“কাব্য সাহিত্য বিশেষ” – কালাছনিকোভৰ ৰামায়ণ (জয়দীপ চক্ৰৱৰ্তী)

“কাব্য সাহিত্য বিশেষ”

কালাছনিকোভৰ ৰামায়ণ



 

তুমি শ্ৰী ৰামচন্দ্ৰ নেকি ? তোমাৰ ৰামায়ণত, কালাছনিকোভ?

যি ৰামায়ণত লংকাধিপতিয়ে লুটি নিয়ে ৰামচন্দ্ৰৰ তূণৰ বাণ…

বানৰ সেনাই বিপ্লৱ কৰে লংকাপতিৰ নিৰ্দ্দেশত…কালাছনিকোভ,

প্ৰতি পাত কাঁড়ত সযত্নে লিখি শ্ৰী ৰামচন্দ্ৰৰ নাম।

 

প্ৰেমত কেতিয়াও পৰা নাছিলা নে… ৰণতৰীৰ চালক, কালাছনিকোভ?

কাহানিও শুনা নাছিলা নে প্ৰভাতী পক্ষীৰ গান…?

কেনেকৈ ৰচিলা তেন্তে পাষাণ হৃদয়ৰ কবিতা… কালাছনিকোভ,

ক’তো মাতৃৰ সন্তানৰ অকালতে কাঢ়ি প্ৰাণ।

 

বাৰ্ধক্যই তোমাক মানসিক অশান্তি নিদিয়েনে…কালাছনিকোভ?

উতপ্ত আবিষ্কাৰে কৰে নে হাড় কঁপোৱা জাৰক এতিয়া ম্লান?

তোমাৰ সীতা বনবাসী আজি তোমাৰেই বাঙ্কাৰত…কালাছনিকোভ,

মানসিক ভাঙোনৰ আৰ্তনাদ বোৰ শুনি লোৱা, এবাৰ পাতি কাণ।

 

তোমাৰ ৰামায়ণ কেৱল মৃত্যুৰ মাতালামিৰ…কালাছনিকোভ,

সঙ্কোচিত মানসিকতাৰে মূল্যহীন তোমাৰ আবিষ্কৃত বাণ…

প্ৰতি পাতে পাতে, প্ৰতি পাত কাঁড়ে, কাঢ়ে…কালাছনিকোভ,

মোৰ জোনাক ৰাতিৰ ঘ্ৰাণ।।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক