কাতি বিহু বুলিলেই… (কবিতা দত্ত গোস্বামী)

পুৱাৰ ভাগতে চোতালত থকা তুলসী ভেটিটো বগামাটি আনি লিপি মচি সুন্দৰ কৰি তুলিছিলো৷ আবেলি হোৱাৰ লগে লগে গা পা ধুই পুৱাতেই তিয়াই থোৱা বুট মগু খিনি খৰাহীত লৈ কুঁৱাৰ পাৰত নি ধুই পখালি চৰিয়া এটাত থোৱা হয়৷ মাৰ দিহা মতে কলপাত এটা কাটি আনি ধুই মচি মাক যতনাই দিওঁ৷ মায়ে প্ৰসাদ খিনি শৰাইত সজায়৷ কল, অমিতা, নাৰিকল ( যিবোৰ ঘৰতেই উপলব্ধ আছিল ) ধুই পখালি কাটি কুটি মায়ে শৰাই সজায়৷ তামোল পাণ, ধুপ চাকি ইত্যাদিবোৰ যতনাই দিওঁ আমি৷ তাৰ পৰাই এভাগ পথাৰলৈ থাকে৷ প্ৰথমে মায়ে আমাক দেখুৱাই দিয়া মতে ডলা এখনত মাটিৰ চাকি বন্তি জলাওঁ, আগলতি কলপাত এখনত কল, নাৰিকল, ৰবাব টেঙা কাটি সজায় লওঁ৷ মা আগে আগে যায়, আমি পিছে পিছে গৈ থাকো ধাননীৰ মাজৰ আলিয়ে আলিয়ে৷ এঠাইত অকণমান পৰিষ্কাৰ ঠাইত বহি বন্তি কেইগছ আগলতি পাতটোত থোৱা হয়৷ কেতিয়াবা আকৌ ঔ টেঙাৰ বখলাতো চাকি জ্বলাইছিলো৷ মায়ে আগলতি পাতটো আগবঢ়াই দিয়ে আই লখীমি সন্তুষ্ট হৈ পথাৰখনি শইছেৰে নদন বদন কৰি তুলিবলৈ আমাক লৈ প্ৰৰ্থনা কৰে৷ পথাৰত সেৱা কৰি উঠি আমিবোৰ ঘৰলৈ উভতি আহি তুলসীৰ গুৰিত বহোঁহি, এইবাৰ মা মাজত বহি ঘোষা এফাকি গাই লৈ মূৰ দোঁৱাই কীৰ্তন পুথি মেলি লয়৷ মাৰ সৈতে আমিও গাওঁ যিমান খিনি জানো৷
শেষত আটায়ে কৰ যোৰে প্ৰাৰ্থনা গাই সেৱা লওঁ৷ প্ৰাৰ্থনাৰ অন্তত প্ৰসাদ বিলায় মায়ে৷ আটাইবোৰে একেলগে বহি প্ৰসাদ খোৱাৰ আনন্দই আছিল বেলেগ৷
বিহু বুলিলে লাৰু পিঠাৰ কোনো ব্যৱস্থা নাছিল এই বিহুত৷ আনৰ ঘৰত কেতিয়াবা লাৰু পিঠা খাবলৈ পালে মাক আপত্তি কৰিছিলো আমাৰ নবনাই কিয় বুলি৷ মায়ে বুজাইছিল, কঙালী বিহু কিয় বোলে, পথাৰত কিয় চাকি বন্তি জলোৱা হয় ইত্যাদি কথা৷ আজিও এই বিহুত আমি তুলসীৰ গুৰিত চাকি জ্বলাই প্ৰাৰ্থনা কৰাৰ বাহিৰে একো নকৰোঁ বা কৰাটো উচিত নহয় বুলিয়েই মানি আহিছো৷
দিন সলনি হলেও, জীৱন ধাৰা সলনি হলেও কঙালী কঙালী হৈয়েই প্ৰতিজন অসমীয়াৰ মাজত পৰম্পৰা হিচাপেই এই বিহুৱে মান পাই থাকিব৷ আজিৰ দিনটোত অকল অসমত থকা সকলেই নহয় প্ৰবাসত বাস কৰা সকলেও এই নিয়ম পালন কৰি এই পৰম্পৰা আৰু সংস্কৃতিক জীয়াই ৰাখিছে …..
নৱপ্ৰজন্মকো এই বিহুৰ যথাৰ্থতা বুজাই থোৱা আমাৰ কৰ্তব্য বুলি ভাবো …

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments