৰিকাত আছে অসংখ্য আৰু বৃহৎ আকাৰৰ এনে অনেকখন পাৰ্ক। আনহাতে এছিয়াৰ ভিতৰত সৰ্ববৃহৎ ‘ৱাটাৰ কিংডম’ নামৰ ৱাটাৰ পাৰ্কখন মুম্বাইত অৱস্থিত। কেৱল মুম্বাইতে ৪খন ডাঙৰ ডাঙৰ ৱাটাৰ পাৰ্ক আছে। ভাৰতবৰ্ষত বৰ্তমান ৫০খনৰো অধিক এনে পাৰ্ক আছে। গুৱাহাটীৰ ৰাণীত থকা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৱাটাৰ পাৰ্কখনৰ নাম হ’ল ‘একোলেণ্ড’। মই জনাত বৰ্তমান যোৰহাটত আৰু এখন এনে পাৰ্কৰ প্ৰাৰম্ভিক কাম কাজ চলি আছে। আমাৰ চুবুৰীয়া প্ৰদেশ পশ্চিমবংগৰ কলকতা আৰু শিলিগুৰিতো ৱাটাৰ পাৰ্ক আছে। ডুবাইৰ বিখ্যাত স্মাৰক বুৰ্জ অল্ অৰবৰ গাতে লাগি আছে ‘ৱাইল্ড ৱাডি’ নামৰ বিশাল মনমোহা ৱাটাৰ পাৰ্কখন।
আমাৰ চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাত আছে ৪খনকৈ ৱাটাৰ পাৰ্ক। ২০১০ চনৰ আগষ্ট মাহৰ শেষৰ ফালে কাটাৰৰ ৰাজধানী ডোহাত “একোৱা পাৰ্ক, কাটাৰ” নামেৰে এখনি ৱাটাৰ পাৰ্ক মুকলি কৰা হয়। চহৰৰ মূল অঞ্চলৰ পৰা ৩৫ কিলোমিটাৰ দূৰত চালভা ৰোডৰ কাষৰ আবু নাখলা নামৰ ঠাইত ইয়াক পতা হৈছে। ডোহাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ পৰা দূৰত্ব হ’ল ১৯ কিলোমিটাৰ। ৱাটাৰ পাৰ্কৰ দুয়োকাষে বালিময় মৰুভূমি। মৰুভূমিৰ মাজত ৫২ হেজাৰ বৰ্গমিটাৰ অঞ্চলক মৰুদ্যানৰূপে গঢ়ি তোলা হৈছে। গোটেই অঞ্চলটো তাল, খেজুৰ, নানা বিধ সৰু ডাঙৰ গছ আৰু ফুলনিৰে জাতিষ্কাৰ কৰি তোলা হৈছে। গছ গছনিত আশ্ৰয় লৈছে কপৌ, শালিকা, বুলবুলি, ভাটৌ, ঘনচিৰিকা আৰু নানাবিধ চৰায়ে। একোৱা পাৰ্কৰ কাষতে নিৰ্মাণকাৰ্য চলি আছে ২ লাখ বৰ্গকিলোমিটাৰ অঞ্চলজোৰা এক অত্যাধুনিক পঞ্চতাৰকা হোটেলসহ বিশাল শ্বপিং মলৰ।
একোৱা পাৰ্কৰ ভিতৰত আছে স্মাৰক আৰু সাতোঁৰৰ সামগ্ৰী বিক্ৰীৰ দোকান, জুচ কৰ্ণাৰ, ফাষ্টফুডৰ কেইবাখনো ৰেষ্ট্ৰোৰা। পাৰ্কখনত আছে ২০০ মিটাৰ দৈৰ্ঘ্যৰ ‘লেজি ৰিভাৰ’, এটা ৱেভ পুল, শিশুৰ বাবে কেইবাটিও খেলাঘৰ, প্ৰাপ্তবয়স্কৰ বাবেও কেইটিমান স্লাইডিং টাৱাৰ আৰু কেইটিমান গুহা আৰু দ্বীপ থকা সাতোঁৰা ঠাই। পানীৰ কৃত্ৰিম নৈৰ ওপৰত কেইখনমান সৰু সৰু কাঠৰ দলং আৰু ছাতিৰ আকৃতিৰ সৰু সৰু জুপুৰি ঘৰে এক আকৰ্ষণীয় পৰিৱেশৰ সৃষ্টি কৰিছে। ইয়াৰ তত্বাবধানৰ দায়িত্বত আছে কুৱেইটৰ ‘অল জজিৰা এন্টাৰটেইনমেন্ট এন্টাৰপ্ৰাইজ’ নামৰ বিখ্যাত কোম্পানী। প্ৰথম বছৰটোত এটি ডাঙৰ আৰু দুই এটি সৰুসুৰা দুৰ্ঘটনা সংঘটিত হৈছিল যদিও বৰ্তমান যোৱা ভালেকেইমাহেই সুকলমেই দিন অতিবাহিত কৰিছে। চাৰি বছৰৰ ওপৰৰ সকলোৰে বাবে ইয়াৰ প্ৰৱেশ মূল্য এশ ৰিয়াল। টিকট ঘৰতে ইন্টাৰনেটৰ মাধ্যমৰেও কাটিব পাৰি। ভিতৰত কোনো খেল-ধেমালিৰ বাবে সুকীয়াকৈ টিকট নালাগে। পাৰ্কৰ ভিতৰত বাথৰুম আৰু ল’কাৰৰ সুব্যৱস্থা আছে। একোৱা পাৰ্কৰ পৰিসৰৰ ভিতৰত কমেও ৪০০ খন গাড়ীৰ পাৰ্কিঙৰ ব্যৱস্থা আছে। আনহাতে একে সময়তে ৩০০০ জন দৰ্শকে প্ৰৱেশ কৰিব পাৰে। শুকুৰবাৰ আৰু বন্ধৰ দিনত জনতাৰ বেচ সমাগম হয়। পুৱা ১০ বজাৰ পৰা নিশা ১০ বজালৈ এই বিনোদন কেন্দ্ৰ মুকলি থাকে। সন্ধিয়াৰ লগে লগে নানা ৰঙ-বিৰঙী লাইটে সমগ্ৰ পৰিৱেশটো অতি মোহনীয় কৰি তোলে।
এটি প্ৰশ্ন পাঠকৰ মনত উঠিব পাৰে- এনে ধৰণৰ ব্যয়বহুল ইলাহী কাৰবাৰে সমাজৰ কিবা উপকাৰ সাধেনে? প্ৰত্যুত্তৰত কবলগীয়া যোগাত্মক কথাখিনি হ’ল। টুৰিজম ব্যৱস্থাৰ উন্নতিত ইয়াৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। দেশ বিদেশৰ কেইবাশ জনলোকৰ কৰ্মসংস্থাপন ইয়াৰ মাধ্যমত সম্ভৱপৰ হৈছে। দৈনন্দিন একঘেয়ামিৰ পৰা মুক্তি বিচৰাসকলক কিছুসময়ৰ বাবে হ’লেও এই পাৰ্কে সকাহ দিয়ে। সকলো বয়সৰ লোকৰ বাবেই সাতোঁৰ এক স্বাস্থ্যসন্মত ব্যায়াম আৰু এক পৰিস্কাৰ বিনোদনৰ আহিলা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments