কাণে কাণে সংগোপনে….(অনামিকা বৰুৱা)

…পুৰুষৰো বলাৎকাৰ হয় শব্দকেইটাই দু:স্বপ্নৰ দৰেই বহুদিনলৈ খেদি থাকিল মোক। কিমানখিনি ৰিক্ততা থাকিলে অথবা কিমানখিনি অসহায়বোধ কৰিলে এজন পুৰুষে এগৰাকী নাৰীৰ আগত নিজকে এনেকৈ উদঙাই দিব পাৰে বাৰু? মইতো বৰদৈচিলা! মোৰ স্থিৰতা নাই। অসীমৰ পম খেদি আকাশৰ বিশালতাত নিজক হেৰুৱাই দিয়াৰ উন্মাদনাত আজন্ম বন্দী মই! কিন্তু তেওঁক কিহে উচতালে? আশ্চৰ্যবোধ কৰাৰ লগতে অকাৰণ সমমৰ্মিতাৰে ভৰি পৰিছিল মোৰ মন। থাকি থাকি মগজুত খুন্দিয়াইছিল এটা প্ৰশ্নই-কি দিলো মই তেওঁক যে তেওঁ নিজকে মোৰ আগত এনেকৈ উদঙাই দিলে? বিশ্বাস-আস্থা-প্ৰেম-ভালপোৱা নে আন কিবা? নে স্বাৰ্থপৰতা অথবা সাময়িক মোহাছন্নতা? ওহোঁ সেইবোৰ একো নহয়। হয়তো মই দিছিলো তেওঁক আজিৰ দিনত দুৰ্লভ-দুষ্প্ৰাপ্য অলপ সঁচা আন্তৰিকতা!!!

…মোৰ এটা লেখা পঢ়ি মোৰ বন্ধু হৈছিল তেওঁ। বৰ বেছি নহয় কেতিয়াবা এদিন দুদিন এটা দুটা মেছেজৰ মাজেৰে কথা বিনিময় কৰিছিল মোৰ লগত। সৰু সৰু চুটি চুটি কথা পাতিছিলো আমি। কেতিয়াবা কিতাপৰ কথা কেতিয়াবা জীৱনৰ কথা। পেছাত তেওঁ এজন সাংবাদিক। দিনে ৰাতিয়ে খবৰ সংগ্ৰহ কৰি ঘূৰি ফুৰে। খবৰ গোটোৱাই তেওঁৰ কাম। জীৱিকা উপাৰ্জনৰ পথ। কিন্তু মানুহৰ মাজত খবৰ বিচাৰি ঘূৰি ফুৰোঁতে তেওঁ নিজেই কেতিয়া যে এটা খবৰ হৈ পৰিল তাক উপলব্ধি কৰিলে সৌ সিদিনা। নি:সঙ্গগতাৰ আৱৰণ পিন্ধি কেতিয়া যে তেওঁ বিলুপ্তিৰ গৰাহত পৰি ৰ’ল গমেই নাপালে। পত্নী-সন্তান-পৰিয়াল সকলোৰে কাষত মাত্ৰ এটা অবয়ৱ হৈ ৰ’ল। তেওঁলোকৰ প্ৰয়োজনীয় আহিলা পূৰাব পৰা কেবল মাত্ৰ এটা কাৰক হৈ গ’ল। অস্তিত্বহীনতাৰ দংশনত ৰোগাক্ৰান্ত হৈ ক্ষণে ক্ষণে কাটি গ’ল উশাহৰ ধাৰ। কবই নোৱাৰিলে হৃদয়ৰ সেউজীয়া হেৰুৱাই কেতিয়া মৰুৰ বালিত পৰি প্ৰাণ হেৰুৱালে তেওঁ আলফুলীয়া সপোনবোৰে।

…কবি তেওঁ। বচা বচা শব্দৰে ফুল বাচে অনুভৱৰ আকাশত। ঠিক কোনদিনা তেওঁৰ শব্দৰ মায়াজালত আবদ্ধ হৈ পৰিছিলো মোৰ মনত নাই। কিন্তু এইটো মনত আছে উত্তৰ-প্ৰতিউত্তৰ কৰোঁতে ক’ব নোৱাৰাকৈয়ে তেওঁ ধৰা দিছিল মোৰ সন্ধানী দুচকুত। টুকুৰিয়াই-টুকুৰিয়াই উলিয়াই আনিছিলো তেওঁৰ মনৰ মাজত সুপ্ত হৈ শুই থকা পাহৰণিৰ গৰ্ভৰ এচোৱা দীঘল সোণোৱালী সময়। কল্প কথাৰ দৰে পাঠ কৰি গৈছিল তেওঁ তেওঁৰেই অতীত বুৰঞ্জী। মেলি দিছিল শৈশৱ-কৈশোৰ-যৌবনৰ অপ্ৰকাশিত দাস্তান। প্ৰথম প্ৰেমৰ অসফলতা। জীৱিকাৰ সন্ধান। প্ৰকৃতিৰ টান। বিবাহ বন্ধনত বান্ধ খালে। এটা সন্তানো জন্ম হ’ল। ক’ত জানো ভুল হ’ল! ৰক্তবীজৰ দৰে বাঢ়ি আহিল সংসাৰৰ বিৰাগ। হোম চুইট হোম হোৱাৰ পৰিবৰ্তে সংসাৰে গলগ্ৰহৰ ৰূপ ল’লে। বিক্‌চিনা লাগি সকলো যুক্তি তৰ্ক বাদ দি মাথো কৰ্তব্য বুলি পালন কৰি গ’ল সংসাৰৰ ধৰ্ম। কিন্তু এনেকৈ কিমান দিন!!

…মূৰ্খৰ দৰে মই প্ৰশ্ন কৰিছিলো আপোনাৰ ওচৰত তেওঁৰ কোনো দাবী নাই? অথবা আপুনিয়েই বা ইমান নিৰ্বিকাৰ হৈ থাকে কেনেকৈ? সৰুকৈ হাঁহি তেওঁ উত্তৰ দিছিল দাবীবোৰ যেতিয়া জোৰ কৰি আদায় কৰি লয় তেতিয়া সেইবোৰ দাবী হৈ নাথাকে; বৰং শাস্তি হৈ পৰে। পাৰ হৈ গৈছিল নিৰৱ সময়। কথা বিচাৰি পোৱা নাছিলো ক’বলে। ইটো সিটো বহু কথাই মূৰত পাকঘূৰণি খাবলৈ আৰম্ভ কৰিছিল। পুৰুষ-নাৰী সম্পৰ্কৰ জটিলতাই সদায় মোক আকৰ্ষণ কৰে। দুৰ্বোধ্য এই বিভেদৰ ৰহস্য বিচাৰি নিজকে নিজে প্ৰশ্ন কৰোঁ অহৰহ। পুৰুষ কি নাৰী কি? শৰীৰ নে প্ৰাণ নে আত্মা নে মন? ঠিক কোনখিনিত উলমি ৰয় ইয়াৰ যুক্তিযুক্ততা? কিহে নিৰ্ধাৰণ কৰে ইয়াৰ সীমা অথবা ধাৰাবাহিকতা? কি সঁচা শৰীৰ নে মন? কি নিৰ্ভুল মন নে মগজু? কি ডাঙৰ জীৱন নে মৃত্যু? জীৱন কিয় লাগে নিজে জীয়াই থাকিবলে’ নে আনক জীয়াই তুলিবলে’? জীৱনৰ বিশুদ্ধতাৰ মাপকাঠি কি? কোন কাৰ পৰিপূৰক? কোন কাৰ পৰিচায়ক? ভাগৰুৱা মনে উত্তৰ বিচাৰি নাপায়।

…উত্তৰবিহীন প্ৰশ্নেৰে মূৰটো গৰম কৰি আকৌ আওঁৰাইছিলো সেই ভয়াবহ শব্দটো-বলাত্‌কাৰ। কি বাৰু ই? এটা শব্দ? এটা বিশেষণ? এক অপবাদ? এক অভিশাপ? এক অনৈতিক কাৰ্যৰ অপলাপ? শক্তিশালীৰ শক্তি প্ৰদৰ্শন নে শক্তিহীনৰ দুৰ্বলতাৰ বাহন? যিয়েই নহওক লাগিলে ইয়াৰ এটাই ধৰ্ম ধ্বংশ-অনিষ্ট। য’তেই নহওক যেনেকৈয়ে নহওক পলকতে ই মানুহৰ পৰিবেশ-পৰিস্থিতি সলনি কৰি দিয়ে। মুহূৰ্ততে নমাই আনে অমানিশাৰ কলীয়া ডাৱৰ। শেষ হৈ যায় জীৱনৰ আনন্দ। শুহি পেলায় সকলো ৰং। এইয়াই সঁচা। কিন্তু বলাত্‌কাৰ কিহৰ হয় শৰীৰৰ? নে মনৰ? স্পন্দন থাকে মানে শৰীৰ থাকে। শৰীৰ থাকে মন থাকে। শৰীৰ যদি ঘূণীয়া হয় মন ঘূণীয়া নহয় নেকি? শৰীৰৰ ঘাঁ হয়তো সময়ত শুকাই যায় কিন্তু মনৰ ঘাঁ? আচলতে বলাত্‌কাৰ মানে কি? কেনেকৈ হয়? এজনৰ সন্মতিৰ অবিহনে আন এজনে সিজনৰ ওপৰত চলোৱা অত্যাচাৰকে বলাত্‌কাৰ কৰা বুলি কোৱা হয়। ঘৰ্ষণত পিষ্ট হয় শৰীৰ। যন্ত্ৰণাত কোঙা হয় শৰীৰ। কিন্তু কেবল শৰীৰেই নে? আৰু মন? আত্মা?

…নিজৰ মনৰ ভিতৰলৈ জুমি চাইছিলো। মইয়োতো একপ্ৰকাৰ বলাত্‌কাৰৰ বলি। শাৰীৰিকভাবে নহ’লেও মানসিকভাবে! বিয়াৰ পাছৰ পাৰ হৈ যোৱা বছৰবোৰত কিজানি প্ৰতিদিনেই বলি হৈছোঁ বলাত্‌কাৰৰ। ঘৰৰ মানুহৰ সন্মতিতেই বিয়া হৈছিলো সংসাৰৰ ধৰ্ম পালন কৰি। ভাবিছিলো মোৰ শিক্ষা মোৰ সততা মোৰ মমতাৰে ভৰাই তুলিম প্ৰতিটো পল-অনুপল। কিন্তু কাৰ্য্যত: তেনে একো নহ’ল। মই ভাবি থকাবোৰ ভাবতেই থাকিল। কোনো কথাতেই মিল নাই আমাৰ। কথা নিমিলে, ৰুচিবোধ নিমিলে, ব্যৱহাৰ নিমিলে, চিন্তা নিমিলে, একো নিমিলে। এনেকি চিৰন্তনীয় কথা কিছুমানৰ সত্যাসত্যৰ যুক্তিযুক্ততাও নিমিলে। নাৰী মই। নাৰীসুলভ ধৈৰ্য্য, সহ্য, বিচাৰ, বিবেচনাৰে পাৰ কৰি নিলো সংসাৰ চলোৱাৰ নামত কটাব লগা দিনবোৰ। তেওঁৰ বাবেই মই মাতৃ হ’লো, পত্নী হ’লো, ভগ্নী হ’লো, প্ৰেমিকা হ’লো, শুভাকাংক্ষী হ’লো। আনকি বেশ্যাও সাজিলো। তথাপি বলাত্কাৰৰ বলি হোৱাৰ পৰা নিজকে বচাব নোৱাৰিলো। গতানুগতিকতাত ক্ৰমে ক্ৰমে চিগি ভাগি গৈ থাকিল মোৰ হেঁপাহবোৰ, মোৰ সপোনবোৰ, মোৰ আশাবোৰ। মনে মনে অভিমানবোৰ পাহাৰ হ’ল। দুপৰ ৰাতিৰ চকুলোবোৰ জেদ হ’ল। বেথাবোৰ আক্ৰোশ হ’ল। দুখবোৰ সাহস হ’ল। যুক্তিবোৰ সখী হ’ল। নাৰ্চিচাচৰ দৰে নিজৰ ৰূপত নিজেই ভোল গ’লো। অপ্ৰাপ্তিৰ চাকনৈয়াত নিজক হেৰুৱাই নি:শেষ হ’বলৈ মন নগল। সংগোপনে সযতনে সজাগ কৰি আনিলো নিজকে। মন মগজু একাকাৰ কৰি পণ কৰিলো। নাৰীৰ পৰা মই মানুহ হ’লো। হুমুনিয়াহবোৰক হাঁহিলৈ সলাই পেলালো। উচুপনিবোৰক শক্তি কৰি ল’লো। আকাশখনক সাৰথি কৰি ল’লো। নিৰাশাবোৰক উপলদ্ধিৰ মালিতাৰে সজায় ন-সাজ পিন্ধি আকৌ বাট বুলিলো জীৱনৰ। এইবাৰ মই স্থিতপ্ৰজ্ঞ। দুখ নাই শোক নাই খং নাই দ্বন্দ নাই; আছে মাথো আবেগ আৰু কিছু অভিমান। অভিজ্ঞতাৰ পাহাৰ।

…প্ৰাপ্তিয়ে মানুহজনক না ক’ব নোৱাৰি ৰাতি ভগৱানক আৰাধনা কৰাৰ ভাও জোৰে। প্ৰাৰ্থনা শেষ হয় মানে গৰাকী টোপনিত ঢলি পৰে। মৰমীয়ে নোহোৱা-নোপজা কথা এটা উলিয়ায় লৈ মিছাতে তৰ্ক কৰে। তৰ্কত উফোন্দ পাতি সময়তকৈ আগতে গৈ বিচনাত বাগৰ দিয়ে। নিশা বাইদেৱে কয় না বুলি কম সেই সাহস মোৰ নাই। আৰু বিদিশা! অনন্তক নোসোধাকৈ ৰুটি এখনো বেচিকৈ নাখায়। সীমা বাইদেউৰ কথা নকলোৱেই যেনিবা! জানি-শুনি নপুংসক মানুহজনে পুৰুষ সাজি দিঠকতে বিধ্বস্ত কৰি পেলাইছিল বাইদেউৰ জীৱন। ৰূপে-গুণে শিক্ষা-দীক্ষাৰে বিভূষিতা হৈয়ো বাইদেউ মুক্ত হ’ব পৰা নাছিল বিবাহ নামৰ বান্ধোনটোৰ পৰা। পতি গৃহৰ প্ৰতিজনে খোজে খোজে লাঞ্চিত কৰিছিল বাইদেউৰ মমতাক। এটা সন্তানৰ মোহত ১৬ বছৰে নি:শব্দে মূৰত তুলি লৈছিল যন্ত্ৰণাৰ প্ৰহৰবোৰ। এই যে মোৰ চাৰিওকাষে প্ৰায় প্ৰতিদিনে মই লগ পোৱা এই চৰিত্ৰবোৰ এইবোৰো জানো বলাত্‌কাৰৰ বলি হোৱা নাই? কথাবোৰ বাৰু অশ্লীল যেন লাগিছে নেকি? আচলতে অশ্লীলৰ ধাৰণাটো আপেক্ষিক। ধৰক এটা কণী। সকলোৱে জানে যে কণীৰ খোলাটো টান আৰু ভিতৰৰ পদাৰ্থখিনি জুলীয়া। এতিয়া কণীটো ভক্ষণ কৰিব খুজিলে সেইটো কেনেকৈ ৰান্ধিব সেইয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। কণীটো সিজাই খাব নে ভাজি খাব? অম্‌লেট কৰি খাব নে আন কিবা ব্যঞ্জণ কৰি খাব? কিন্তু অম্‌লেট ৰান্ধিবলৈ গৈ তাক যদি বাটি এটাত আগতীয়াকৈ ভাঙি নলৈ পাৰবীন বেবীৰ দৰে কপালত চপৰিয়াবলৈ যায় সি আপোনাকেই অপৰিস্কাৰ কৰি পেলাব। মোৰ বাবে অশ্লীলতাৰ ধাৰণাতো তেনেকুৱা।

…বিৰক্তিবোৰ কৰিছে নেকি কথাবোৰ পঢ়ি পঢ়ি? অলপ ৰব মই শ্লীল-অশ্লীলতাৰ শিক্ষা দিব খোজা নাই। আপোনালোকৰ পৰা জানিবহে খুজিছো মোৰ বিবেচনাই ঢুকি নোপোৱা কিছুমান কথাৰ অৰ্থ। উমান লব খুজিছো মোৰ দৰেই কোনোবা সংবেদনশীল মানুহক এই কথাবোৰেই খোচাঁ-বিন্ধা কৰে নেকি? কৈ আছিলো বলাত্‌কাৰ/ধৰ্ষণৰ কথা। বাতৰি কাকত এখন মেলিব নোৱাৰি। নিউজ চেনেল এটা চাব নোৱাৰি। দুগৰাকীমান লগ হৈ সামাজিক কথা-বতৰা পাতিব নোৱাৰি। এখোজ ওলায় যাব নোৱাৰি। সময়ে-অসময়ে প্ৰতি দিনে প্ৰতি ক্ষণে চাৰিওফালে হত্যা-হিংসা-ধৰ্ষণৰ বিভীষিকা। অন্যায়-অনীতি-দুৰ্নীতিৰ ধুমুহাত বিলুপ্তপ্ৰায় জীৱশ্ৰেষ্ঠ মানুহৰ জীৱন। পৰুষৰ হাতত নাৰী ধৰ্ষিতা হয় অথবা নাৰীৰ হাতত পুৰুষ ধৰ্ষিত হয় বুলি ই একমাত্ৰ শৰীৰৰ ক্ষতিকে কিয় প্ৰতিনিধিত্ব কৰে? ধৰ্ষণ মানেই কিয় সকলোৱে একমুখে স্বীকাৰ কৰে শৰীৰে শালীনতা হেৰুৱাৰ? এই যে দিনে দিনে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় হৈছে ইয়ো জানো ধৰ্ষণৰ নামান্তৰ নহয়? সমগ্ৰ মানব জাতিৰ ধৰ্ষণৰ! প্ৰাপ্তি-প্ৰাচুৰ্য-প্ৰচাৰৰ জালত ভৰি দি মানুহ নামধাৰী প্ৰাণীবোৰে একে নামধাৰী আন এচাম মানুহৰ প্ৰতি অবিচাৰ কৰি অন্যায় কৰি দেশ তথা সমাজৰ অনিষ্ট কৰি গৈছে ইয়ো জানো ধৰ্ষণৰে ৰূপান্তৰ নহয়? উন্নত দেশবোৰে উন্নতিৰ নামত উন্নয়নশীল দেশবোৰত অযুক্তিকৰ ভাবে মেলি দিছে প্ৰতিযোগিতাৰ বজাৰ ইয়ো জানো ধৰ্ষণৰে এক প্ৰকাৰ নহয়? প্ৰতিপত্তিশালী বিষয়াৰ পৰা দেশ শাসন কৰা ৰাজনীতিবিদসকলৈকে সকলোৱে যে নিৰীহ জনগণক লুটি-পুটি খাইছে ইয়াকো ধৰ্ষণৰ শাৰীতে থব নোৱাৰি জানো? ক্ষয়-ক্ষতি, দুখ-যন্ত্ৰণা আৰু মনোকষ্টৰ আন এটা নাম যদি বলাত্‌কাৰ বা ধৰ্ষণ হয় তেনে এই ধৰণৰ সকলো কথাকেই আমি সৰলীকৰণ কৰিব পাৰোঁ। ধৰা হ’ল প্ৰথমে এজন বা এগৰাকী ব্যক্তি ধৰ্ষণৰ বলি হ’ল; শাৰীৰিক-মানসিকভাবে তেওঁ ঘূণীয়া হ’ল। তেন্তে কাইলৈ সমাজ ঘূণীয়া হ’ব। সমাজ ঘূণীয়া হ’লে দেশ ঘূণীয়া হ’ব। দৰাচলতে সমগ্ৰ দেশেই বিভিন্ন ভাবে বিভিন্ন ৰূপত ধৰ্ষণৰ বলি। দুৰাৰোগ্য ব্যাধিৰ দৰে ধৰ্ষণৰ চিকাৰ। মানব শৰীৰত বিহ-ফোঁহা উঠিলে কি হয়? ফোঁহাৰ প্ৰচণ্ড বিষত মানুহে দেদাউৰি পাৰে। সোনকালে ফোঁহাটোৰ পৰা নিস্তাৰ পোৱাৰ যা-জোগাৰ কৰে। পকি উঠিলে চেপি-মেলি পূঁজ-তেজ উলিয়ায় দিয়ে। কিন্তু চকুটো ওলায় নোযোৱালৈকে বিহ-ফোঁহা হেনো ভাল নহয়। বৰ্তমানে দেশৰ অৱস্থাও তেনেকুৱা। গোটেই দেশখনক যদি এটা মানব শৰীৰ বুলি ধৰি লোৱা যায় তেন্তে দেশখন ধৰ্ষণৰ বলি হৈছে। লগতে বিহ-ফোঁহাৰ কবলত পৰিছে। ফোঁহাৰ বিষে জৰ্জৰিত কৰিছে দেশক। ভালকৈ পকিবলৈ নাপাওঁতেও ফুটুৱায় দিছে ফোঁহাটো। ফলত তেজ-পূঁজ ওলালেও চকুটো ৰৈ গৈছে। ফোঁহাটো ভাল হোৱা নাই। নহয়। সময় লাগিব। এতিয়া গৰ্ভৱতী সময়।
…ফুলন দেৱীৰ কথা জানিছিলো যদিও সীমা বিশ্বাসে অভিনয় কৰা বেণ্ডিত কুইনখন যিদিনা চাইছিলো ভাত খাব পৰা নাছিলো। ৰাতি শুব পৰা নাছিলো। এমাহমান টোপনিতে চিঞৰ মাৰি উঠিছিলো। পুৰুষ কিম্বা মহিলা যিয়েই নহওক ধৰ্ষণৰ বলি হ’লে ই কেবল ধৰ্ষিত ব্যক্তিগৰাকীকে আক্ৰান্ত নকৰে। ব্যক্তিৰ পৰা গৈ পৰিয়াল, পৰিয়ালৰ পৰা গৈ চুবুৰী, চুবুৰীৰ পৰা গৈ সমাজ, সমাজৰ পৰা গৈ সমগ্ৰ দেশক গ্ৰাস কৰে। ধৰ্ষণ বা বলাত্‌কাৰ এটা আছিলা মাথোন। শৰীৰ নহয় মনৰহে বলাত্‌কাৰ হয়। বলাত্কাৰ হয় মানসিকতাৰ, মানৱতাৰ, সজাগতাৰ, আকংক্ষাৰ, দায়বদ্ধতাৰ, সততাৰ। নিৰ্মোহ হৈ জীৱন ধাৰণৰ আধাৰ আজি এক দু:স্বপ্ন।
…কষ্ট হয় কোনোবা অকালতে মৰহি গ’লে। জীয়াই থাকিবলৈ এৰি মৃত্যুৰ কোলালৈ ঢাপলি মেলিলে। মানুহক ভালপায় ভালপাওঁ মই। ভাললগাখিনি ধৰি ৰাখিব খোজোঁ। অতিমানৱ বা অন্যগ্ৰহৰ প্ৰাণী নহয় মই। ময়ো মাটিৰ মানুহ। মাটিতেই মিলি যাম এদিন। তথাপি কিয় জানো জীয়াই থকাৰ অনুভুতিয়ে আন্দোলিত কৰাতকৈ জীৱন দিয়াৰ অনুভৱে সদায় উদ্ভাসিত কৰে মোক! ৰামায়ণ-মহাভাৰত, নীতি কথা নপঢ়োঁ; কিন্তু বিক্ৰম-বেতাল/ বত্ৰিছ পুতলাৰ সাধু আজিও পঢ়োঁ। ধৰ্ম বিশ্বাস নকৰোঁ। কিন্তু মানুহক আপোন কৰাই মোৰ ধৰ্ম। মগজু আছে যদিও মনৰ নিৰ্দেশ মানো। চকুলো মচি হাঁহি বিলাব খোজোঁ। কি আছে জীৱনত! আশাবাদী মই। বাৰে বাৰে প্ৰকৃতিলৈ চাওঁ। বান আহে, প্ৰলয় নামে। তথাপিও প্ৰকৃতিয়ে মাথোন দি যাব জানে। শুকান পাত সৰি লঠঙা হোৱা গছডালে ন কুঁহিপাত মেলি আকৌ ফলে-ফুলে জাতিস্কাৰ হৈ পৰে। সিঁচি দিয়ে জীৱনৰ অংকুৰ। মই মানুহ। কাৰোবাক এপলক সান্নিধ্য অলপ উম দিলে ভুল হ’ব নেকি বাৰু? নোৱাৰোঁ দেখোন জানি-শুনি কাকো দেখুৱায় দিব লব আত্মহননৰ পথ। কি নাম এই যন্ত্ৰণাৰ? উন্মাদনা? প্ৰেৰণা? নে মানুহ হৈ মানুহৰ প্ৰতি কঢ়িয়াই ফুৰা জীৱনৰ সম্ভাৱনা??

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক