কাতি বিহু (অংকিনী বৰা)

কাতি বিহু বুলি কলেই মনত পৰে, তুলসী ভেটিটোলৈ৷ ৰাতিপুৱা সোণকালে উঠি এটাই কাম এমাহ আগৰে পৰা বাহিৰা বহীৰ পাছফালে আঁকি থোৱা ১০ টা মান ডিজাইনৰ পৰা আটাইতকৈ ভালটো বাছি লোৱা৷ সেইকথাটোতো ভণ্টি আৰু মোৰ মাজত সৰু সুৰা কাজিয়া এখন
লাগেই, মোৰ পছন্দ হোৱাটো তাইৰ নহয় তাইৰ হোৱাটো মোৰ নহয়৷ শেষত গৈ এটা পছন্দ হোৱাৰ পাছত দৌৰ পাছফালে মাটি খান্দিবলৈ৷ এপাছি মাটি হেপো টেপো লৈ আগফালে আনি তুলসী ভেটি সাজিবলৈ সাজু৷ ভণ্টি সাজু লাচনী পাঁচনী কৰিবলৈ৷ আকৌ এটা অথন্তৰ৷ এইবাৰ দেউতাই চিঞৰিলে, “তহঁতে যি কৰ কৰি থাক কিন্তু নতুন তুলসী পুলি ৰুব নালাগে, যি কৰ পুৰণা জোপাতে কৰিবি৷ “ লগেলগে ভণ্টি মুখ কলা৷ কাৰণ আমাৰ যি ডিজাইন, পুৰণা ডাঙৰ তুলসী জোপাত ভাল নালাগিব, পুলিটোৰ ওপৰত চাল এখনো দিয়াৰ কথা আছে৷ বহুত কান্দা কটা, ওফোণ্ড পতাৰ পাছত আলটিমেটলি আমাৰ তুলসী ভেটি বনোৱা পৰ্ব আৰম্ভ হয়গৈ আৰু৷ ভণ্টি যোগালি মই মেইন মিস্ত্ৰী৷ দুই তিনি ঘণ্টা মান বোকাৰে লুটুৰি পুতুৰী হৈ ভেটি বনোৱাৰ কাম চলি থাকে, লগতে চলি থাকে মাৰ গালি৷ ভণ্টিয়ে মাজে মাজে চকীদাৰীয়ো কৰিব লগা হয়, নহলে যে আমাৰ ইউনিক ডিজাইনটো কোনোবাই চুৰি কৰি নিব পাৰে টো! ! অৱশেষত ডিজাইনৰ খচৰাৰ ৭০ % একে হোৱাৰ পাছত শেৱালি ফুলেৰে সজোৱা ভেটিটো আমাৰ দুয়োজনীৰে পছন্দ হোৱাৰ পাছত আমি চোতাল মুচিবলৈ লওঁ৷ গোটেই চোতাল খন মুচিহে আমাৰ শান্তি৷ তাৰ পাছত অপেক্ষা সন্ধিয়ালৈ৷ মায়ে বুট কল নাৰিকলৰ খৰাহীটো তুলসী তলত থৈ গাঁৱৰ পোৱালিমখা অহালৈ ৰৈ থাকে৷ গাঁৱৰ সিটো মূৰৰ পৰা দলটো আহে আৰু প্ৰতি ঘৰতে দুই তিনিটাকৈ লগ লাগে, আমাৰ ঘৰ আহি পোৱালৈকে দলটোত ২০/২৫ জন মান সদস্য হয়গৈ৷ সকলোৰে হাতে হাতে বুট কলৰ টোপোলা৷ আমাৰ পদূলিৰে সোমাওঁতেই আৰম্ভ কৰা ব্ৰহ্মা আদি কৰি বা তুমি চিত্ত প্ৰাৰ্থনাটো স্পীদৰ কোবত তুলসীৰ তল পাওঁতে শেষয়েই হৈ যায়, জয় অ হৰি জয় ৰাম কৈ বুট ভৰোৱা পালিথিনৰ কেৰি বেগ টো মেলি দিলেই হল৷ শেষৰ জনৰ টোপোলাত বুট কল ভৰোৱা হয় মানে কাষৰ বৰ্তাৰ ঘৰত ব্ৰহ্মা আদিকৰি আৰম্ভ হৈয়েই৷ আমিও কেৰি বেগ এটা লৈ লগতে দৌৰ দিওঁ৷ সাধাৰণতে মই আৰু ভণ্টিয়ে সন্ধ্যা লগৰ পাছত ঘৰৰ পৰা ওলাবলৈ নাপাওঁ, কিন্তু কাতি বিহুৰ দিনাই সন্ধিয়া ওলোৱাত পাৰমিচন আছে৷ সেই দিনটোত মুকলি হোৱাৰ কথাটোৰ পুৰা সুবিধাটো লৈ গাঁৱৰ শেষ মানুহঘৰলৈকে কাতি বিহুৰ বুট খাই উভতি অহালৈ ৰাতি ৮ মান বাজে, লগত ২ কিলো মান বুট, ২ দৰ্জন মান কলৰ দাঙিব নোৱাৰা এটা টোপোলা৷ বুট বোৰ টো খাব নোৱাৰোৱেই.. মায়ে ৰাতিৰ ভাতৰ লগত খাবলৈ অলপ মান ভাজে, বাকীখিনি পাছদিনা জুনজুনিয়ে খাই ( জুনজুনি মোৰ গৰু জনীৰ নাম )৷
এই যে কাতি বিহু, আমাৰ কাৰণে কিন্তু সৰুতে এটা ডাঙৰ উৎসৱে আছিল৷ বিহুৰ কেইদিনমান আগৰে পৰা মায়ে বিহুৰ কাপোৰ ধুইছিল(গাঁও বোৰত বিহুৰ কাপোৰ ধোৱাটোও ডাঙৰ পৰ্ব দেই, নেদেখাই বুজি নাপাব ), ঘৰ চাফা কৰিছিল, কমকৈ হলেও পিঠা কেইটামান বনাইছিল৷ বিহুৰ দিনা পুৱা, আমি পিঠা, দৈ চিৰাৰে বিহুৰ জালপানো খাইছিলো৷ কঙালী হলেও আজিৰ দৰে কঙালী নাছিল৷ কাতি বিহুটো অকল ৰচনাৰ কিতাপত থকা বিহু নাছিল, আমাৰ বাবে বিহু তিনিটাই আছিল৷
এতিয়া ভাবিছো, অফিচৰ পৰা গৈ টাবত থকা তুলসীৰ তলতে চাকি এগছ দিমগৈ৷ তুলসী ভেটি সাজিবলৈ ফ্লেটত আৰু কত সুবিধা আছে! ! পিঠা-পনাটো বাকী দুয়োটা বিহুতেই বনোৱা নহয়গৈ৷
এনেকুৱা সময়তে আকৌ গাঁৱৰ ঘৰলৈ যামগৈ যেন লাগে! আকৌ বোকাৰে লুটুৰি পুতুৰি হৈ চোতাল মুচিম! !
সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা থাকিল৷ বিহুটো জীয়াই থাকক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক