কাতি পূজা (বন্দিতা গগৈ বৰা)

শিৰোনামা দেখি পাঠকৰ চকু কপালত উঠিছে চাগৈ আৰু পেটে পেটে খংও উঠিব পাৰে, তাতে আজি বাপতিসাহোন বিহুৰ দিনটোত মোৰ এই শিৰোনামা! পিছে মোৰ এই লেখাটো “কাতি পূজা” কিয় দিবলগীয়া হল পঢ়িলেহে বুজিব দেই!!

মেঘালীয়ে মবাইলটোত ফে’চবুক খুলি অলপ চকু ফুৰাইছে৷ দুপৰীয়া সময়, ভাত খাই গৃহস্থ আৰু লৰা দুটা বিছনাত৷ তাইৰ দিনত শোৱাৰ অভ্যাস কম৷ এনেও স্কুল খোলাৰ দিনত দুপৰীয়া শোৱাৰ কথা ভাবিবই নোৱাৰি৷ আজি কাতি বিহুৰ বন্ধ বুলিহে এইসময়ত ঘৰত আছে৷ হওঁতে চাকৰিত সোমোৱাৰ পাছত এই বছৰহে কাতি বিহুৰ বন্ধটো পাইছে দেই৷ তাইৰ এই চহৰখনত আঙুলিত গণিব পৰাকৈ অসমীয়া মানুহ, বাকীসকল অনা-অসমীয়া ভাষী মানুহ৷ স্কুলতো ছাত্ৰ-ছাত্ৰী অসমীয়া ভাষী নাই৷

এনেতে তাইৰ ম’বাইল স্কীনত যোৱা বছৰৰ কাতি বিহুৰ মেম’ৰী শ্বেয়াৰ কৰাৰ ন’টিফিকেচন চকুত পৰিল। লগে লগে ফটোবোৰত চকু দিলে তাই৷ হাতে হাতে তুলসীৰ পুলি লৈ থকা এজাক লৰা-ছোৱালী! কোনোবাখনত আকৌ সিহঁতে পুলি ৰুই থকাৰ দৃশ্য, তাই আৰু বাকী দুই এজনে পুলি ৰুই থকাৰো ফটো আছে! মেম’ৰীটো শ্বেয়াৰ কৰি তাই ফে’চবুক বন্ধ কৰিলে!

: : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : : :

““বাইদেউ আপোনালোকৰ কাতি পূজাটো কেনেকৈ পাতে অলপ ক’ব নেকি? ““

ষষ্ঠ শ্ৰেণীৰ আটাইতকৈ মৰম লগা ল’ৰাটোৱে যোৱা বছৰ কাতি বিহুৰ আগদিনা সুধিছিল৷ তাৰ আগ্ৰহেৰে ভৰা মুখখনলৈ চাই তাক মেঘালীয়ে শুধৰাই দিছিল কাতি পূজা নহয়, “কাতি বিহু”হে বুলি৷ আচলতে সিহঁতৰ কোনো দোষ নাই, এই সৰু চহৰত সিহঁতে অকল পূজাহে পালন কৰি আহিছে৷ বিহুৰ লগত সিহঁতৰ চিনাকি কম৷ কাতি পূজা, কাতি পূজা বুলি ঘৰত ডাঙৰবোৰক কোৱা শুনে চাগৈ৷ বস্তিৰ পৰা অহা এইবোৰ ল’ৰা ছোৱালীৰ ঘৰত টিভিও নাই৷ হাজিৰা কৰি মাক দেউতাকহঁতে কোনোমতে দুবেলা দুমুঠিৰ যোগাৰ কৰে৷

যিমান পাৰি সৰলকৈ কাতি বিহুৰ কথা বুজাই দি পাছদিনা মেঘালীয়ে তুলসীৰ পুলি এটা ৰুই স্কুলত কাতি বিহু উদ্‌যাপন কৰিম বুলি থিৰাং কৰিলে৷

“তোমালোকৰ ঘৰত যদি তুলসী পুলি আছে লৈ আনিবা, কাতি বিহুত যিহেতু এটাকৈ নতুন পুলি লগাই আমি প্ৰধানকৈ বিহুটো উদ্‌যাপন কৰোঁ, কাইলৈ স্কুলতো তাকে কৰিম৷ দুটামানে আনিলেই হ’ব, চবেই নালাগে আকৌ!

ঘণ্টা পৰাত তাই কমনৰুমলৈ আহি হেডছাৰৰ লগত কাইলৈ যে কাতি বিহু উদযাপন কৰিব খুজিছে তাৰ অনুমতি ল’লে আৰু বাকীসকল ছাৰ বাইদেউকো জনালে। সকলোৱে কথাটো বৰ ভাল পালে৷ হেডছাৰে চকীদাৰক মাতি স্কুলৰ ফুলনিখনত মাটি অকণ চিকুণাই মাটিৰ ঢিপ এটা কৰি ৰাখিবলৈ কলে’৷ লগতে বুট মাহ আৰু কলকেইআখীমান কিনিবলৈও পইচা দিলে। মুঠতে সকলোৱে মিলি কাতি পূজাক কাতি বিহু কৰাৰ বাবে উঠি পৰি লাগিল। লৰা ছোৱালী এ শুদ্ধকৈ শিকিলেহে অভিভাৱকো শুদ্ধ হব, আমাৰ লক্ষ্যও এইটো৷

পাছদিনা মানে কাতি বিহুৰ পুৱাই সময় মতে স্কুল আহি মেঘালীহঁত পুৱাৰ প্ৰাৰ্থনা সভাত উপস্থিত হল। সকলোৱে বিস্ময়ত চকু ডাঙৰ কৰিলে, সেইদিনা স্কুললৈ অহা প্ৰায় ডেৰশ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে তুলসী পুলি! কিছুমান দুই তিনিটাকৈয়ো আনিছে৷ খাটি খোৱা ঘৰৰ এই ল’ৰা-ছোৱালীহঁতে বৰ আটোমটোকাৰিকৈ আনিছে পুলিবোৰ৷ বস্তিৰ সাৰুৱা মাটিৰ পুলিবোৰ দেখিবলৈ লহপহীয়া, দেখি মেঘালীহতৰ মৰম লাগিল। যদিও তাই কেৱল ষষ্ঠশ্ৰেণীৰ দুজন মানকহে পুলি আনিবলৈ কৈছিল, বাকীবোৰেও ইটোৱে সিটোৰ পৰা শুনি বাইদেৱে আনিবলৈ কৈছে ভাবি ল’লে৷ প্ৰাৰ্থনাৰ শেষত কাতি বিহুৰ বিষয়ে ভালদৰে কলে সিহঁতক আৰু আজি যে এটাকৈ পুলি ৰুলেই হয় সেইটো বুজাই দিলে৷ পিছে পুলি ৰোৱাৰ সময়ত মোৰটো লওক ছাৰ মোৰটো লওক বুলি হুলস্থুল লগাত প্ৰতিটো শ্ৰেণীৰ পৰা এটাকৈ পুলি ৰোৱাটো থিৰাং কৰি বাকী পুলিবোৰ ঘৰে ঘৰে গধূলি ৰুবলৈ সিহঁতক দিহা দিয়া হল৷ ৰুই উঠি “তুলসীৰ তলে মৃগ পহু চৰে…” গাবলৈ শিকাই দিলে৷ তাৰপাছত আনন্দমনেৰে সকলোৱে মিলি কাতি বিহুৰ মাহ প্ৰসাদ খাই ক্লাছলৈ গ’ল৷ যাওঁতে দুই এটাই মাকহঁতক গাই শুনাবলৈ সৰু সৰুকৈ “তুলসীৰ তলে….” টো প্ৰেকটিছ কৰি গ’ল৷

মেঘালীয়ে ধুনীয়া চাই পুলি এটা গধূলি ঘৰত লগাবলৈ কোনোবা এটাৰ পৰা ল’লে৷ পুলিটোত আলফুলে হাত লগাই লৰাছোৱালী বোৰলৈ আনন্দৰে চাই ৰ’ল৷ কোনোবা এজনে বাকী ফটোবোৰৰ লগতে তাইৰ এই আপোন বিভোৰ ৰূপটো ম’বাইলত তুলি থলে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments