“কাব্য সাহিত্য বিশেষ” – অনামিকা (ভাৰ্গব মেধি)

“কাব্য সাহিত্য বিশেষ”

অনামিকা


 

শুক্লপক্ষৰ এদিনৰ কথা

পূর্ণিমাৰ জোনটি খুব উজ্জল হৈ পৰিছিল

উদং বুকুখনি উজলি উঠিছিল

লাহে লাহে ভাল পাব লৈছিলোঁ পৃথিৱীখনক।

 

কৃষ্ণপক্ষৰ এদিনৰ কথা

অমানিশাৰ কলিয়া ডাৱৰত চিৰাচিৰি হৈছিল মাটিৰ হিয়াখন

এবাৰ ভাবিব নোৱাৰিলা বেদনাৰ কথাবোৰ

আঙুলিৰ ফাঁকেৰে পাৰ হোৱা বৰষুণৰ টোপালবোৰ ।

 

বিচাৰি পাইছিলোঁ তোমাৰ চকুৰ হাঁহিত নিজকে

ওঁঠদুটিয়ে মৰমৰ কাৰেং ঘৰ সজাইছিল

তোমাৰ নিজৰাত মই দৰিকণা হৈ আহাৰ বুটলিছিলোঁ

জোনটিৰ শীতল পোহৰত তোমাকে বিচাৰিছিলোঁ।

 

তুলনা যদি কৰিছা মাটিৰ লগত ধন সোণৰ

ভুল কৰিছা অনামিকা

মনত আছেনে মোৰ অবিহনে চীপজৰী লোৱা কথাবোৰ..

একেটি ছাটিত গোলাপৰ কলিৰূপত

কৃষ্ণচূড়াৰ গধুলিবোৰ মনত আছেনে?

 

আজিও শালিকাযোৰ মোৰ চোতাললৈ মাজে মাজে আহে

জীয়াই থকাৰ সাহসচোন তোমাৰ পৰাই পাইছিলোঁ

নাভাবিবা! তোমাৰ অবিহনে জীৱন বৃথা

তুমি কোৱা সমাজ গঢ়াৰ সপোনবোৰ আজিও মনত আছে

মোৰ পঁজাৰ দ গাঁতটিক পুতৌ নকৰিবা

নিশ্চয় তুমি কৰা কল্পনাবোৰ এদিন ইয়াতেই জিৰণি ল’ব,অনামিকা….।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক