কাণফুলি -(ভাস্কৰজ্যোতি দাস)

কাণফুলিkanfuli
-ভাস্কৰজ্যোতি দাস

ৰাস্তাটো লুংলুঙীয়া৷ ৰাস্তা বুলি নকৈ গৰুবাট বুলি কোৱা ভাল৷ সেইটোৰে গ’লে সৰু চোতালখনত দুটা ঘৰ৷ এটা ভঁৰালঘৰ, ভগা-চিগা, আনটো পকাৰ একোঠলীয়া ঘৰ৷ এই একোঠলীয়া ঘৰটো সাজি থকাৰ সময়তে বিৰেশ্বৰ সিপুৰীলৈ গ’ল৷ এ.এচ.টি.চি.ৰ কণ্ডাক্টৰ আছিল বিৰে৷ আগৰ চৰকাৰী চাকৰি বুলি ধৰে৷ বিৰে মৰাৰ পাছতে ঘৰখনৰ লটি-ঘটিবোৰ আৰম্ভ হয়৷ বয়স পাৰ হোৱাৰ বাবে বা বয়স নোহোৱাৰ বাবেই তাৰ ঠাইত ঘৈণীয়েক মালতী বা ল’ৰা-ছোৱালীকেইটাই চাকৰি-বাকৰি নাপালে৷ ল’ৰা-ছোঁৱালীহঁতক কষ্ট-মষ্ট কৰি মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰীলৈকে পঢ়ুৱাই মালতীও বিৰেৰ ওচৰলৈ গুছি গ’ল৷ পাঁচটা ল’ৰা-ছোৱালীৰ ভিতৰৰ ডাঙৰজনী আৰু সৰুজনী কাৰোবাৰ লগত পলাল৷ মাজুজনী জীয়েক সুবৰ্ণাই ভায়েক দুটাক পোহপাল দিবলৈ থাকি গ’ল৷ তাৰে সৰুটো ভায়েক বিজয়ে ষ্টেশ্যন চাৰিআলিৰ বজাৰত শাক-পাচলিৰ দোকান দিয়ে আৰু কোনোৰকম ঘৰৰ ভাতখিনি মোকলায়৷ ডাঙৰটোৰ নাম জয়, অঞ্চলটোত তাৰদৰে মদাহী নাই৷ ৰাতিপুৱা হ’ল কি নহ’ল, ঘৰখনত এক হুলস্থুল আৰম্ভ হ’ল আৰু কেইটকামান লৈ জয়ে দোকানত পানী খাবলৈ যোৱাৰ লগে-লগে ঘৰখন শান্ত হ’ল৷ গধুলিলৈ একেখিনিৰে পুণৰাবৃত্তি৷
এ.এচ.টি.চি.ৰ বাছষ্টেণ্ডটোৰ ওচৰৰ এই লুংলুঙীয়া বাটটোৰ বিপৰীতফালে থকা মুকলি ঠাইখিনিত পৌৰসভাই জাৱৰ পেলায়৷ এই জাৱৰৰ গোন্ধ মাজে মধ্যে ঘৰটোলৈও আহে৷ এইবোৰৰ সৈতে ইহঁত তিনিটা এতিয়ালৈ অভ্যস্ত হ’ল৷ বেলেগে ৰাস্তাটো পাৰ হৈ গ’লে যেনেদৰে নাকত সোপা দিব লাগে, ইহঁতকেইটাই তেনেকৈ দিবলগীয়া নহয়৷
মানুহ বুলিলে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিবই লাগিব৷ সুবৰ্ণাক বিজয়ে বেলেগৰ ঘৰত কাম কৰিবলৈ নিদিয়ে৷ আচলতে বিজয়ে কথাটো বুজি পায়৷ ছোৱালী এজনীয়ে এনেকৈ বেলেগৰ ঘৰত কাম কৰাৰ পৰিৱেশটো আজিকালি নাই৷ সেয়ে, ৰাতি এপৰতে উঠি সি চিপাঝাৰ, ৰৌতা, ওদালগুৰিৰ ফালৰপৰা অহা শাক-পাচলিৰ ট্ৰাকবোৰৰ তলত কেইটামান বস্তা লৈ ৰৈ থাকে৷ সেইকেইবস্তা ভৰাই ল’ব পাৰিলে গধুলিলৈকে গাদীখনৰ পৰা চিঞৰিব পাৰে৷ বন্ধা বিশ, ফুল ত্ৰিশ, বেঙেনা ত্ৰিশ…এনেকৈ৷ দিনটো, বিশেষকৈ গধুলিটো এনেদৰে চিঞৰি-চিঞৰিয়েই সি দুই চাৰি পইচা ঘটি ঘৰখন চলায়৷ বিজয়ৰ বিয়া পতাৰ বয়স হৈছে যদিও সেই কথা চিন্তা কৰাৰ সময় তাৰ নাই৷ ইহঁত তিনিটা ওচৰৰ সমাজৰ পৰা একেবাৰে এলাগী৷ আজিকালি দুখিনি মানুহ হৈছে৷ ধনী আৰু দুখীয়া৷
মাক-দেউতাকে মাজুজনীৰ নাম সুবৰ্ণা ঠিকেই ৰাখিছিল৷ বৰ ধুনীয়া আছিল তাই৷ শিৱৰাত্ৰীৰ মেলাখন হ’লে বিৰেশ্বৰে তাইক কোলাত লৈ মেলাখন দেখুৱাইছিল৷ কিবাকিবি কিনিও দিছিল৷ সুবৰ্ণা বাকীকেইটাতকৈ অলপ বগা আৰু ধুনীয়া আছিল বাবেই দেউতাকে তাইক বেছি মৰম কৰিছিল বুলি ঘৰৰ মানুহকেইটাই অভিযোগ কৰিছিল৷ বিৰেশ্বৰে হাঁহিছিল৷ কথাটো সম্ভৱত: একেবাৰে মিছাও নাছিল৷
এতিয়া তাইৰ বয়স দুকুৰি হওঁ হওঁ৷ গাৰ মাংসবোৰ দৰিদ্ৰতা আৰু চিন্তাই একগোট হৈ গলাইছে৷ হাতৰ আঙুলিকেইটা বুঢ়া চজিনাডালৰ দৰে হৈছে৷ ডিঙিৰ শিৰাবোৰ স্পষ্ট ৰূপত দেখিবলৈ পোৱা গৈছে৷ ছালখন বগা হৈছে নে শেঁতা হৈছে সেয়া কোৱা টান৷ ছালখনেও জিলিকিবলৈ এৰিছে৷ মুঠতে তাইৰ দেহাটোত থকা সৌন্দৰ্য বোলা বস্তুবোৰে এপদ এপদকৈ তাইৰ লগ এৰিছে৷
মূল পথটোৰ একোণত এটা জিৰণী চ’ৰা আছে৷ গধুলি তাত ছোৱালী দুজনীমান আহি বহি থাকে৷ অলপ সময়ৰ পাছতে গাড়ী কিছুমান আহে আৰু এজনী এজনীকৈ উঠাই লৈ যায়৷ ঠাইটুকুৰাত এইবোৰ ঘটা বেছিদিন হোৱা নাই৷ সুবৰ্ণাই সেইবোৰ দেখি থাকে যদিও নিমাত হৈ থাকে৷
সেইদিনা অজয় দেৰিলৈকে অহা নাই৷ সুবৰ্ণাই চাৰিআলিৰ বজাৰখন চাই আহিল৷ বজাৰখন ইতিমধ্যে বন্ধ হ’ল৷ ঘুৰি আহোঁতে বাটতে অজয়ৰ ওচৰত বহা পাচলি বেপাৰী এজনে চিঞৰি চিঞৰি সুবৰ্ণাক ক’বলৈ ধৰিলে- বাইদ’, অজয়ৰ এক্সিডেন্ট হৈছে৷ আপুনি চিভিললৈ যাওক৷ এখন ভৰি গুড়া হৈ গৈছে৷”৷ সুবৰ্ণাই চৌদিশে ধোঁৱা-ধোঁৱা দেখিলে৷ ঘৰলৈ গৈ টিনৰ বাকচটো খুলি কি আছে চালে৷ বাৰশ সত্তৰ টকা আছে৷ সেইকেইটাকে হাতত লৈ যেনেকৈ আছিল তেনেকৈয়ে তাই চিভিল হস্পিটালৰ ফালে খোজ দিলে৷ এইহেন ৰাতিখনত জীৱনত প্ৰথমবাৰৰ বাবে তাই অকলে অকলে ৰাস্তাত খোজ কাঢ়িছে৷ খোজবোৰ লাহে লাহে দৌৰ হ’বলৈ ধৰিছে৷ হাতত মুঠিত থকা বাৰশ সত্তৰ টকাটোত আঙুলিৰ প্ৰচণ্ড হেঁচা পৰিছে৷ তাইৰ চকুকেইটা জিলিকিছে৷ লাহে লাহে তাই উচুপি উঠিছে৷
হস্পিটেলৰ ইমাৰ্জেন্সি ৱাৰ্ডতে অজয়ৰ প্ৰাৰম্ভিক চিকিৎসা চলি আছে৷ সি অচেতন হৈয়েই আছে৷ এখন ভৰি ভগাটো তাই ধৰিব পাৰিছে৷ সোঁহাত আৰু মুৰত কিছুমান তেজ শুকাইছে আৰু কিছুমান বৈ আছে৷ মুখখনৰ এফাল ফুলি আছে৷ ওচৰত ৰৈ থকা দুজন অচিনাকী লোকে কৈ আছে ঘটনাটো৷ তাই শুনি আছে৷ তাইৰ অৱস্থাটো হিমপৰা কপৌৰ দৰে হৈছে নে কি হৈছে সেয়া তাই ধৰিব পৰা নাই৷ মুঠৰ ওপৰত তাইৰ চৌদিশে কিছুমান পোহৰ ঘুৰিবলৈ লৈছে তীব্ৰগতিত৷ চকুৰ আগত কিছুমান ধোঁৱা দেখিছে তাই৷
চৰকাৰী চিকিৎসালয়বোৰত ৰাতিলৈ ডাক্টৰ পোৱা দিগদাৰ৷ চিষ্টাৰ এজনীয়ে আহি কৈছেহি যে ৰাতিপুৱালৈকে ডাক্তৰ পোৱা নাযাব৷ নতুন ডাক্তৰ এজন আহিছে৷ কেতিয়াবা ৰাতি ভিজিট দিয়ে, কেতিয়াবা নিদিয়ে৷ পেচেন্টৰ অৱস্থাটোও ভাল নহয়৷ গতিকে টাউনৰ প্ৰাইভেট হস্পিটাললৈ নিয়াৰ বাহিৰে একো উপায় নাই৷ সুবৰ্ণাৰ পিচফালে অলপ ওখ ক্ষীণ মানুহ এজন ঠিয় হ’ল৷ এনেকুৱা মানুহ দুই চাৰিজন ৰাতি হস্পিটেলবোৰত থাকে৷ এম্বুলেন্স চলাই৷ চাৰিশ টকাত অজয়ক টাউনৰ প্ৰাইভেট হস্পিটেললৈ নিয়াৰ কথা চুড়ান্ত কৰা হ’ল৷
প্ৰাইভেট হস্পিটালখনত প্ৰথমে চিক্যুৰিটি দিব লাগে তিনিহেজাৰ৷ অজয়ৰ লগৰ দুটামানে গোটাই আনি দিছেহি৷ সুবৰ্ণাৰ হাতত আঠশ সত্তৰ টকাটোৱে যেন উচুপি উঠিছে৷ মাজে-মাজে দৰৱ, চেলাইনবোৰ কিনি দি তাইৰ হাতত কেইটকামান আছেগৈ৷ তাইৰ মুৰটো ঘুৰাইছে৷ তাইৰ ভোক-পিয়াঁহবোৰেও তাইৰ লগ এৰিছে৷ ডাক্তৰে কৈছে যে দুদিনৰ ভিতৰত অপাৰেশ্যন কৰাব লাগিব৷ চিক্যুৰিটি দিব লাগে বিশ হেজাৰ৷ তাই ক’ত পাব চিন্তা কৰিছে৷ দেউতাক-মাকৰ পৰিয়ালৰ মানুহবোৰে ইহঁতক এৰি দিয়া দহ বছৰ মানেই হ’ল৷
গধুলি তাই ঘৰলৈ আহিল৷ জয় নাই৷ বিৰেই তাইক দিয়া এপাত সোণৰ কাণফুলি তাইৰ হাতত আছে৷ সেইপাতৰ পৰা তিনি হাজাৰমান ওলাব৷ বাকীখিনি? অজয়ৰ লগৰ পাচলি বেপাৰীকেইটাই আৰু কিমান দিব৷ সেইখিনিও ইহঁতৰ দৰেই মানুহ৷
তাইৰ খুব চিঞৰি চিঞৰি কান্দিবলৈ মন গ’ল৷ কিন্তু তাই তেনে নকৰিলে৷ তাই মুখখন ভালদৰে ধুই ল’লে৷ শেষ হ’বলৈ লোৱা পুৰণা পাউডাৰৰ টেমাটো লৰালে৷ অলপ ওলাল৷ সেইখিনি মুখত সানি ল’লে৷ কাণফুলিযোৰ পিন্ধি তাই লাহে লাহে খোজ দি জিৰণী চ’ৰাটোত বহি দিলে৷

*****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক