কাব্যজগতত কবিতাৰ বিভিন্ন ৰূপ -(ভাস্কৰজ্যোতি দাস)

(কাব্য সাহিত্য বিশেষ)
কাব্যজগতত কবিতাৰ বিভিন্ন ৰূপ
-ভাস্কৰজ্যোতি দাস

“যাৰ
তেজত তিৰবিৰাইছিল
তৰালি,
বুকুত,
গুণগুণাইছিল মৌমাখি-
 
সি নিজানে নিতালে
শুই আছে।
 
শিতানত তাৰ
তেজে খোৱা মাটি।” (ছহিদ/ হীৰেণ ভট্টাচাৰ্য্য/ ১৯৬৫)
 
কবিতা কি? প্ৰাণত দোলা দিয়া কেইটামান শব্দৰ সমষ্টি? নে কোনো ৰীতিত আৱদ্ধ নথকা এক ছাঁ-পোহৰৰ মায়াভৰা ছবি? নে কল্পনা আৰু আৱেগৰ এক প্ৰৱাহ? নে ই কিছুমান শব্দ যাৰ আছে এক অনুচ্চাৰিত অৰ্থ? কবিতাৰ সংজ্ঞাক এনেধৰণেৰে প্ৰশ্নৰ মেৰপাকৰ পৰা আঁতৰাই চিন্তা কৰিলে হয়তো সহজভাৱে ইয়াক সাহিত্যৰ এটা দিশত সহজভাৱে ৰাখিব পৰা যাব আৰু সেয়া হ’ল-
“কবিৰ হৃদয়ত দোলা দিয়া বিশেষ অনুভূতিয়ে যেতিয়া ছন্দৰীতিৰে সজ্জিত হৈ প্ৰকাশৰ বাট বিচাৰি পায়, তেতিয়াই জন্ম হয় এটি কবিতাৰ”
কবিতাত ভাবৰ অৰ্থ ব্যাপক কিয়নো ই স্থূল জগতৰ চিন্তাধাৰাতকৈ বহু ওপৰত। কবিতাৰ ভাবে কবিৰ কলাসুলভ মন, কল্পনা আৰু অভিজ্ঞতাৰ দোলা বগাই পাঠকৰ মন জয় কৰে। সাধাৰণভাৱে ই দুই ৰূপেৰে পাঠকৰ মন বান্ধে। ইয়াৰে প্ৰথমটো হ’ল বস্তুনিষ্ঠ আৰু আনটো হ’ল ব্যক্তিনিষ্ঠ। যিবোৰ কবিতাৰে কবিয়ে পাৰ্থিৱ জগতৰ যিকোনো এটা বিষয় নিৰ্বাচিত কৰি তাৰ ওপৰত ওপৰত কৰা কল্পনাৰে কবিতা লিখে সেইবোৰ হ’ল বস্তুনিষ্ঠ কবিতা।
“কাৰ পৰশত ফুলিলি বান্ধৈ
অ’ মোৰ সাদৰী ফুলাম পাহি?
শ্যামলী পাতৰ ওৰণি গুচাই
কাৰ ফালে চাই মাৰিলি হাঁহি?…”
কবি ৰঘুনাথ চৌধাৰিদেৱৰ “গোলাপ” নামৰ এই কবিতাটো তেনে এটা বস্তুনিষ্ঠ কবিতাৰ উদাহৰণ।
 
আনহাতে যিবোৰ কবিতাত কবিৰ ব্যক্তিগত অনুভূতি আৰু আদৰ্শ তথা ধ্যান ধাৰণাই মূল বিষয় হয় সেইসমূহ কবিতা হ’ল ব্যক্তিনিষ্ঠ কবিতা।
“তুমিতো জানাই
এই কবিৰ আৰু একো নাই,
এটাই মাথোঁ এটি কামিজ
তাৰো ছিগো-ছিগো চিলাই,
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়।”
সুকবি হীৰেণ ভট্টাচাৰ্য্যদেৱৰ “ভোগালি” নামৰ এই কবিতাটো তেনে ব্যক্তিনিষ্ঠ কবিতাৰ এটা উদাহৰণ।
 
কবিতাৰ লক্ষ্য দূৰ-দিগন্ত ব্যাপি আছে। এই লক্ষ্যত কাৰো পৰিধি নাথাকে। সেয়ে ইয়াৰ মাজত বহু ক্ষেত্ৰতে সামঞ্জস্য দেখা যায় যদিও এই দুই ৰূপৰ কবিতাক কিছুমান উপবিভাগত ভগাই ল’লে সুবিধা হয়। ইয়াৰে বস্তুনিষ্ঠ কবিতাক মুঠ সাতটা উপবিভাগত ভগাব পাৰি। সেইকেইটা হ’ল ক্ৰমে-
(১) কাহিনী গীত বা বেলাড।
(২) মহাকাব্য।
(৩) খণ্ডকাব্য।
(৪) নীতি-কবিতা।
(৫) ৰূপক।
(৬) ব্যঙ্গ কবিতা আৰু
(৭) লিপি কবিতা।
একেদৰে ব্যক্তিনিষ্ঠ কবিতাকো নটাকৈ উপবিভাগত ভগাব পৰা যায়। সেয়া হ’ল-
(১) ভক্তিমূলক।
(২) স্বদেশপ্ৰেমমূলক।
(৩) প্ৰেমমূলক।
(৪) চনেট
(৫) চিন্তামূলক।
(৬) প্ৰকৃতি বিষয়ক।
(৭) প্ৰশস্তি বা অ’ড (Ode)।
(৮) শোকগীত আৰু
(৯) লঘুবৈঠকী কবিতা বা চ’ৰাঘৰৰ ৰঙিয়াল কবিতা।
 
আধুনিক সময়ত কলা-সংস্কৃতি, সাহিত্য-সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্যৰ বাৰেৰহণীয়া জগতলৈকে পৰিৱৰ্তনৰ ঢৌ বলিছে। এই ঢৌৱে কবিতাৰ এই শ্ৰেণীবিভাজনবোৰৰ সীমাখুটা বাৰুকৈয়ে লৰাই থৈ গৈছে। কাব্যজগতখনত নতুন নতুন ৰীতি তথা আংগিক উপাদানৰ প্ৰৱেশ ঘটিছে। বৈচিত্ৰপূৰ্ণ হৈ পৰা এই কবিতাৰ জগতখনত এতিয়া হয়তো আৰু বিভিন্ন উপবিভাগে দেখা দিছে। সময়ে সৃষ্টি কৰিছে লিমাৰিক, পেৰডী, ননচেন্স ৰাইমৰ পৰা জাপানী হাইকুলৈকে অজস্ৰ ন-ন উপবিভাগৰ। কিন্তু যেনে ৰূপতেই দেখা নাযাওক কিয় এইসমূহে নিজৰ মূল বৈশিষ্ট্যসমূহৰ পৰা আঁতৰি অহা নাই। এই মূল বৈশিষ্ট্যসমূহেৰে আধুনিক কালত কবিতাক সামগ্ৰিকভাৱে সাতটা মূল ভাগত ভাগ কৰিব পৰা যায়।
(১) মহাকাব্য: মহাকাব্য হ’ল একধৰণৰ বস্তুনিষ্ঠ কবিতা। ইয়াত কবিৰ ব্যক্তিপ্ৰাণৰ কোনো উম নাথাকে। মহাকাব্যৰ মূল সমল হ’ল বিবিধ ঘটনা আৰু কাহিনী-উপকাহিনী। এই সমলসমূহকে লৈ গুৰু-গম্ভীৰ ৰচনা-ৰীতি, অলংকাৰ, অভিজাত্য আৰু ৰসৰ আস্বাদেৰে কবিয়ে এই মহাকাব্যৰ ৰচনা কৰে। ইয়াৰ মূল কাহিনীভাগ মূলতঃ পৌৰাণিক বা ঐতিহাসিক হয় আৰু শৃংগাৰ, শান্তৰস বা বীৰৰসেৰে এইসমূহ লিখা হয়। মহাকাব্যত বিৰহৰ স্থান নাই আৰু নায়ক বা নায়িকাৰ প্ৰতিস্থাৰে ইয়াৰ সমাপ্তি ঘটোৱা হয়। মহাকাব্যৰ মূল ৰীতিটো বিশ্বব্যাপী একেই। পশ্চিমৰ দেশসমূহতো সেয়ে মহাকাব্যক একে ৰূপতে দেখা যায় য’ত দেৱ-দেৱীসহ আন আন চৰিত্ৰসমূহৰ লৌকিক বা অলৌকিক ঘটনা প্ৰৱাহেৰে পৌৰাণিক কাহিনী এটা তুলি ধৰা হয়। এই বিষয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল-“এজন কবিৰ কবিত্বশক্তিক আশ্ৰয় কৰি এটা সমগ্ৰ জাতিয়ে যি কাব্যক ৰচনা কৰিছে সিয়েই মহাকাব্য”।
এই মহাকাব্য সাধাৰণতে দুই ধৰণৰ হয়। প্ৰথমবিধ মহাকাব্যক এজন লোকৰ সৃষ্টি যেন নালাগে। কোনো কবিয়ে ৰচনা কৰা এনে মহাকাব্যৰ মূল ৰূপটোত নানা সময়ত বিভিন্নজনৰ কাহিনী, উপকাহিনীৰ সংযোজন ঘটি এইসমূহৰ কলেৱৰ বৃদ্ধি পায়। সেয়ে সেই দেশক বৃক্ষৰদৰে ছায়া দিয়া এনেধৰণৰ মহাকাব্যক Epic of Growth বা Authentic Epic বোলা হয়। বাল্মিকী-ব্যাসৰ ৰামায়ণ, মহাভাৰতৰ পৰা হোমাৰৰ ইলিয়াড, ওডিছিলৈকে ভালেসংখ্যক মহাকাব্য এই শ্ৰেণীত পৰে। মহাকাব্যৰ আনটো শ্ৰেণী হ’ল সাহিত্যিক মহাকাব্য (Literary Epic)। শিল্পিত মহাকাব্য বুলিও জনা এইবিধ মহাকাব্য এজন কবিয়ে ৰচনা কৰা। ইয়াৰ আয়তন বিপুল নহয় আৰু কাহিনীভাগো শাখা-প্ৰশাখা মেলা বিধৰ নহয়। টাছোৰ জেৰুজালেম, ডাণ্টেৰ ডিভাইন কমেডি ইত্যাদিসমূহ এই শ্ৰেণীত পৰে।
ইয়াৰোপৰি কাহিনীৰ গতিপথ বিশ্লেষণ কৰিলে মহাকাব্যক আন দুটা ভাগতো ভগাব পৰা যায়। ইয়াৰে এবিধৰ কাহিনী পোন আৰু সৰল হয় আৰু ই একমুখী। ৰামায়ণ, ওডিছি ইত্যাদিবোৰ এইভাগত পৰে। আনটো ভাগৰ কাহিনী জটিল আৰু ইয়াত কাহিনী-উপকাহিনী তথা চৰিত্ৰৰ হেতা-ওপৰা দেখা যায়। মহাভাৰত আৰু ইলিয়াডত এই বৈশিষ্ট্য স্পষ্টৰূপত দেখা যায়।
মহাকাব্যৰ অংশবিশেষক বিষয় হিচাবে লৈ ৰচনা কৰা কাব্যসমূহক খণ্ডকাব্য বোলা হয়। ইয়াৰ মূল বৈশিষ্ট্য এয়ে যে ইয়াত মহাকাব্যৰ সৰ্গবন্ধ নাথাকে। শংকৰদেৱৰ ৰুক্মিনী হৰণ, ৰঘুনাথ চৌধাৰীৰ কাৰবালা ইত্যাদিসমূহ একো একোখন খণ্ডকাব্য।
 
(২) মালিতা: প্ৰাচীন কালত পশ্চিমৰ চহা লোকসকলৰ মুখৰপৰা ওলাই অহা মৌলিক ৰচনাসম্ভাৰক বেলাড বোলা হৈছিল। এই বেলাডৰে অসমীয়া নামকৰণ হ’ল মালিতা বা গাঁথা। এইবোৰৰ মাজেদি কোনো অজ্ঞাত বা প্ৰতিভাসম্পন্ন প্ৰাণৰ কাহিনী এটা কল্পনাৰ বোলেৰে প্ৰকাশ পায়। অসমীয়া সাহিত্যৰ ফুলকোঁৱৰৰ গীত, জনাগাভৰুৰ গীত ইত্যাদিবোৰ মালিতা শ্ৰেণীত পৰে। মালিতাৰ প্ৰকাশভংগী সহজ আৰু অনাড়ম্বৰ আৰু ইয়াত বিষয়ভাগৰ কাব্যৰীতিত বিস্তৃত বিৱৰণ দেখা পোৱা নাযায়। ইয়াৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াত কাল্পনিক বা অতিলৌকিক ঘটনা-পৰিঘটনা থাকিলেও কোনো উপদেশবাণী নাথাকে। মালিতাত এটি চৰণৰ বাৰম্বাৰ আবিৰ্ভাৱ ঘটে। কেতিয়াবা ছন্দমিলৰ স্বাৰ্থত এটা অৰ্থহীন চৰণ ইয়াত সংযোজন কৰা হয়। উদাহৰণস্বৰূপে, বৰফুকনৰ গীতৰ কিয়দাংশ ল’ব পাৰি-
“জৰাৰ কোমল জিম
বগী বগী ছোৱালীবোৰ
তোমালোকক দিম”
মালিতাই কাহিনী শুনাৰ আনন্দ দিয়ে। চিকন সৰিয়হৰ গীতেই হওক বা ৰবীনহুডৰ গাঁথায়েই হওক ই গল্প শুনাৰ আনন্দৰ লগতে জন্ম দিছিল কিছু ব’ৰাগী গায়কৰ। সময়ে মালিতাৰ ক্ষেত্ৰখনত ভালেখিনি পৰিৱৰ্তন আনি দিছে। পুৰণি হজুৱা সুৰৰ ঠাইত এতিয়াৰ আধুনিক সময়ত সুকোমল সুৰৰ সমাবেশ ঘটিছে।
(৩) গীতি-কবিতা: কবিৰ আবেগ-অনুভূতিৰ গীতিময় প্ৰকাশেই হ’ল গীতি -কবিতা। আমি যাক গান বুলি জানো সেয়া এই গীতি-কবিতা নহয় কিয়নো ই গীতিকাৰৰ সুৰনিৰ্ভৰ ৰচনা নহয়। ইয়াৰ মাজত কবি প্ৰাণৰ সকলো অভিব্যক্তিৰ ছন্দোগত প্ৰকাশ দেখা যায়। এক কথাত ক’বলৈ গ’লে একেটা মাথোঁ চিন্তাৰ, এটা অনুভূতিৰ পৰিস্থিতিগত প্ৰকাশেই হ’ল গীতি-কবিতা। চৈয়দ আব্দুল মালিকদেৱৰ সুদীৰ্ঘ কবিতা “মোৰ স্বৰ্গ” এনে গীতি-কবিতাৰ এটা উদাহৰণ। সৰল আৰু জটিল এই দুয়োধৰণৰ ভাৱৰ মাজতে গীতি-কবিতা একোটা ফুটি উঠে য’ত স্থান পায় কবি এজনৰ ব্যক্তিগত আশা-নিৰাশাৰ আপোনবিভোৰ স্পন্দন। কিন্তু এই স্পন্দনত জুই ফিৰিঙতিৰ দৰে শব্দও আহিব পাৰে। উদাহৰণস্বৰূপে, অম্বিকাগিৰি ৰায়চৌধুৰীৰ “অগ্নিবীণা”ক এই শ্ৰেণীত ৰাখিব পাৰি।
গীতি-কবিতাত দেশপ্ৰেমে ঠাই পাব পাৰে। দেশৰ বীৰ-বীৰাংগনাৰ প্ৰতি শ্ৰদ্ধাৰে অতীতক সোঁৱৰা কবিতা এটাও গীতি-কবিতা হ’ব পাৰে। অসমীয়া কবিতাৰ এই ভাগটোত নলিনীবালা দেৱীৰ “জন্মভূমি”ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে উল্লেখনীয় উত্থান ঘটিছে।
(৪) চনেট: ইটালিয়ান কবি ফ্ৰেন্সিচক’ পেট্ৰাৰ্কৰ সৃষ্টি হ’ল চনেট। ইয়াৰ প্ৰাথমিক বৈশিষ্ট্য হ’ল ইয়াৰ ছন্দৰূপ। সাধাৰণভাৱে ১৪টা আখৰযুক্ত ১৪টা পংক্তিত ইয়াৰ ভাৱ বিস্তাৰিত হয় যদিও কিছুক্ষেত্ৰত ১৮টা আখৰৰ মাজতো ইয়াক ফুটাই তোলা দেখা যায়। ইয়াৰ ভাৱ সংবেদনশীল হয় আৰু ভাষা পোন হয়। ইয়াৰ প্ৰকাশৰীতিত আন কবিতাৰ দৰে জটিল বিধি নাথাকে। সাধাৰণভাৱে ই দুটা ভাগত বিভক্ত হয়। ইয়াৰ প্ৰথম আঠোটা চৰণ মিলি গঠিত হোৱা খণ্ডটো হ’ল অষ্টক আৰু পাছৰ ৬টা চৰণ মিলি হয় ষড়ক নামৰ খণ্ডটো। এই অষ্টকত ভাৱৰ বিকাশ ঘটে আৰু ষড়কত ইয়াৰ ধীৰ সমাপ্তি ঘটে।
অসমীয়া কাব্য-সাহিত্যৰ আদিতম চনেটটো উদাহৰণস্বৰূপে ল’লে এই বিষয়টো কিছু স্পষ্ট হ’ব-
সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই                     ক
প্ৰকৃতিৰ ছোঁ-ঘৰ চালো পিতপিত                    খ
কুকুৰা-ঠেঙীয়া এই আখৰকিটিত                    খ
যি অমিয়া ঘঁহা আছে, ক’তো আৰু নাই             ক
কবি-নিকুঞ্জত ফুলি কত কবিতাই                    ক
মলয়াত উটি উটি ফুৰে পৃথিবীত,                     খ
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত               খ
কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।              ক
ফুল ফুলে সৰি যায় শুকান বননি,                     গ
বসন্তৰ কুঁহিপাত ৰ’দত লেৰেলে                       ঘ
তোমাৰ চিঠিয়ে, প্ৰিয়ে, জানে কি মোহিনী           গ
নিতৌ নোহোৱা বাহী ন ন ফুল মেলে                 ঘ
যত শুঙো চুমা খাওঁ, নালাগে আমনি                 গ
হৃদয়ৰ হেঁপাহৰ ভোটাতৰা জ্বলে                       ঘ
আন এবিধ চনেট আছে য’ত ষড়কৰ অংশটো এটা চতুষ্ক আৰু এটা যুগ্মকৰ ৰূপত বিভক্ত হৈ আছে। সময়ৰ লগে লগে এই চনেটত আমূল পৰিৱৰ্তন আহিছে যদিও ধ্ৰুপদী দিশটোত ই নিজৰ স্বকীয়তা এতিয়াও বজাই ৰাখিছে।
(৫) ইলিজী: কাব্যজগতত শোকৰ কবিতাসমূহ এই শ্ৰেণীত পৰে আৰু ইয়াৰ কাহিনীভাগ দুখেৰে সিক্ত। ইয়াৰ ৰচনা-ৰীতি অভিজাত আৰু গুৰু-গম্ভীৰ য’ত চকুলোৱেই হ’ল মূল সৌন্দৰ্য। মূলতঃ ই গ্ৰীকদেশৰ সৃষ্টি যদিও সাহিত্যৰ নৱজাগৰণে ইয়াক ইউৰোপকে আদি কৰি বিশ্বৰ আন আন দেশলৈ বিয়পায়। অসমীয়া কাব্যসাহিত্যত ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল ব্যক্তিবেদনা। “আলো মঞি কি কহব দুখ, পৰাণ নিগৰে নাদেখিয়া চান্দমুখ” হ’ল ইয়াৰ এটা উদাহৰণ। এক বিশেষজনৰ বিয়োগত কবিৰ হৃদয়ৰপৰা নিগৰিত হয় এই ইলিজীসমূহ যাক শোক কবিতা বা বিৰহৰ কবিতা বুলিও জনা যায়।
আন কবিতাবোৰৰ দৰে ইয়াত ছন্দৰীতিৰ প্ৰাসংগিকতা নাই আৰু ইয়াত বিৰহৰ স্বাভাৱিক প্ৰকাশহে দেখিবলৈ পোৱা যায়।
(৬) পেৰডী, লিমাৰিক, ননচেন্স ৰাইম ইত্যাদি: এই বিভাগকেইটা কবিতাৰ একো একোটা সৰু বিভাগ। ইয়াৰে প্ৰথম হ’ল পেৰডী। পেৰডী হ’ল আন কবিতাৰ অনুকৰণ কৰি লিখা এবিধ কবিতা। ইয়াত ছন্দৰ লগতে শব্দৰ উচ্চাৰণৰীতি মূল কবিতাৰ সৈতে একে। পেৰডী লিখাৰ বাবে যিটো মূল কবিতা লোৱা হয় সেইটো সকলোৰে পৰিচিত হোৱা ভাল। তেনে অৱস্থাত পেৰডীটো যথেষ্ঠ আমোদজনক হয়।
কিন্তু, অসমৰ পেৰডীৰ ভঁৰালটো বৰ চহকী নহয়। আধুনিক সময়ত পেৰডী কবিতাতকৈ পেৰডী গীতেহে অসমত চাহিদা পোৱা দেখা গৈছে। কিন্তু সেই ক্ষেত্ৰটো মূল গীতটো হিন্দী বোলছবিৰহে বেছি হোৱা দেখা যায়। নব্বৈৰ দশকৰ প্ৰথমভাগতে মুক্তি পোৱা হিন্দী বোলছবি “আজ কা অৰ্জুন”ৰ প্ৰখ্যাত গীত “গ’ৰি হে কলাইয়া, তু লা ডে মুঝে হৰী হৰী ছুৰীয়া” ৰ এক সফল অসমীয়া পেৰডী হ’ল-
“ঘৰে ঘৰে আৰ্মী,
দেখোঁ ঘৰে ঘৰে চি.আৰ.পি,
ডেকা ল’ৰা ফুৰিছে বিচাৰি।
ডেকা ল’ৰা, ছোৱালী, বুঢ়া-বুঢ়ী, বোৱাৰী
সকলোকে জধে-মধে ধৰি,
নানান প্ৰশ্ন কৰি,
হাত ভৰি ভাঙিছে ধৰি
আধামৰা কৰি দিয়ে এৰি।”
আন এবিধ ধেমেলীয়া কবিতা হ’ল লিমাৰিক। ইয়াৰ মুঠ চৰণ হ’ল পাঁচটা যাৰ বিন্যাস হ’ল ক ক খ খ ক। ড° মহেন্দ্ৰ বৰাদেৱৰ সৃষ্ট এটা লিমাৰিকক উদাহৰণ হিচাবে ল’ব পৰা যায়-
আছিল এজনী মিচ্ লেডী-টাইপিষ্ট্                 ক
ভুল কৰি কপি কৰে ভোটাৰৰ লিষ্ট্                 ক
ঘোচ খাই কিচমিচ                                        খ
হ’ল তাই ডিচমিচ                                         খ
গালি পাৰে চাহাবক পঘাখোৱা বীষ্ট্                ক
ইয়াৰোপৰি শিশুসকলে ভালপোৱা কিছুমান নিৰৰ্থক বা কম ভাৱযুক্ত কবিতা আছে যাক অসমীয়াত ৰুণজুন কবিতা (Nonsense Rhyme)। এইবোৰৰ ছন্দ অন্ত্যমিল যুক্ত আৰু প্ৰকাশভংগী প্ৰাণৱন্ত।
(৭) কথা কবিতা: পৃথিবীৰ বহু কমসংখ্যক দেশৰ সাহিত্যজগতত পোৱা আধুনিক সময়ৰ এক অতিকে জনপ্ৰিয় কবিতা হ’ল কথা কবিতা। এইসমূহৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টিও হয় কিয়নো এইসমূহক কবিতা বা কথাৰ এটা শাৰীত ৰাখিবলৈ সীমাৰেখাডাল তেনেই পাতল। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াত কম শব্দতে বিষয়ৰ আভাস দিয়া হয় আৰু ইয়াৰ যোগেদি বিষয়ৰ দাৰ্শনিকতাৰ প্ৰকাশ ঘটে। প্ৰথম অৱস্থাত ৰাছিয়াৰ আইভান টুৰ্গেনিভৰ গদ্যত ৰচিত কবিতাসমূহকেই এই শ্ৰেণীত ৰখা হৈছিল। পাচলৈ ই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ প্ৰসাৰিত হয় যদিও উল্লেখিত বিতৰ্কৰ বাবে বহু কম দেশতহে ই সমাদৃত হয়। অসমীয়া কথা-কবিতাৰ বাটকটীয়া বুলিলে যতীন্দ্ৰনাথ দুৱৰা আৰু ৰঘুনাথ চৌধাৰীকে ধৰা হয়। তেওঁলোকেই পশ্চিমীয়া সুৰৰ এইবিধ সাহিত্যত নিজৰ মন-মাধুৰি মিলাই কোমল আৰু ৰূপকধৰ্মীতাৰে ইয়াক কৌতুহ’লি সমাজৰ আগত তুলি ধৰে। অসমীয়া কথা-কবিতাসমূহ বিষয়ৰ দিশেদি ৫টা ভাগত বিভক্ত আৰু সেয়া হ’ল- নীতিযুক্ত, তত্বধৰ্মী, কাহিনীমূলক, ৰহস্যধৰ্মী আৰু ৰূপকাত্মক। সমালোচনাই কয় যে কথা-কবিতা গদ্য হিচাবে আদৰ্শৰ বাহিৰত আৰু পদ্য হিচাবে ৰূপাদৰ্শৰ বাহিৰত। অথচ কাব্যিক আৱেদনৰ বৈশিষ্ট্য থকাৰ বাবেই ই বহুলভাৱে সমাদৃত আৰু বৰ্তমান সময়ত যথেষ্ঠ জনপ্ৰিয়।
এনেধৰণেৰে কবিতাক বিভিন্ন ৰূপত দেখা যায় যদিও ইয়াৰ মূলমন্ত্ৰ এটাই আৰু সেয়া হ’ল ৰস সৃষ্টি কৰা। সেয়ে চাগে’ বহুতে কবিতাক ফুলৰ ৰেণু বা জোনাকী পৰুৱাৰ পোহৰৰ সৈতে তুলনা কৰে।
প্ৰসংগ পুথি:-
১/ গগৈ লীলা, আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়
২/ বৰা মহেন্দ্ৰ, সাহিত্য উপক্ৰমণিকা
৩/ বৰুৱা নৱকান্ত, কবিতাৰ দেহবিচাৰ
৪/ শাস্ত্ৰী বিশ্বনাৰায়ণ, সাহিত্য দৰ্পণ
 

Subscribe
Notify of
5 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
গৌৰৱ েজ্যাতি গগৈ।
3 years ago

পঢ়ি ভাল লাগিল। লিখকলৈ ধন্যবাদ

Anonymous
3 years ago

কবিতাৰ ৰূপ বিষয়ে আৰু ভালকে বুজায় দিব নেকি

Anonymous
3 years ago

বহু সময়ত মনত উকমপকাই থকা বহু প্ৰশ্নৰ সম্ভেদ লাভ কৰি সুখী হলো ৷লিখকক ধন্যবাদ

আইমী
2 years ago

কবিতা সাহিত্যৰ ওপৰত বহু উপকৃত হলো, ধন্যবাদ।

সুশ্ৰী
11 months ago

কবিতাৰ বিশদ জানিব পাৰি বেছ সুখী হলো