“কাব্য সাহিত্য বিশেষ” – আৰু এটা বিস্ফোৰণৰ আশংকাত.. (মৈত্ৰেয়ী পাটৰ)

“কাব্য সাহিত্য বিশেষ”

আৰু এটা বিস্ফোৰণৰ আশংকাত..

(৩০ অক্টোবৰ, ২০০৯ৰ ধাৰাবাহিক বিস্ফোৰণত জীৱন আৰু মৃত্যুৰ সৈতে মুখামুখি হোৱা সকলোৰে হাতত)

 


 

উশাহে উশাহে দুৰ্ভাৱনা

বুকুৰ আপোন বিহুটোৰ দৰেই

সি এতিয়া নিগাজী মগজুত

প্ৰতি পুৱা বন্ধ দুৱাৰত টোকৰ পৰে

খুলি দিলেই সোমাই আহে

তেজৰ নৈত গা ধুই

সশস্ত্ৰ দুৰ্ভাৱনা।

 

আমি সকলোৱেইতো মৃতদেহ

শগুণৰ পাখিত ওলমিবলৈ এৰি দিছোঁ জীৱনক

আঘাত সহি অকলে জীয়াই আছে যন্ত্ৰণা

বুকুভৰা অনিশ্চয়তা

মনবোৰে কেৱল জ্বলাই ৰাখিছে আশংকাৰ আঙঠা

কিজানিবা মুক্ত আকাশৰ তলতে নিনাদিত হয়

আৰু এটা বন্দীত্বৰ ঘোষণা

যদি এটা শব্দ-ঢৌত পুনৰ হেৰাই যায়

ফুলিবলৈ লোৱা আৰু সহস্ৰ ফুলৰ বাসনা

কোনে জানে!

এয়াই হ’বগৈ পাৰে শেষ দেখা

শেষ আদৰ শেষ প্ৰতিশ্ৰুতি

শেষ হাঁহি শেষ পৰিণতি।

 

দুৰ্ভাৱনাই কুৰুকি খাব খোজে সাহসৰ হাড়

যদি আৰু এটা ষড়যন্ত্ৰই মচি নিয়ে

কোমল দুহাতৰ কমলা সপোন

ফুলাই তোলে দুখৰ এজাৰ…

 

উশাহে উশাহে পিতপিতাইছে দুৰ্ভাৱনাই

যদি জোনাক নেদেখা ৰাতিৰ বুকুত

আমি হেৰুৱাই পেলাওঁ

আৰু এটা ৰ’দৰ পুৱা!

ফিনিক্সৰ দৰে জী উঠিবনে,

জী উঠিবনে মৰি যোৱা আশা?

 

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
7 years ago

ভাল লাগিছে পঢ়ি।