“কাব্য সাহিত্য বিশেষ” – আঙুলি (দেৱৰাজ মিলি)

“কাব্য সাহিত্য বিশেষ”

আঙুলি


 

পৃথিৱীৰ সকলো মানুহৰ হাতত আঙুলি

পাঁচোটি পাঁচোটিকৈ দহোটি আঙুলি দুহাতত

 

কিছুমান মানুহৰ আঙুলি ধুনীয়া

কিছুমানৰ আঙুলি ধুনীয়া নহয়

কিয়নো ধুনীয়া মানেই আঙুলি নহয়

 

কেঁচুৱাৰ আঙুলি বৰ ধুনীয়া

বৃদ্ধ মানুহৰ আঙুলি ধুনীয়া নহয়

কিয়নো ধুনীয়া মানেই আঙুলি নহয়

 

নাৰীৰ আঙুলি দেখিবলৈ ধুনীয়া

লিহিৰি-লিহিৰি, পাঁজিসেৰীয়া

পুৰুষৰ আঙুলি সাধাৰণতেই দেখিবলৈ ধুনীয়া নহয়

খহুলা-খহুল, গঁঠীয়া

কিন্তু ধুনীয়া মানেই আঙুলি নহয়

 

ধুনীয়া আঙুলিবোৰ সাধাৰণতে সযত্নপালিত

কিছুমানে আকৌ আঙুলিৰ বৰ বিশেষ যত্ন নলয়

কিয়নো ধুনীয়া মানেই আঙুলি নহয়

 

ধুনীয়া মানেই আঙুলি নহয়

এই ধৰক- মাৰ আঙুলি

দেখিবলৈ ধুনীয়া নহয় মাৰ আঙুলি

জেতুকা সপোন উৱলি যোৱা

বছৰৰ বাৰিষাত বোকাত ভূঁই ৰোৱা

মাৰ আঙুলি

কঁহে ধৰা শোটোৰা পৰা

কিন্তু মা মোৰ ধুনীয়া

দেখিবলৈ ধুনীয়া নহ’লেও মাৰ আঙুলি ধুনীয়া

মাৰ দুহাতৰ সেই আঙুলিৰ বাবেই

জীৱন মোৰ আজি ৰ’দালি ৰ’দালি

 

মা মোৰ ধুনীয়া

মাৰ কঁহে ধৰা শোটোৰা পৰা আঙুলি ধুনীয়া

 

মোৰ পেটলৈ যোৱা প্ৰথমটো অন্নটেপাত

মাৰ কঁহে ধৰা মমতাময়ী আঙুলি

মোৰ হাজাৰ ৰাতিৰ সুখনিদ্ৰাৰ প্ৰহৰী

মাৰ শোটোৰাপৰা সাদৰী আঙুলি

 

মোৰ শৰীৰ থিয় দঙাৰ প্ৰথমটো প্ৰচেষ্টাত

মাৰ কঁহে ধৰা চকিত আঙুলি

মোৰ খোজ লোৱাৰ প্ৰথম কচৰতত

মাৰ শোতোৰাপৰা জাগৰূক আঙুলি

 

মাৰ সেই আঙুলিত ধৰিয়েই ঘৰৰ চাৰিসীমা গৰকি প্ৰথম ওলালোঁ

ওচৰ ঘৰীয়ালৈ মোমাইৰ ঘৰলৈ পৃথিৱী চাবলৈ

মাৰ সেই আঙুলিত ধৰিয়েই প্ৰথম চিনাকী হ’লোঁ

সেউজীয়া পথাৰ

সুনীল আকাশৰ দঃঞি পঃল তাকাৰ*

আৰু প্ৰিয় নদী অৱনৰি* ঘাট

মোৰ শৈশৱৰ সমস্ত উজনি-নামনিত

মাথোঁ মাৰ আঙুলি

 

সকলো মানুহৰ আঙুলি ধুনীয়া নহয়

কিয়নো ধুনীয়া মানেই আঙুলি নহয়

মাৰ কঁহে ধৰা শোটোৰাপৰা আঙুলি কিন্তু সঁচাই ধুনীয়া

সেই আঙুলিৰ বাবেই

জীৱন মোৰ আজি ৰ’দালি ৰ’দালি।

 

বিশেষ দ্ৰষ্টব্য: দঃঞি পঃল তাকাৰ- সূৰ্য চন্দ্ৰ তৰা।

অৱনৰি- সোৱণশিৰি নদী

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক